একবিংশৰ ফ্ৰাঙ্কেনষ্টাইন
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
(নিহিলিজম বনাম সৃষ্টিশীল বিদ্ৰোহ) — নেন’কবিতা
১
শূন্যতাই ক’লে—
“সকলো বৃথা।”
ফ্ৰেঙ্কেনষ্টেইনে হাঁহিলে...
২
মই আয়নাত চাই দেখিলোঁ—
মোৰ মুখমণ্ডলতেই ফ্ৰাঙ্কেনষ্টাইন...
৩
ধৰাৰ শিলটো এতিয়া কলচচ
তথাপিও ঠেলিব লাগে
অনাগত দিনৰ কথা ভাৱি..
৪
নিহিলিজম—
এখন শীতল ওৰণি,
য’ত কোনো মুখ দেখা নাযায়...
৫
মই লিখিলোঁ এটা শব্দ
শব্দটো জ্বলি উঠিল—
বিদ্ৰোহ...
৬
ধৰাৰ দানৱে প্ৰেম বিচাৰিছিল
মনৰ দানৱে অৰ্থ বিচাৰে...
৭
শূন্যতাৰ গহ্বৰত
এটা ক্ষুদ্ৰ হাঁহি—
মানুহ...
৮
অন্ধকাৰে ক’লে— “শেষ।”
হৃদয়ে ক’লে— “আৰম্ভ।”
৯
সৃষ্টি মানে
অযৌক্তিকতাৰ বুকুত
এগছি চাকি জ্বলাই ৰখা...
১০
একবিংশৰ ফ্ৰাঙ্কেনষ্টাইন—
দানৱ নহয়;
এটা সিদ্ধান্ত…
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment