MAK ৰ ২৪ত্বম অধিৱেশন আৰু বিদায়ী সভাপতি গোবিন্দ টাইদ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 22, 2023

MAK ৰ ২৪ত্বম অধিৱেশন আৰু বিদায়ী সভাপতি গোবিন্দ টাইদ

 

MAK ৰ ২৪ত্বম অধিৱেশন আৰু বিদায়ী সভাপতি গোবিন্দ টাইদ 

হৰিচৰণ পেগু


  গোবিন্দ টাইদ । এক আৱেগৰ নাম । এক সত্বাৰ নাম যিয়ে আগম কেবাঙৰ আহে আহে কোষে কোষে সংপৃক্ত হৈ আছে । তেনে এক নামৰেই আজি আমি চৰ্চা কৰিম যাক আজি আমি সকলোৱে আগম কেবাঙৰ মজিয়াৰ পৰা বিদায় জনাইছো । এই বিদায় ক্ষনস্থায়ী হলেও অত্যন্ত বেদনাদায়ক । 

হয় , এইবাৰ অধিৱেশনৰ বিদায়ী সভাপতি গোবিন্দ টাইদ দেৱৰ কথাই কবলৈ আগবাঢ়িছো  । ২০১৬ চনৰ পৰাই আগম কেবাঙৰ সভাপতিৰ আসন শুৱনি কৰি থকা টাইদ দেৱক দেখা মাত্ৰকে আগম কেবাং অনুভৱটো দকৈ শিপাই যায় । কেতিয়াবা এনে লাগে যে আগম কেবাং মানেই গোবিন্দ টাইদ , গোবিন্দ টাইদ মানেই যেন আগম কেবাং । নানান ঘাত-প্ৰতিঘাত সহ্য কৰি আগম কেবাঙক দৃঢ়তাৰে আগুৱাই লৈ যোৱা ব্যক্তিত্বজনেই হৈছে গোবিন্দ টাইদ । ভাষা-সাহিত্যৰ সাধনাতেই নিজক সীমিত নৰখা টাইদে লগে লগে মিচিং আৰ্থ সামাজিক সাংস্কৃতিক জগতখনলৈও নিজৰ আপুৰুগীয়া বৰঙনি আগবঢ়াই গৈছে । 

কাজেই আমি টাইদদেৱক শিল্পী , অভিনেতা , নাট্যকাৰ , গীতিকাৰ , অভিধান প্ৰণেতা , প্ৰৱন্ধকাৰ , গল্পকাৰ তথা আন আন যিমান সাহিত্যিক ব্যঞ্জনা আছে সেইবোৰ অভিধাৰে অভিহিত কৰিব পাৰে । 

আগম কেবাঙৰ সক্ৰিয় মঞ্চখনৰ পৰা আঁতৰি আহি টাইদ দেৱে কি কৰিব নাজানো কিন্তু আগম কেবাঙৰ মজিয়াতেই বুলি নহয় , সমগ্ৰ মিচিং জাতিৰ মাজতে টাইদ দেৱ নমস্য ব্যক্তিৰ মাজত স্থান লাভ কৰি থাকিব । নিজৰ অন্তিমখন অধিৱেশনত ভাগ লোৱা কদাপিও ভাগৰি নপৰা চিৰতৰুণ টাইদে কেবাঙৰ পৰা বহিঃ খোজ লোৱাৰ ঠিক পুৰ্বে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰা প্ৰতিশ্ৰুতি আদায় কৰি মিচিং ভাষা সাহিত্যৰ বিকাশৰ দিশটোক টনকিয়াল কৰি থৈ গৈছে । 

প্ৰায় একক হাতেৰে নতুন গম্পিৰ কুমচুং সংকলন কৰি মিচিং ভাষাৰ শব্দকোষ তথা অভিধান জগতলৈ এক আপুৰুগীয়া বৰঙনি আগবঢ়াই গৈছে এইজনা ক্ষনজন্মা সভাপতি টাইদদেৱে । 

আজিৰ বিদায়ী ক্ষণত টাইদ দেৱক অকণমান সোঁ‌ৱৰিব বিচাৰিছো । যিসকল নৱ প্ৰজন্মই টাইদক ভালদৰে জনা নাছিল আজি তেখেত সকলে এই লেখাৰ মাধ্যমেৰে টাইদক চিনি পোৱাৰ সমল লাভ কৰিব ।


জন্ম , জন্মস্থান আৰু শিক্ষাজীৱন ঃ  

°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

চিৰতৰুণ অনাঁ‌তাৰ শিল্পী তথা বিশিষ্ট ভাষাবিদ তথা আইনজীৱী গোবিন্দ টাইদদেৱৰ জন্ম হৈছিল অবিভক্ত লখিমপুৰ জিলাৰ বৃহত্তৰ অৱনৰি অঞ্চলৰ ঘাগৰমুখ টাকু গাৱঁত ১৯৪৯ চনৰ ২৩ এপ্ৰিল তাৰিখে । টাকু গাৱঁৰ বাসিন্দা খেতিয়ক বনমালি টাইদৰ ঔৰসত তথা সৰবৰহী মহিলা কলিদৈ টাইদৰ গৰ্ভত জন্ম লভা সন্তানটি আছিল সেই খাটি খোৱা খেতিয়ক দম্পতিহালৰ পঞ্চমজনা পুত্ৰ ।  চাৰিজন ল'ৰা আৰু তিনিজনীকৈ কন্যা সন্তানেৰে মুঠ আঠজন সন্তানৰ মাজত গোবিন্দ টাইদ আছিল পঞ্চম সন্তান ।

সেই সময়ত অধিক সন্তান থাকিলে কোনো পিতৃ মাতৃয়েই সকলো সন্তানকে সমানে গুৰুত্ব দি শিক্ষাদান দিয়াৰ নজিৰ নাছিল । "মোৰ এজাক ল'ৰা ছোৱালী আছে , গতিকেই সকলোৱে কৃষিভুমি মুকলি কৰি কৰি খাব ।" এয়াই আছিল তদানীন্তন সমাজখনৰ সবাতোকৈ শ্ৰেষ্ঠ পন্থা । কিন্তু সেইবোৰৰ মাজৰ পৰাই যি কেইজন উজলি উঠিবলৈ লাগে তেওলোকে স্ব-মহিমাৰে উজলি উঠিছিল । প্ৰৱল প্ৰত্যাহ্বানৰ মাজেৰে সেই সকল মহান ব্যক্তিয়ে নিজকে পৰিস্থিতিৰ সৈতে ঢাল খোৱোৱাই নহয় পৰিস্থিতিক নিজৰ বশ কৰি আগুৱাই গৈ গৈ সাফল্যৰ চৰম শিখৰ চুবলৈ সক্ষম হৈছিল । আৰু তাৰেই মাজৰ এজন হৈছে গোবিন্দ টাইদ ।

টাইদৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল ঘাগৰমুখ টাকু গাও প্ৰাথমিক বিদ্যালয়ৰ পৰা । স্বাধীনোত্তৰ ভাৰতত সেই সময়ত নকৈ গঢ়ি উঠা পঢ়াশালি হিচাপে ঘাগৰমুখৰ উক্ত বিদ্যালয়তে প্ৰথমবাৰলৈ টাইদৰ মেধাশক্তিৰ বহিঃপ্ৰকাশ ঘটে । পথাৰে কন্দৰে গৰু ম'হ চৰাবলগীয়া হোৱা টাইদৰ বাবে ঘৰত বিদ্যায়তনিক বিশেষ একো সুবিধা পোৱা নাছিল যদিও নিজৰ মেধাৰ বলেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ।  তেনেকৈয়ে নিম্ন প্ৰাথমিকৰ শ্ৰেণীত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হৈ উচ্ছ শিক্ষাৰ বাবে মৰণৈ বেবেজীয়া এমভি স্কুলত নামভৰ্তি কৰে । ১৯৬৩ চনত এমভি পাছ কৰি উচ্ছ শিক্ষা গ্ৰহণৰ বাবে লখিমপুৰ চৰকাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰে আৰু তাৰ পৰাই ১৯৬৭ চনত সুখ্যাতিৰে মেট্ৰিক পাছ কৰে । ১৯৬৯ চনত একেখন বিদ্যালয়ৰ পৰাই অধিক খ্যাতিৰে উচ্ছতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ আহে । 

তাৰ পাছত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞানত অনাৰ্চসহ স্নাতক মহলাত নামভৰ্তি কৰে আৰু ১৯৭২ চনত স্নাতক ডিগ্ৰী লাভ কৰে । 

পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰি ১৯৭৪ চনত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি শিক্ষা জীৱন সমাপন কৰে । 

অৱশ্যে কৰ্মজীৱনৰ ব্যস্তাতাৰ মাজতে তেখেতে যোৰহাট আইন মহাবিদ্যালয়ৰ পৰা LLB ডিগ্ৰীও আহৰণ কৰে । 

আজীৱন শিক্ষাৰ প্ৰতি অনুৰক্ত এই নীৰৱ সাধকজনৰ শিক্ষাৰ প্ৰতি ধাউতি যুগমীয়া আৰু অনুকৰণীয় হৈ থাকিব । 


কৰ্মজীৱন ঃ  

°°°°°°°°°°°°°°

 স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিয়েই কৰ্মসংস্থাপনৰ বাবে টাইদৰ অপেক্ষা কৰিবলগীয়া নহ'ল । ১৯৭৪ চনত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত চাকৰি লাভ কৰি নিজৰ বৰ্ণময় কৰ্মজীৱনৰ আৰম্ভণি ঘটায় । 

পৰৱৰ্তী পৰ্যায়ত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ শ্ৰম বিভাগত নিযুক্তি লাভ কৰে । শ্ৰম বিভাগত অসমৰ বিভিন্ন ঠাইত সেৱা আগবঢ়োৱাৰ পাছত পৰৱৰ্তী সময়ত শ্ৰম বিভাগৰ সহ আয়ুক্ত হিচাপে পদোন্নতি লাভ কৰে আৰু তাৰ পৰাই ২০১২ চনত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে । 

বৰ্ণময় কেৰিয়াৰৰ সামৰণিলৈকে বেদাগ আৰু নিস্কলংক চাকৰি জীৱন সামৰি চৰকাৰ আৰু জনতাৰ উভয়ৰ পৰা বিশেষ সমীহ আদায় কৰা টাইদে অৱসৰৰ পৰৱৰ্তী সময়ত সম্পূ্ৰ্ণৰূপে নিজকে ভাষা সাহিত্যৰ সেৱাত সমৰ্পণ কৰে ।  


বৈবাহিক জীৱন ঃ

°°°°°°°°°°°°°°°°°°°°°

  টাইদ দেৱে ১৯৭৭ চনত ধেমাজী মৰিঢলৰ বাসিন্দা লক্ষ্মন সিং দলে আৰু অমিতি দলেৰ কণ্যা ঝৰণা দলেৰ সৈতে শুভ বিবাহ সম্পন্ন কৰে । সম্পূৰ্ণ পাৰিবাৰিক ব্যক্তি টাইদৰ তিনিজন ল'ৰা আৰু এজনী কন্যা সন্তানেৰে মুঠ চাৰিজন সন্তান । 

জন্মসুত্ৰে ঘাগৰমুখ টাকু গাৱঁৰ হ'লেও টাইদে ধেমাজী টাউনতে ঘৰ মাটি কৰি স্থায়ীকৈ বসবাস কৰে । বৰ্তমান তেখেতে ধেমাজী টাউনৰ ৩ নং ৱাৰ্ড, টঙনাপাৰাৰ স্থায়ী বাসিন্দা । 


সামাজিক জীৱন ঃ 

°°°°°°°°°°°°°°°°°°°°°

ছাত্ৰাৱস্থাৰ পৰাই সামাজিক কামকাজত আগ্ৰহী গোবিন্দ টাইদ একেধাৰে জাতীয় ছাত্ৰ সংগঠন , মিচিং বাঃনে কেবাং , মিচিং দৃৰবৃ কেবাং আদি প্ৰায়বোৰ সংলিষ্ট জাতীয় সংগঠনৰ কৰ্মী ৰূপে সেৱা আগবঢ়োৱাৰ উদাহৰণ আছে । 

১৯৭১-৭২ ত মিচিং ছাত্ৰ সন্থা আৰু মিচিং আগম কেবাং গঠন হোৱাৰ সমান্তৰালকৈ লখিমপুৰত মিচিং কাংকিন কেবাঙো গঠন হৈছিল । টাইদদেৱ উক্ত কাংকিন কেবাং উদযাপন সমিতিৰ গুৰুত্বপূৰ্ণ সভ্য আছিল । উত্তৰ লখিমপুৰ টাউন কাংকিন কেবাঙক ১৯৮০ চনৰ পৰা ১৯৮৪ চনলৈ নেতৃত্ব দিয়াৰ লগতে উক্ত সময়চোৱাতে গঠিত লখিমপুৰ টাউন মিচিং ক্লাৱৰো প্ৰতিষ্ঠাপক সভাপতি আছিল । 

১৯৮৬ চনত যোৰহাট মিচিং কেবাঙৰ সদস্য ৰূপে অংশ লৈ প্ৰায় ১৯৯৮ চনলৈ সেৱা আগবঢ়াই । তাৰ মাজতে ১৯৯১-৯৫ চনলৈ মিচিং বাঃনে কেবাঙৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক হিচাপে সেৱা আগবঢ়াই । শ্ৰম বিষয়া হিচাপে অত্যন্ত দায়বদ্ধতাপূৰ্ণ তথা ব্যস্ত চাকৰি জীৱনকালতো টাইদে য'তেই গৈছে তাৰেই মিচিং সকলক একত্ৰিত কৰি জাতীয় উন্নয়নত অৰিহনা আগবঢ়াই আহিছে । 

১৯৯২ চনত তেখেতৰ সম্পাদনাত প্ৰকাশ পাইছিল বাঃনে কেবাঙৰ স্মৃতিগ্ৰন্থ " মুগলৃং" । 

২০১০ ৰ পৰা ২০১১ লৈ মিচিং জেষ্ঠ নাগৰিক সন্থাৰ সহ সম্পাদক , ২০১১-১২ লৈ মুখ্য সম্পাদক হিচাপে সেৱা আগবঢ়োৱাৰ লগতে দুটা কাৰ্যকালৰ বাবে তিনিচুকীয়া মিচিং ক্লাৱৰ সভাপতি হিচাপে (২০০২-২০০৬) আৰু দুটা কাৰ্যকালৰ বাবে ডিব্ৰুগড় টাউন মিচিং বাংকে আগম কেবাঙৰ সভাপতি(২০০৫-২০০৯)  আৰু দুটা কাৰ্যকালৰ বাবে অসম শ্ৰম সেৱা সন্থাৰ সম্পাদক (৯২,৯৩) হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল । 

তাৰোপৰি মিচিং দৃৰবৃ কেবাঙৰ কেন্দ্ৰীয় সদস্য হিচাপে ২০০৩-২০০৬ লৈ কাৰ্যনিৰ্বাহ কৰিছিল । 

মিচিং আগম কেবাঙলৈ টাইদদেৱৰ পদাৰ্পন ঘটে ১৯৮৯ চনতে । অৱশ্যে মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত যোগদান কৰে ২০১০ বৰ্ষত । তাৰ পাছতে ২০১২ বৰ্ষত তেখেতে আগম কেবাঙৰ উপসভাপতি পদত খগেন পেগুৰ স্থলাভিষিক্ত হয় । 

২০১৪-১৬ বৰ্ষত পূৰ্ণাংগ উপসভাপতি হিচাপে দক্ষতাৰে আগম কেবাঙৰ দায়িত্ব পৰিচালনা কৰে ।

পৰৱৰ্তী সময়ত ২০১৬ বৰ্ষত ১৬-১৯ বৰ্ষৰ কাৰ্যকালৰ বাবে তেখেত সন্মানীয় সভাপতি পদত নিৰ্বাচিত হয় । 

২০১৯ বৰ্ষত প্ৰথমটো সভাপতিয় দায়িত্ব অতি দায়বদ্ধতাৰে তথা সপ্ৰতিভ দক্ষতাৰে সম্পন্ন কৰা টাইদদেৱ পুনৰবাৰ ২০১৯ ত পৰৱৰ্তী কাৰ্যলালৰ বাবে সভাপতি মনোনীত হয় । 

মিচিং ভাষা সাহিত্যৰ সৰ্বোচ্চ সন্থাটোৰ সৰ্বাধিনায়ক হিচাপে দুটা কাৰ্যকাল সগৌৰৱে সম্পন্ন কৰি যোৱা 30-05-2023 তাৰিখ মংগলবাৰে তেখেতে অৱসৰ গ্ৰহণ কৰে । 

মিচিং আগম কেবাঙৰ সভাপতি হৈ থকা কালীন সময়তে অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষা-সাহিত্যৰ অনুষ্ঠান সমূহক একত্ৰিত কৰি Indegenous Tribes Sahitya Sabha Association নামেৰে এটা খিলঞ্জীয়া জনগোষ্ঠীয় সাহিত্য সভাৰ মঞ্চ গঠন কৰে । বড়ো থুনলাই আফাত' , মিচিং আগম কেৱাং , কাৰ্বি লাম্মেট আমেই , বেবাক ৰাভা ক্ৰাউৰাং ৰুনচুমনি , তিৱা মাথনলাই ত'খ্ৰা , গাৰো সাহিত্য সভা , ডিমাছা লাইৰিডিং মেল' , দেউৰী চ্ছুচ্ছেবা চ্ছেংচ্ছা আদি আঠটা জনগোষ্ঠীৰে মিলিত এই সন্মিলিত সাহিত্য মঞ্চক ITSSA নামেৰে জনা যায় ।

২০১৬ চনত উক্ত অনুষ্ঠানৰ সন্মানীয় সভাপতি পদত নিৰ্বাচিত হোৱাৰ পাছত ২০১৯ ত পুনৰবাৰ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়হি । এই সামুহিক সাহিত্য সভা মঞ্চৰ পৰাই অসমৰ খিলঞ্জীয়া ভাষা সাহিত্য সমূহৰ লগতে সৰু বৰ ভাষিক গোষ্ঠীসমূহৰ উন্নয়নৰ বাবে সামুহিক সংগ্ৰাম কৰি আহিছে । 


ভাষা সাহিত্যৰ পৃথিৱীত এভুমুকি ঃ 

°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

সাহিত্যৰ নীৰৱ সাধক গোবিন্দ টাইদদেৱৰ সাহিত্য কৃতীও অত্যন্ত ঈৰ্ষণীয় । তেখেতে ছাত্ৰাৱস্থাৰ পৰাই সামাজিক কাম কাজৰ সমান্তৰাল ভাৱে লেখা মেলাৰো নিয়মিত চৰ্চা কৰি আহিছে । ১৯৯২ চনত বাঃনে কেবাঙৰ মুগলৃং স্মৃতিগ্ৰন্থ সম্পাদনা কৰাৰ লগতে অতি শেষতীয়াকৈ আধুনিক মিচিং অভিধান  Anu Gompir Kumsung - A Modern dictionary নামেৰে এখনি বৃহৎ কলৱেৰৰ স্বয়ং সম্পূৰ্ণ অভিধান প্ৰণয়ন কৰিছে । ব্যস্ত সময়সূচীৰ মাজতে তেখেতে প্ৰণয়ন কৰা গ্ৰন্থৰাজি হৈছে 

Folk Songs of the Misings -2012

Panoi-Jongki:ke' Mi':bo Luposunam -2012

Bharotlok Runggo -2012 

Mising Amin Adlai -2013 

Asi Jili (Short story collection ) 2013

Tani Agom - 2015

Oi-Ni:tom -The heart touching folksongs of Misings - 2015

Tatpone' Do:yi'ng - 2017

A:ngkin Otsur - 2020

Mising Abig Kangki  - 2021

Mising Bikpanlok Lakkeb Potin (A handbook of Mising Spelling) -2023

Anu Gompir Kumsung -2023 


তাৰোপৰি বহুকেইখন উচ্ছ মানৰ স্মৃতিগ্ৰন্থ তথা মুখপত্ৰৰো সম্পাদনা কৰিছে টাইদে । তাৰে মাজৰ উল্লেখযোগ্য সম্পাদনা সমূহ হৈছে মুগলৃং (১৯৯২) ,  Bayugnam Turyinv (MAK ) -2011 , Gsar Akang (MAK ) -2012 

Mising Di'rabi Alam (MAK) -2015


এইখিনি উল্লেখযোগ্য অৱদানেৰে টাইদে মিচিং ভাষা সাহিত্যৰ ভৰাললৈ আপুৰুগীয়া বৰঙনি আগবঢ়াই গৈছে । 


সাংগঠনিক দক্ষতাৰ মুল্যায়ন ঃ

°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

  এগৰাকী সফল সাংগঠনিক দক্ষতাৰ অধিকাৰী টাইদ নিসন্দেহে নিজৰ সময়ৰ এজন শ্ৰেষ্ঠ সংগঠক । মিচিং ভাষা সম্ৰাট টাবুৰাম টাইদ যিখন আসন শুৱনি কৰিছে , য'ত নাহেন্দ্ৰ পাদুন , ডেম্বি বৰি , চন্দ্ৰকান্ত লাচন , চেঙাৰাম মৰাং , লক্ষীনাথ পাংগিং আদিৰ দৰে মহান ব্যক্তিয়ে আসন শুৱনি কৰি গৈছে উক্ত আসন খনত একেৰাহে দুবাৰকৈ শুৱনি কৰি মিচিং সাহিত্যিক সমাজক বলিষ্ঠভাৱে নেতৃত্ব বহন কৰাটো নিসন্দেহে টাইদৰ জীৱনৰ শ্ৰেষ্ঠ প্ৰাপ্তি । বিদায় পৰতো তেখেতে সমাজলৈ এক অভিন্ন উপহাৰ দি যাবলৈ সক্ষম হৈছে । নিজৰ অন্তিমখন অধিৱেশনত স্বয়ং অসমৰ মুখ্যমন্ত্ৰীক মুকলি সভালৈ মুখ্য অতিথিৰ ৰূপত নিমন্ত্ৰণ কৰি মিচিং ভাষাৰ মাধ্যমৰ কথা প্ৰচলন কৰাৰ বাবে আশ্বাস লৈ থৈ গ'ল । চিৰ সংগ্ৰামী ভাষাবিদ টাইদদেৱক তেখেতৰ এই প্ৰয়াসক আমি সমস্বৰে শলাগ লব লাগিব । ইটছাৰ সভাপতি ৰূপে আঠটাকৈ জনগোষ্ঠীয় সাহিত্য মঞ্চক এক কৰি ৰখাৰ লগতে সকলোৰে মূল লক্ষ্যক এককেন্দ্ৰিক কৰি ৰাখিব পৰাটো টাইদৰ কৃতিত্ব । আজি ইটছাৰ অসমৰ অগ্ৰণী সমন্বয় মঞ্চৰ মাজৰ এটা । 


টাইদ দেৱে মাথো ভাষা সাহিত্যৰ দিশতেই যেন মনোনিবেশ কৰিছিল তেনে নহয় , সাংস্কৃতিক জগতলৈকো বিশেষ অৱদান আগবঢ়াই থৈ গৈছে । ১৯৭৬ চনৰ পৰা টাইদে ডিব্ৰুগড় অনাঁ‌তাৰ কেন্দ্ৰৰ পৰা অনাঁ‌তাৰ শিল্পী হিচাপে গীত কথিকা আদি পৰিৱেশন কৰি আহিছে । তেখেতে কেবাখনো টেলিফিল্মত অভিনয় কৰাৰ লগতে সুভাষ বড়িৰ দ্বাৰা পৰিচালিত "কাপে মিতপানয়েম নঃম " নামৰ পূৰ্ণ দৈৰ্ঘৰ মিচিং ভিচিডি কথাছবিত অভিনয় কৰিছে । ডাঃ ভুপেন কামান দেৱৰ পৰিচালনাত পৰিচালিত 'সেতু' নামৰ টেলিফিল্মত বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ মনত দকৈ প্ৰভাৱ বিস্তাত কৰিবলৈ সক্ষম হৈছিল । 


বিদায় পৰাৰ অশ্ৰু অঞ্জলি ঃ 

°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

অৱশেষত এই গৰাকী মহান ভাষা সাহিত্যৰ সেৱকে ইমান দিনে সংপৃক্ত হৈ থকা আগম কেবাঙৰ মঞ্চ এৰিলে । এনে লাগিছে যেন মহাভাৰতৰ যুদ্ধৰ সময়ত কৰ্ণৰ পৰা কবচ কুণ্ডলহে উলিয়াই পেলোৱা হ'ল । আগম কেবাং টাইদৰ সভা বা সন্থা নাছিল , আছিল বুকুৰ তেজ । টাইদৰ বাবে আগম কেবাং আছিল গৌৰৱ , ঐতিহ্য , স্বাভিমানৰ প্ৰতীক । আগম কেবাঙৰ অভিলাষী আচনিৰে জাতিৰ বাবে উচৰ্গিত হৈ থাকিলে টাইদৰ আত্মাই চিৰশান্তি পাব । অন্যথা আগম কেবাঙৰ ৰাজনীতি সৰ্বচ্ছ কাৰু কাৰ্য তথা জাতিবিৰোধী পদলেহেন কাৰ্যই তেখেতক বৰকৈ আঘাত কৰিব । 

আগম কেবাং বুলিলেই মনলৈ অহা প্ৰথম নামটো আজিৰ পৰা জোৰ কৰি পাহৰিব লাগিব । লব লাগিব আন কাৰোবাৰ নাম যিয়ে নতুন প্ৰাপ্তিৰে নতুন মঞ্চলৈ আগুৱাই আহিছে এক নতুন সপোনৰ বাহক হৈ । 


আমি নতুন আগম কেবাঙৰ নেতৃত্বক আন্তৰিকতাৰে আদৰণি জনাই এই গৰাকী বিদায়ী সভাপতি অশ্ৰু অঞ্জলি যাচিলোঁ‌ । 


মাননীয় নৱ নিৰ্বাচিত আগম কেবাঙৰ বিষয়ববীয়ালৈ বিনম্ৰ আহ্বান যে  আগম কেবাঙে তেখেতৰ সন্মানাৰ্থে এখনি ৰাজহুৱা বিদায় সভা অনুষ্ঠিত কৰি বিদায়ী সম্বৰ্ধনা জনোৱা উচিত ।

    বিদায় হে মহান সাধক । 

আপোনাৰ অনুপস্থিতিক আমি সদায় অনুভৱ কৰিম । 

আপুনি অমৰ হৈ ৰওক ।

 

ফোনঃ 8638485254


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages