শুকান পাতৰ বিননি
ৰূপালী গগৈ চুতীয়া
ডিব্ৰুগড়
কেতিয়াবা শুনিছানে ফাগুনত
শুকান পাতৰ বিননি?
দেখিছানে ডুব যোৱা বেলিৰ
হিয়াধাকুৰি কন্দা
বিষাদৰ উকমুকনি।
পাইছানে উমান ৰাঙলী ফাগুনী
অহাৰ বাতৰি
হিয়াত বাজিছেনে
আপোন আপোন লগা
এটি সুমধুৰ গানৰ প্ৰতিধ্বনি।
তুমি ফাগুন ভালপোৱানে
শিমলু ফুলৰ ৰং
পলাশ ভালপোৱানে
সৰাপাতত বিচৰা কাৰোবাৰ মন ।
মইও বিচাৰোঁ
ফাগুনৰ চকু হাঁহি উঠক
মদাৰৰ ৰঙা ৰং
ৰঙৰ ফাকু খেলি
আপোন পাহৰা হ’ম,
লঠঙা গছৰ বিননিত
তোমাৰ মোৰ ভালপোৱাবোৰ
আলফুলে আঁকোৱালি ল’ম।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment