জাতিৰ বুকুত গানৰ ব্ৰহ্মপুত্ৰ বোৱাই তোলা অমৃত কণ্ঠই হেৰাই গ’ল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

জাতিৰ বুকুত গানৰ ব্ৰহ্মপুত্ৰ বোৱাই তোলা অমৃত কণ্ঠই হেৰাই গ’ল

 জাতিৰ বুকুত গানৰ ব্ৰহ্মপুত্ৰ বোৱাই তোলা অমৃত কণ্ঠই হেৰাই গ’ল


অংকুৰণ আৰ্ফ


জাতিৰ বুকুত যুগমীয়া জোনাকৰ জোৱাৰ তোলা অমৃত কণ্ঠই হেৰাই গ'লযি কণ্ঠ মাটিৰ পৰা মেঘলৈকে বিস্তৃত হৈ আছিল এজোপা গানৰ গছ হৈ। যি কণ্ঠ অসমী আইৰ আত্মাৰ আয়ুস আছিল। যি কণ্ঠই জাতিৰ বুকুত বোৱাই তুলিছিল যুগমীয়া গানৰ ব্ৰহ্মপুত্ৰ।


যি কণ্ঠই যন্ত্ৰ হৈ পৰা এই সময়ৰ মানুহৰ স্থবিৰ জীৱনত দিছিল গতিশীলতাৰ মানৱীয় মন্ত্ৰযি কণ্ঠই হাজাৰ ধুমুহা পাৰ হৈও এন্ধাৰ হ’ব নুখুজি মায়াবিনী ৰাতি অকলেই বিচাৰি ফুৰিছিল জীৱন ধুনীয়া কৰা জোনাকী গানৰ শৈল্পিক ফুলৰ মণি 


যি কণ্ঠই শব্দৰ ব্ৰহ্ম অস্ত্ৰ গঢ়ি তুলি ইউকেলিপ্টাছৰ দৰে ওখ হৈ মানৱতাৰ আকাশ স্পৰ্শ কৰিব বিচাৰিছিল।যি কণ্ঠই সৰাপাতৰ বুকুত বসন্তৰ ৰং সানিছিল


যি কণ্ঠ কোনোবা গাওঁৰ নিজান গধূলিৰ নামঘৰৰ মজিয়া  কপাঁই হৰিনামৰ ধ্বনি হৈ বাজি উঠিছিল যি কণ্ঠই মাজুলীত দুখপোৱা ছোৱালীজনীৰ খবৰ দিছিলযি কণ্ঠই ৰাজনীতি নকৰিবলৈ মুকলিকৈ কৈছিল যি কণ্ঠ অবিহনে ব’হাগ যেন নাহিবযি কণ্ঠ অবিহনে এই প্ৰজন্মৰ প্ৰেম যেন আধৰুৱা হ’ব যি কণ্ঠ অবিহনে আমাৰ যৌৱনৰ সময়বোৰ হেৰাই যাবযি কণ্ঠ অবিহনে জাতিয়ে জটিল ক্ষণত বাট বিচাৰি নাপাবযি কণ্ঠ আছিল সাগৰৰ দৰে বিশাল যি কণ্ঠ আছিল ফুলৰ দৰে সুৱাসিত

যি কণ্ঠ আছিল নদীৰ দৰে বেগৱতী

যি কণ্ঠ আছিল বতাহৰ দৰে স্বাধীন

যি কণ্ঠ আছিল সূৰ্যৰ দৰে চিৰউজ্বলসেই অমৃত অমোঘ কণ্ঠই হেৰাই গ’ল 

অসমী আইৰ কোলা উকা হ’ল  সঁচাকৈ এই শতিকাৰ গানৰ দেৱতাজন নোহোৱা হ’ল  মানুহৰ মাজত ‘মানুহ’ বিচৰা “মানুহৰ ভগৱান”জন হেৰাই গ’ল!!!

 হ'লেও আমি ব্ৰহ্মপুত্ৰৰ পাৰত চিৰকাল চিঞৰি থাকিম তোমাৰ গানৰ আদৰ্শৰে — জয় জুবিন দা জয়     জয় জয় জয় জয়


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages