লোভ
সঞ্জীৱ সাগৰ চৌধুৰী
(জুবিনদাৰ হাতত)
মই মানুহটো লুভীয়া নহয়
পাছে এই কেইদিন তোমাক দেখি
মোৰো লোভ এটা বৰকৈ লাগিব লৈছে
মানুহৰ লোভৰনো কি মা-বাপ
আনহে নেলাগে টেঙা দেখিলেও
চৌ চৌ জিভা
কেঁহা পালেও লওঁ লওঁ হাত
মোৰ এই লোভটো পাছে একেবাৰে শেষ
ইয়াৰ পাছত আৰু একোলৈকে
লকলকাই নুঠিব জিভা
কি মঙহ কি মদ
কি ধন কি ঘৰ
একোৱেই ঢুকাব নোৱাৰিব সেপ
অনেকেওতো তোমাক দেখি আছে
চাই আছে
লাগিছেনে নাই নেজানো কাৰোবাৰ
তোমাৰ ৰথযাত্ৰা দেখি
তোমাৰ ৰাজ দৰবাৰ দেখি
তোমাৰ প্ৰতি প্ৰজাৰ সাদৰ দেখি
এই লোভ
মোৰ হ’লে লাগিছে
তামাম লোভ লাগিছে
জিভাপানীৰে ভৰি গৈছে মুখ
অথচ তাৰ লগে লগে আহিছে সংশয়
লাগিছে ভয়
জাগিছে সন্দেহ
তুমিয়েই কোৱা কি কৰোঁ মই
মইতো কেতিয়াও তুমি হ'ব নোৱাৰোঁ
হ’বও নিবিচাৰো কাহানিও
মই হ’ব বিচাৰোঁ ময়েই
নিবিচাৰা নিশ্চয় তুমিও
কোনোবা তোমাৰ দৰে হোৱাটো
অথচ মই সামৰিব পৰা নাই
তোমাৰ দৰে এক মৃত্যু পোৱাৰ লোভ
তোমাৰ দৰে অন্তিম বিদায় পোৱাৰ লোভ…

No comments:
Post a Comment