এনে কি যাদু
ৰূপা গগৈ
কাৰ দুচকুৰ দীপ্তিত
জোন জ্বলে
নিশাৰ আকাশ গলে
শুৱনি কোঠাত চপৰা-চপৰে আলোক সৰে।
এনে কি কাৰ কথাত
হৃদয় মম গলাদি গলে
মন নদীত উঠে ঢৌ
নিয়মৰ ভেটা ভাঙি গতিৰ বিপৰীতে বৈ যাব খোজে ।
এনে কি যাদু আছে
ওঁঠৰ উষ্ণতাত
খিলখিলাই ফুলি উঠে এপাহি ৰঙা গোলাপ
বঢ়াবলৈ শোভা মন ফুলনিৰ
লাজ লাজকৈও নবলি নোৱাৰে এছাটি পছোৱা বা
উতলা দেহা-মন শাঁত পৰাকৈ।
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment