মিচিংসকলৰ পৰম্পৰাগত সাজপাৰঃ এক সমীক্ষাত্মক অধ্যয়ন
ড° মৃণালী কাংগয়ুং
মুৰব্বী অধ্যাপিকা, অসমীয়া বিভাগ নন্দনাথ শইকীয়া বিদ্যালয়, তিতাবৰ
সংক্ষিপ্ত সাৰ
অসম আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা মিচিংসকলৰ সাজপাৰ বৰ্ণাঢ্য আৰু বৈচিত্ৰপূৰ্ণ । তেওঁলোকৰ নাৰীসকল আজন্ম শিপিনী। শিপিনীসকলে বাস্তৱ চিত্ৰ, প্ৰকৃতি, চৰাই, ফুল, তৰা আদিৰ চানেকিৰে সাজপাৰত ফুল তুলি সৰগ ৰচে। বিষয়টো সম্পূর্ণ ক্ষেত্র ভিত্তিক অধ্যয়নৰ আধাৰত প্ৰস্তুত কৰা হৈছে। প্ৰয়োজন সাপেক্ষে গবেষণা গ্রন্থ, প্রকাশিত গ্ৰন্থ আৰু আলোচনীৰ সহায় লোৱা হৈছে।
বীজ শব্দ : গাচেং, গাদু, গামিক, গাপা, ৰিবি, ৰুম্বুং।
১.১ মিচিংসকলৰ সাধাৰণ পৰিচয়
অসম আৰু অৰুণাচল প্ৰদেশ ভিন্ন জাতি-জনগোষ্ঠীৰে পৰিপূৰ্ণ ৰাজ্য। ইয়াত বসবাস কৰা প্ৰত্যেকটো জাতি-জনগোষ্ঠীৰে নিজস্ব ৰীতি-নীতি, পৰম্পৰাগত উৎসৱ-পাৰ্বণ, আচাৰ-অনুষ্ঠান, খেলা-ধূলা, লোকবিশ্বাস, লোকধর্ম, লোক-ক্রীড়া আছে। এই বৈচিত্র্যময় কৃষ্টি-সংস্কৃতিৰে ভৰা অসম আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা জাতি-জনগোষ্ঠীৰ ভিতৰত উল্লেখযোগ্য জনগোষ্ঠী হ'ল মিচিংসকল। নদীৰ কাষত নিজা শৈলীৰে চাংঘৰ সাজি বাস কৰা মিচিংসকলৰ পৰম্পৰাগত উৎসৱ-পাৰ্বণ, কৃষ্টি-সংস্কৃতি আছে। তেওঁলোক স্বকীয় চিন্তাধাৰা আৰু গণতান্ত্রিক পদ্ধতিট্টেৰ সমাজ পৰিচালিত এক শান্তি প্রিয় জনজাতিৰূপে পৰিচিত। তেওঁলোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। ২০০১ চনৰ লোকপিয়ল মতে অসমত থকা মিচিং (মিৰি) জনগোষ্ঠীৰ জনসংখ্যা - ৫,৮৭,৩১০' আৰু ২০১১ চনৰ লোকপিয়ল মতে অসমত থকা মিচিং (মিৰি) জনগোষ্ঠীৰ জনসংখ্যা - ৬,৮০,424। ২০০১ চনৰ লোকপিয়লৰ প্ৰতিবেদন অনুসৰি অসমৰ ভৈয়াম জনজাতিসকলৰ ভিতৰত মিচিংসকল জনসংখ্যাৰ দিশৰপৰা বড়োসকলৰ পিছতে দ্বিতীয় সর্ববৃহৎ ভৈয়াম জনজাতি।
মিচিংসকল কেইবাটাও খেল বা ফৈদত বিভক্ত। বিভিন্ন গৰাকী মিচিং গৱেষক, গৱেষণা ধৰ্মী গ্ৰন্থ আৰু আমাৰ ক্ষেত্ৰ অধ্যয়নৰ পৰ্যবেক্ষণৰ আধাৰত মিচিংসকলৰ মাজত থকা ফৈদক এঘাৰটা ভাগত ভাগ কৰিব পাৰি। যেনে - অয়ান বা অয়েঙ্গীয়া, চাওয়াং বা চায়েঙ্গীয়া, চামুগুৰীয়া, টায়ো-টায়ে বা য়ঃৰাং, তামাৰ, দাগ, দীলু, পাগ, বংকোৱাল, বিহিয়া আৰু মঃয়িং। এই এঘৰাটা ফৈদৰ মাজত কেইবাটাও উপাধি আছে। সেই উপাধিকেইটা হ'ল – ইৰাং, কাং, কাদং, কুলি, কুটুম, কুম্বাং, ঙাতে, চাৰ', চিন্তে, চুংকুৰাং, টাইদ, টায়ে, টায়ুং, টাকু, তাপে, দলে, দাগি, দাৱ, নৰহ, পগাগ, পাইত, পাৱ, পাঃদি, পাতিৰ, পাঃমে, পাদুন, পায়েং, পাংগিং, পায়ুন, পেগু, পেমে, পেৰ্তিন, পাঃচাৰ, বৰি, বৰাং, বাচিং, মৰাং, মিচং, মিলি, মিথুন, ৰেগন, য়েইন আদি।
১.২ মিচিংসকলৰ পৰম্পৰাগত সাজপাৰ
সভ্যতাৰ পৰিচয় বহন কৰা সাজপাৰে প্ৰাচীন কালত লজ্জা নিবাৰণ তথা শীত-তাপ নিয়ন্ত্ৰণৰ কাম কৰিছিল যদিও পৰৱৰ্তী সময়ত সৌন্দর্যবোধৰ দিশটোও সামৰি ল'লে। সাজপাৰৰ ব্যৱহাৰিক দিশটো ভৌগোলিক অৱস্থান, সামাজিক ৰীতি-নীতি, ধৰ্ম আদিৰ ওপৰত নিৰ্ভৰ কৰে। একোটা জাতি-জনগোষ্ঠীৰ জাতীয় সাজপাৰ পৰিধান কৰাৰ ক্ষেত্ৰত বয়স, লিংগ, বিবাহিত, অবিবাহিত, সধৱা বিধৱা আদি প্রভেদসমূহ জড়িত হৈ থকাৰ লগতে ধর্ম-বর্ণ, ধনী-দুখীয়া আদিৰো প্ৰভেদসমূহ সংলগ্ন হৈ থাকে। পৰম্পৰাগত জাতীয় সাজপাৰৰ একোটা জাতিৰ সৌন্দৰ্যবোধ, শ্লীলতা, অর্থনৈতিক অৱস্থা, সুকুমাৰ কলা, প্রতিভা আদিৰ প্ৰকাশ পায়।
অসমৰ বয়নশিল্পৰ পৰম্পৰাটো বিশেষকৈ জনজাতীয় ঐতিহ্যৰপৰা অহা। কপাহৰ খেতি আৰু কপাহৰ সূতা কটা প্রথা অসমীয়া সংস্কৃতিলৈ অষ্ট্ৰিকৰ দান। মিচিং সমাজত সাজপাৰ পৰিধান কৰাৰ ক্ষেত্ৰত পুৰুষতকৈ মহিলাৰ কাপোৰৰ ভিন্নতা বেছি হোৱা পৰিলক্ষিত হয়। মিচিং সাজপাৰৰ বিষয়ে বৰ্তমানলৈকে বিজ্ঞানসন্মত অধ্যয়ন হোৱা দেখা নাই। অসম আৰু অৰুণাচলৰ মিচিং অধ্যুষিত অঞ্চলত ক্ষেত্ৰ অধ্যয়ন কৰি পৰ্যবেক্ষণ কৰাৰ আধাৰত আৰু আমাৰ আলোচনাৰ সুবিধাৰ কাৰণে ছটা ভাগত শ্রেণী বিভাজন কৰাৰ প্ৰয়াস কৰা হৈছে। সেই ছটা ভাগ হ'ল - পুৰুষে পৰিধান কৰা সাজপাৰ, মহিলাই পৰিধান কৰা সাজপাৰ, পুৰুষ আৰু মহিলা উভয়ে পৰিধান কৰা সাজপাৰ, বিয়াত পৰিধান কৰা সাজপাৰ, শিশুৰ বাবে ব্যৱহাৰ কৰা সাজপাৰ আৰু অন্যান্য।
১.২.১ পুৰুষে পৰিধান কৰা সাজপাৰ
পুৰুষসকলৰ পৰম্পৰাগত সাজপাৰৰ বয়ন শৈলী, ব্যৱহাৰ আৰু পৰিধান কৰাৰ দিশৰপৰা তিনিটা ভাগত ভাগ কৰিব পাৰি - চুৰীয়া জাতীয়, চোলা জাতীয় আৰু মূৰত আৰু ডিঙিত লোৱা সাজপাৰ।
(ক) চুৰীয়া জাতীয় সাজপাৰ
চুৰীয়া জাতীয় সাজপাৰ হ'ল - উগন, গৰ উগন, গ উগন আৰু গন্তুং উগন ।
উগনঃ সাধাৰণভাৱে পুৰুষে পৰিধান কৰা চুৰীয়া জাতীয় কাপোৰখনক উগন বোলে। মিচিং পুৰুষে দৈনন্দিন জীৱনত, সমাজৰ মাংগলিক কার্যত আৰু উৎসৱ-অনুষ্ঠানত পৰিধান কৰা অন্যতম সাজপাৰ হ'ল উগন। উগনত বগা কপাহী সূতা ব্যবহাৰ কৰে। মিচিং মহিলাসকলে নিজে কটা সূতাৰে তাঁতৰ শালত উগন বৈ পিন্ধোৱা দেখা যায়। ইয়াত সহজ-সৰল সৰু আকাৰৰ ফুল বছা থাকে। মিচিং উগনত বজাৰত কিনা চুৰীয়াৰ দৰে পাৰী নাথাকে কিন্তু দুই মূৰে পাতলকৈ কেঁচ (আঁচু ফুল) বছা থাকে। লৃগাং, পঃৰাগ, দৰ উয়ু, গুম্ৰাগ নৃত্য, ঘৰুৱা সকাম আৰু মৃতকৰ সৎকাৰ কৰাৰ সময়ত এনে উগন পিন্ধা দেখা যায়।
গন্বৰ উগনঃ সাধাৰণভাৱে পুৰুষে পৰিধান কৰা চুৰীয়া জাতীয় উগনতকৈ কিছু পৰিমাণে বহল আৰু গনৰ উগনতকৈ ঠেক কাপোৰখনকে গন্ধৰ উগন বোলা হয়। বগা কপাহী সূতাৰে বোৱা এই সাজ কাপোৰ ৰ দুই মূৰত ৰঙা সূতাৰ পাৰি আৰু আঁচুত কেঁচ ফুল বছা হয়। ইয়াক ঘৰুৱা পৰিৱেশত আৰু সীমিত লোকে অংশ গ্রহণ কৰা ঘৰুৱা উৎসৱ-অনুষ্ঠানত পৰিধান কৰে।
গন্ৰ উগনঃ উগনতকৈ উন্নত ধৰণৰ আৰু নিৰ্দিষ্ট ফুল বাছি বোৱা উগনকে গন্ৰ উগনবোলা হয়। বগা ৰঙৰ কপাহী সূতাত বোৱা এই কাপোৰৰ দুই মূৰত ৰঙা ৰঙেৰে বৈ মাজে মাজে সৰু সৰু ফুল বছা হয়। মিচিং ভাষাৰ দুটা শব্দৰে ই গঠিত - উগন + আৰ = গ অৰ্থাৎ সঁচা ধুতি। এই গন্ উগন পুৰুষসকলে উৎসৱ- অনুষ্ঠান, পূজা-পার্বণ আৰু ফুৰিবলৈ গ'লে পৰিধান কৰে। মিচিংসকলৰ পুৰোহিত মিবুৱে মিবু দাগনাম অনুষ্ঠান পৰিৱেশন কৰাৰ সময়ত গৰ উগন পৰিধান কৰাতো বাধ্যতামূলক। মিবুৰ বাবে তৈয়াৰ কৰা গৰ উগন কেঁচা সূতাৰেই মিবুৰ কাৰণে গৰ উগন বোৱাতো অতীতৰপৰা চলি অহা এক পৰম্পৰা
গন্তুং উগনঃ এইবিধ উগন গৰ উগন আৰু গৰ উগনতকৈ চুটি। চুটি কাৰণে ইয়াক গন্তুং উগন বোলা হয়। কপাহী সূতা বা এড়ী সূতাৰে এইবিধ উগন বোৱা হয়। গন্তুং উগনৰ দুই মূৰে ৰঙা সূতাৰে ডবুৱা বাছি কেঁচ ফুল বাছি দিয়া দেখা যায়। ঘৰুৱা পৰিবেশত আৰু পথাৰত হাল-কোৰ বাওঁতে পৰিধান কৰা হয় ।
(খ) চোলা জাতীয় সাজপাৰ
লেকে গালুক, লুক্ৰ গালুক, গাদু গালুক, মিবুগালুক আৰু তুকগ গালুক।
লেকে গালুকঃ লেকে গালুক হ'ল পুৰুষসকলে শৰীৰৰ ওপৰ অংশত আৱৰণ হিচাপে পিন্ধা চোলা। ইয়াৰ হাত চুটি, বুকু ফলা আৰু দুইহাতৰ কাৰ্যলতিৰ তলেদি পিঠিৰ পিছফালে আনি গাঁঠি দি চোলা হিচাপে ব্যৱহাৰ কৰা হৈছিল। পিছলৈ হাত বা চিলাই মেচিনেৰে গালুক তৈয়াৰ কৰিবলৈ লোৱা হ'ল। বুকুৰ তলৰ ফালে পাতলকৈ দুই-তিনিশাৰীৰ ফুল তোলা হয়। পিঠি অংশত বিভিন্ন প্ৰকাৰৰ প্রতীক চিহ্নৰ ফুল বছা থাকে। প্রতীক চিহ্নবোৰ হ'ল - মিচিংসকলৰ চাংঘৰ বা মুৰংঘৰৰ আৰ্হি, দুখন য়চাৰ মাজত উদিত সূৰ্যৰ প্ৰতীক, তাজমহলৰ আৰ্হি আদি।" অতীতত হাতে কটা সূতাৰে কাপোৰ বৈ গালুক তৈয়াৰ কৰা হৈছিল। আজিকালি বজাৰৰপৰা কামিজ বা চার্ট আদি কিনি পিন্ধিবৰ সময়ৰপৰা ইয়াক লেকে গালুক বুলি কোৱা হয়।
লুক্ৰ গালুকঃ গালুক + আ = লুক অৰ্থাৎ চোলাৰ ভিতৰত প্ৰকৃত বা সঁচা চোলা। এই লুক গালুকত পাতলকৈ গামিক বাছি পিঠিৰ ফালে বিশেষ এবিধ ফুল বাছে। বগা বা মাখন ৰঙৰ দীঘ-বাণি হ'লে তাত কেৱল পূৰণ চিন আকৃতিৰ ফুলত ৰঙা আৰু ক'লা ৰঙৰ ৰেখা থাকে। ফুলৰ দুই সীমাত ‘গঃৰে তিংনাম' কৰে আৰু দুয়োডাল গঃৰেৰ দুইমূৰে দীঘলকৈ ৰাখি বেণীৰ দৰে গুঠি দিয়ে। তলফালৰ গঃৰে ডালৰ ঠিক তলত আজিকালি দুখন য়কচাৰ মাজত উদিত সূৰ্যৰ প্ৰতীক চিহ্নৰেও লুক্ৰ গালুক প্রস্তুত কৰে। এই প্রতীক মিচিংসকলে পাহাৰৰপৰা নামি আহোঁতে হাবি-জংঘল কাটি অহা আৰু উদিত সূৰ্যক প্ৰগতিৰ প্ৰতীক ৰূপে ব্যৱহাৰ কৰিবলৈ লোৱা হয়। মাংগলিক পূজা-পাতল, উৎসৱ-পাৰ্বণ আৰু ফুৰিবলৈ গ'লে এই লুকু গালুক পৰিধান কৰা হয় ।
গাদু গালুকঃ মিচিং পুৰুষসকলৰ পৰম্পৰাগত চোলা জাতীয় সাজপাৰ হ'ল গাদু গালুক। যাক অসমীয়া ভাষাত জিমকোট বোলা হয়। ইয়াক তেওঁলোকে শীতকালত গৰম চোলা ৰূপে পৰিধান কৰা পৰিলক্ষিত হয়। “গাদুৰ বয়নশৈলীৰ লগত গাদু গালুকৰ সাদৃশ্য আছে। শিপিনীয়ে কপাহৰপৰা আঁহ উলিয়াই গাদু গালুক প্রস্তুত কৰে। আজিকালি কপাহৰ আঁহৰ উপৰিও বজাৰৰপৰা ক্ৰয় কৰা বগা সূতাৰেও গাদু গালুক ব’বলৈ লোৱা হৈছে।
মিবু গালুকঃ সাধাৰণতে মিবুয়ে পৰিধান কৰা গালুককে মিবু গালুক বোলে। লুক গালুক প্রস্তুত কৰাৰ পদ্ধতিৰেই মিবু গালুক তৈয়াৰ কৰা হয় যদিও গনৰ উগনৰ দৰে সূতাবোৰ সিজাই লোৱা নহয়। লগতে মিবু গালুক বোৱা শিপিনীয়ে তাঁত লগোৱাৰপৰা বৈ অতোৱালৈকে পৰিষ্কাৰ-পৰিচ্ছন্নতা অৱলম্বন কৰিবলগীয়া হোৱা দেখা যায়। লুক্ৰ গালুকত বগা, মাখন ৰঙৰ উপৰিও অন্যান্য ৰঙেৰে তৈয়াৰ কৰা হয় যদিও মিবু গালুকৰ ক্ষেত্ৰত দীৰ্ঘ আৰু বাণিত বগা ৰঙৰ আৰু ফুলৰ বাবে ৰঙা আৰু ক'লা ৰঙেৰেহে সচৰাচৰ বোৱা দেখা যায়। ইয়াৰ বিশেষত্ব হ'ল ইয়াৰ ৰং বগা আৰু আঠু পর্যন্ত দীঘল। বুকু আৰু পিঠি অংশত ৰঙা আৰু ক'লা ৰঙৰ ফুল বছা থাকে। সাধাৰণতে মিবু গালুকৰ পিঠি অংশত মুৰংঘৰৰ প্রতীক চিহ্নৰ ফুল বছা হয়। বৰ্তমান ইয়াৰ বয়ন পদ্ধতি আৰু ব্যৱহাৰৰ ক্ষেত্ৰত পৰিৱৰ্তন হৈছে। বৰ্তমান সময়ত মিবুৰ উপৰিও সাধাৰণ লোকেও 'মিৰু গালুক পৰিধান কৰা হয়। উল্লেখ্যযে মিবুৱে পৰিধান কৰা গালুক অন্য কোনো লোকে পৰিধান নকৰে। মিবুয়ে মিবু দাগনাম সময়ত আৰু গাঁৱৰ মঙল চোৱা অনুষ্ঠানত মিৰু গালুক পৰিধান কৰাটো বাধ্যতামূলক।
তুকগ গালুকঃ ই আন এক চোলা জাতীয় সাজপাৰ তুকগ গালুক হ'ল গেঞ্জি জাতীয় সাজপাৰ। সাধাৰণতে বগা আৰু মাখন ৰঙৰ সূতাৰে এই গালুক তৈয়াৰ কৰা হয়। মিচিং সমাজত বয়সস্থ লোকৰ কাৰণে এই শ্ৰেণীৰ কাপোৰ বিশেষভাৱে বৈ দিয়া দেখা যায়। উল্লেখ্যযে মৃত পুৰুষসকলক এইবিধ চোলা পিন্ধাই সৎকাৰ কাৰ্য সম্পন্ন কৰে আৰু সৎকাৰ কৰিবলৈ যোৱা লোকসকলেও তুকগ গালুক পৰিধান কৰে।
(গ) মূৰত আৰু ডিঙিত লোৱা সাজপাৰ
মূৰত আৰু ডিঙিত লোৱা সাজপাৰ হ'ল - দুমৗৰ, মৗৰ্পুং দুমৗৰ, অৗ:তুব, অৗৰ্কক আৰু লু:কাব।
দুমৗৰঃ সচৰাচৰ গামোচাৰ দৰে একেই যদিও মিচিঙৰ দুমীৰৰ আকৃতি, ফুল আৰু বয়ন শৈলীৰ বৈসাদৃশ্য দেখা যায়। এই দুমীৰ পুৰুষসকলে ব্যৱহাৰ কৰে। অৱশ্যে প্ৰয়োজন সাপেক্ষে নাৰীয়েও ব্যৱহাৰ কৰে। কিন্তু পুৰুষৰ কাৰণে বোৱা দুমীৰ নাৰীয়ে ব্যৱহাৰ কৰা দুমীৰতকৈ তুলনামূলকভাৱে দীঘল আৰু বহল। বগা কপাহী সূতাৰে দীঘ-বাণি, ৰঙা সূতাৰে পাৰি আৰু দুই মূৰত আঁচু ফুল বাছি দুমীৰ বোৱা হয়। এইবিধ দুমীৰ পুৰুষসকলে ডিঙিত মেৰিয়াই লোৱাৰ লগতে কঁকালত উগনৰ দৰে পৰিধান কৰে আৰু প্ৰয়োজন সাপেক্ষে টাৱেল ৰূপেও ব্যৱহাৰ কৰে। মিচিং পুৰুষৰ দুমীৰ অসমীয়া ভাষী সমাজত সচৰাচৰ ব্যৱহাৰ কৰা গামোচাতকৈ দীঘল আৰু বহল। তেওঁলোকৰ সমাজত অতিথিক সন্মান আৰু মৰমৰ চিনস্বৰূপে উপহাৰ দিয়াৰ লগতে লৃগাং, দ্ৰুৰ, দদ্গাং, উম-গিয়াতি, যিকোনো মাংগলিক কাম আৰু মৃতকৰ সৎকাৰ কৰোঁতে পৰিধান কৰে।
মৗৰ্পুং দুমৗৰঃ পাগুৰি মাৰিবলৈ বোৱা দুমীৰক মীপুং দুমীৰ বোলে। সকলো জাতি-জনগোষ্ঠীৰে মূৰত বন্ধা পাগুৰিৰ স্বকীয়তা থকাৰ দৰে মিচিংসকলৰো বিশেষ পদ্ধতিৰে মূৰত পাগুৰি মৰা হয়। মূৰত পাগুৰি মৰা এই মীপুং দুমীৰ সাধাৰণ দুমীৰতকৈ কিছু দীঘল আৰু সাধাৰণতে পাতল মুগা বৰণৰ সূতাৰে প্ৰস্তুত কৰা হয়। দুইমূৰে সৰু সৰুকৈ ফুল বছা থাকে। পুৰুষসকলে উৎসৱ-পাৰ্বণ আৰু মাংগলিক কামত পৰিধান কৰা দেখা যায়। মিৰুসকলে মিবু দাগ্নাম অনুষ্ঠানত মূৰত মীপুং দুমীৰ মৰাতো অঘোষিত বাধ্যতামূলক পৰম্পৰা।
অৗ:তুবঃ আঃতুব হ'ল পুৰুষৰ আন এক মূৰত মাৰিবলৈ ব্যৱহাৰ কৰা পাগুৰি বিশেষ সাজপাৰ। ই দুমীৰতকৈ দীঘল আৰু ঠেক। বগা, ৰঙা, হালধীয়া, ক'লা, সেউজীয়া আদি সূতাৰ সমাহাৰেৰে বোৱা দেখা যায়। দৈনন্দিন ঘৰুৱা কাম-কাজত আৰু কৃষি-কৰ্মত তেওঁলোকে পৰিধান কৰা দেখা যায়।
অৗৰ্ককঃ মিচিং পুৰুষসকলে ডিঙিত মেৰিয়াই আন এক সাজপাৰ হ'ল আৰ্কক। বিভিন্ন ৰঙৰ সূতাৰে তৈয়াৰ কৰা এইবিধ সাজপাৰৰ সমাদৰ মিচিং সমাজত আছে। বিভিন্ন ৰঙৰ সূতাৰে তৈয়াৰ কৰা এইবিধ কাপোৰত ৰঙা ৰঙৰ ব্যৱহাৰ আনবোৰতকৈ তুলনামূলকভাৱে বেছি হয়। ৰঙা ৰঙৰ সৈতে বগা, কলা, হালধীয়া, সেউজীয়া ইত্যাদি ৰং দীঘে-বাণিয়ে বোৱা হয়। ৰঙা ৰঙৰ পাৰি দিয়া আৰ্ককত এক নিৰ্দিষ্ট পৰিমাণৰ আঁতৰে আঁতৰে ক'লা বা বগা ৰঙৰ ব্যৱহাৰে ইয়াৰ সৌন্দৰ্য অধিক বৃদ্ধি কৰাত ইন্ধন যোগায়। এই আঁৰ্কক লৃগাং, পঃৰাগ, দৰ আদি উৎসৱ-পাৰ্বণত পৰিধান কৰাৰ লগতে আনুষ্ঠানিকভাৱে উদ্যাপন কৰা অনুষ্ঠানত অতিথিক উপহাৰ প্ৰদানৰ বাবে মজুত কৰি ৰখা হয়।
১.২.২ মহিলাই পৰিধান কৰা সাজপাৰ
মিচিং মহিলাসকল তাঁত বোৱাত পাকৈত। বাৰ মাহতেই তেওঁলোকৰ তাঁতশালত কাপোৰ লগোৱা থাকে। মিচিং নাৰীসকলে ঘৰত সাধাৰণভাৱে পিন্ধা কাপোৰ সাজ, উৎসৱ-পাৰ্বণ বা ফুৰিবলৈ যোৱাৰ সময়ত পৰিধান কৰা পাৰ্থক্য আছে। মহিলাসকলৰ পৰম্পৰাগত সাজপাৰৰ বয়ন শৈলী, ব্যৱহাৰ আৰু পৰিধান কৰাৰ দিশৰপৰা দুটা ভাগত ভাগ কৰিব পাৰি - এগেঃ-গাচৰ জাতীয় সাজপাৰ আৰু গেৰঃ জাতীয় সাজপাৰ ।
(ক) এগেঃ-গাচৰ জাতীয় সাজপাৰ
বৰ্তমান অৰুণাচল আৰু অসমত বসবাস কৰা মিচিং নাৰীয়ে অতীতৰ পৰাই ঘৰতে এড়ী পলু, নুনী পলু আৰু চুমনী পলু পুহি তাৰপৰা ক্ৰমে এড়ী সূতা আৰু নুনী সূতা প্ৰস্তুত কৰিছিল। এইখিনি সূতাৰে তেওঁলোকে প্ৰধানকৈ বয়ন শিল্পৰ যোগেদি এগেঃ-গাচৰ প্ৰস্তুত কৰে। এগেঃ-গাচৰ জাতীয় সাজপাৰৰ ভিতৰত উল্লেখযোগ্য হ'ল - লেকে এগেঃ-গাচৰ, তাম এগেঃ-গাচৰ, গাচাং, ৰিঃবি, গাপা-গালেং বা মাতা গাপা, গাঃৰে এগেঃ-গাচৰ, য়েচাং এগেঃ-গাচৰ আৰু পেঃৰে। এই এগেঃ-গাচৰ মিচিং মহিলাই পৰম্পৰাগতভাৱে তাঁতশালত বৈ কেনেদৰে পৰিধান কৰে সেই বিষয়ে তলত আলোচনা আগবঢ়োৱা হ'ল-
লেকে এগেঃ-গাচৰঃ এগেঃ শব্দৰ অসমীয়া প্ৰতিশব্দ হ'ল মেখেলা। কিন্তু গাচৰ শব্দই মিচিং ভাষাত ব্যাপক অর্থ সূচায়। প্ৰায়বোৰ কাপোৰকে মিচিঙত বীদু-গাচৰ বুলি কোৱা হয়। অৱশ্যে আমি ইয়াত গাচৰ বুলি মহিলাই পিন্ধা ভিন্ন প্ৰকাৰৰ চাদৰৰ বিষয়েহে আলোচনা কৰা হৈছে।
এগেঃ-গাচৰ মিচিং নাৰীয়ে প্রাচীন কালৰেপৰা পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি আহিছে। অন্যবোৰ এগেঃ-গাচৰতকৈ লেকে এগেঃ-গাচৰৰ বয়নশৈলী কিছু বেলেগ। ইয়াৰ দুয়ো মূৰৰ আঁচলত আৰু কাষত বিভিন্ন ৰঙৰ সূতাৰে গামিক বাছে। লেকে এগেঃ-গাচৰৰ দুই মূৰৰ গামিকবোৰৰ চানেকি হ'ল - কিংকুপ-কিঃলাপ গামিক, গী-িগীচাং গামিক, কেয়িৰ গামিক আৰু গৰ্গেঃ তৃনাম। গামিকবোৰৰ প্ৰয়োগৰ ক্ষেত্ৰত তৰা ফুল, বাবৰি ফুল, বাঃমে ফুল, বিভিন্ন মাছৰ বাকলিৰ চানেকি, বিভিন্ন ৰঙৰ সৰু সৰু ফুল, মুদ্ৰাৰ ফুল আদি লক্ষ্য কৰা যায়। এইবিধ মেখেলা-চাদৰ উৎসৱ-পাৰ্বণ, মাংগলিক অনুষ্ঠান আদিত পৰিধান কৰা হয়।
তাপুম এগে-গাচৰ মিচিং মৃৰ আৰু বিবাহিত মহিলাই পৰিধান কৰা এবিধ মেখেলা-চাদৰ। এড়ী সূতাৰে তাপুম এগে-গাচৰ বোৱা হয়। অন্যান্য এগে-গাচৰৰ দৰেই বিভিন্ন ৰঙৰ ফুল বাছি বা ফুল নবছাকৈও এই সাজপাৰ তৈয়াৰ কৰা হয়। শীতকালত মহিলাসকলে ইয়াক গৰম কাপোৰ ৰূপেও গাত মেৰিয়াই পৰিধান কৰে। ইয়াৰ গামিকবোৰ - আঙ্গুন, অচং, ঙচিক, দুচুং, পঃপুৰ, মকৰাং, মায়াব গামিক আদি গামিক প্রধান।
গাচৗং
গাচৗং এবিধ মিচিং মৃৰে পৰিধান কৰা চাদৰ বিশেষ। কেতিয়াবা গাচাক মেঠনি হিচাপেও পৰিধান কৰে। সাধাৰণতে ৰঙা ৰঙেৰে দীৰ্ঘ আৰু বাণিত বগা, ৰঙা, ক'লা ৰঙেৰে গাচাং বোৱা হয়। ৰিঃবিত কিছু বহল আৰু দীঘলকৈ বোৱা হয়। এক ফুটমানৰ আঁতৰে আঁতৰে সৰিয়হ ফুলীয়া ৰঙেৰে ফুল বছা দেখা যায়। ইয়াৰ লগত ৰিঃবিৰ বয়নশৈলীত সাদৃশ্য আছে। শীতকালত গৰম কাপোৰ ৰূপে, গুম্ৰাগ চঃনাম, লত্তা চঃনাম আদিত বিশেষভাৱে পৰিধান কৰা হয়।
ৰিঃবি
সাধাৰণতে সেউজীয়া পাৰি দি ৰঙা ৰঙেৰে দীৰ্ঘ আৰু বাণিত বগা, ৰঙা, ক'লা ৰঙেৰে ৰিঃবি বোৱা হয়। গাচাঙৰ দৰেই এক ফুটমানৰ আঁতৰে আঁতৰে সৰিয়হ ফুলীয়া ৰঙেৰে ফুল বছা দেখা যায়। অৱশ্যে ইয়াৰ ব্যতিক্ৰম ৰঙৰো ৰিঃবি বৈ লোৱা দেখা যায়। গাচাঙৰ দৰেই এইবিধ কাপোৰো কপাহী সূতা আৰু ঊণ সূতাৰে বোৱা হয়। এই ৰিঃবি নাচনীৰ লগতে প্ৰসূতি মাতৃ, নবজাতক শিশুৰ গাত আৰু বিশেষকৈ ম’হ বা বনৰীয়া জীৱ-জন্তুৱে আক্ৰমণ কৰি আঘাত প্রাপ্ত হ'লে বা অপদেৱতাই গাত লম্ভিলে ব্যক্তি গৰাকীৰ গাত নতুন ৰিঃবি এখন দি দিয়া হয়। অতি সাম্প্রতিক কালত ৰিঃবিৰ দৰেই মেখেলা আৰু ব্লাউজ বৈ লৈ যোৰাকৈ পৰিধান কৰা দেখা যায়। উৎসৱ-পাৰ্বণত ঢুলীয়া, তালীয়াসকলেও চুৰীয়া হিচাপে ৰিঃবি পৰিধান কৰে। সেইদিশৰপৰা ৰিঃবিৰ ব্যৱহাৰৰ ক্ষেত্ৰত চাহিদা বাঢ়িছে বুলিব পাৰি।
গাপা-গালেং বা মাতা গাপাঃ অতীতত মাতা গাপা মিচিং জনগোষ্ঠীৰ এক সুকীয়া সম্পত্তি আছিল । কিছুমানে মাতা গাপাকে গাপা-গালেং বুলিও কয়। এই মাতা গাপা ব’বৰ কাৰণে ৰাচৰ প্ৰয়োজন নহয়। চুপাৰে(ৰাচৰ দৰে এবিধ সঁজুলি)ৰে মাতা গাপা বোৱা হৈছিল। ইয়াত তোলা ফুলবোৰ এফালে ফুল উঠে আৰু আনটো ফালে ফুল নুঠে। এই বিধ ফুল বৈ যাওঁতেই তোলা দেখা যায়। পকোৱা সূতাৰে ডাঠকৈ বোৱা মেখেলা ৰূপে পিন্ধা দেখা যায়। ইয়াৰ দুইমূৰ সংযোগ কৰি চিলোৱা নহয়। অতীতত লৃগাং আৰু পঃৰাগ উৎসৱত মিচিং নাৰীয়ে এনেধৰণৰ মাতা গাপা কঁকালত পিন্ধি নাচিছিল। আজিকালি এই জাতীয় কাপোৰ বোৱা ক্ষেত্ৰ অধ্যয়নত কেৱল ভৰলী অঞ্চলত দুই-এঘৰত দেখা গ'ল। এই নিজস্ব বয়ন শিল্পৰ সম্পদ বিধ কালৰ বুকুত হেৰাই গৈছে। আদী, আপাতানি, গালংসকলৰ গালী আৰু মিচিঙৰ মাতা গাপা বা গাথা প্রায় একে ধৰণৰ ।
গাঃৰে এগেঃ-গাচৰঃ মিচিং মহিলাই বহু ৰঙী চাদৰ-মেখেলা তুলনামূলকভাৱে বেছিকৈ পৰিধান কৰা দেখা যায়। তেওঁলোকৰ ভাষ্য যে পুৱাৰপৰা গধূলিলৈকে প্ৰতিটো ঘৰুৱা কাম, পথাৰৰ কাম, তাঁত বোৱা, খৰি লোৰা, মাছ ধৰা আদি কামত ব্যস্ত থাকিবলগীয়া হোৱাৰ কাৰণে বহুঙী মেখেলা-চাদৰ অৰ্থাৎ গাঃৰে এগেঃ- গাচৰৰ প্রয়োজন বেছি। ঘৰুৱা পৰিবেশত পৰিধান গাঃৰে এগেঃ-গাচৰৰ ৰং আৰু ডিজাইন বেলেগ বেলেগ আনহাতে উৎসৱ-পার্বণ, পূজা-পাতল আৰু ফুৰিবলৈ গ'লে বিভিন্ন চানেকিৰ ফুল বছা, গাৰি দিয়া, পাৰি দিয়া, পাৰিৰ সলনি ফুল বাছি পটি লগোৱা গাচৰ ঘৰতে বৈ পৰিধান কৰা দেখা যায়। তেওঁলোকৰ সমাজত উৎসৱ- পাৰ্বণ আৰু পূজা-পাতলত কিনা কাপোৰ পৰিধান কৰাটো লাজৰ কথা বুলি গণ্য কৰা দৃষ্টিগোচৰ হয়।
য়েত্চাং এগেঃ-গাচৰঃ এক বা দুই ৰঙৰ সূতাৰে বোৱা দীঘল কাপোৰকেই য়েচাং হিচাপে মিচিং মহিলাই পৰিধান কৰা পৰিলক্ষিত হয়। শাৰী সদৃশ য়েচাং এগেঃ-গাচৰবোৰ সাধাৰণতে ফুল বছা নহয়। গাত কেইবামেৰু মেৰিয়াই পিন্ধিব পৰাকৈ দীঘলকৈ এই জাতীয় কাপোৰ বোৱা হয়। য়েচাং জাতীয় কাপোৰ সাধাৰণতে পকোৱা সূতাৰে বোৱা দেখা যায়। এই কাপোৰ মিচিং বোৱাৰী আৰু জীয়াৰী উভয়ে পৰিধান কৰে।
পেঃৰেঃ পেঃৰে হ'ল মেখেলাৰ লগত পৰিধান কৰা চাদৰ। বগা, ৰঙা, ক'লা, নীলা সূতাৰে দীঘে- বাণিয়ে সমান আকাৰত গাৰি দিয়া চাদৰ। পেঃৰে সাধাৰণতে পকোৱা সূতাৰে বোৱা হৈছিল যদিও আজিকালি ৰং নোযোৱা ঊণ সূতাৰে ব'বলৈ আৰম্ভ কৰা দেখা গৈছে। এই পেঃৰে মিচিং বোৱাৰী, জীয়াৰী উভয়ে চাদৰ হিচাপে পৰিধান কৰে। ঘৰুৱা পৰিৱেশ, উৎসৱ-পার্বণ, পূজা-পাতল আদিতো পেঃৰে পিন্ধা দেখা যায়। বর্তমান আধুনিকতাৰ পৰশত এই পেঃৰে ৰিঃবিৰ দৰে মেখেলা, ব্লাউজৰ সৈতে যোৰাকৈ বৈ উৎসৱ-পাৰ্বণত পৰিধান কৰা দেখা হয়। কিছুমানে ফুল দুইমূৰে বাছি লয় আৰু কিছুমানে ফুল নবছাকৈও বৈ পিন্ধা দেখা যায়। দুডালকৈ গাৰি দিয়ে। মুঠৰ ওপৰত শদিয়াৰপৰা বুৰৈ ভৰলীলৈকে এইবিধ কাপোৰ পৰিধান কৰা দেখা যায় যদিও সকলোতে অলপ-অচৰপ ইফাল-সিফাল হোৱা দেখা যায়।
গেৰঃ গেৰঃ হ'ল মেখেলাৰ ওপৰত পৰিধান কৰা মিচিং নাৰীয়ে বোৱা এবিধ চাদৰ মাজভাগত ৰঙা, সেউজীয়া, কলা, বগা, আদি ৰঙৰ সূতাৰে সৰহকৈ ফুল বচা এই চাদৰৰ ৰং এটা, যেনে বগা, মাখন, ৰঙা, ক'লা, সেউজীয়া আৰু বহুৰঙী সূতাৰে, যেনে বগা, মাখন, ৰঙা, ক'লা, সেউজীয়া, নীলা সূতাৰে দীঘে-বাণিয়ে সমান আকাৰত গাৰি দি বোৱা দেখা যায়। গেৰঃ সাধাৰণতে পকোৱা সূতাৰে বোৱা হৈছিল যদিও আজিকালি ৰং নোযোৱা ঊণ সূতাৰে ব'বলৈ আৰম্ভ কৰা দেখা গৈছে। এই গেৰঃ মিচিং বোৱাৰীয়ে মেখেলাৰ ওপৰত মেথনি মাৰি চাদৰ হিচাপে পৰিধান কৰা দেখা যায়। উৎসৱ-পাৰ্বণ, পূজা-পাতল আদিতো গেৰঃ পিন্ধা দেখা যায় । আজিকালি এই গেৰঃ শ্বল হিচাপেও ব্যৱহাৰ কৰা দেখা হয়।
য়েঃপ বা অৗঃপঃ এইবিধ কাপোৰ হ'ল কাম কৰাৰ সময়ত মূৰত বান্ধি ল'বলৈ বৈ লোৱা এবিধ সাধাৰণ গামোচা জাতীয় কাপোৰ। ই এক জনজাতীয় মহিলাৰ বৈশিষ্ট্য। মাথো ৰঙৰ পাৰ্থক্য দেখা যায়। মিচিং য়েঃপ বা অঃপখন বিভিন্ন ৰঙেৰে নিৰ্দিষ্ট জোখত আঁচ দিয়া নতুবা এটা ৰং দীঘত লগাই বাণিত বেলেগ এটা ৰং দি বোৱা হয়। পাৰি দি বা নিদিও বোৱা দেখা যায়। এইখন ফুল বছা সাধাৰতে দেখা নাযায়।
১.২.৩ পুৰুষ আৰু মহিলা উভয়ে পৰিধান কৰা সাজপাৰ
মিচিং সমাজত পুৰুষ আৰু মহিলা উভয়ে ব্যৱহাৰ কৰিব পৰা কাপোৰ কেইবিধ হ'ল - ৰিঃবি, গাচৗং, তাপুম গাচৰ আৰু গাদু।
ৰিঃবি আৰু গাচৗংঃ (দ্রষ্টব্য : মহিলাই পৰিধান কৰা সাজপাৰ)।
তাপুম গাচৰঃ এড়ী পলু সিজাই তাৰপৰা টাকুৰীৰে ঘৰতে সূতা কাটি বোৱা কাপোৰখন হ'ল তাপুম গাচৰ। বিশেষকৈ পুৰুষে ব্যৱহাৰ কৰিবলৈ এই কাপোৰ প্ৰস্তুত কৰা হয়। ইয়াৰ দুই মূৰে বগা সূতাৰে আঁচু ফুল বাছি দিয়া হয়। শীতকালত গৰম কাপোৰ ৰূপে এজন ব্যক্তিয়ে গা-মূৰ ঢাকি ল'ব পৰাকৈ দীঘল আৰু বহলকৈ তৈয়াৰ কৰা হয়। অতীতত মিচিং নাৰীয়ে প্ৰতিজন ঘৰৰ পুৰুষ সদস্যৰ কাৰণে একোখনকৈ বৈ সাজু কৰি ৰখা হৈছিল। আজিকালি এইবিধ সূতাৰে মহিলাসকলৰ বাবেও শ্বল আকাৰত বৈ লোৱা হৈছে। ইয়াত বুটা বাছি বা বিভিন্ন প্ৰকাৰৰ ফুল তুলি জনপ্রিয়তা লাভ কৰিছে আৰু বজাৰতো ইয়াৰ চাহিদা বাঢ়িছে।
গাদুঃ ক্রমান্বয়ে মিচিং ছোৱালী ডাঙৰ হৈ আহিলে এড়ী সূতা কাটি, পাট সূতা কাটি, কপাহ নেওঠি পাঁজি কাটি জীম কাপোৰৰ সূতা তৈয়াৰ কৰা আদি কৰিবলৈ শিকে। সাধাৰণতে পথাৰমুৱা হৈ যাওঁতে আৰু পথাৰৰপৰা ঘৰমুৱা হৈ উভতি আহোঁতে এনেই সময় নষ্ট নকৰি নিজান পথৰুৱা লুঙলুঙীয়া বাটে বাটে টাকুৰীত এৰি সূতা কাটি অহা দৃশ্য চাবলগা আৰু এইটো সঁচাকৈয়ে মিচিং গাভৰুহঁতৰ আদৰ্শনীয় আৰু অনুকৰণীয়। গতিকে মিচিং নাৰীয়ে শৈশৱৰ পৰাই তাঁত ববলৈ শিকি অহাতো এক পৰম্পৰা। এই গাদু ব’বলৈ কপাহ খেতি কৰি সেই কপাহৰ পৰা গাদু নলুম বনাই গাপা বোৱাৰ দৰে ৰাঁচ বিহীনভাৱে কেৱল বহল য়াপাৰে গাদু বোৱা দেখা যায়। দীঘে-বাণিয়ে কপাহৰ এটা নিৰ্দিষ্ট জোখত সূতা কাটি বোৱা গাদুত একে ধৰণৰ সূতাকেই পাঁচ-ছয় আঙুলমান জোখত কাটি ফুল বাছে। এই ফুলৰ সূতাবোৰ ওপৰৰ ফালে সুন্দৰকৈ জিলিকি থাকে আৰু গাত লোৱাৰ ফালে মিহি হয়। ইয়াকে অনা-মিচিংসকলে মিৰিজিম বোলে। কপাহৰপৰা সূতা কাটি বিশেষ পদ্ধতিৰে বোৱা গাদু মিচিং সমাজৰ এক মর্যাদা সম্পন্ন কাপোৰ। প্ৰত্যেক সন্তানৰ ভাগত পৰাকৈ একোখনকৈ এই মূল্যবান আৰু মর্যাদা সম্পন্ন কাপোৰ গাদু দিব পৰাতো মিচিং সমাজৰ পিতৃ-মাতৃৰ কাৰণে গৌৰৱৰ কথা।
বিশেষভাৱে প্ৰস্তুত কৰা এই গাদু ব'বলৈ ব্যৱহাৰ কৰা তাঁতশালৰ সঁজুলিবোৰ এনেধৰণৰ – কীয়ীং, বেঃলং, য়াপা, গীগুৰ, মুকন, দুপীত, পঃপি আৰু দুকেঃ। মিচিং সমাজত মিদাঙত কইনাক গাদু উপহাৰস্বৰূপে দিয়া অতীতৰপৰা পৰম্পৰাগতভাৱে চলি আহিছে। বৰ্তমান গাদুৰ ব্যৱহাৰ কমি আহিছে। ইয়াৰ প্ৰধান কাৰণ হ'ল – গাদুৰ বয়নশৈলীৰ মেহনতি, জটিল প্ৰক্ৰিয়া আৰু তেওঁলোকৰ সমাজত গৰাখহনীয়া আৰু বানপানীৰ কাৰণে কপাহ খেতিৰ উৎপাদন কমি অহাত।
১.২.৪ বিয়াৰ সাজপাৰ
মিচিংসকলৰ পৰম্পৰাগত সাজপাৰৰ ভিতৰত বিয়াত বা মিদাঙত পৰিধান কৰা সাজপাৰবোৰ অন্যতম। দৰা আৰু কইনাই পৰিধান কৰা সাজপাৰবোৰৰ এক সুকীয়া বয়নশৈলী দেখিবলৈ পোৱা যায়। বিয়াৰ কাৰণে উপযুক্ত বয়সৰ ছোৱালীয়ে বিয়াৰ প্রয়োজনীয় সাজপাৰ নিজেই গাভৰু বসয়তে প্ৰস্তুত কৰি ৰখাটো মিচিং নাৰীৰ এক বিশেষত্ব। ঠিক সেইদৰে দৰাৰ কাৰণে দৰাৰ মাক, বায়েক-ভনীয়েক আনকি যৌথ পৰিয়ালত বসবাস কৰা পৰিয়ালৰ খুড়ীয়েকহঁতেও প্রস্তুত কৰি দিয়া দেখা যায়।
দৰাৰ সাজপাৰ
দৰাই পৰিধান কৰা সাজপাৰবোৰ হ'ল- য়াম্ব গালুক, য়াম্ব দুমৗৰ, গন্ৰ উগন আৰু জিন্ৰৗগ।
যাম্ব গালুকঃ মিচিং সমাজৰ আনুষ্ঠানিকভাৱে আয়োজন কৰা মিদাঙত য়াম্ব গালুক পৰিধান কৰে। য়াম্ব গালুকৰ লগত মিবু গালুকৰ সাদৃশ্য আছে। প্রধানতঃ দৰাই বগা, ক'লা আৰু সেউজীয়া ৰঙৰ য়াম্ব গালুক পৰিধান কৰা দেখা যায়। এইবিধ চোলাৰ বুকু আৰু পিঠি অংশত গৰুৰ্গে গামিক, মুৰংঘৰৰ আৰ্হিৰ গামিক আৰু তাজমহল আৰ্হিৰ গামিকেৰে বোৱা হয়। ইয়াৰ কোনো নিৰ্দিষ্ট জোখ নাই। দৰাৰ উচ্চতা অনুযায়ী য়াম্ব গালুক তৈয়াৰ কৰি লোৱা হয়। উল্লেখযোগ্য যে অসমীয়া ভাষী সমাজৰ দৰাক কইনাঘৰে জোৰোণত দৰাৰ কাপোৰসাজ দিয়াৰ দৰে মিচিং সমাজত দিয়াৰ পৰম্পৰাগত নিয়ম নাই।
গন্ৰ উগনঃ (দ্রষ্টব্য: পুৰুষৰ সাজপাৰ)
য়াম্ব দুমৗৰঃ দৰাই ডিঙিত মেৰিয়াই লোৱা কাপোৰবিধ হ'ল- য়াম্ব দুমীৰ। আকৃতিত এক প্ৰকাৰ গামোচাৰ দৰে। মাত্ৰ গামোচাৰ ৰঙা ফুলৰ বিপৰীতে ইয়াত বিশেষকৈ ৰঙা, ক'লা আৰু বগা ৰঙৰ সূতাৰে সংমিশ্ৰিত ফুল দুইমূৰে বছা থাকে। পকোৱা, নুনী, পাট আদি সূতাৰে এই য়াম্ব দুমীৰ বোৱা দেখা যায়।
জিন্ৰৗগঃ গালুকৰ ওপৰত কঁকালত পথালিকৈ মৰা দুমীৰতকৈ দীঘল দুইমূৰে ফুল বছা কাপোৰখনক জিৰাগ বোলে। ইয়াকে অঞ্চলভেদে টঙালীও বোলে। দুমীৰৰ মূল কাপোৰখন বগা কিন্তু জিন্ৰৗগ কাপোৰখন ৰং-বিৰঙৰো হয়। প্ৰধানকৈ ৰঙা, বগা, হালধীয়া, ক'লা আৰু সেউজীয়া ৰঙেৰে তৈয়াৰ কৰা হয়।
কইনাৰ সাজপাৰঃ কইনাই পৰিধান কৰা সাজপাৰবোৰ হ'ল য়াম্ব, পঃনিয়াং বা কনিয়াং গাচৰ, য়াকান এগেঃ, গেৰঃ, ৰিঃবি, গাচৗং আৰু চৗগ্ৰৗগ ।
য়াম্বঃ মাংগলিক কাপোৰৰূপে মর্যাদা দিয়া কাপোৰৰ ভিতৰত অন্যতম হ'ল য়াম্ব। এই য়াম্ব এবিধ বগা, ক'লা, ৰঙা, হালধীয়া, নীলা, সেউজীয়া আদি বিভিন্ন ৰঙৰ সূতাৰে বোৱা চাদৰ জাতীয় কাপোৰ। কপাহী সূতা, পকোৱা সূতা আৰু ঊণ সূতাৰে প্ৰস্তুত কৰা দেখা যায়। এইবিধ কাপোৰ ফুল বছাও হয় আৰু ফুল নবছাকৈও বোৱা দেখা যায়। বিয়াত কইনা, উম উয়ু, গিয়াতি উয়ু, কুঃচাগ উয়ু আদিত মহিলাসকলে এই য়াম্ব পৰিধান কৰা হয়। অঞ্চলভেদে ইয়াৰ ব্যৱহাৰৰ তাৰতম্য দেখা যায়।
কনিয়াং গাচৰঃ বিয়াত পৰিধান আন এক কইনাৰ সাজপাৰ হ'ল কনিয়াং গাচৰ। ইয়াক কইনাই ওৰণি আৰু চাদৰ ৰূপে ব্যৱহাৰ কৰা দেখা যায়। এইবিধ কাপোৰত গৰ্গে, আঙ্গুন আৰু চিক গামিক তোলে। দীঘে- বাণিয়ে বিশেষকৈ বগা, মাখন ৰঙৰ সূতাৰে বোৱা হয় আৰু ফুলবোৰ মুগা বা অন্যান্য ৰঙেৰেও তোলা হয়।
ৰুম্বুংঃ য়াম্ব আকৃতিৰ আন এবিধ কাপোৰ হৈছে ৰুম্বুং। সাধাৰণতে বগা, কলা, ৰঙা, নীলা, হালধীয়া, সেউজীয়া আদি ৰঙৰ সূতাৰ সংমিশ্ৰণত বোৱা কাপোৰ। জ্যামিতিৰ ত্ৰিভূজ আকাৰৰ বিভিন্ন ৰঙৰ সমাহাৰেৰে ফুল বছা এই ৰুম্বুং ন-কইনাই নতুন ঘৰত পৰিধান কৰে। ই শ্বল জাতীয় গাত লোৱা কাপোৰ বাবে ৰুম্বুং উণ সূতাৰে বেছিকে বোৱা দেখা যায়। মহিলাসকলৰ উপৰিও কেঁচুৱা বোকোচাত লওঁতে নীবৃঙে ঠাণ্ডা নিবাৰণৰ বাবে কেঁচুৱাৰ ওপৰত লোৱা দেখা যায়।
য়াকান এগেঃ, গেৰঃ, ৰিঃবি, গাচৗং, চৗগ্ৰৗগ - (দ্রষ্টব্য : মহিলাই পৰিধান কৰা সাজপাৰ)
১.২.৫ শিশুৰ বাবে ব্যৱহাৰ কৰা সাজপাৰ
মিচিং সমাজত নাৰীসকলে নিজৰ সন্তানৰ কাৰণে বিশেষ কিছুমান কাপোৰ বৈ সাজু কৰি ৰখা হয় । সন্তান কেঁচুৱা অৱস্থাত পিঠিত বান্ধিবলৈ আৰু তাৰ ওপৰত মেৰিয়াই ল'বলৈ এই শ্ৰেণীৰ কাপোৰ প্ৰস্তুত কৰা হয়। ইয়াকে মিচিং ভাষাত 'ক বৃনান গাচৰ' বোলা হয়। এইবিধ কাপোৰ কেৱল কেঁচুৱাক বোকোচাত ল'বৰ কাৰণে ব্যৱহাৰ কৰে। ইয়াৰ বয়নশৈলী সহজ-সৰল। সাধাৰণতে বিভিন্ন ৰঙৰ সূতাৰে সংমিশ্ৰিত ৰূপত বোৱা হয়। দীঘে-বাণিয়ে বগা, ৰঙা, কলা, হালধীয়া, নীলা, সেউজীয়া ৰঙৰ সূতা দি দুই মূৰত পাৰি দিয়াৰ দৰে আঁচুটো একেধৰণে মিলাই বোৱা হয়। ইয়াত কোনো ধৰণৰ গামিক তোলা নহয়। এনে কাপোৰক নীচাগ, চা, চৗগ্ৰীগ আৰু চীতাগ নামেৰে ব্যৱহাৰৰ ফালৰপৰা নামবোৰ বেলেগ বেলেগ যদিও বয়নশৈলী প্রায় একেই।
১.২.৬ অন্যান্য সাজপাৰ
মিচিং সমাজত পুৰুষ-মহিলা, ল'ৰা-ছোৱালী, ডেকা-গাভৰু সকলোৱে দৈনন্দিন জীৱনত ঘৰুৱাভাৱে ব্যৱহাৰ কৰা কাপোৰবোৰ একেলগে অন্যান্য সাজপাৰ বুলি ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। এনেবোৰৰ ভিতৰত উল্লেখযোগ্য হ'ল - গাদু, তাপুম গাচৰ, গীগৃং দুমৗৰ, গৗগৃং গাচৰ, চগন, য়ুমতাগ, পায়ৗগ, পঃতুপ, য়ৗঃতুপ আদি । ইয়াৰে গাদু, তাপুম গাচৰ, পতুপ, য়াঃতুপৰ বিষয়ে ইতিমধ্যে আলোচনা আগবঢ়োৱা হৈছে।
গৗগৃং দুমৗৰঃ গৗগৃং দুমৗৰ হ'ল মিচিং সমাজত দৈনন্দিন জীৱন যাত্ৰাত ঘৰৰ সকলো লোকে ব্যৱহাৰ কৰিব পৰা গামোচা সদৃশ কাপোৰ । বগা কপাহী সূতা আৰু ৰঙা সূতা পাৰি আৰু আঁচু ফুল তুলি এই দুমৗৰ বোৱা হয়। এই কাপোৰ পুৰুষে প্রয়োজনত ডিঙিত, ঘৰুৱা কাম কৰোতে কঁকালত উগনৰ দৰে পৰিধান কৰে। তেওঁলোকৰ সমাজত অতিথিক সন্মান আৰু মৰমৰ চিন স্বৰূপে উপহাৰ, লৃগাং, দৰ, দদ্গাং, উৰম-গিয়াতি উয়ু, যিকোনো মাংগলিক কাম আৰু মৃতকৰ সৎকাৰ কৰা সময়তো এই দুমৗৰ পৰিধান কৰা দেখা যায় ।
গৗগৃং গাচৰঃ গৗগৃং গাচৰ হ'ল ঘৰুৱা পৰিৱেশত পৰিধান কৰা চাদৰ। বগা কপাহী সূতাৰ এইবিধ চাদৰৰ নীলা, সেউজীয়া, গোলপীয়া, হালধীয়া আদি বিভিন্ন ৰঙৰ সূতাৰে পাৰি আৰু আঁচু দি বোৱা হয়। ইয়াক নাৰীয়ে চাদৰ, ডেকাই উগন, ল'ৰাই গামোচা, হালোৱাই ধূতি বা উগন আৰু বয়োজ্যেষ্ঠই প্রয়োজন সাপেক্ষে গাত লোৱা কাপোৰ ৰূপে পৰিধান কৰে। সেই কাৰণে ইয়াক গাঁগৃং গাচৰ অৰ্থাৎ প্ৰয়োজনত পিন্ধা কাপোৰ বুলি কোৱা হয়। এনে কাপোৰ প্ৰায়বোৰ গাভৰু বা বিবাহিত মহিলাই পেৰা ভৰাই বৈ মজুত কৰি ৰখা দেখা যায়।
চগনঃ মিচিং তিৰোতাই নিজেই বৈ চিলোৱা এবিধ মোনাই হ'ল চগন। এই চগন উণ সূতাৰ যিকোনো ৰঙেৰে দহ-এঘাৰ ইঞ্চি বহলকৈ বিশেষ ধৰণে ডাঠকৈ ৰাঁচৰ সলনি এপাট চিৰিৰে বোৱা হয়। চগনবোৰত বিভিন্ন আকৃতিৰ গামিক তোলা দেখা যায়। তেজপুৰৰ ভৰলীমুখৰ মিচিংসকলে আটক ধুনীয়াকৈ এতিয়াও চান বৈ প্ৰস্তুত কৰি সমাদৰ লাভ কৰি আছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়বোৰ জনজাতীয় জনগোষ্ঠীয়ে নিজা নিজা আৰ্হিত এনেধৰণৰ চন বা মোনা বৈ লোৱা দেখা যায়।
য়ুম্তাগঃ য়ুম্তাগ হ'ল মিচিং পুৰুষ-মহিলা, ডেকা-গাভৰু, ল'ৰা-ছোৱালী আদি সকলো বয়সৰ লোকে ব্যৱহাৰ কৰা ৰুমাল সদৃশ বস্ত্ৰ। ইয়াৰ বয়নশৈলী সহজ-সৰল। যিকোনো ৰঙৰ সূতাৰে এইবিধ কাপোৰ বোৱা হয়। মিচিং গাভৰুৱে তাঁতৰ শালত ফুল তোলা তাগ গায়িন ডেকাসকলক প্ৰীতি উপহাৰ দিয়ে। বিনিময়ত মিচিং ডেকাই ফণি সাজি প্রেয়সীক দিছিল। বর্তমান গাভৰুৱে উৎসৱ-পাৰ্বণত মুম্তাগ উপহাৰ দিয়ে যদিও বিনিময়ত ডেকাই ফণি দিয়া পৰম্পৰা নাইকিয়া হৈছে।
পায়ৗগ
পায়ৗগ হ'ল তামোল প্রিয় মিচিঙৰ হাঁচতি সদৃশ কাপোৰ। এই কাপোৰত তামোল-পাণ, চূণৰ টেমা, ধপাতৰ ভূৰুকা আৰু ডাব কটাৰী আদি ৰাখিবলৈ এফুট বহল আৰু দুফুটমান দীঘলকৈ বৈ লোৱা কাপোৰ। বিভিন্ন ৰঙেৰে বোৱা হয় যদিও সাধাৰণতে ৰঙা ৰঙৰ পায়গৈৰ প্ৰচলন বেছি দেখা যায়। বিয়াৰ পিছত কইনাই কাৰোবাৰ ঘৰত নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গ'লে এই পায়ীগেৰেই তামোল-পাণ নি বিলোৱা দেখা যায়। বিশেষকৈ বিয়াৰ পিছত দুঃনী (আঠ মণ্ডলা)ত গাঁৱৰ প্ৰত্যেক ঘৰত চালি-অৰ্নাম কৰাৰ দিনা পায়গৈ ব্যৱহাৰ কৰে ৷
বয়ন কলাৰ ঐতিহ্যই এটা জাতিৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ চানেকি প্রতিবিম্বিত কৰিব পাৰে। মিচিংসকলৰ বয়ন কলা নিজস্ব বৈশিষ্ট্যৰে সমুজ্জ্বল। স্বকীয়তা আৰু গুণগত মানৰ বাবেই বিশ্বায়ন আৰু যান্ত্রিক যুগতো পৰম্পৰাগত এই কলাই নিজৰ খোপনি দৃঢ় কৰি ৰাখিবলৈ সক্ষম হৈছে।
১.৩ উপসংহাৰ
আলোচনা কৰাৰ অন্তত কেতবোৰ সিদ্ধান্তলৈ আহিব পাৰি । সেই সিদ্ধান্তকেইটা হ'ল- -
১। মিচিংসকলৰ লোকউৎসৱত পৰিধান কৰা সাজপাৰক বয়নশিল্পত উৎপাদিত বস্ত্ৰৰ ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি সামগ্রিকভাৱে ছটা ভাগত ভাগ কৰিব পাৰি পুৰুষে পৰিধান কৰা সাজপাৰ, মহিলাই পৰিধান কৰা সাজপাৰ, পুৰুষ আৰু মহিলা উভয়ে পৰিধান কৰা সাজপাৰ, বিয়াত পৰিধান কৰা সাজপাৰ, শিশুৰ বাবে ব্যৱহাৰ কৰা সাজপাৰ আৰু অন্যান্য সাজপাৰ। পুৰুষ আৰু মহিলাৰ বাবে পৰম্পৰাগতভাৱে বোৱা সাজপাৰৰ বয়নশৈলীত পার্থক্য দেখা যায়। পুৰুষৰ সাজপাৰত গামিকৰ পৰিমাণ কম আৰু মহিলাৰ সাজপাৰত গামিক আৰু ৰঙৰ প্রয়োগ তুলনামূলকভাৱে বেছি দেখা যায়। আনহাতে শিশুৰ বাবে বোৱা কাপোৰত সাধাৰণতে গামিক ব্যৱহাৰ নকৰে।
২। তেওঁলোকৰ সাজপাৰত কপাহী সুতাৰ প্ৰয়োগ বেছি। তদুপৰি ঘলুৱাকৈ উৎপাদিত এড়ী সুতা, নুনী সুতা, চুমনী সুতাৰে লোকউৎসৱত বোৱা সাজপাৰ বোৱা দেখা যায়। অৱশ্যে বৰ্তমান বহুজাতিক কোম্পানীৰ পেট্ৰলিয়ামজাত সূতাৰ ব্যৱহাৰ কৰাও পৰিলক্ষিত হয়।
৩। তেওঁলোকৰ সাজপাৰৰ চাহিদা বৃদ্ধি হৈছে। এই বয়ন শিল্পক বিশ্বৰ বজাৰত অক্ষুণ্ণ ৰাখিব পাৰিলে মিচিং সমাজৰ শিপিনীসকলে অর্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ সম্ভাৱনা আছে।
প্ৰসংগ সূচী
1. https: // en.m.wikipedia.org>wiki>Census of India, 2001 date - 05-10-2016
2. https: //en.m.wikipedia.org>wiki> Census of India, 2011. date 05-10-2016 ৩. তথ্যদাতাঃ পৱিত্ৰ কুমাৰ পেগু, নতুন নির্মালি গাঁও, ডিব্ৰুগড় - 20 / 4 / ২০১৫
৪.তথ্যদাতাঃ তৰাৱতী মিলি বড়ি, কে দালুং, জোনাই- ১২, ১৩ /02/2015
৫. টাবুৰাম টাইদ (সম্পা) : মিচিং শব্দকোষ, পৃ. ১৫
৬. তথ্যদাতা - ঊষাৰাণী পেগু, মিগম দঃলুং, জোনাই - ১০, ১১/০২/২০১৫ নাজিতৰা মিলি বড়ি, জোনগাঁও, ডিব্ৰুগড়, ১০/০৪/২০১৬ সবিতা কাৰ্ডং, লেপেটাপাৰা, শোণিতপুৰ, ২১-২৩/02/2015
৭. তথ্যদাতা উল্লিখিত
৮.“মিচিং গাভৰুৰ স্বাৱলম্বীতা” ভৃগুমুনি কাগং : মিচিং সংস্কৃতিৰ আলেখা, (সম্পা.) : ভৃগুমুনি, পৃ.২৬৫
৯. পুষ্প গগৈ, “মংগোলীয় সংস্কৃতিৰ পটভূমিত মিচিং লোককলা”: মিগাং, প্ৰথম বছৰ, প্ৰথম সংখ্যা
গ্রন্থপঞ্জীঃ
(ক) অসমীয়া
কাগয়ুং, ভৃগুমুনি (সম্পা) : মিচিং সংস্কৃতিৰ আলেখ্য, ১৯৮৯, সংশোধিত আৰু পৰিবৰ্ধিত সংস্কৰণ, গুৱাহাটী
দলে, আপেল : মিচিং লোক-শিল্প কলা আৰু সাংস্কৃতিক দর্শন, ১৯৯৮, গুৱাহাটী
পাটৰ, পদ্ম (সম্পা) : জনজাতি সমাজ সংস্কৃতি, ২০০৮, গুৱাহাটী
পায়েং, সদানন্দ: মিচিং জনজাতি সমাজ আৰু সংস্কৃতি, ২০১১, জাগৰণ সাহিত্য প্রকাশ
পেগু নোমল : মিচিংসকলৰ ইতিবৃত্ত আৰু সংস্কৃতি, ২০০০, ভাৰতী প্রকাশন, ডিব্ৰুগড়
পেগু, পবিত্ৰ কুমাৰ: মিচিং সমাজ-সংস্কৃতিৰ ৰেঙণি, ২০১১, কৌস্তুভ প্রকাশন, ডিব্ৰুগড়
ৰাজখোৱা, অজন্তা (সম্পা.): উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীৰ সাজপাৰ আৰু অলংকাৰ বনফুল প্রকাশন, গুৱাহাটী, প্রথম প্রকাশ : ২০১৩
(গ) ইংৰাজী
Dorson, Richard M (ed): Folklore and Folklife, An Introduction, 1982, The University of Chicago Press, Chicago
Lego, Dr. N.: History of the Mishing of Arunachal Pradesh and Assam, 2005, Itanagar
No comments:
Post a Comment