নাভিৰ পৰা উদিত এটি সূৰ্য্য
গাৰ্গী ভূঞা
সোঁত আৰু স্থিৰতাৰ সংযোগ-বিন্দুত
আকাশে চুমে মাটিৰ ওঁঠ,
আৰু মাটিয়ে বিচৰণ কৰে আকাশৰ তৰংগত।
যি মাপ নাজানে,
সি নাজানে গভীৰতাৰ সংজ্ঞা
ই কেৱল সেই শূন্য,
য’ত গলি শেষ হয়
সময়ৰ হাড় আৰু ছাল।
হাঁহিৰ আঁৰত লুকাই থাকে জলোচ্ছ্বাস,
অন্ধকাৰৰ মানচিত্রত ফুটি উঠে জোনাক।
সময়, সেই গুপুত নাড়ী,
য’ত দেহ আৰু আকাশে মিলি গায়
এটি উশাহৰ কোৰাচ...
পিছে মই মিলিত হও সেই বিন্দুত
যি বিন্দুত দেহৰ গছ গজে,
শব্দৰ পাত সৰে,
পোহৰৰ জন্ম হয়,
আৰু নিজৰ ভিতৰতে পৰাস্ত হয়
এন্ধাৰৰ অসীম সম্ৰাজ্য….
মোৰ গৰ্ভত বাজে অদৃশ্য তন্ত্ৰবাদন
ধ্বনি নহয় যি,
অকণ্ঠ প্ৰলয়…
সৃষ্টি আৰু বিনাশৰো
সেই একেটায়ে স্বৰ।
মই, মোৰ মাজতেই গঢ়িছোঁ
এখন গোপন বিশ্ব,
য’ত নাভিমূলৰ ৰহস্য ভেদি
উদয় হয় এটি শাশ্বত সূৰ্য্য...!
No comments:
Post a Comment