কাউৰী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

কাউৰী

 

কাউৰী


                 প্ৰাণজিৎ মহন্ত 


বেয়া নেপাবি কাউৰী 

আচলতে তোৰ কথাৰ অলপো সুৰ নাই 


মোৰ মতে মানুহে তোৰ দুখ 

কিয় বুজি নাপায় জান কাউৰী 

তই যে তোৰ দুখতো থাক 

কেৱল কা’কা’কৈ


ভৱাই নাছিলোঁ 

তুমি যে এনেকৈ হঠাৎ আহি ওলাবাহি 

দুপৰীয়া কাউৰী জনীয়ে ঘৰৰ মুধচত পৰি 

বাৰে বাৰে কিয় ৰমলিয়াই আছিল 

এতিয়াহে বুজি পালোঁ 


শীতৰ এই লঠঙা গছডাল

আৰু ধুনীয়া লাগিলহেতেন 

তাৰে লঠঙা ডাল এটাত যদি 

উৰি আহি পৰি থাকিহেতেন এটা কাউৰী 


কাউৰী এটা মৰিল 

তাৰপিছত হেজাৰটা 

কাউৰী আহি মৰিল একেলগে কা'কা'কৈ


সোঁত নথকা এখন নৈ

ফুল নুফুলা এডাল গছ 

কাউৰী নথকা 

আকাশ খনৰ দৰেই উদাস



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages