প্ৰাচুৰ্যতাৰ অন্য নাম আঘোণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

প্ৰাচুৰ্যতাৰ অন্য নাম আঘোণ

 প্ৰাচুৰ্যতাৰ অন্য নাম আঘোণ 


মন্দিতা চেতিয়া গগৈ 

ৰাজগড়, ডিব্ৰুগড় 


কুঁৱলীৰ ফাঁকে ফাঁকে 

ধৰালৈ আঘোণৰ আগমন ঘটে,

সোণোৱালী পথাৰখনে

কৃষকক হাতবাউলি মাতে।

আঘোণৰ পথাৰত এতিয়া 

থোপা -থোপে সোণগুটি ,

কৃষকৰ মুখত বিৰিঙি উঠিছে 

প্ৰাপ্তিৰ সোণাৰুবুলীয়া হাঁহি।

পথাৰত ৰভাঘৰৰ উখল-মাখল

যেন ন-কইনাক আদৰাৰ প্ৰস্তুতি,

ভাগৰিও নাভাগৰা আইদেউহঁতৰ 

মুখত বাগৰে প্ৰাণোচ্ছল হাঁহি।

উদং ভঁৰালে আশাৰে বাট চাই 

কেতিয়া সোমাব ঘৰৰ লখিমী!

শালি, বৰা, জহা ধানৰ মাজত 

এখনি অঘোষিত প্ৰতিযোগিতা চলে,

শাওনত নিগৰি অহা 

প্ৰতিটোপাল ঘামৰ হিচাপ

আঘোণৰ পথাৰখনেই কৃষকক দিয়ে।

দুচকুত নতুন সপোনে প্ৰাণ পায় আঘোণতে

কাৰোবাৰ চকুৰ চাৱনিয়ে টোপনি হৰে,

ঘৰে ঘৰে ন-খোৱাৰ উজান উঠে 

দুখীয়া -নিচলাৰ ঘৰতো 

নৱান্ন উৎসৱৰ আয়োজন চলে।

সোণোৱালী শৈশৱে লেছেৰি বুটলি

সৰগ বিচাৰে পথাৰত,

সপোনে সাকাৰ ৰূপ লয় 

আঘোণৰ প্ৰাচুৰ্যতাৰ সমাহাৰত।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages