আপুনি বাৰু মুখা পিন্ধে নেকি ?
অবিনাশ বাস্তৱ
মুকলি খিড়িকিখনেদি পূবৰ বেলিটোৰে সৈতে
মুখা এখন নামি আহিছে।
বিচনাখনত মৰা শ এটাৰ দৰে
পৰি থকা মই চকুহাল মেলি পৰিধান কৰি ল’লো।
নিজক পৰিৱেশন কৰাৰ সলনি উপস্থাপন কৰিলোঁ।
যি সত্য সেয়া চিৰন্তন, চিৰস্বাসত:
সেই কথা ৰাতিবোৰে জানে।
দিনবোৰেতো ৰামধেনু ৰঙী
চাতি উৰোৱাই ভাল পায়।
আপুনি বাৰু মুখা পিন্ধে নেকি ?
যদি পিন্ধে
আইনাত চাইনে নিজকে ?
বেৰখনে জেঠীটোক বুজোঁ
বুলি কোৱা কথাষাৰত কিমান সত্যতা আছে ?
সেই কথা আন্ধাৰবোৰে জানে।
আপোনাৰ ভিতৰতো এটা জীৱন আছে
উৱলি যোৱা
সেই কথা বাৰু জানেনে আপুনি ?
হয়তো জানে
জানিবলৈ নিদিয়ে বাহিৰৰ জীৱনটোক।
আপুনি যদি সচাকৈয়ে মুখা পিন্ধে
তেন্তে এৰাতিৰ বাবে হ'লেও
বেশ্যালয়ৰ দুৱাৰত টুকুৰিয়াই চাব।
আন্ধাৰৰ বুকুত
আপুনি পৰিধান কৰা ৰামধেনু ৰঙী মুখা
ফটাকানি এখন হৈ পৰি ৰ’ব
বিচনাৰ একোণত।
আপুনি যদি মুখা পিন্ধে
এসন্ধ্যাৰ বাবে হ’লেও
বৃদ্ধাশ্ৰমৰ দুৱাৰত টুকুৰিয়াই চাব।
আপুনি যদি মুখা পিন্ধে
কত শিশুৰ ক্ৰন্দনৰ ভৰত কোজা হোৱা
দাষ্টবিনবোৰক সুধিব সত্যতাৰ ঠিকনা।
আন্ধাৰত আৱৰণ ফালি কামাখ্যা নামি আহে
অজস্ৰ কামনাৰ শ্ল’গান এটি লৈ।
আচলতে আৱৰণৰ আঁৰত আমি সকলো উলংগ
সেই কথা আন্ধাৰবোৰে জানে,
নিৰ্জনতাৰ বিচনাখনে জানে,
নিৰ্জনতাত ভিজি থকা আপোনাৰ দুহালি চকুৱেও…।
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment