তুমি এজন কবি হোৱা
সংগীতা টাইদ
তুমি এজন কবি হৈ লিখা
প্ৰেমৰ হাজাৰটা কবিতা।
আৰু মই তোমাৰ
কবিতাৰ প্ৰেমত পৰিম।
পূৰ্বেও মই তোমাৰ
প্ৰেমত পৰিছিলো।
কিন্তু !
এতিয়া তোমাৰ নহয়
তোমাৰ কবিতাৰহে
প্ৰেমত পৰিম।
তুমি এজন কবি হোৱা।
কবি হৈ লিখা
এৰি অহা দিনবোৰৰ
হাজাৰটা কবিতা।
আৰু সেই কবিতাত
বিচাৰি ফুৰিম মোৰ অতীত।
কিজানি বিচাৰি পাওঁ
মোৰ অতীতৰ
অজস্ৰ স্মৃতি।
যি মোক সেই
সোণোৱালী দিনবোৰলৈ
ঘূৰাই লৈ যায়।
তুমি মোৰ হিয়াৰ নিভৃত কোণৰ সেইজন কবি হোৱা,
যাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ;
তুমি লিখিবানে
প্ৰেমৰ হাজাৰটা কবিতা….?
Doksiri দকচিৰি, মাৰ্চ, ২০২৬


No comments:
Post a Comment