এমুঠি ৰ’দ
খুকুমণি মুদৈ দাস
নলবাৰী
এমুঠি ৰ’দত
সৰি পৰক
জোনাকৰ আকাশ,
বৈ আহক
পাহাৰ, ভৈয়াম আৰু
নিজৰা -
নিজৰাৰ পানীত
মৃত শিলবোৰ পমি
সৃষ্টি হওঁক এখন
অৰণ্য -
যি অৰণ্যত
নাথাকিব, হুমুনিয়াহৰ
কাৰ্বন ডাইঅক্সাইড।
বিশাল অৰণ্যৰ
ভাজে, ভাজে -
থাকিব, অক্সিজেনৰ -
কুহুমীয়া আলিঙ্গন।।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment