এই দিন অভিশপ্ত!
বিশ্বজিৎ গগৈ
১৯ ছেপ্টেম্বৰ,২০২৫ বৰ্ষ
এই দিন অভিশপ্ত!
লৈ গ’ল বুকুৰ উশাহ
হৃদয়ৰ গান
হিয়াৰ আমঠু
নয়ণৰ মণি
অসম দৰদী, সুৱদী আৰু বলিষ্ঠ কন্ঠ;
একবিংশ শতিকাৰ
স্বদেশ-স্বজাতিৰ
আই অসমীৰ
ধমনীৰে প্ৰবাহিত
প্ৰজন্মৰ বিশুদ্ধ আৰু সতেজ ৰক্ত।
এই দিন অভিশপ্ত
ইউক্লিপটাচৰ উচ্চতাত কোবাই
কাঞ্চনজংঘা খহাই
পাখি মেলি উৰুৱাই নিলে
ৰুণজুণ নূপুৰৰ মাত!
অভিশপ্ত সময়
লুইতৰ দুটিপাৰত চিঞৰি কান্দিছে
মাজুলীৰ ছোৱালীজনী
হৰ্ঠাতে হেৰাল মোৰ চোতালৰ জোনাক
গোপালে কি গতি কৰিলে!!
এই দিন অভিশপ্ত!এই সময় অভিশপ্ত!
নাহৰ ফুলাৰ বতৰত এইবাৰ নানাচে জানমণি
দুপৰ নিশা নিচিঞৰে কোনেও।
জীৱনৰ ৰংবোৰৰ লুকাভাকু খেলত
পিছলৈ ওভটি নাচালে
সাগৰ তলিত শুবৰে মন
শুই ৰ’ল জুবিন
ৰ'দৰ চিঠিয়ে আজি বাৰে বাৰে কয়...
অনামিকা, মায়া মাথোঁ মায়া
ৰামধেনু সাতো ৰঙে গাই
ৰং দিয়া মৰম ৰং ভালপোৱা
পাখি পাখি এই মন পাখি মেলি যা উৰি
মায়াবিনি ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি !!
ৰুমালত উচুপনি, ৰুমালত হুমুনিয়াহ।
খেয়ালি মনৰ মানুহজন
শিশুসুলভ মনৰ শিল্পীজন
ধুমুহাৰ সতে মোৰ (তেওঁৰ) বহু যুগৰে নাচোন
মৃত্যু এতিয়া সহজ
মৃত্যু এতিয়া ওচৰ
পলিটিক্স নকৰিবা বন্ধু!
পূৰ্বাকাশত ঘটিল সূৰ্যাস্ত!
যাৰ দুখে দহিছে হৃদয়
যি শোকে সেমেকে দুচকু
কোন আজি কেনেকৈ থাকোঁ?
স্তব্ধ আকাশ, স্তব্ধ জোনাক, স্তব্ধ অসম।
বাকৰুদ্ধ, শ্বাসৰুদ্ধ চৌপাশ
তেওঁ অসমীয়াৰ অন্তকালৰ হৃদস্পন্দন।

No comments:
Post a Comment