সংস্কৃতিঃ লোক-সংস্কৃতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, December 1, 2022

সংস্কৃতিঃ লোক-সংস্কৃতি



 সংস্কৃতিঃ লোক-সংস্কৃতি

ডাঃ জৱাহৰ জ্যোতি কুলি


    কালছাৰ যাক অসমীয়াত সংস্কৃতি বোলা হয়, শব্দটো মূলতঃ লেটিন ভাষাৰ।

    Colere ৰ পৰা Cultura হৈছে; অর্থ-কৃষিকৰ্ম। সাধাৰণতে মানৱ কৰ্মৰ আৰ্হি আৰু প্রতীক গাঁথনিবোৰ সংস্কৃতিয়ে সামৰাৰ ফলত সেইবোৰে তাৎপৰ্য আৰু গুৰুত্ব লাভ কৰে। সেয়েহে প্ৰতীক আৰু তাৰ অৰ্থৰ ব্যৱস্থা প্ৰণালীৰ যোগেদিহে সংস্কৃতিৰ মূল্যায়ন কৰিব পাৰি। সংস্কৃতিৰ কোনো সীমাৰেখা নাই, ই অলৰভাৱে প্ৰবাহিত আৰু পাৰস্পৰিক প্ৰতিযোগিতাৰে পৰিপূৰ্ণ।

    জীৱন নিৰ্বাহৰ সকলোবোৰ পথ যেনে কলা, বিশ্বাস আৰু অনুষ্ঠান যিবোৰ বহু প্রজন্ম ধৰি এটা গোটৰ লোকৰ মাজত চলি আহিছে তাকেই সংস্কৃতি বোলে। সেয়েহে ইয়াত সামৰি লয় আচাৰ, সাজ-পোছাক, ভাষা, ধৰ্ম, পূজা-পাৰ্বণ, ৰীতি- নীতি, শিক্ষা, বিশ্বাসৰ পৰম্পৰা আৰু কলা।

    নৃ-তত্ত্ববিদসকলে সংস্কৃতি শব্দটো সাৰ্বজনীন মানৱ সামৰ্থ আৰু কৰ্ম উৎসাহ বুজাবলৈ ব্যৱহাৰ কৰে। তেওঁলোকে ভৌতিক আৰু প্ৰতীকৰূপত নিজৰ অভিজ্ঞতাবোৰ শ্ৰেণীকৰণ, নিয়মকৰণ আৰু সংযোগসাধন কৰে। পণ্ডিতসকলে মানুহৰ এই সামৰ্থক ভাব-ভঙ্গীৰ নিৰ্দ্ধাৰক হিচাপে বিবেচনা কৰি আহিছে।

    সংস্কৃতি মানুহৰ শিল্পবিদ্যা আৰু কৰ্ম উৎসাহত সঙ্গীতবিদ্যা, সাহিত্য, খাদ্য, লাইফ ষ্টাইল, চিত্ৰ আৰু ভাস্কৰ্য, নাট আৰু চলচিত্ৰ হিচাপে প্ৰকাশ পায়। সংস্কৃতিত কলা, বিজ্ঞান আৰু নৈতিক ব্যৱস্থা প্ৰণালীক সামৰে।

    বিভিন্ন ধৰণৰ সংস্কৃতিৰ সংজ্ঞাই মানৱ কাৰ্যৰ ভিন্নতা প্রতিফলিত কৰে যিবোৰে সংস্কৃতিৰ বিষয়ে জ্ঞানবুদ্ধি বা মূল্যৰ নিয়ম বান্ধিব পাৰে। সেয়েহে টেইলৰে (১৮৭৪) সংস্কৃতিৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছিল— সংস্কৃতি বা সভ্যতাৰ এক জটিল মিশ্ৰণত জ্ঞান, বিশ্বাস, কলা, সদাচাৰ, আইন, ৰীতি-নীতি আৰু যিকোনো ধৰণৰ সামৰ্থ আৰু অভ্যাস যিবোৰ মানুহে সমাজৰ এজন সদস্য হিচাপে আহৰণ কৰিব পাৰে।

    ২০০২ চনত ইউনেস্কই সংস্কৃতিৰ সংজ্ঞা এইদৰে দিছে—"Culture should be regarded as the set of distinctive spiritual, material, intellectual and emotional features of a society or a social group and that it en- compasses, in addition to art and literature, lifestyles, ways of living together, value systems, tradition and beliefs."

    সংস্কৃতি এক মানসিক বিধি-বিধান। জ্ঞান, প্রতীকমূল্য, বিশ্বাস আৰু ভাব- ভঙ্গীয়েই হ'ল সংস্কৃতিৰ আধাৰ, যিবোৰে মানৱ অনুভূতি আৰু আচৰবোৰত প্ৰভাৱ বিস্তাৰ কৰে। পৰোক্ষভাৱে মানুহৰ আচৰণ, ৰীতি-নীতি, ভাষা, ভৌতিক ৰূপ আদি অধ্যয়নৰ যোগেদি সংস্কৃতিৰ মূল্যায়ন হয়।

    সংস্কৃতিৰ সংজ্ঞা সম্পৰ্কে থকা ভুল ধাৰণাৰ ফলত ইয়াৰ অপপ্ৰয়োগ হয়। সংস্কৃতি এক জীৱন প্ৰবাহ। সংস্কৃতিয়ে সামৰি লয় —

    (১) ভাষাঃ মানুহৰ প্ৰাচীনতম অনুষ্ঠান আৰু ভাব প্রকাশৰ সৰ্বশ্ৰেষ্ঠ মাধ্যম। (২) কলা আৰু বিজ্ঞান : মানুহৰ প্ৰগতিৰ মসৃণ প্রকাশ ।

    (৩) চিন্তাঃ বিশ্বৰ চৌকাষৰ প্ৰতি মানুহৰ নিৰীক্ষণ, বিশ্লেষণ আৰু বোধগম্য পথ।

    (৪) সাত্বিকতাঃ ভাষা আৰু কৰ্মৰে বহু প্রজন্ম ধৰি মানুহৰ অন্তৰ শুদ্ধকৰণৰ বাবে চলি অহা প্রক্রিয়া।

    (৫) সামাজিক কর্মঃ এটা সংস্কৃতিময় সমাজৰ উৎসৱ-পাৰ্বণ আৰু জীৱন- যাত্ৰাৰ বিভিন্ন কাৰ্যৰ সৈতে জড়িত অনুধাৱন।

    (৬) আন্তঃকার্যঃ সামাজিক দিশত মানুহৰ সংযোগ। দিয়া, নিয়া, সন্ধি, পাৰস্পৰিক বুজা-পৰা আৰু আলোচনা আদিক সামৰে।

    এটা সামাজিক গোট অবিকল দৃশ্য, অভ্যাস আৰু তৈয়াৰ কৰা বস্তুবোৰেই সংস্কৃতি। সংস্কৃতি কোনো এটা জাতি বা নৃগোষ্ঠীৰ সৈতে আবদ্ধ হৈ নেথাকে, আমি কেনেদৰে বুজো আৰু পৰস্পৰ কাৰ্য কৰোঁতাৰ ওপৰতহে নিৰ্ভৰশীল।

    এগৰাকী নৃতত্ত্ববিদ মতে জীৱনৰ বাবে প্ৰয়োজনীয় প্ৰত্যেকটো উপাদানেৰে আছে একো একোটি সাংস্কৃতিক অভিব্যঞ্জন। সেইবাবেই সংস্কৃতি বিশ্বজনীন সংস্কৃতি। বিশ্বজনীন হোৱাৰ আন এটা কাৰণ হৈছে মানৱ মন। মানৱ মন বিশ্বজনীন মনৰ ক্ৰিয়া প্ৰতিক্ৰিয়াবোৰ প্ৰায় একেই।

    তলত বিশ্বৰ বিশিষ্ট সংস্কৃতিবিদৰ সংস্কৃতিৰ বিষয়ে দিয়া সংজ্ঞা কেইটামান উল্লেখ কৰা হ'ল।

    (ক) সংস্কৃতি একপ্ৰকাৰ জ্ঞানৰ নীতি আদৰ্শ, য'ত বৃহৎ সংখ্যক লোকে অংশ গ্ৰহণ কৰে।

    (খ) সংস্কৃতি এক যোগাযোগ, যোগাযোগেই সংস্কৃতি।

    (গ) সংস্কৃতি সমাজৰ এক বৃহৎ সংখ্যক জীৱনধাৰা । আচাৰ, বিশ্বাস, মূল্যবোধ আৰু প্ৰতীক যিবোৰক তেওঁবিলাকে বিনাদ্বিধাই গ্ৰহণ কৰি সংযোগ আৰু অনুকৰণেৰে ভৱিষ্যত প্ৰজন্মলৈ ঠেলি দিয়ে।

    (ঘ) সংস্কৃতি একপ্ৰকাৰ যোগাযোগৰ প্ৰতীক। একগোটীয়া কৌশল, জ্ঞান, আচৰণ, মূল্যবোধ আৰু উদ্দেশ্যই সেইবোৰৰ প্রতীক। সেই আদর্শবোৰ তেওঁলোকে বিভিন্ন প্ৰতিষ্ঠানৰ যোগেদি উদ্দেশ্য প্রণোদিতভাৱে জ্ঞান দিয়ে।

    (ঙ) সংস্কৃতি এটা গোটৰ আচাৰ-ব্যৱহাৰ আৰু সেইবোৰ তেওঁলোকৰ অতীতৰ পৰম্পৰা বুলি বিশ্বাস কৰি যুগ যুগ ধৰি এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ প্ৰচলিত হৈ আহিছে।

    (চ) সংস্কৃতি হ'ল মনৰ সংগঠিত কাৰ্যক্ৰমণিকা আৰু সিয়ে বিভিন্ন গোটৰ বৈশিষ্ট্য প্ৰকাশ কৰে।

    (ছ) সংস্কৃতি এটা সামাজিক গোট। অবিকল, দস্তুৰ আৰু লভ্য বস্তুবোৰ বুজায় ।

    (জ) সংস্কৃতি কোনো এটা জাতি বা নৃগোষ্ঠীৰ মাজত সীমাবদ্ধ নেথাকে। আমি কিদৰে পাৰস্পৰিক কাৰ্য আৰু অৰ্থকৰণ কৰোঁ সেইটোৰ ওপৰতে নিৰ্ভৰশীল। 

    (ঝ) সংস্কৃতি হ'ল বহু প্রজন্ম ধৰি এটা মানৱ গোটৰ কষ্টৰ বিনিময়ত আহৰণ কৰা জ্ঞান, অভিজ্ঞতা, বিশ্বাস, মূল্য, ভাব-ভঙ্গী, অভিপ্রায়, ধর্মাধিকাৰ, ধৰ্ম, সময়সাপেক্ষে মত, সম্বন্ধ, বিশ্বব্রহ্মাণ্ড সম্পৰ্কে ধাৰণা, শাৰীৰিক দ্ৰব্য আৰু অধিকাৰ ।

    উইলিয়ামছে যুক্তি দিছে যে, সমসাময়িক সংস্কৃতিৰ সংজ্ঞাবোৰ তলৰ তিনিটা সম্ভাৱনা বা সেইবোৰ সংমিশ্ৰণত পৰে।

   (১) বৌদ্ধিক, আধ্যাত্মিক আৰু সৌন্দৰ্য বোধৰ এটা সাধাৰণ প্ৰক্ৰিয়া। (২) মানৱ নিৰ্দ্ধাৰিত কাল বা এটা গোটৰ জীৱন ধাৰা। (৩) বৌদ্ধিক আৰু এক বিশেষ ধাৰা, বিশেষকৈ কলা কাৰ্য আৰু দস্তুৰ।

    বহু মানুহৰ ওঠৰশ আৰু ঊনৈশ শতিকাৰ আগভাগত ইউৰোপত জিলিকি উঠা সংস্কৃতিৰ বিষয়েহে ধাৰণা আছে। এই ভাব ধাৰণাই ইউৰোপীয়ান সমাজবোৰৰ লগতে বিশ্বৰ চৌদিশে সিঁচৰতি হৈ থকা ইউৰোপীয়ান শক্তি আৰু তেওঁলোকৰ উপনিবেশবোৰৰ মাজত অসমানতা পার্থক্য প্রতিফলিত কৰিছিল। ইয়াত সংস্কৃতিক সভ্যতাৰ লগত চিনাক্ত কৰি প্ৰকৃতিৰ বিপৰীত ফালে নিক্ষেপ কৰিছিল। এই সূত্ৰৰ চিন্তা-চৰ্চামতে কিছুমান দেশ আৰু জাতিক অধিক সভ্য আৰু কিছুমানক অন্য সমাজতকৈ অধিক সংস্কৃতিবান বুলি শ্ৰেণীভুক্ত কৰিছিল। কিছুমান সংস্কৃতি মতবাদকে সেয়েহে জনপ্রিয় সাধাৰণ শ্ৰেণীৰ লোকৰ সংস্কৃতিক সংস্কৃতিৰ সংজ্ঞাৰ পৰা আঁতৰাব খোজে। মতবাদক Mathew Arnold (1822-1888) সংস্কৃতিক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ চিন্তা আৰু কথা হিচাপে আদৰ কৰে। তেওঁ জনপ্ৰিয় লোক সংস্কৃতিক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ চিন্তা আৰু কথা হিচাপে আদৰ কৰে। তেওঁ জনপ্রিয় লোক সংস্কৃতিক সামাজিক অৰাজকতা বা বিশৃংখলতাৰ বিপৰীতে স্থান দিছিল। এইবাবেই সংস্কৃতি সামাজিক সভ্যতাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু সভ্যতা হৈছে মানৱ স্বভাৱৰ ক্ৰমাগত শিষ্টাচাৰ। Arnold ৰ ভাষাত "Culture being a pursuit of our total perfec- tion by means of getting to know on all the matters which most con- cern us, the best which has been thought and said in the world."

    কার্যতঃ সংস্কৃতিত বাচকবনীয়া বা সর্বোৎকৃষ্ট কাৰ্যাৱলী যেনে মিউজিয়ামত ৰাখিব পৰা শিল্পবিদ্যা বা কাৰুকাৰ্য্য আৰু ক্লাছিকেল সঙ্গীতবিদ্যাসমূহকে উল্লেখ কৰিছিল। সংস্কৃতিবান শব্দই যিসকলৰ সেইবোৰৰ বিষয়ে জ্ঞান তথা কৰ্মত অংশ গ্ৰহণ কৰিব পাৰে তেওঁলোককহে বুজাইছিল। এইবোৰক কেতিয়াবা উচ্চ সংস্কৃতি (High Culture) অর্থাৎ শাসকীয় লোকৰ সংস্কৃতি বুলি জনপ্ৰিয় বা সৰ্বসাধাৰণ লোকৰ সংস্কৃতিৰ পৰা পৃথকীকৰণ কৰিছিল।

    ঊনৈশ শতিকাৰ প্ৰাৰম্ভৰে পৰা কিছুমান সমালোচকে উচ্চ আৰু নীচ সংস্কৃতিৰ পার্থক্যক গ্রহণ কৰিও উচ্চ সংস্কৃতিৰ শিষ্টাচাৰ আৰু অযুক্তিকৰ কুন্ধচ বৃত্তি আৰু অস্বাভাৱিক ক্রমোন্নতি বুলি অভিহিত কৰিছে। সেইবোৰে মানুহৰ বিশুদ্ধ স্বভাৱবোৰত অপৰিচিত আৰু ভিন্নতা আনে। ইয়াৰ ফলতেই কৃষিজীৱি বা শ্রমিক শ্রেণীয়ে পৰিৱেশন কৰা লোকনীতিত পোৱা যায় জীৱন প্ৰবাহৰ আন্তৰিক স্বাভাৱিক প্ৰকাশ কিন্তু ক্লাছিকেল গীতবোৰ হয় তৰঙ্গুৱা আৰু পতনশীলতা। এই দৃষ্টিভংগী কেতিয়াবা আদিম আদিবাসীসকলৰ প্ৰকৃত আৰু নিষ্কলঙ্ক জীৱনধাৰা প্ৰকাশ পায় যিসকলৰ মাজত পশ্চিমীয়া উচ্চ তপযুক্ত ধনবানসকলৰ দ্বাৰা বেমেজালি আৰু দূষিতকৰণ হোৱা নাই ।

    বর্তমান সমাজবিজ্ঞানীসকলে সংস্কৃতিৰ একমাত্ৰ মূল বিষয় (Monadic) আৰু প্ৰকৃতিৰ বিৰুদ্ধে সংস্কৃতি এই ধাৰণাবোৰ অগ্ৰাহ্য কৰি কৈছে— সর্বোৎকৃষ্ট সংস্কৃতি এটা বিশেষ শাখাহে।

    বিশ্বৰ আঞ্চলিক সংস্কৃতি গঢ় লয় জাতি, নৃগোষ্ঠী আৰু বৃহত্তৰ আঞ্চলিক তাৰতম্যৰ বাবে। সংস্কৃতিৰ মিল ভৌগোলিক সীমামূৰীয়া অঞ্চলবোৰত হয়। বহুতো আঞ্চলিক সংস্কৃতি পাৰস্পৰিক সংস্পৰ্শত বিশেষকৈ উপনিবেশ, ব্যৱসায়-বাণিজ্য, প্ৰব্ৰজন, সংবাদ মাধ্যম আৰু ধৰ্মৰ দ্বাৰা প্ৰভাৱিত হয়। সংস্কৃতি গতিশীল আৰু পৰিৱৰ্তনশীল সেইবাবে বাহিৰা প্ৰভাৱ আহৰণ কৰি সেইবোৰ পৰিৱৰ্ত্তিত পৰিবেশ আৰু টেকনলজীৰে খাপ খুৱায়। সেয়েহে সংস্কৃতি যোগাযোগৰ ওপৰতো নিৰ্ভৰশীল। স্থানীয় সংস্কৃতিয়ে নৱ-যোগাযোগ আৰু পৰিবহণৰ মাধ্যমেৰে মানুহৰ চলন আৰু ভাবধাৰাক দ্ৰুত কৰি তোলে।

    ১৯ শতিকাৰ শেহৰফালে নৃতাত্ত্বিকসকলে সংস্কৃতি শব্দটো বহুল সংজ্ঞাৰে অধিক সমাজক সামৰিবৰ বাবে গ্ৰহণ কৰে। ক্রমবিকাশ সূত্ৰক মনোযোগ দিও নৃতাত্ত্বিকসকলে ধৰি লৈছিল যে সকলো মানৱ জাতিয়েই সমানভাৱে বিকাশ লাভ কৰিছে আৰু সেয়েহে সকলো মানৱ জাতিৰে সংস্কৃতিবোৰ মানুহ ক্ৰমবিকাশৰ ফলহে।

    ১৯৫০ চনত বৃহত্তৰ সংস্কৃতিৰ ভিতৰত নিৰ্দিষ্ট বৈশিষ্ট্য সম্পন্ন গোটবোৰক উপ-সংস্কৃতিৰ শাৰীত সমাজতত্ত্ববিদসকলে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিল। সংস্থা বা কৰ্মক্ষেত্ৰত নিদিষ্ট আৰু সৰলভাৱে নিয়োগৰ ক্ষেত্ৰত জনপ্ৰিয় কৰ্পৰেট কালচাৰ কুৰি শতিকাতেই দৃষ্টিগোচৰ হৈছিল। এই উপ-সংস্কৃতি গোটৰ লোকৰ বয়স, গোত্ৰ বা বংশ, নৃগোষ্ঠীয়, শ্রেণী বা লিঙ্গভেদে নির্দ্দিষ্ট ৰূপত বেলেগ হ'ব পাৰে। এটা উপ-সংস্কৃতিৰ মৰ্যাদা নির্ণয় কৰোঁতে তেওঁলোকৰ সৌন্দৰ্যবোধ, ধৰ্মীয়, জীৱিকা, ৰাজনৈতিক, যৌন বা এইবোৰৰ সংমিশ্রণে প্ৰভাৱ বিস্তাৰ কৰে।

    Antony P. Chohen (1985) এ লিখিছে, প্রতীকী ব্যাখ্যা বা বাহ্যিক শোভাই সামাজিক কর্মীসকলক তেওঁলোকৰ মাজত যোগাযোগ আৰু বুজা-পৰাৰ মাধ্যম হিচাপে কাম কৰে। প্ৰতীকে সংস্কৃতিয় চিন্তাৰ সম্যক ধাৰণা দিব পাৰে। এটা সংস্কৃতি গোটৰ লোকসকলে সেই প্রতীকবোৰৰ ওপৰত ভিত্তি কৰিয়েই তেওঁলোকৰ চিন্তা- ভাৱনা আৰু প্ৰকাশভঙ্গীবোৰ বোধগম্য হোৱাকৈ সাজি দিয়ে। চমুকৈ ক'বলৈ গ'লে প্রতীকে সম্ভাৱনাৰ পুনৰুদ্ভৱ আৰু পাঠৰ যোগ্য কৰি তোলে।

    লোক সংস্কৃতি (Folklore) শব্দটো সৰ্বপ্ৰথমে গঢ় দিছিল উইলিয়াম থমচ্ নামৰ বৃটিছ প্ৰত্নতত্ত্ববিধগৰাকীয়ে ১৯৪৬ চনত। জার্মান লেখক GV. Herder এ সর্বপ্রথমে লোক-সম্পদবোৰ চিন্তা-ভাৱনাৰে সংগ্ৰহ আৰু সংৰক্ষণৰ ব্যৱস্থাৰ বাবে আগবাঢ়ি আহিছিল। জার্মান লোকসকলৰ প্ৰকৃত উদ্যম, পৌৰাণিক পৰম্পৰাক চিনাকি দিয়াই আছিল তেওঁৰ মুখ্য উদ্দেশ্য।

    ঊনৈশ শতিকাৰ "Ideology of Romantic Nationalism" ৰ অংশ হিচাবে লোক-সংস্কৃতিৰ ধাৰণাই বিকাশ লাভ কৰিছিল। ফলত পৌৰাণিক পৰম্পৰাবোৰ আধুনিকীকৰণ কৰাৰ পথ খোল খাইছিল। কুৰি শতিকাতহে জাতি বিজ্ঞানীসকলে সকলো ধৰণৰ ৰাজনৈতিক চিন্তা-ভাৱনাৰপৰা আঁতৰি লোক-সংস্কৃতিবোৰ লিখিত ৰূপ দিয়াৰ বাবে কাৰ্যপন্থা হাতত লৈছিল।

    লোক-সংস্কৃতিৰ অভিধানিক অর্থই প্ৰকাশ কৰে যে, ই হ'ল (১) মুখবাগৰি অহা মানুহৰ পৌৰাণিক বিশ্বাস, কথা বা বিৱৰণ, সাধুকথা আৰু দস্তুৰ, (২) লোকজ্ঞান আৰু সংস্কৃতিৰ তুলনামূলক অধ্যয়ন। ইয়াক Folkloristics বুলিও কোৱা হয় ।

    লোক সংস্কৃতি হ'ল পৌৰাণিক কলা, সাহিত্য, জ্ঞান আৰু দস্তুৰ, যিবোৰ সাধাৰণতে মৌখিক আৰু প্ৰদৰ্শনৰ যোগেদি বিস্তাৰ লাভ কৰে। প্ৰতিটো গোটৰ লোকৰ নিজস্ব পৰিচায়ক বোধ পৌৰাণিক পৰম্পৰা থাকে যিবোৰ তেওঁবিলাকে বিশ্বাস, কর্ম, পাৰ্গতালি, কথোপকথন নির্মাণ আৰু লোককথাৰে ইজনে-সিজনৰ লগত আদান-প্রদান কৰে। বিশ্বাসৰ ভিতৰত গুটি সিঁচা, পৰিয়ালৰ পৌৰাণিক পৰম্পৰা, বিশ্বৰ অন্যান্য উপাদানবোৰ, পাৰ্গত কামত ঘৰ নিৰ্মাণ, ৰোগৰ চিকিৎসা, কৃষি পদ্ধতি, কৰ্মৰ ভিতৰত নৃত্য, গীত-মাত, কাপোৰ চিলোৱা, নির্মাণ কামত ছবি অঁকা, অংকন, কাঠত কটা চিত্ৰ আৰু লোককথাত ব্যক্তিগত অভিজ্ঞতা, ফকৰা, সাঁথৰ, সাধু, গীত আদি সন্নিৱিষ্ট। ওপৰত উল্লেখ কৰা ভাগবোৰত কোনো ধৰণৰ বন্ধা সীমাৰেখা নেথাকে।

    লোক-সংস্কৃতি শব্দই বৃহৎ পৰিসৰ আৰু গভীৰ তাৎপৰ্যপূৰ্ণ সংস্কৃতিৰ দিশ বুজায়। এই জটিল বিষয়টো অনুধাৱন কৰি লোক-সংস্কৃতিৰ সাধকসকলে দিয়া সংজ্ঞাৰো পৰিসৰ ভিন্ন। সেয়েহে কোনো ধৰণৰ সংজ্ঞাই লোক সংস্কৃতিৰ বিষয়ে পূৰ্ণতা প্ৰকাশ কৰিব নোৱাৰে। এজন লোক-সংস্কৃতিৰ সাধকে তেওঁৰ জ্ঞান, আগ্রহ যিকোনো এটা বিষয়ৰ ওপৰত আৱদ্ধ ৰাখি সেই বিষয়েহে মানুহক অধিক আকর্ষিত কৰিব বিচাৰে।

    লোক-সংস্কৃতি হৈছে সংস্কৃতিৰ প্ৰকাশভংগী, গীত, নৃত্য, কাহিনী, ফঁকৰা, জনপ্রিয় বিশ্বাস, ৰীতি-নীতি যিবোৰ এটা গাইগুটীয়া সমাজৰ পৌৰাণিক পৰম্পৰা হিচাবে চলি আহিছে আৰু সেই আদৱ-কায়দাবোৰ এটা প্ৰজন্মৰপৰা পিছৰটোলৈ বাগৰি আহে বিভিন্ন ধৰণৰ প্ৰকাশভংগীৰ যোগেদি।

    তলত বিশ্বৰ বিশিষ্ট লোক-সংস্কৃতিবিদসকলৰ এই বিষয়ে দিয়া সংজ্ঞা উল্লেখ কৰা হ'ল। ইয়াত এটা কথা লক্ষ্য কৰা যায় যে সংজ্ঞা আৰু বৰ্ণনাবোৰে লোক- সংস্কৃতিৰ বিষয়ে থকা পুৰণি ধাৰণাটো প্ৰত্যাহ্বান জনাইছে যিবোৰত লোক-সংস্কৃতিক পুৰণি, পুৰণি ফেচন, গাঁৱলীয়া, খেতিয়ক, অশিক্ষিত, অসত্য বা মৃতপ্রায় বুলি বৰ্ণনা কৰিছিল। যদিও লোক-সংস্কৃতিয়ে অতীতৰ মানুহৰ লগত যোগসূত্র স্থাপন কৰে তথাপি সিয়েই বর্তমান জীৱনৰ কেন্দ্ৰ আৰু সমগ্ৰ বিশ্বৰ সংস্কৃতিৰ প্ৰাণকেন্দ্র ।

    বেঞ্জামিন এ. বটকিন (১৯৩৮)ঃ লোক সংস্কৃতিৰ আবৰ্তত পৌৰাণিক বিশ্বাস, ৰীতি আৰু প্ৰকাশভংগী মুখে মুখে বাগৰি আহে। প্ৰতিটো ভাগকে সামূহিক লক্ষ্য আৰু উদ্দেশ্যৰে শিক্ষিত, অশিক্ষিত, চহৰীয়া, গাঁৱলীয়া নির্বিশেষে লোক-সংস্কৃতিয়ে বান্ধি ৰাখে ।

    ডান বেন এমচ (১৯৭২)ঃ লোক সংস্কৃতি হ'ল মানুহৰ সৰু সৰু গোটবোৰক সংযোগকাৰী এটা কলা ।

    জেন ব্রুনভান্দ (১৯৭৮) ঃ লোক সংস্কৃতিয়ে মানুহৰ অলিখিত পৌৰাণিক পৰম্পৰা সামৰি লয়। আকৰ, অৰ্থ, ষ্টাইল, সংযোগ আদিৰে পৰম্পৰালৈ বাগৰি আহে। ইয়াত সকলো ধৰণৰ জ্ঞান, বুজাপৰা, মূল্যবোধ, ভাব-ভঙ্গী, অনুভৱ, ধাৰণা আৰু বিশ্বাস পৌৰাণিক পৰম্পৰাৰ ৰূপত চলি আহিছে।

    এডৱাৰ্ড দি, ইভচ (১৯৭৮) : এটা গোটৰ সংস্কৃতি বা উপ-সংস্কৃতিক তেওঁ লোকৰ বাহিৰে কোনো ধৰণৰ গীত, কাৰ্য্যকৰণ বা সৃজন কৰ্মই সঠিক ৰূপত বুজাব নোৱাৰে।

    বাৰে টক্কেন (১৯৭৯)ঃ পৌৰাণিক পৰম্পৰাবোৰ অতীতৰ কোনো স্থিৰ অপৰিৱৰ্ত্তনশীল শক্তি নহয়, বৰঞ্চ সেইবোৰ আগৰ পৰা চলি অহা ভৌতিক সংস্কৃতি আৰু ইচ্ছাধীনতাৰ ওপৰত নিৰ্ভৰশীল। পৌৰাণিক পৰম্পৰা কোনো ব্যক্তিবিশেষৰ আৱিষ্কাৰ নহয়, চলি অহা ধাৰাহে। লোক-সংস্কৃতিৰ গতিশীলতাক প্ৰচলিত ষ্টাইল আৰু পৰিপুষ্টিৰে বস্তুবোৰ শিল্পীয়ে নিজস্ব ব্যক্তিত্বৰে নিখুঁতভাৱে সুন্দৰকৈ শক্তিশালী ৰূপত প্ৰকাশ কৰে। সময় আৰু যুগৰ পৰিৱৰ্ত্তিত ধাৱমান গতিত কিছুমান পৰম্পৰা ভৌগোলিক সীমাৰেখা অতিক্ৰম কৰি জনপ্ৰিয়তা লাভ কৰে। কৌতুক, সৌভাগ্যৰ বিশ্বাসবোৰ দুৰন্ত গতিত পৰিধিৰ বাহিৰ হয়।

    উইলিয়াম এ. উইলচন (১৯৮৮)ঃ নিশ্চিতভাৱে শিক্ষাৰ কোনো শাখাই আমাক অতীতৰ সংস্কৃতিৰ বিষয়ে সংযোগ সাধন কৰিব নোৱাৰে। কোনো শাখাই সংস্কৃতিয়ে আন্তঃসম্পর্কক লৈ ইমান চিন্তিত নহয়, কোনো শাখাই মানৱ জাতিক আৱিষ্কাৰৰ বাবেও আগ্রহী নহয়। সেয়েহে লোক-সংস্কৃতি বিষয়ক অধ্যয়নে মানৱ সমাজৰ কাঠামু নিৰ্ণয়, তথা মানৱ অস্তিত্বৰ বাবে এক অৱশ্যে কৰ্ত্তব্য যাৰ ফলত জ্ঞানৰ এই শাখাই মনুষ্যত্ব অধ্যয়নত বিশেষ গুৰুত্ব লাভ কৰিছে।

    হেনৰি গ্লাচি (১৯৮৯)ঃ লোক-সংস্কৃতি পৌৰাণিক । ইয়াৰ কেন্দ্ৰ অৱলম্বন। পৰিৱৰ্তন হয় ধীৰ-স্থিৰ গতিৰে। লোক-সংস্কৃতিৰ পৰিৱৰ্তনশীল পৰম্পৰা বৰ্তি থাকে সেইবোৰ পালন কৰোঁতাৰ হাতত। তেওঁলোকেই সেইবোৰ মনত ৰখা, পৰিৱৰ্ত্তন বা পাহৰি যোৱাৰ বাবে দায়বদ্ধ। প্রচলিত নিয়ম অনুসৰি লোক-সংস্কৃতি সাধকে এই বিষয়ক প্রকাশিত সংজ্ঞাবোৰৰ উদ্ধৃতি দি নিজৰ মতামত ব্যক্ত কৰে; ফলত লোক-সংস্কৃতিৰ সংজ্ঞা হয় অগণন। কিন্তু সকলোবোৰ সংজ্ঞাই ব্যক্তিবিশেষৰ নিৰ্মাণ আৰু সামূহিক ক্ৰমৰ এক চলন্ত সমাজ প্ৰদান কৰে । লোক-সংস্কৃতি সাধকৰ আন এটা সংজ্ঞা তলত তুলি দিয়া হ'ল—

    "Folklore is common to all people. Understanding, appreciat- ing and sharing another cultures Folklore transcends race, colour, class and creed more effectively than any other single aspect of our lives and as an element of our past and present society, it is some- thing we can all relate to its value. Its no less than any other part of our history and heritage and as such must be documented and pre- served as a legacy for our future."

    এইটো কোৱাৰ পিছত ক'ব পাৰি যে লোক-সংস্কৃতিৰ বিষয়ে সংলাপ বা চুটি সংজ্ঞা নিৰূপণ কৰাটো অসম্ভৱ।

   লোক-সংস্কৃতিৰ ভাগ চাৰি প্ৰকাৰৰ— শিল্প বিদ্যা, লোক সাহিত্য, সংস্কৃতি আৰু আচাৰ ৰীতি। এই ভাগবোৰ স্বতন্ত্ৰ ৰূপত বৰ্তি নেথাকে। ইটোৱে-সিটোৰ পৰিপূৰক। কেতিয়াবা এটা বিশেষ শাখাই বা উপাদানে ততোধিক ভাগত খাপ খাই পৰিব পাৰে।

  লোক-সংস্কৃতিত কেতিয়াবা ধর্মীয় বা ৰহস্যময় অতীন্দ্রিয় উপাদানো থাকিব পাৰে বা দৈনন্দিন জীৱনৰ সাংসাৰিক দিশবোৰো আহিব পাৰে। কেতিয়াবা লোক- সংস্কৃতিক পৌৰাণিক কল্পিত কথাৰ লগত একেলগ কৰা দেখা যায়।

    কেতিয়াবা লোক-সংস্কৃতিৰ স্বভাৱ ধৰ্মীয় হয়। ধৰ্ম-কৰ্ম পদ্ধতি, ধাৰা বা সীমিত পৰিয়ালত পালন হ'লেও লোক-সংস্কৃতিয়ে সামৰি লয়

    অন্যহাতেদি লোক-সংস্কৃতি কোনো পবিত্ৰ বা ধৰ্মীয় আদর্শ নথকা ৰংচঙীয়া গঢ় সঠিক বর্ণনাতো ব্যৱহাৰ কৰিব পাৰি।

    সমসাময়িক সাধাৰণ উপাখ্যানসমূহত পশ্চিমীয়া দেশত নগৰীয়া সাধুকথাবোৰো সামৰি লয়। বহুধাবিভক্ত লোক-সংস্কৃতিৰ বিষয়ে প্রায় মানুহৰ বিশেষ ধাৰণা নাই। সাঁথৰ, শিশুগীত আৰু ভূতৰ কাহিনী, গুজব, কথাৰ মহলা মৰা, বন্ধদিনৰ ৰীতি, জীৱন শাস্ত্ৰাভিমত বিধিবিধান আদিও লোক-সংস্কৃতিৰে একো একোটা অংশ ।

    লোক-সংস্কৃতিয়ে সংস্কৃতিক দৃঢ়তা প্ৰদান কৰি ইয়াৰ নীতি আৰু মূল্যবোধ প্ৰচাৰ কৰে। ইয়াক কেতিয়াবা সামাজিক হেঁচা দৃঢ় বা শিথিল কৰিবলৈকো প্রয়োগ কৰে, বিশেষকৈ ধেমেলীয়া আৰু ভোজ উৎসৱ অনুষ্ঠানত তদুপৰি লোক-সংস্কৃতি সাধকে স্বাস্থ্য, অলৌকিক, ধৰ্মীয় আৰু ৰাজনৈতিক বিশ্বাসবোৰ খোলোচা সংস্কৃতিৰ অপৰিহাৰ্য্য অংশ বুলি অধ্যয়ন কৰে। সকলো সংস্কৃতিকেই লোক-সংস্কৃতিৰ অৱদান আছে। কিছুমান লোকে লোক-সংস্কৃতিৰ অধ্যয়ন তেওঁলোকৰ জীৱনগাঁথাৰ এটা প্ৰধান কৰ্ম বুলি ধৰি লয় আৰু সেইমতে লোক-সংস্কৃতিসাধকে বিভিন্ন স্বাদৰ পুথি তেওঁলোকৰ ঘৰৰ পুথিভঁড়ালত ৰাখে। সেই পুথিবোৰক লোকসাধু প্রতিলিপি, জনপ্ৰিয় পৌৰাণিক কাহিনীৰ বৰ্ণনা আৰু কেনেকৈ আধুনিক সমাজ জীৱনত এইবোৰে কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিছে সেই বিষয়ে বৰ্ণনা কৰা থাকে।

 বিভিন্ন সংস্কৃতিৰ লোক-সংস্কৃতি আৰু লোক-বিশ্বাসবোৰ অবিশ্বাস্যভাৱে নানা তৰহৰ। কিছুমান জীৱ-জন্তু এঠাইত কুলক্ষণীয়াযুক্ত বুলি বিবেচনা কৰিলেও আন এঠাইত সেইবোৰ সৌভাগ্যৰ প্ৰতীক বুলিহে ভাবে। লোক সাধুবোৰো বহু প্ৰকাৰৰ আৰু সেইবোৰে কোনো এঠাইৰ প্ৰাকৃতিক ৰূপবোৰ একত্ৰিত কৰে। কোনো এটা গোটৰ সংস্কৃতিৰ লোক সংস্কৃতিত দৃষ্টিনিবন্ধ কৰিলে তেওঁলোকৰ সংস্কৃতিৰ আমোদজনক কথা বা বিষয় প্রকট হয়।

   পৌৰাণিক মৌখিক পৰম্পৰাবোৰে অবিৰতভাৱে পৰিৱৰ্তনৰ দিশে ধাবিত স্বভাৱৰ কাৰণে সাধুকথাবোৰতো পৰিৱৰ্তন আহে। ফলস্বৰূপে লোক সংস্কৃতিও ক্রমান্বয়ে পৰিবৰ্দ্ধন আৰু পৰিৱৰ্তনৰ ভৌতিক ৰূপ হৈ পৰিছে।




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages