জ্যোতিপ্ৰপাত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, April 30, 2026

জ্যোতিপ্ৰপাত

 

জ্যোতিপ্ৰপাত


শতাব্দী শৰ্মা

আমোলাপট্টি, নগাঁও


     টা কামৰ আঁৰত অজস্র মানুহ থাকে। মানুহবোৰ পৰস্পৰে পৰস্পৰৰ লগত এক বিশেষ সম্পৰ্কৰে বান্ধ খাই  যায়। এটা গুৰুত্বপূৰ্ণ দায়িত্বই মানুহক বহুত শিকায়। এটা কামৰ অন্তৰালত বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা ঘটে। সেইবোৰেই একোটা অভিজ্ঞতাৰ বাহক। এটা গুৰুত্বপূর্ণ কাম সুচাৰুৰূপে পৰিচালনা কৰাৰ আঁৰত অজস্ৰ মানুহৰ অৱদান থাকে। নিশাশ্ৰী বৰদলৈ, স্নাতক ডিগ্রী গ্রহণ কবি শিক্ষণ মহাবিদ্যালয়ত নামভর্তি কৰা বহুতৰ বাবে সৰু ছোৱালীজনী। শিক্ষণ মহাবিদ্যালয় অর্থাৎ বি.এড কলেজ! বিদ্যালয়, মহাবিদ্যালয়ৰ পৰিৱেশ আৰু লগৰীয়াৰ লগত ইয়াৰ পৰিৱেশ আৰু মানুহবোৰ নিমিলে। ইয়াত বহুখিনি মানুহেই স্নাতকোত্তৰ পৰ্যায়ৰ বা তাতোকৈ বেছি পঢ়া শুনা কৰা আৰু চাকৰি কৰি আছে।

   তেওঁলোকৰ মনোভাৱ, থকাৰ ধৰণ, চিন্তাৰ পৰিধি অনন্য। নিশাশ্ৰীৰ অৰিয়েণ্টেচনৰ দিনাই বৰ ভয় লাগিল, ছিনিয়ৰখিনি ডাঙৰেই তদুপৰি নতুনকৈ বি.এড প্রথম বর্ষত নামভৰ্তি কৰা প্ৰশিক্ষাৰ্থীসকলো তাইতকৈ অগ্রজ দুই এগৰাকীক বাদ দি আৰু তাইৰ হৃদয়ত ভূমিকম্পৰ দৰে আটাইতকৈ ডাঙৰ কঁপনি অনুভূত হৈছিল সেইদিনা, যিদিনা অধ্যক্ষা মহোদয়াই লিখা মেলা কৰা ছোৱালী বুলি নিজে সুমুৱাই দিছিল সাহিত্য বিভাগত। অনাগত দিনত অনুষ্ঠিত হবলগা নৱাগত আদৰণি সভাৰ দিনা উন্মোচন হ'বলগা প্ৰাচীৰ পত্রিকাখনৰ দায়িত্ব তাইক পালন কৰিবলৈ দিওতেই তাইৰ মনলৈ অনাকাংক্ষিত সংশয় নামিছিল। লাহে লাহে কামবোৰ আবন্ত হৈছে। সকলোৰে দায়িত্ব ভাগ ভাগ। এই কামটোত আটাইতকৈ বেছি টান প্রক্রিয়াটো হৈছে লিখনি সংগ্রহ। নিশাশ্ৰীৰ এই কামটোৰ কথা ভাবিয়েই বেছি ভয় লাগে। লগৰ হ’লে অলপ জোৰ কৰি কিবা এটা কৰিব পৰা গ’লহেঁতেন কিন্তু এতিয়া এইসকলক কথাটো কোৱাৰ পিছত কেনে প্রতিক্রিয়া প্রকাশ কৰে,  তাৰেই সন্দেহ। তথাপি তাই ক’লে সকলোকে গ্রুপতেই হওঁক নতুবা ক্লাছতেই হওঁক। তাৰপাছতেই থীম নির্ধাৰণ কৰাৰ পাল। সকলোৰে সহযোগিতা বিচাৰি তাই গ্রুপত সুধিলে। ২০ টামান থীম আহিল কোনোমতে, তাইৰটো ধৰি।

    অৱশেষত তত্ত্বাৱধায়ক আক অধ্যক্ষা মহোদয়াৰ বিচাৰ অনুসৰি নিশাশ্ৰীৰ থীমটোৱেই নিৰ্বাচিত হ’ল। মনটো অলপ মুকলি লাগিল। বাকীসকলেও প্রশংসাৰে উপচাই পেলালে। আচলতে গোটেই টিমটোৰ কাৰো মনত একো বেয়া ভাৱ বা খিয়লা খিয়লি নাই। ধুনীয়াকৈ সহযোগ কৰে। থীম নির্ধাৰণলৈকে সকলো ভালেই আছিল।কিন্তু যেতিয়াই লিখনি দুই এটা দিলে, তেতিয়াহে কেনা লাগিল! এটা বিষয়ৰে বিভিন্নজনৰ লিখনি। কাক এৰিব, কাক ধৰিব। এই সকলো সমস্যা সমাধান কৰিলে তত্বাৱধায়কসকলে। বহুকেইটা ক্লাছ ক্ষতি হ’ল সিহঁত সকলোৰে। এটাই মাথোঁ প্রচেষ্টা, আলোচনীখন উলিয়াব লাগে। সমন্বয়ক দুজনৰ অৰিহণাও লেখত ল’বলগীয়া। আলোচনীৰ কাম যিমানেই আগবাঢ়িছে, সিহঁতৰ প্ৰত্যেকৰে ভিতৰখনত কঁপনি যেন ঘনকৈ অনুভূত হৈছে। হঠাৎ কি প্রকাৰে কামৰ ধৰণ সলনি হয়, কোনেও ক’ব নোৱাৰে। সহায় কৰা মানুহ কমি যায় বঢ়োৱা মানুহহে বেছি।

    প্রতিদিনেই নতুন নতুন আইডিয়া, নতুন নতুন কথা! কেতিয়াবা নিশাশ্ৰীৰ নিজৰ ওপৰতে খং উঠে! কি মানে কিছুমান কামৰ দায়িত্বত আছে তাই!এদিন নে দুদিন কামটো এৰি দিও বুলিও ভাবিছিল কিন্তু লগত কৰি থকা মানুহখিনিৰ মুখবোৰ দেখি তাই ভাবিব বাদ দিয়ে। তেওঁলোকেও টো কৰি আছে এই একেখিনি কামকে। সকলোৰে এটা মানসিক অশান্তি আহি গৈছে তথাপি লাগি আছে। গোটেই টীমটোত দুজন খুব সক্রিয় পুৰুষ সদস্য আছে। কিবা এটা লগা হ’লেই তেওঁলোক দুজনক পঠোৱা হয়। কেতিয়াবা টীমৰ সদস্য তথা সহঃ সম্পাদিকা বায়ে কামৰ হেঁচাত দিয়া গালি কেইটাই বেচ হাস্যৰসৰ সৃষ্টি কৰে। কেতিয়াবা কাৰোবাৰ হাতৰ কেক, কোনোবাই অনা মিছলৰ ভাগ, কাৰোবাৰ টিফিনৰ ভাগ ; স্ফুর্তি এইবোৰেই আৰু! খং ভগাই ল’বলৈও সকলো যেন সাজু, মাথোঁ আলোচনীখন সম্পূৰ্ণ কৰাৰ তাগিদা। তত্বাৱধায়ক দুই এজনে মাজে মাজে কামৰ তদাৰক কৰে। প্ৰাচীৰ পত্ৰিকাৰ ক্ৰাফটৰ কামত বহুখিনি তত্ত্বাৱধায়ক ছাৰ এজনে সহায় কৰিছে। তদুপৰি বাকীবোৰ চলি গৈছে। আলোচনীৰ কামৰ লগতে আহিবলগীয়া "নৱাগত আদৰণি সভা"ৰ ব্যাপক প্রস্তুতি!

অনুষ্ঠানবোৰৰ ৰিহাৰ্চেল চলি আছে  ।আলোচনীৰ কামত লগা মানুহখিনিৰ কিছুসংখ্যক এই অনুষ্ঠানসমূহত আছে। নিশাশ্ৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি খুব ভাল পায়।সেয়ে তাই নিজেও ইটো কোঠাৰ পৰা সিটো কোঠালৈ দৌৰি আছে। কোৰাছ বা এনেকুরা গানৰ অনুষ্ঠানৰ বাবে ৰিহাৰ্চেল কৰোঁতে যিজন ছিনিয়ৰ দাদাই আগভাগ লয়, তেওঁ অলপ সময়বোৰ মিলাই লয় বুলিহে শান্তি। যা হওঁক, অলপ আগবাঢ়ি গৈছিল, তেনেকুৱাতে কলি লাগিল। ক্লাছ ক্ষতি কৰি আলোচনীৰ কাম কৰা বাবে ঢেৰ কিবা কিবি শুনিব লগা হ’ল। এটা দিন কোনেও একো নকৰিলে। প্রতি খোজত ভুল উলিওৱা মানুহ বাঢ়িল। মানসিক শান্তি নাইকীয়া হ'লে মানুহে মানসিক সংযম হেৰুৱায়।  নিশাশ্ৰীহঁতৰ টীমটো নতুন একেবাৰে। দুমাহ হৈছে কি নাই! অৱশেষত আকৌ বিভিন্ন ধৰণৰ বিতৰ্কৰ পিছত পৰিৱেশ স্বাভাৱিক হ'ল। আকৌ কাম চলিল। মাজতে ভুতৰ ওপৰত দানহ পৰাদি নতুন নতুন আইডিয়াৰ অভাৱেই নাই! ছিনিয়ৰ আলোচনী সম্পাদিকা বা, ছিনিয়ৰ দাদা বা দুজনমানে মাজে মাজে চাইছেহি। ইনেগুৰেচনলৈ বেছি দিন নাই। বাজেট যিমান, পৰামৰ্শ দান তাতকৈ বেছি। অৱশেষত সিহঁতে থিৰাং কৰিলে যে যেনেকৈ ভাবিছে, তেনেকৈয়ে হ'ব। তাৰমাজতে আকৌ মুখৰ এক্সপ্ৰেছন কি চাবা! লিখনিবোৰ সকলোখিনি দিব নোৱাৰি, এইখন প্ৰাচীৰ পত্রিকা! ছাৰসকলে নিজৰ জ্ঞানেৰে বিচাৰ কৰি বাচি বাচি দিয়া লিখনিখিনি দিয়া হৈছে।  বহুজনে একেটা বিষয়ত লিখা লিখনিবোৰ ছাৰসকলে চিন্তা কৰি একগোট কৰিবলৈ পৰামৰ্শ দিছে। সকলোপ্ৰকাৰৰ কাম কৰাৰ আগত সিদ্ধান্ত তত্বাৱধায়কৰ!

    কোনো মানুহে নিজে নুবুজিলে, আনে বুজাই লাভ নাই। কথাবোৰ বুজি পালে, ভাল লাগে। তিতা, কেঁহা, মিঠা অভিজ্ঞতাৰে  পুষ্ট এই আলোচনীখনত শেষ পৰশ দিবলৈ বাকী। সেইদিনা আকৌ কামৰ ভিৰ বাঢ়িল। প্ৰতিবছৰৰ দৰে এইবছৰো ৰাতিলৈকে নকৰাৰ কথাটো চিন্তা কৰিয়েই সকলোৱে হাতে-কামে লাগিছে। সকলোবোৰ নির্দিষ্ট স্থানত লগোৱা হ'ল। নিশাশ্ৰী ঘৰলৈ গ’ল অলপ সোনকালেই।কাৰণ পিছদিনা ফ্রেচার্চ। আৰু তাত থকাসকলে সন্ধিয়া ৭ বজালৈকে কৰিবলগা হ'ল। পৰীক্ষাৰ কাৰণে পঢ়িলে যেনেকৈ শেষ নহয়, পৰীক্ষাৰ আগদিনালৈকে লাগি থাকিব লাগে। কথাটো এই আলোচনীৰ ক্ষেত্রতো একেই হৈছে। নিশাশ্ৰীৰ ভাগত পৰিল সম্পাদকীয় লিখাৰ দায়িত্ব! সম্পাদিকা হিচাপে এইয়া তাইৰ প্ৰথম অভিজ্ঞতা। জীৱনে সুযোগ দিলে লোৱাটো প্রয়োজন কেতিয়াবা। ভালো লাগিল মনটো। টীমত বেচ যোগ্য মানুহ আছে, তাইতকৈ জনা মানুহ। তথাপি সকলোৱে তাইকেই দায়িত্বটো দি দিলে। সৰু-সুৰা ইটো-সিটো লেথাৰি নিছিগা কাম! কামবোৰ শেষ হ'লে ভাল লাগে মনটো। অৱশেষত ফ্রেচাৰ্চৰ প্ৰথমদিনা উন্মোচন বা হ'ল। সম্পাদিকা হিচাপে নিশাশ্ৰীয়ে প্ৰাচীৰ পত্রিকাখনৰ ওপৰত এক বিশ্লেষণাত্মক বাখ্যা দিলে। তাৰপিছত মুখ্য অতিথিয়ে আলোচনী উন্মোচন কৰিলে। আত্মসন্তুষ্টিৰে ভৰি পৰিল নিশাশ্ৰীহঁতৰ মন। যেনেকৈ নহওঁক, কামটো হ'ল। বহুদিনৰ প্ৰজেক্ট এটা সম্পূর্ণ হোৱা যেন অনুভৱ হ'ল তাইৰ। উন্মোচনৰ পিছত ফ্ৰেচাৰ্চৰ অনুষ্ঠান অডিট’ৰিয়ামত আৰম্ভ হ'ল। তাৰপিছত সকলোখিনি অনুষ্ঠান সমাপ্ত হোৱাৰ পিছত তাই প্ৰাচীৰ পত্রিকাখনলৈ এপাক চালে। মনটো ভাল লাগিল। তাইৰ লগত কাম কৰা প্ৰতিজন মানুহৰ প্ৰতি শ্ৰদ্ধাত মূৰ দো খালে। তাই চাই পঠিয়ালে বিয়াগোম ফ্রেমটোত দুফালে দুখন গামোচাৰ মাজত সগৌৰৱে জিলিকি আছে নিশাশ্ৰীহঁতৰ ইমানদিনৰ মানসিক অৱসাদ ওৰ পেলাব পৰাকৈ “জ্যোতিপ্রপাত”।


Doksiri দকচিৰি, মে, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages