পাগল
হাচনা মিপুন
চিলাপথাৰ ডিমৌ
মানুহে কয় মই পাগল
আচলতে কি জানা
মই এই মায়াবিনী পৃথিৱীৰ মুক্ত জীৱ
মুক্ত আকাশৰ মুক্ত পৰিৱেশৰ মই এজন।
মানুহে কয় মই পাগল
আচলতে কি জানা
নলা নৰ্মদাত জিলিকি উঠা ভাল মানুহৰ
চিনবোৰ বুটলি ফুৰো।
সঁচাই মই পাগল
কাৰণ,
ৰাস্তাত পৰি থকা জাবৰবোৰ
মোৰ হাততেই থাকে
আচলতে কি জনা
সৰুৰে পৰা মোৰ এই জাবৰেৰে ভৰা
পৃথিৱীখন ভাল নালাগে বাবে
ধৰণীৰ কুমলীয়া বিছনা এৰাৰ লগে লগে
মোৰ কামবোৰ
একো নোকোৱাকৈ কৰি যাওঁ…..
Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:
Post a Comment