জালুক বাৰীৰ এইখিনি ঠাইত এজোপা বট বৃক্ষৰোপণ কৰিম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

জালুক বাৰীৰ এইখিনি ঠাইত এজোপা বট বৃক্ষৰোপণ কৰিম

 জালুক বাৰীৰ এইখিনি ঠাইত এজোপা বট বৃক্ষৰোপণ কৰিম


(শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গিত এটি কবিতা)


অনুজ য়েইন

শিৱসাগৰ- দিচাংমুখ


হে মহান হাৰ্ট থ্ৰৱ শিল্পী…

কবিয়ে কবিতা লিখিবলে 

মৃত্যুৰ ঠিকনা বিচৰা নাছিল 

দুখ কাৰ বাৰু বহু হাজাৰ জনৰ প্ৰশ্ন ???

 আৰ্তনাত মৃত্যুৰ চিঞঁৰ শুনিবলে 

কাৰোবাৰ চকুৰ চকুলোৰে ইতিহাস মঁচি পেলাবলে…

সাংবাদিক বন্ধু সকলে 

সামাজিক মাধ্যমত বাতৰি পৰিবেশন কৰিবলে অপেক্ষা কৰা নাছিল…


হে মহান যুগ জয়ী গীতৰ স্ৰষ্টা 

তুমি অসমীয়া জাতিৰ বুকুৰ আমঠু

কোনেও বিশ্বাস কৰিব পৰা নাছিল 

ছিংগাপুৰৰ আঁৰৰ মায়াৰ বাৰ্তা 

কোনেওজনা নাছিল 

এদিন তুমিয়েই কৈছিলা-সাগৰৰ শীতল শয্যাৰ গভীৰতা কিম্বা বালি আৰু বালিৰ দুভৰিৰ খোজ…

 সৰু নদীৰ পৰা সাগৰলৈ 

পুনৰ 

সাগৰৰ পৰা নদীলে 

ঘুৰি অহাৰ কথা ইত্যাদি।


তুমি সঁচাকৈয়ে বুকু উকা কৰি আঁতৰি গুচি গ’লা অজান দেশলৈ…

কবিৰ ঔৰসত ৰাতি ১২ বজাত

নিদ্ৰা হৰণ কৰি পৃথিৱীলে আকৌ এবাৰ… আন এটা নামেৰে উপজিলা 

নাম থলো সংস্কৃতিৰ বট বৃক্ষ

য'ত জালুক বাৰীৰ এইখিনি ঠাইত  কাঢ়া হৈ থাকিবা।

তাতেই জ্বলাই ৰাখিম স্বকীয়তাৰ 

এগছি বন্তি 

ধাৰাষাৰ বৰষুণ, ধুমুহাত নুনুমাই 

য'ত শান্তিৰ এচপৰা সংস্কৃতিৰ বীজ ৰুপণ কৰি থৈ য়ায়,

এই পৰিকল্পনাৰে অভিমুখী যাত্ৰাত 

আমি একেখন নাৱঁৰে যাত্ৰী 

খলা বমা নেওচি সংস্কৃতিৰ বৰ ভেটি গঢ়িব পাৰিম।

এইজোপা গছেই অবিৰতভাৱে আকোঁৰগোজীয়া অসমীয়া জাতিৰ ইংগিত বহনকাৰী 

স্বাভিমানৰ সভ্যতাৰ সেতু গঢ়িবলে, 

ইয়াত নিহিত থাকিব সুখ দুখৰ উষ্ম শব্দৰ বৰ্ণমালা গীতৰ সুৰ ছন্দোবদ্ধ ইত্যাদি 

ই -যেন থমকি নৰয় 

য'ত সমন্বয়ৰ সাক্ষীৰ প্ৰতীকৰূপ।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages