শেষত মাথো শূন্যতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

শেষত মাথো শূন্যতা

 

শেষত মাথো শূন্যতা


                                        মেঘালী গগৈ


এই যে বহুত কথা পাতিম বুলি

কথা দিয়াৰ পাছতো 

আমি অকাৰণতে নীৰৱতাৰ নীড় সাজিলো

আৰু

মৌনতাৰে মোহনীয় কৰি তুলিব পৰা

ক্ষণবোৰ নষ্ট কৰি কোলাহলেৰে ভৰালো 

তাৰপাছত সময়বোৰ বৃথাই খেদালো বুলি

আক্ষেপভৰা হুমুনিয়াহ কাঢ়ি থাকিলো


আচলতে সেয়া 

সময়ৰ সৈতে ফেৰ পাতি

জিকিব নোৱাৰা কিছুমান যুদ্ধ।

সময়ক আমিহে জনাওঁ প্ৰত্যাহ্বান

সময় নিজা গতিত নিৰ্বিকাৰে চলমান

নিৰুদ্বেগ সময়ে কালৈকো ভ্ৰুক্ষেপ নকৰাকৈ

আপোন বাটেৰে গৈ থাকে অনিৰ্বাৰ। 


মোৰ হাতত সময়ৰ এটি মুদ্ৰা

ইপিঠি সিপিঠি লুটিয়াই বগৰাই

আৱিষ্কাৰ কৰো

শূন্যতা

মাথো শূন্যতা।।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages