বিহুনামত অসমৰ বিনন্দীয়া প্ৰকৃতি আৰু নদ-নদী
শাশ্বতী শৰ্মা
গোলাঘাট
ঐতিহাসিক আৰু সাংস্কৃতিক চেতনাৰ যোগেদি অসমীয়া মানুহৰ মনোজগতত ভুমুকিয়াই চালে তিনিটি বিহুয়েই মানসপটত জিলিকি উঠেে। লোকসংস্কৃতিৰ গৱেষক বিৰিঞ্চিকুমাৰ বৰুৱাৰ ভাষাত, “কৃষিজীৱি জাতিবোৰৰ মাজত খেতিৰ বতৰ সাড়ম্বৰ আগমন, কৃষিৰ ফল সৃষ্টিৰ অৱস্থাপ্ৰাপ্তি আৰু সেই ফলৰ আহৰণে আনন্দৰ আৰু আনন্দ উৎসৱৰ উদ্ৰেক কৰা অতি স্বাভাৱিক কথা। আমাৰ তিনিটা বিহু,আমাৰ এই তিনিটা পৰিস্থিতিৰ জয় ঘোষণা মাথোঁন।” চহা লোকসকলে এই আনন্দ সুখ-দুখ, হাঁহি-কান্দোন প্ৰকাশ কৰিছিল উৎসৱসমূহৰ লগত জড়িত বিশেষকৈ বিহুকেন্দ্ৰীক নাম, গীত মাত, নৃত্যাদিৰ জড়িয়তে।
অসমৰ মূল সংস্কৃতি কৃষিমুখী গ্ৰাম্য সংস্কৃতি। প্ৰকৃতিৰ আনন্দ,জীৱনক উপলব্ধি কৰাৰ আনন্দ কঢ়িয়াই বিহুনামবোৰে। ভাব আৰু অৰ্থৰ দিশৰ পৰা বিহুনাম দুইধৰণৰ-পিৰিতিমূলক আৰু অপিৰিতিমূলক।অপিৰিতিমূলক বিহুনামক একাধিক ভাগত ভগাব পাৰি।যেনে-প্ৰণামমূলক, প্ৰশস্তিমূলক, কৃষ্টিমূলক বা প্ৰকৃতিমূলক, বাদ্যমূলক ইত্যাদি।বিহুনামসমূহ মৌখিক সাহিত্যৰ অন্তৰ্গত যদিও প্ৰথম বিহুনামৰ গ্ৰন্থ ৰচিত হৈছিল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত কবি ৰাম নাৰায়ণ চক্ৰৱৰ্তীৰ হাতত।
অৰ্থগত দিশৰ পৰা বিহুনাম আৰু বিহুগীত সৰ্ম্পকে সমালোচকসকলৰ দ্বিমত থাকিলেও ১৯১৭ চন মানৰ পৰাই বিহুনাম আৰু বিহুগীত শব্দ দুটা অসমীয়া সাহিত্যত সমাৰ্থক হিচাপে ব্যৱহৃত হৈ আহিছে। এইক্ষেত্ৰত নকুলচন্দ্ৰ ভূঞাই ‘বহাগী’ গ্ৰন্থত বিহুনামবোৰক ‘বিহুগীত’ আখ্যা দিয়াৰ কথা উল্লেখ কৰিব পাৰি।
সৃষ্টিৰ আদিৰে পৰা প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক। প্ৰকৃতি, জীৱন আৰু যৌৱনৰ বৰ্ণনা কৰি বিহুত মুকলিমুৰীয়াকৈ গাব পৰা নামেই হৈছে বিহুনাম।বিহুনামবোৰৰ মূলত উৎস প্ৰকৃতি হোৱাৰ বাবেই সময় আৰু বতৰৰ বতৰা কঢ়িয়াই বিহুনামবোৰে। ‘অসমীয়া ভাষা আৰু সংস্কৃতি’ত বিৰিঞ্চিকুমাৰ বৰুৱাই লিখিছে, ‘বিহুনাম বা বিহুগীতত প্ৰকৃতিখনৰ চাৰিটা ৰূপৰ প্ৰতিফলন ঘটিছে। এই ৰূপকেইটা হৈছে-অসমৰ নদ-নদী, নৈৰ চাপৰি আৰু পথাৰ, পৰ্বত-পাহাৰ আৰু গছ-গছনি, পশু-পক্ষীসমূহ।’
নদী আৰু মানুহৰ সম্পৰ্ক চিৰন্তন। অসমৰ সভ্যতা-সংস্কৃতি, জাতীয় জীৱন গঢ় দিয়াত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে বৰঙনি যোগাই আহিছে। দেৱতাৰ প্ৰতীকৰূপে গণ্য কৰি অহা ব্ৰহ্মাৰ মানসপুত্ৰ ব্ৰহ্মপুত্ৰক অসমীয়া জাতিয়ে বিহুনামত ঠাই দিছে এনেদৰে-
‘বৰহমপুত্ৰৰ পাৰৰে বৰহমথুৰি এজুপি
আমিনো খৰি লুৰা ঠাই,
উটুৱাই নিনিবা বৰহমপুত্ৰ দেৱতা
তামোল দি মাতোতা নাই।’
এসময়ত নদীক কেন্দ্ৰ কৰিয়েই মানুহৰ দৈনন্দিন জীৱন আৰম্ভ হৈছিল। জাক পাতি গা-ধোৱা, কাপোৰ ধোৱা, কাষত কলহ লৈ খোৱা পানী আনিবলৈ যোৱা, খেতি-বাতি সম্পন্ন
কৰা সকলো হৈ উঠিছিল-
‘চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলা
চিৰি লুইতলৈ চাই,
চিৰি লুইতে সুহুৰি মাৰিলে
ধনে নাও মেলি যায়।’
আকৌ,
‘নৈৰে থিয় গৰাত ভালেকৈ উঠিবি
কাষত ভৰা কলহ লৈ,
উলটি নেচাবি পালটি নেচাবি
পিছলি পৰিবি অই’ বুলিও কোনোবা প্ৰিয়জনে গাভৰুহঁতক বিহুনামৰ যোগেদিয়েই সকিয়াই দিছে।
বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত, মাছ মাৰি জীৱন কৰাৰ ক্ষেত্ৰত, জলপথৰ প্ৰধান অৱলম্বন হিচাবে নদীসমূহক ব্যৱহাৰ কৰি অহা হৈছে। এই কথা বিহুনামত প্ৰকাশ পাইছে এনেদৰে-
‘মইনাই নাও মেলে পানীয়ে পানীয়ে
মই লৱৰি মৰো বামে’
আকৌ,
‘তোলৈ চাই ৰাঙলী বান্ধি যাওঁ ডাঙৰী
গৰা চপাই বান্ধি যাওঁ নাও।’
বিহুনামত ডেকা-গাভৰুৰ প্ৰেমৰ সাক্ষী হিচাপে নদ-নদীৰ প্ৰসংগ উল্লেখ কৰাৰ লগতে মিলনৰ হেঙাৰ হিচাপেও ব্যৱহাৰ কৰা হৈছে নদ-নদীসমূহক। যেনে-
‘ধনশিৰি দলংখন ভেটিলে ঐ চেনাইকণ
লোহাৰে শলখা মাৰি,
তোকেনো মোকে ঐ ভেটিলে মনিচে
দুটি দেহা দুফালে কৰি।’
ঠিক একেদৰে, ‘তোমাৰ ঘৰ সিপাৰে, আমাৰ ঘৰ ইপাৰে, মাজতে বোৱতী নৈ’ বুলিও অচিনা ডেকাই হুমুনিয়াহ কাঢ়িছে।
পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত নদীসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।নদীৰ বুকুত আশ্ৰিত জলজ সম্পদসমূহৰ কথা বিহুগীতত বৰ্ণনা কৰিছে এনেদৰে-
‘লুইতৰে বালি বগী ধকে ধকি
কাছই কণী পাৰে লেখি…’
আকৌ
‘কাকডোঙাৰ বৰালি ডেৰছোৱাৰ বৰালি
কেনেকৈ মিহলি হ’ল,
আমি নেঘেৰিয়াল তুমি যোৰহটীয়া
কেনেকৈ চিনাকি হ’ল?’
সময়ে সময়ে নদীসমূহে সংহাৰী ৰূপ ধাৰণ কৰে।খেতি-বাতিক সাৰথি কৰি জীৱন নিৰ্বাহ কৰা অসমীয়া লোকসকলৰ বাবে তেতিয়াই নদ-নদীসমূহ অভিশাপস্বৰূপ হৈ উঠে।তথাপি নদীখনলৈ তেওঁলোকৰ মোহ।নদীৰ দৰেই জীৱনো গতিশীল।সেয়ে বিহুনামত গাইছিল -
‘এইবেলি আহুধান পানীয়ে মাৰিলে
ওপৰে গজিলে মামী,
চৰাই চিৰিকটি উৰে যোৰে পাতি
তাৰো মান নহ’লো আমি।’
বিহু মঞ্চলৈ অহাৰ পূৰ্বতে নৈৰ চাপৰি, পথাৰ মুকলি ঠাই আদিত ডেকা গাভৰুৱে মিলি বিহু গাইছিল। পেটৰ ভাতমুঠিৰ পৰা ধৰি অৰ্থনৈতিক দিশটোৰ ক্ষেত্ৰতো অসমীয়া জাতিৰ লগত পথাৰ ওতঃপ্ৰোতভাবে জড়িত হৈ আছিল আৰু আছে। বিহুনামত নৈৰ পাৰ,পথাৰ আদিক বৰ্ণনা কৰিছে এইদৰে-
ঘৰতো নবহে মন সমনীয়া পথাৰতো নবহে মন/নৈলৈ হালিলে নদালি ভলুকা পথাৰলৈ হালিলে কাক/নৈৰে পাৰে পাৰে নলৰে গজালি, তাতে ক’লা গৰু চৰে।
অসম এখন চিৰসেউজ দেশ। চাৰিওফালে পৰ্বত-পাহাৰ,গছ-বন, ফল-ফুলে অসমৰ নৈসৰ্গিক শোভা বৰ্ধন কৰি আহিছে।
বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত মিলন-মিশ্ৰণ সমন্বয়-সংঘাতৰ অনুভূতি লগতে অসমৰ এই বিনন্দীয়া প্ৰকৃতিৰ ৰূপটোক বিহুনামত খুউব সুন্দৰ আৰু সাৱলীলভাবে উপস্থাপন কৰা দেখা যায়।
‘এই বেলি বিহুটি ৰমকে জমকে
নাহৰ ফুল ফুলিবৰ বতৰ,
নাহৰ ফুলৰ গোন্ধ পাই লাহৰীৰ ত’ত নাই
গৰকি ভাঙি যায় যঁতৰ।’
একেদৰে,
‘নগাৰে চাঙতে পেঁপাটি বজালে
ডফলাই ধৰিলে টকা,
ল'ৰা বুঢ়া জীয়ৰী ৰঙতে বলিয়া
বহাগৰ বিহুৱা ডেকা।’
বহাগৰ বিহুটিত কেৱল মানুহৰেই মন প্ৰাণলৈ যে সঞ্জীৱনী আহে এনে নহয়, প্ৰকৃৃতিৰ লগতে চৰাই-চিৰিকটি, জীৱ-জন্তু সকলোৰে মন-প্ৰাণত ৰং লাগে। স্পন্দন উঠে।পখীৰ সুললিত সুৰে বসন্তৰ বতৰা লৈ আহে। এই সকলোবোৰেই বিহুনামৰ ভঁৰাল চহকী কৰিছে।যৌৱন উতলা কৰা কোনো ডেকাই হৰিণাৰ চকুৰ লগত প্ৰিয়নাৰীৰ চকুযুৰিক তুলনা কৰি গাইছে-
‘তোমাৰ চকুযুৰি হৰিণাৰ চকু যেন
বুকুতো পদুমৰ চকা,
তোমাৰ বাহুদুটি পদুমৰ ঠাৰি যেন
ৰেচমৰ কাপোৰে ধকা।।’
আৰ্থিক অৱস্থা বুজাবলৈ গৰু,হাতী আদিক প্ৰতীক হিচাপে বিহুনামত ব্যৱহাৰ কৰিছে এনেদৰে -
‘হাতী বুঢ়া হ’লে মাউতৰ দোষত
গৰু বুঢ়া হ’লে হালত,
তুমি বুঢ়ী হ’লা মাৰাৰ ঘৰতে
সময়ত নিদিলে বিয়া।’
আকৌ কোনোবা এঠাইত আক্ষেপ কৰিছে এনেদৰে-
‘তোমাক আনিম বুলি অ’ লাহৰী
বৰঘৰ বান্ধিলো অ’ লাহৰী
গৰুবন্ধা গোহালী হ’ল।’
সাম্ৰাজ্যবাদী শাসন, শ্ৰেণীবৈষম্য, আদিয়ে সমাজজীৱনত এনে নিৰ্মম আঘাত হানিলে যে, মানুহে নিজৰ জীয়ৰীক গা ধনৰ খাটিৰত বিয়া দিবলৈও দ্বিধাবোধ, শংকাবোধ নকৰা হ’ল। সেই কথাত চৰাই প্ৰসংগেৰে বিহুনামৰ যোগেদি কোনোবা জীয়ৰীয়ে দুখ প্ৰকাশ কৰিছে এনেদৰে-
‘চৰায়ে চৰায়ে আঁলচখন পাতিলে
গছৰ গুটি খাবৰ মন,
আইনোকো বোপায়ে আঁলচখন পাতিলে
আমাক বেচি খাবৰ মন।’
বিহুত ব্যৱহৃত বিভিন্ন বাদ্যযন্ত্ৰবোৰ গৰু, মহৰ ছাল, শিং আদিৰ পৰা যে প্ৰস্তুত কৰা হয় সেই কথা বিহুনামে কৈ যায়-
‘মহ’ৰ শিঙৰ পেপাঁটি নবজাবা ককাইটি
মোৰে মন উৰুঙা কৰে,
পেপাঁৰ মাতে শুনি ৰবকে নোৱাৰো
হাতৰ বনে সৰি পৰে।’ - বিহুনামত প্ৰকৃতিৰ বিভিন্ন উপাদানৰ ছবি এইদৰেই বিভিন্ন ভাব-অনুভূতিৰে প্ৰকাশ হোৱা দেখা যায়।
অতীজতে বিহু সাতদিন ধৰি চলিছিল। বিহু উৰুৱা বা বিহু সামৰা নিয়মত গাঁৱৰ ডেকা গাভৰুৱে তামোল-পাণ, বিহুৱান আগবঢ়াই নামঘৰত সেৱা লয়, তাৰ পিছত দূৰৈত কোনো ডাঙৰ গছৰ গুৰিলৈ গৈ গছজোপাক সেৱা কৰি বিহুৱান এখন গছজোপাত আঁৰি গায়-
‘হুৰাই ল ধান খেৰৰ ছাঁই
চেনেহৰ বহাগৰ ৰঙালি বিহুটি
হাততে মলঙি যায়।’
আদিম অৱস্থাত চহালোকসকলে প্ৰকৃতিক বুকুত ধাৰণ কৰি বিহুগীতত ঠাই দিছিল। প্ৰকৃতিক একাষৰীয়া কৰি বিহু,বিহুৰ লগত জড়িত কৃষ্টি-সংস্কৃতি ৰক্ষা কৰাটো অকল্পনীয়। বৰ্তমান বৰ্ধিত জনসংখ্যা, বিদেশীৰ আগ্ৰাসন, উন্নয়নৰ নামত সৃষ্টি হোৱা কিছুমান নেতিবাচক কাৰকে প্ৰকৃতিৰ বিভিন্ন উপাদান যেনে-চৰাই চিৰিকটি, গছ-বন, নদ-নদী, পৰ্বত-পাহাৰ, জীৱ-জন্তু আদিলৈ নমাই অনা ভাবুকিয়ে সাম্প্ৰতিক সময়ত বিহুৰ আনন্দ-উৎসৱত ব্যাঘাত জন্মোৱা পৰিলক্ষিত হয়।বিহুৰ লগত সংযোগ হৈ থকা আচাৰ আচৰণ, বিহুনাম, বিহুনাচ আদিত পূৰ্বৰ স্বাভাৱিকতা ক্ৰমাৎ যেন হ্ৰাস পাই আহিছে। তথাপি, লুইত বৈ থকালৈকে বিহু থাকিব,প্ৰকৃতি থকালৈকে বিহুত ৰং লাগিব।সেয়ে বিহুনামত গাইছে-
‘এপৰ দুপৰ কৰি ৰাতি পাৰে হ’ব
আমাৰ বিহুত আমনি নাই,
ৰাতি পৰে পৰে ফেঁচাই কুৰুলিয়াই
আমাৰ বিহু ভাঙোতা নাই।’
বিহুনামত সহজ-সৰল কথাৰে অসমৰ প্ৰকৃতিৰ বিভিন্ন ছবি সমাজৰ প্ৰতিটো স্তৰৰ মানুুহে বুজিব পৰাকৈ তুলি ধৰাৰ বাবেই বিহুনামসমূহৰ আদৰ চিৰঅক্ষুন্ন হৈ থাকিব।এই প্ৰসংগতে হেমাংগ বিশ্বাসৰ ভাষাৰে আজিৰ প্ৰবন্ধ বিষয়টিৰ মোখনি মাৰিছোঁ। - ‘যি নাই বিহুগীতত, সি নাই অসমত। যি নাই অসমত সি নাই বিহুগীতত।অসম আৰু অসমীয়াৰ জনমানসৰ নিৰ্ভূল দাপোন এই বিহু।অসমৰ পাহাৰ-পৰ্বত, চৰাই-চিৰিকটি, নৈ-বিল, পথাৰ-সমাৰ, ফুল-ফল, গোন্ধ-বৰণ আৰু সিবিলাকৰ মাজত কৰ্মৰত নাৰী-পুৰুষৰ এনে প্যানোৰমা ভাৰতৰ লোকসংগীতত বিৰল। বিহুৰ সাহিত্যিক আৰু সাংগীতিক ভেঁটিৰ ওপৰতেই থিয় হৈ আছে অসমীয়াৰ সাংস্কৃতিক উপৰিসৌধ।’

No comments:
Post a Comment