জীৱন
উৰিশ্মা নাথ
গৰুখুটি, দৰং
জীৱন এখন চলন্ত ৰেলগাড়ী।
অহা যোৱাৰ মাজতে কোনোবা এঠাইত ৰৈ
কাৰোবাৰ বাবে হৈ পৰিছো আপোন,
কাৰোবাৰ বাবে হৈ পৰিছো হেয়,
তথাপি যেন উপস্থিত হ'ব লাগিব লক্ষ্যস্থানত।
জীৱনটো এটা সুন্দৰ ভুল অংক।
যি অংকৰ মৃত্যুলৈকে নাই কোনো সমাধান,
যিমানেই শুধৰাবলৈ চেষ্টা কৰো,
সিমানেই হৈ পৰে ই বৰ টান।
জীৱন মানেই সংগ্ৰাম।
এই সংগ্ৰামৰ পিছত দৌৰি
কত জনে খাইছে হাবাথুৰি।
তথাপিও যেন,
পোৱা নোপোৱাৰ মাজেৰেই
জীয়াব লাগিব এই জীৱন।
যিজনে জীয়াই থাকিব শিকিছে
সুখ দুখৰ মাজেৰে,
সেইজনেই সঁচাঅৰ্থত প্ৰকৃত
জীৱন যুদ্ধাৰ শাৰীত আছে।
জীৱনৰ প্ৰতি থকা মোহ লালসাই,
সকলোৰে জীৱনক ৰাখিছে জীয়াই।
বিভিন্ন জনৰ মানসিকতাও ভিন্ন।
কত জনে পোৱাখিনিক লৈয়ে
মুখত সন্তুষ্টিৰ হাঁহি পিন্ধে,
কত জনে নোপোৱাখিনিক লৈ
আকৌ হিয়াধাকুৰি কান্দে।
কিন্তু সুখ দুখৰ মাজতেইচোন,
জীৱন নামৰ কিতাপখনৰ
উকা পৃষ্ঠাবোৰ লিখা যায়।
এই যে,জীৱনটো এখন বন্ধ কিতাপ,
কেৱল বেটুপাতটো দেখিলেই
ভিতৰত কি আছে একো ক'ব নোৱাৰোঁ।
জীৱনটো সঁচাই বিদ্ৰুপৰ।
সুখ জানিবলৈ দুখ লাগে,
মৌনতাক শলাগ ল’বলৈ কোলাহল,
আৰু উপস্থিতিৰ মূল্য দিবলৈ
অনুপস্থিতিৰ খুবেই প্ৰয়োজন।
সেয়ে কওঁ সুখ দুখৰ মাজেৰেই
জীৱনটো হেঁপাহ পলুৱাই জী লোৱা,
ভাগৰুৱা যেন অনুভৱ হ’লে
লাহেকৈ ক’বা জীৱন জিন্দাবাদ।
No comments:
Post a Comment