অসম্পূৰ্ণ প্ৰতিশ্ৰুতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, February 28, 2026

অসম্পূৰ্ণ প্ৰতিশ্ৰুতি

 

অসম্পূৰ্ণ প্ৰতিশ্ৰুতি


                         জ্যোতিষ্মান শইকীয়া

                                    ৰহা, নগাঁও


কিয় আজিও মাটি সাৰ নাপালে?

কিয় শিলাখন থিয় নহ’ল?

যাৰ কণ্ঠত জাগিছিল অসম,

তাৰ সমাধি আজি কিয়

অসম্পূৰ্ণ স্বপ্নৰ দৰে পৰি আছে?

বতাহে সুধে—“ইমান নীৰৱ সমাধিস্থলী?”

ধূলিয়ে ঢাকে নামফলক,

বৃষ্টিয়ে ধুই নিয়ে স্মৃতি,

আৰু ৰাইজে নীৰৱে চায়।

চৰকাৰে কলে— সময় লাগিব।

কিন্তু সময়তো পাৰ হৈ গ’ল,

এদিন দুদিনকৈ মাহ বাগৰিল

প্ৰতিশ্ৰুতিৰ পাতে পাতে কেৱল শুকান শব্দ।

জুবিন ক্ষেত্ৰখনো

অপূৰ্ণ কাহিনীৰ দৰে—

য’ত ভক্তৰ আগমন  থমকি ৰ’ল,

আৰু ন্যায়ৰ পথ আধাতে ৰৈ গ’ল।

গৰিমা বৌৱে নিজ হাতেৰে চাফা কৰে 

নীৰৱে সজায় শয্যাৰফুল,

চকুৰ কোণত লুকুৱাই ৰাখে অজস্ৰ বেদনাৰ ঢৌ

এই মানুহজনীৰ মুখখন চালে হৃদয়খন কঁপি উঠে

এয়া সচাই এজন শিল্পীৰ পত্নীৰ ভাগ্য?

যি জনে গীতত জ্বলাইছিল জুই,

তেওঁৰ স্মৃতি আজি ধূলিত কিয় পৰি ৰ’ব?

সমাধি কেৱল শিল নহয়—

সেইটো একোটা জাতিৰ কৃতজ্ঞতা।

হে চৰকাৰ, শুনক—

এই আহ্বান কেবল পৰিয়ালৰ নহয়,

এয়া ৰাইজৰ হৃদয়ৰ মাত।

ন্যায় যদি শব্দত সীমাবদ্ধ থাকে,

ইতিহাসে ক্ষমা নকৰে।

সমাধি সম্পূৰ্ণ কৰক,

ক্ষেত্ৰখন সজাওক,

স্মৃতিক সন্মান দিয়ক—

কাৰণ এজন শিল্পী

মৰি নাযায়,

মৰি যায় কেৱল আমাৰ বিবেক

যদি আমি আওকাণ কৰোঁ


Doksiri দকচিৰি, মাৰ্চ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages