এই সপোন
ৰাকেশ কুমাৰ ফুকন
লখিমপুৰ
সপোনৰ বাটত আজি উন্মনা
শৰতৰ এটি জোনাক নিশা,
মৌ বৰষা এটি ৰাগি,
আজি এই জোনাক ৰাতি।
কত দিনৰ এটি কথা,
জোনাকী বাটৰ এটি ভৰসা,
সপোন নহয় এটি সুবাস,
আজি এই কথা।
ভাবনাহীন সপোনৰ,
আজি এই নিৰৱতা,
মোৰ মনৰ আজি ভৰসা,
মাথোঁ এটি বতৰা।
Doksiri দকচিৰি, মে, ২০২৬


No comments:
Post a Comment