একবিংশৰ ফ্ৰাঙ্কেনষ্টাইন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, February 28, 2026

একবিংশৰ ফ্ৰাঙ্কেনষ্টাইন

 

একবিংশৰ ফ্ৰাঙ্কেনষ্টাইন


                                ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী


(নিহিলিজম বনাম সৃষ্টিশীল বিদ্ৰোহ) — নেন’কবিতা


শূন্যতাই ক’লে—

“সকলো বৃথা।”

ফ্ৰেঙ্কেনষ্টেইনে হাঁহিলে...


মই আয়নাত চাই দেখিলোঁ—

মোৰ মুখমণ্ডলতেই ফ্ৰাঙ্কেনষ্টাইন...


ধৰাৰ শিলটো এতিয়া কলচচ

তথাপিও ঠেলিব লাগে 

অনাগত দিনৰ কথা ভাৱি..


নিহিলিজম—

এখন শীতল ওৰণি,

য’ত কোনো মুখ দেখা নাযায়...


মই লিখিলোঁ এটা শব্দ

শব্দটো জ্বলি উঠিল—

বিদ্ৰোহ...


ধৰাৰ দানৱে প্ৰেম বিচাৰিছিল

মনৰ দানৱে অৰ্থ বিচাৰে...


শূন্যতাৰ গহ্বৰত

এটা ক্ষুদ্ৰ হাঁহি—

মানুহ...


অন্ধকাৰে ক’লে— “শেষ।”

হৃদয়ে ক’লে— “আৰম্ভ।”


সৃষ্টি মানে

অযৌক্তিকতাৰ বুকুত

এগছি চাকি জ্বলাই ৰখা...


১০

একবিংশৰ ফ্ৰাঙ্কেনষ্টাইন—

দানৱ নহয়;

এটা সিদ্ধান্ত…


Doksiri দকচিৰি, মাৰ্চ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages