আলি আঃয়ে লৃগাঙলৈ মনত পৰে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, March 1, 2023

আলি আঃয়ে লৃগাঙলৈ মনত পৰে



 আলি আঃয়ে লৃগাঙলৈ মনত পৰে


নির্মল নৰহ


    প্রকৃতিয়ে সদায় চিৰন্তন ৰীতিৰে নিজৰ নিয়ম পালন কৰি আহিছে। বছৰটোৰ মূৰকত ধৰাৰ বুকুলৈ এদিন বসন্ত নামিবই সেয়া চিৰন্তন সত্য। ধৰাৰ বুকুলৈ বসন্ত কাল আহিলেই ফাগুনৰ বা লাগি পছোৱা বতাহ বলিব। ন-কুঁহিপাত মেলিব গছত। ডাল ভৰি শিমলু, মদাৰ, তগৰ আৰু নাহৰ ফুলেৰে জ্যোতিষ্কাৰ হৈ পৰে ধৰাৰ বুকু। সেউজময় হৈ পৰে প্ৰকৃতিৰ চৌপাক। কুলি- কেতেকীৰ হিয়াভঙা বিননীয়ে মানুহৰ মনবোৰক আনন্দৰ জোৱাৰ তুলি বিহুক আদৰাৰ অনুশীলন কৰি বিহু উৎসৱ পালনৰ বাবে প্রস্তুতি চলায়। অতি আদৰৰ বাপতিসাহোন বিহু উৎসৱবোৰ উলহ-মালহেৰে পালন কৰি নিজৰ জাতীয় পৰম্পৰা ৰক্ষা কৰি বিহু উৎযাপন কৰি আহিছে।


 পূর্ব পুৰুষ সকলে পালন কৰি অহা আলি আঃয়ে লৃগাংঃ  তাহানি দিনৰ মিচিং অই নিঃতমবোৰে কৃষিকাৰ্য্যৰ সৈতে জড়িত হৈ অহা স্মৰণীয় দিনবোৰৰ কথা বাৰুকৈয়ে মনত সোৱৰাই দিয়ে। লঃলে নিঃতম গুমৰাগ আৰু লততা চঃমান আমৰাগ নিঃতম বোৰে তাৰেই উল্লেখযোগ্য সৃষ্টিৰ ৰীতি-নীতিৰ নিদৰ্শন সুন্দৰ ৰূপত দাঙি ধৰে।


'মেনজেগ হালৗম লাগিমাং

চঃব হালৗম লাগিমাং

মৗ:নাম অইনম পাঃমৃল কুয়াব তাগলা দবয়ে। '


ভাবার্থঃ

গৰুৰ হালো নালাগে

মহৰ হালো নালাগে

চেনাইধন তোক পালে মই কোৰ মাৰিয়েই খোৱাম।


চহাজীবি মিচিং কৃষক সকলে অতি পৌৰাণিক কালৰ পৰাই খেতি বাতি কৰি কৃষিকৰ্মৰ সৈতে জড়িত হৈ আহিছে তাৰেই সুন্দৰ উপমা আমি পাইছোঁ। তাৰোপৰি লৃগাঙৰ লঃলে নিঃতম বোৰেও আতি আদৰৰ আলি আঃয়ে লৃগাং পালন কৰাক লৈ মনত পেলাই দিয়ে।


'লঃ ললে লংলে লংলে

দাব লংলে ললে লঃলে ল

চিচুগ চুগব বদিয়া

ৰৗঙাম গামব গামব বদিয়া।

য় কচেঙৗম পাঃম চুতকা

অমুম বুলুআ কচেঙৗম পাঃম চুতকা 

লেঃতি দুমলাবৗম লামম চুতকা

অমুম বুলুআ লেঃতি দুমলাবৗম লামম চুতকা '


ভাবার্থঃ

আহা সমনীয়া ডেকা গাভৰু সকল আমি সকলোৱে মিলি সাজি- কাছি

লৃগাংৰ বতৰত গুমৰাক নৃত্য নাছো আহা ।


অতি আদৰৰ আলিয়াই লৃগাংক প্ৰতি বছৰে পালন কৰাৰ দৰে এই বছৰো পালন কৰাৰ মানসিকতাৰে সকলো ৰাইজক আহ্বান জনাই ভাষাচার্য টাবুৰাম টাইদে তেখেতৰ 'লৗকদা লৃগাঙ' নামৰ কবিতাত এইদৰে লিখি গৈছে -


'গুমৰাগ গুমৰাগ কেকনৗলৗ গুমৰাগ 

গুমৰাগ গুমৰাগ কেকনচৗ গুমৰাগ 

বৰনৈ গুমৰাগ অবনৰি গুমৰাগ 

দঃমৃৰৗ অৗচাৰৗ গুমৰাগ ৰাগ'


ভাবার্থঃ

'গুমৰাগ গুমৰাগ ইপাৰতো গুমৰাগ 

গুমৰাগ গুমৰাগ সিপাৰতো গুমৰাগ

বতাহে ধুমুহাই গুমৰাগ ৰাগ'


    সেই যে চিৰ যুগমীয়া, চিৰসেউজ লঃলে নিঃতমবোৰে মিচিং ডেকা-গাভৰু তথা য'ত আমাৰ মিচিং ৰাইজ অথবা ৰঙাম আছে সকলোকে একে লগে মিলি আনন্দৰে নৃত্য-গীত কৰিবলৈ আহবান জনাইছে গীতৰ জড়িয়তে। মিচিং সমাজৰ গাঁৱে গাঁৱে বৰনৈ, অৱনৰিৰ নৈৰ পাৰে পাৰে যেতিয়া ঢুলীয়া সকলৰ ঢুলৰ ছেৱবোৰ শুনাৰ লগে লগে নাচনী হতৰ গাত তৰণি নাইকীয়া হৈ পৰে।

    আলি আঃয়ে লৃগাঙৰ প্ৰস্তুতিঃ মাঘ বিহুৰ উমৰ মেজি জ্বলোৱাৰ পিছৰ পৰাই মিচিং লোক সকলে নিজৰ নিজৰ গাঁও সমূহত চাই মদ সিজাবলৈ আৰম্ভ কৰে। প্ৰতি ঘৰৰ পৰা ঘৰ মূৰীয়া চান্দা উঠাই আলি আঃয়ে লৃগাং উৎসৱ-পালনৰ পূৰ্ণ যো- জা চলায়। মিচিং মানুহ বিলাকৰ এনেহেন হেঁপাহৰ আলি আঃয়ে লৃগাং উৎসৱটি পূৰ্বৰ পৰা আজি কোপতি ধাৰাবাহিকতাৰে স্বকীয় বৈশিষ্ট পৰম্পৰা ৰীতি নীতি ৰক্ষা কৰি পালন কৰি আহিছে। আৰু অনাগত দিনবোৰতো আৰু অধিক উৎচোকতাৰে নৱ-প্ৰজন্ম সকলে নিজস্ব সংস্কৃতিক ধৰি ৰাখি পালন কৰি যাব বুলি আমাৰ দৃঢ় বিশ্বাস।

     আলি আঃয়ে লৃগাঙত চৰকাৰে দিয়ক চৰকাৰী বন্ধঃ আলি আঃয়ে লৃগাঙৰ বতৰ অহাৰ লগে লগে মিচিং মানুবোৰৰ মনবোৰ টৌকি বাথৌ লাগে। কিয় লাগে। বছৰৰ মূৰকত এবাৰ আহে হেঁপাহৰ বিহু আলি আঃয়ে লৃগাং। গাঁৱত নিগাজিকৈ থকা মানুহ বোৰেটো হেঁপাহ পলুৱাই আলি আঃয়ে লৃগাং উৎসৱ পালন কৰিব। কিন্তু গাঁৱৰ পৰা নিলগত গৈ কৰ্ম সূত্ৰে থকা চৰকাৰী চাকৰীয়াল আৰু অন্যান্য কামত জড়িত হৈ থকা ব্যক্তি সকলে চৰকাৰী বন্ধ নাপালে কেনেকৈ বাৰু আপোনৰ ঘৰ আপোনৰ গাঁও খনলৈ আহি আলি আঃয়ে লৃগাং উৎসৱটি পালন কৰিব বা উপভোগ কৰিব। চৰকাৰী বন্ধ নাপালে ঘৰৰ বা গাঁওখনৰ ওচৰত থকা লোক সকলেও আলি আঃয়ে লৃগাং উৎসৱ পালন কৰাৰ পৰা বঞ্চিত হৈ পৰে। তেখেত সকলৰ মনত বৰকৈ মনত পৰে নিজৰ আপোন ঘৰ খনলৈ আপোন গাঁও খনলৈ খুউব মনত পৰে লৃগাঙলৈ। তেখেত সকলৰ মনৰ আশা মনতে বিষাদ বেদনা গধুৰ হৈ থাকিব লগা অৱস্থাও হয়। আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আবেদন মিচিং জাতীয় সংগঠন সমূহে বাৰে বাৰে কৰিছোঁ । আমিও সেই লেখাটিৰ জড়িয়তে অসম চৰকাৰক টানি অনুৰোধ জনাইছোঁ প্ৰতি বছৰে ফাল্গুন মাহৰ প্ৰথম বুধবাৰৰ দিনা খনৰ পৰা আলি আঃয়ে লৃগাং পালন কৰিব পৰাকৈ চৰকাৰী বন্ধ ঘোষণা কৰা হওক । অন্যথা আমাৰ মিচিং জনজাতীয় লোক সকলে। বাপতিসাহোন অতি হেঁপাহৰ লৃগাং উৎসৱটি মিলা প্ৰীতিৰ মাজত একে লগে উদযাপন কৰাৰ পৰা বঞ্চিত নহয় ।


    সংকল্পঃ ভাৰত তথা অসম দেশ খন নানান জাতি আৰু জনজাতিৰে পৰিপূৰ্ণ এখন বাৰে ৰহনীয়া ভাষা, ধৰ্ম, কৃষ্টি-সংস্কৃতিৰ মিলন ভূমি। ইয়াত সকলো জাতি জনগোষ্ঠীকে সমানে সমানে সুযোগ সুবিধা প্ৰদান কৰি নিজৰ নিজৰ ভাষ, সাহিত্য আৰু সংস্কৃতিবোৰ পালন কৰাৰ সুবিধা দিয়া উচিত। আমি বৰ অসম খনৰ মৰ্যদা তেতিয়াহে পাম। বৰ অসমৰ সঠিক মৰ্যদা পালেহে আমাৰ সকলোৰে ভাষ সাহিত্য আৰু সংস্কৃতিৰ বৰঘৰ খনি শুৱনি হ'ব ।

    আমি পালন কৰি অহা আলি আঃয়ে লৃগাং উৎসৱটি মিলা প্ৰীতিৰ সৰু-বৰ মিলি একেলগে টঙালী বান্ধি থিয় দিলেহে আমাৰ জাতীয় উৎসৱ আলি আঃয়ে লৃগাং এই পৃথিৱীৰ বুকুত জীয়াই থাকিব।


Doksiri দকচিৰি, মাৰ্চ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages