সেউজীয়া জোনাক
প্ৰীতি পাদুন
ধেমাজী
অসংখ্য কথাৰ অন্তিম শ্বাস,
তোমাৰ নামেই উজলি থাকে নিঃশ্বাস।
মোৰ অনুভৱৰ অন্তিম পাতত
য’ত তোমাৰ নামেই থাকে উজ্জ্বল প্ৰকাশ।
তোমাৰ হাঁহি—
মোৰ প্ৰেম-পৃষ্ঠাত
সেউজীয়া সুৰৰ ধ্বনিত,
তোমাৰ অভিমান স্মৃতিৰ পাতত
জিলিকি থাকে যেন গোলাপৰ পাহি।
প্ৰেমৰ পৰা বহু দূৰত থকা
নোপোৱা সেই মৰমৰ স্পৰ্শ,
কিন্তু হৃদয়ত থাকে অটুট আশা।
তথাপিও হিয়া ভৰাই থোৱা
একান্ত অনুভৱৰ সেউজীয়া জোনাক,
যিয়ে নিশাৰ নীৰৱতাতো সপোনবোৰ
উজলি ৰাখি, মোৰ মনত পোহৰ দিয়ে।
এই দূৰত্বৰ মাজতো
মই তোমাৰ প্ৰতি অনুভৱ ৰাখো,
শব্দ নহলেও, স্পৰ্শ নাথাকিলেও
হৃদয়ৰ পাতবোৰত
তুমি সদায় থাকিবা —
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:
Post a Comment