কাউৰী
প্ৰাণজিৎ মহন্ত
১
বেয়া নেপাবি কাউৰী
আচলতে তোৰ কথাৰ অলপো সুৰ নাই
২
মোৰ মতে মানুহে তোৰ দুখ
কিয় বুজি নাপায় জান কাউৰী
তই যে তোৰ দুখতো থাক
কেৱল কা’কা’কৈ
৩
ভৱাই নাছিলোঁ
তুমি যে এনেকৈ হঠাৎ আহি ওলাবাহি
দুপৰীয়া কাউৰী জনীয়ে ঘৰৰ মুধচত পৰি
বাৰে বাৰে কিয় ৰমলিয়াই আছিল
এতিয়াহে বুজি পালোঁ
৪
শীতৰ এই লঠঙা গছডাল
আৰু ধুনীয়া লাগিলহেতেন
তাৰে লঠঙা ডাল এটাত যদি
উৰি আহি পৰি থাকিহেতেন এটা কাউৰী
৫
কাউৰী এটা মৰিল
তাৰপিছত হেজাৰটা
কাউৰী আহি মৰিল একেলগে কা'কা'কৈ
৬
সোঁত নথকা এখন নৈ
ফুল নুফুলা এডাল গছ
কাউৰী নথকা
আকাশ খনৰ দৰেই উদাস

No comments:
Post a Comment