ভাৰচুৱেল বন্ধু
অতুল চন্দ্র বড়ো
মিছামাৰী, শোণিতপুৰ
ফেচবুকৰ "সাঁথৰ আৰু লিমাৰিক গোট"ৰ এটা ধুনীয়া লেখাৰ ওপৰত কমেন্ট টাইপ কৰি থাকোতেই এটা অচিনাকি নাম্বাৰত ফোনকল ভাঁহি উঠিল।ফেচবুকৰ চিন্তাখিনিক ঠাওকতে জাৰি-জুকাৰি অনামি ফোনকলটো ৰিচিভ্ কৰিলে তেঁও।
ভাহি আহিল সিমোৰৰ পৰা এটা নাকিশুৰীয়া কন্ঠ " আপুনি সমিৰন বি বৰুৱা হয়নে?"
হয়তু কোনোবা ফেচবুকিয়া বন্ধু ।
"হয় মই সমিৰন,,,
"মই গৌৰৱ চলিহা,"সংখ্যা"ৰ সম্পাদক,,চিনি পাইছে নিশ্চয়।মই আপোনাৰ প্রেৰিত "টাইমপাছ" নামৰ গল্পটি পঢ়িলো । সংখ্যাৰ জানোৱাৰী সংখ্যাত গল্পটি প্রকাশৰ চিন্তা কৰা হৈছে। তাৰ পূৰ্বতে আপুনি আমাৰ কাৰ্য্যালয়লৈ এবাৰ আহি যায় যেন । আশা কৰিব পাৰোনে?"
আবাক,বিস্মই আৰু বোজা-নোবোজাৰ ভাৱেৰে সমিৰনে " নিশ্চয়" বোলি দুহাৰিলে।।
ধন্যবাদ সুচক দুটামান কথা পাতি সিমোৰৰ পৰা ফোনকলটো কাটি দিয়া হল।।
আচলতে সমিৰনে কলেজীয়া দিনবোৰৰ পৰাই দুই-চাৰিটা গল্প লিখিছিল মাজে মাজে। কেতিয়াবা ফেছবুকত প্রকাশ কৰিছিল দুই-এটা। কিন্তু আজি পৰ্যন্ত কোনোবা আলোচনিলৈ যে প্রকাশৰ বাবে গল্প প্রেৰন কৰিছিল সেয়া একেবাৰে মিছা।
ফেচবুকত কেইদিনমান পূৰ্বতে পষ্ট কৰা তেওঁৰ গল্পটি যথেষ্ট জনপ্রিয় হৈছিল।। কোনে পঠালে বাৰু?
সমিৰনে চুফাখনত হেলান দি চকু দুটা মুদি দিয়ে। ভাহি আহে অচিনাকি কিছুমান মুখ। কেতিয়াও লগ নোপোৱা,নেদেখা অথচ ইমান আপোন । আজীৱন নি:স্বাৰ্থ হৈয়ে থাকক এই সম্পৰ্কবোৰ ।

No comments:
Post a Comment