ব্যস্ত
মনোৰঞ্জন পেগু
লটাক, গোগামুখ
নেৰা নেপেৰা বৰষুণৰ পবিত্ৰতাই
জীপাল কৰি তুলা,
খেতি আৰু মাটিৰ একাত্মবোধ।
অসহায় খেতিয়ক বুকুত
সেউজৰ স্বপ্ন উদ্যান।
নতুন প্ৰেমৰ নীলিম আকাশ,
ৰঙীন কৰাত ব্যস্ত,
তৰু-তৃণ, ধোৱা বৰণীয়া
প্ৰকৃতিৰ সুবাস।
গয়াঁ তাঁতিয়নী লখিমীসতে
অতি ব্যস্ত তাঁতৰ শালত
পেৰাৰ কোষ্ঠাগাৰ ফুলাম কৰাৰ হেঁপাহ।
কেঁচু,কুমটিৰ কৰুণ আৰ্থনাদ
নক্ষত্ৰৰ পাবকত খেলিছে।
গৰুৰ গচকত ভাহি অহা দুৰ্গন্ধ
কৃষক,হালোৱাৰ নাকত লাগি
গ্ৰীষ্ম ঋতু প্ৰাণ পাই উঠিছে।
অৰ্ধজোনাকৰ বৰষুণ জাক
প্ৰভাবিত কৃষকৰ মন।
পথাৰ ব্যস্ত,
শামুক, কেকুৰা, মাছৰ অন্বেষণত।
তেওঁলোক স্বাধীন
সমীপতে প্ৰকৃতিৰ নিজস্ব আবিস্কাৰ।
আমোলাৰ ৰঙা ফিতাৰ মেৰপাকৰ মুক্ত।
উজানৰ সংবাহদ্বীপ্ত বৰষুণ জাক গাত লাগি,
ঘামত চোলা খোলিছে।
বৰকৈ জৰাজীৰ্ণ,
হাতৰ দুয়ো কাষ চিৰাচিৰ।
সংস্কৃতিৰ ব্যাকুলতাত
মুখৰোচক বিষন্ন।।

No comments:
Post a Comment