তোমাৰ বাবে
ডিম্বেশ্বৰ পাদি
গোগামুখ
ক্লেশ ক্লিষ্ট মোৰ
দুদিনীয়া জীৱন
তোমাৰ বাবে
তোমাক যাচিছিলোঁ
মোৰ প্ৰেমৰ মধুৰতা
তুমি কিয় আকোৱালি
নোলোৱা ?
তোমাৰ যৌৱনৰ আচল
তুমি মোক কিয়
লুকুৱা ?
মই বাৰে বাৰে
তোমাৰ বাবে
দুখৰ যন্ত্ৰণা
তুমি কিয় নুবুজা
নুবুজা কিয় তুমি ?
চিঞৰি চিঞৰি
ক’ব বিচাৰোঁ
তোমাৰ কাষত
তোমাক ভাল পোৱাৰ
এষাৰ মাত।
তুমি কোন মায়াপী
বজাৰৰ এটি সোণৰ
টোপোলা।
তুমিও নিশেষ হবা
এদিন—
মই নিশেষ হম।
তোমাৰ বাবে
প্ৰেমৰ বিষাদ বেদনাত।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment