মুৰংঘৰ আৰু তাৎপর্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, December 2, 2021

মুৰংঘৰ আৰু তাৎপর্য

 মুৰংঘৰ আৰু তাৎপর্য

অধ্যাপক ডাঃ জৱাহৰ জ্যোতি কুলি



       মিচিং জনগােষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ প্রাণকেন্দ্র হ’ল মূৰং ঘৰ। মূৰংঘৰ নির্মাণ আৰু ইয়াৰ ব্যৱহাৰ মিচিং সমাজত এক সাতামপুৰুষীয়া পৰম্পৰা। সময়ৰ বিৱৰ্তনত মুৰং ঘৰ নিৰ্মাণ, ব্যৱহাৰ আদিত সীমাবদ্ধতা আহিছে যদিও মিচিংসকলৰ কৃষ্টি সংস্কৃতিৰ এক জীৱন্ত প্রতিচ্ছবি হিচাবে মুৰঙৰ তাৎপৰ্য্য অদ্যপৰিমিত অক্ষুন্ন। 

      বহুতে মূৰংঘৰক ডেকাচাং হিচাবে ক’ব খােজে। এই ডেকাচাং সাধাৰণতে অবিবাহিত ডেকা-ডেকেৰীয়ে বিশেষ সামাজিক সকামত ব্যৱহাৰ কৰে। মিচিংসকলৰ ক্ষেত্ৰত এনেধৰণৰ সীমাবদ্ধতাৰে মুৰংঘৰ ব্যৱহৃত নহয়। ইয়াত নিহিত হৈ থাকে জাতিবােধ লগতে গাঁওখনৰ একতা আৰু বৈচিত্র্য। সামাজিক ধর্মানুষ্ঠানৰ বাহিৰেও ইয়াক ব্যৱহাৰ কৰে উৎসৱ পাৰ্বন, ডেকা গাভৰুৰ বিভিন্ন খেল ধেমালি, নাচ নৃত্য, গান-বাজনা আদিৰ শিক্ষাকেন্দ্র হিচাপেও। তদুপৰি সভাসমিতি তথা বিশিষ্ট ব্যক্তিক মুৰংঘৰৰ চৌহদত আদৰ আপ্যায়ন কৰে। 

       মুৰংঘৰৰ নিৰ্মাণ তথা উৎপত্তি সম্পর্কে সঠিক তথ্য পােৱা নোয়। তথাপি এইকথা নিশ্চিতভাৱে ক'ব পাৰি যে এই সংস্কৃতি মিচিংসকলৰ আপুৰুগীয়া আৰু চিৰন্তন। আদিম অৱস্থাৰ পৰাই মিচিংসকলে মুঘংৰ সংস্কৃতি বহন কৰি আহিছিল বুলি ক'ব পাৰি। 

       মুৰং শব্দৰ উৎপত্তি সম্পর্কেও বিভিন্ন বক্তব্য শুনা যায়। ঠাই উচ্চাৰণৰ কিছু তাৰতম্যত নামকৰণৰ ক্ষেত্ৰত মতান্তৰ থকা দেখা যায়। মুৰং, মঃৰং, মৃৰং আদি বিভিন্ন শব্দ মুৰঙৰ নামত ব্যৱহাৰ হয়। তথাপি সকলােবােৰ শব্দই একে অর্থ আৰু তাৎপর্য বহন কৰে।

       মুৰং সংস্কৃতিৰ পৰিপূৰক আন সংস্কৃতি জনগােষ্ঠীৰ মাজতাে প্রচলিত আছে। ইয়াৰ ভিতৰত উত্তৰ পূব ভাৰতৰ জনগােষ্ঠীৰ মাজত অধিক দেখা যায় আৰু নামকৰণবােৰাে বিভিন্ন। জেমি নগা লােকসকলে যুৱ চাংঘৰক হেংচেউকি আৰু যুৱতী চাংঘৰক লেঅ’চেউকি বুলি কয়। উত্তৰ কাছাৰৰ মাৰ জনগােষ্ঠীৰ লােকসকলে ইয়াক বােদনজল, কাৰ্বি জনগােষ্ঠীয়ে টেংযে বা ফালা, ডিমাচা কছাৰীয়ে নদ্রাং, লালুংসকলে চামাদি, ৰেংমা নগাসকলে ৰেনচি হিচাপে নামকৰণ কৰি আহিছে। অৰুণাচল প্রদেশৰ পাদাম লােকসকলে মঃচুপ বা মুচুপ, মিয়ং সকলে দেঃৰে, মিনালসকলে উপতেগ, বৰিসকলে বাঙে, আচিংসকলে ৰাঙে বুলি কয়। তদুপৰি নিচি আৰু হ্ৰচু জনগােষ্ঠীৰ লােকসকলৰ মাজতাে মুৰং পদ্ধতি প্রচলিত আছে। গালং জনসমাজত ইয়াক ৰাচেং বুলি কোৱা হয়। মুৰং নির্মাণ পদ্ধতি আৰু ব্যৱহাৰিক পদ্ধতি বিভিন্ন জনগােষ্ঠীত বেলেগ বেলেগ হিচাপে ব্যৱহৃত হৈ আহিছে। পাহাৰীয়া লােকসকলে সাধাৰণতে ইয়াক নিশাৰ প্ৰহৰীকেন্দ্র হিচাপে অধিক ব্যৱহাৰ কৰে। কিয়নাে আদিতে বিভিন্ন ফৈদৰ মাজত আক্রমণ আৰু প্রত্যক্রমণ এক নিত্য নৈমিত্তিক ঘটনা হিচাবে ধৰি লৈছিল। সেই হেতুকে আক্রমণ প্রতিৰােধার্থে বা গাঁওবাসীক সজাগ কৰি দিবৰ বাবে ডেকাসকলে পাল পাতি প্ৰহৰীৰ কাম মুৰংঘৰৰ চৌহদত থাকি কৰিছিল। তাৰােপৰি কিছুমান জনগােষ্ঠীৰ মাজত এনে অনুষ্ঠানক শৃংখলাবদ্ধতা, আত্মবিশ্বাস, বিভিন্ন সমৰকৌশল, হস্তশিল্প, নাচগান আদিৰ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰাটো বিশেষ তাৎপর্যপূর্ণ।

      মুৰংঘৰৰ উৎপত্তিৰ আঁতিগুৰি সম্পর্কে বিশেষ একো সঠিকভাবে জনা নাযায়। তথাপি মিকু আংবাঃবােৰত বর্ণিত কিছুমান কথাৰ পৰা এইকথা ক'ব পাৰি যে মূলতঃ অতীতত অন্য জনগােষ্ঠীৰ বিপক্ষে প্রত্যাক্ৰমণৰ বাবে প্ৰহৰী আৰু প্রশিক্ষণত কেম্প হিচাবে মুৰংঘৰ ধাৰণাই গা কৰি উঠিছিল। গতিকে এই কথা নিশ্চিতভাৱে ক'ব পাৰি যে মুৰংঘৰ মিচিংসকলৰ আদি পূর্বপুৰুষসকলৰ দ্বাৰা বহন কৰি অনা এক মূল সংস্কৃতি।

       মিচিং জনসাধাৰণে মুৰংঘৰ নিৰ্মাণ কৰে সাধাৰণতে গাঁওখনৰ কেন্দ্রস্থল বা এমূৰত। এনেঠাই নির্ধাৰণৰ প্ৰথম আৰু প্ৰধান কাৰণ হিচাবে গাঁওবাসী তথা অন্যান্য আলহী অতিথি লােকসকলৰ বাবে যাতায়াত সুচল আৰু সহজে যিকোনােধৰণৰ বার্তা মুৰংঘৰৰ পৰা প্ৰেৰণৰ সুবিধা হােৱাটো। তাৰােপৰি ঠাইডােখৰ আহল-বহল, মুকলি আৰু পৰাপক্ষত কিছু ওখঠাই হােৱাটো প্রয়ােজন। 

       মুৰংঘৰ মূলতঃ এটা চাংঘৰ। মিচিংসকলে সাধাৰণতে বসবাস কৰা চাংঘৰতকৈ মুৰংঘৰ দীঘল আৰু বহল। ইয়াৰ নির্মাণ সম্পূৰ্ণৰূপে কাঠ আৰু বাঁহেৰে হয়। মূল্যবান, পূৰঠ আৰু এক বিশেষধৰণৰ কাঠহে মুৰংঘৰৰ বাবে নিৰ্ধাৰণ কৰে। ইয়াৰ ঘাইখুটা নির্ধাৰণ কৰি ডাঠ হাবি জংঘলৰ পৰা প্ৰথম ঘাপ দিওঁতেও সম্পূর্ণ নীতি নিয়মৰ মাজেদি কৰা হয়। শুভবাৰ, শুভক্ষণ চাই এই শুভকার্য সম্পন্ন কৰে আৰু ইয়াক সংৰক্ষণ কৰে। কাঠটো ঘাইখুটা হিচাবে স্থাপন নকৰালৈকে ইয়াক নীতি নিয়মৰ মাজেদি ৰাখি থয়। ইয়াৰ ওপৰত অশুচি লােকে পাৰহােৱা, চৰাইৰ বিষ্ঠা আদি পৰিবলৈ দিয়া নহয়। তাৰপাছত ইয়াক ভালদৰে চাচি মুৰংঘৰৰ মাজভাগত সমবেত ৰাইজৰ উপস্থিতিত সাধাৰণতে মিবুৰদ্বাৰা স্থাপন কৰে। মিবুৰ অভাৱত গাঁৱৰ জ্যেষ্ঠ মুখিয়ালজনেও এইকাম কৰিব পাৰে।

      মুৰংঘৰ নিৰ্মাণৰ বাবে প্রয়ােজনীয় খুঁটা, চতিৰ বাবে তাপৃদ, তাকিনাং, তালে, তাংন আদি কাঠ নির্ধাৰণ কৰে। সেইবােৰ কাঠত অপায় অমঙ্গলকাৰী প্রেত আদিয়ে ঠাই ল’ব নােৱাৰে বুলি জনবিশ্বাস আছে। এনে কাঠত বিচৰণ কৰে মঙ্গলকাৰী দেৱদেৱতা। 

      পােনপটীয়া মুৰং চাংঘৰৰ কোনাে বেৰ নাই। উন্মুক্ত সকলােফালে। খেৰীচালৰ মুধচত জাপ জাপকৈ বন্ধ থাকে। মুৰংঘৰৰ কোনােফালে টুপ দিয়া নহয়। মূল্যৱান কাঠৰ খুঁটাবােৰ কুন্দত কটাৰ দৰে ঘূৰণীয়াকৈ চঁচা। চহতিবােৰত ফুলকটা আৰু হেঙুলীয়া। তাৰােপৰি অংকিত হয় মিচিং জনগােষ্ঠীৰ সৃষ্টিকর্তা, বিভিন্ন দেৱদেৱী আদিৰ ছবি। ইয়াৰ ভিতৰত দঃঞি (সূৰ্য্য), পঃল (চন্দ্র), তাকাৰ (তৰা), হাতী মচনদাৰী আদিয়েই প্রধান। মুৰংঘৰত উঠিবলৈ দুইমূৰে দুটা জখলা থাকে। জখলাৰ বাবে বাজি কাঠেই উত্তম হিচাবে গণ্য কৰা হয়। মুৰংঘৰ নিৰ্মাণত ব্যৱহৃত হােৱা উত্তম পুৰঠকাঠ, বাঁহবেত আৰু কেইবা তৰপীয়া খেৰীচাল থকাৰ বাবে ই বহুবছৰ ব্যৱহাৰৰ উপযােগী হৈ থাকে।

      উৎসৱ পার্বণৰ সময়ত বিশেষকৈ পঃৰাগ উৎসৱ অনুষ্ঠিত হওঁতে মুৰংঘৰটোৰ লগত কেইবাটাও সজুলি সংযােজিত হয়। ইয়াৰ ভিতৰত দুইমূৰত দুটা বা তাতােধিক জুহাল, ঘাইখুটাৰ লগলগাকৈ এক বৃহদাকাৰৰ আপং ছক্কা সৰ্জুলি তাঃচুক যাক পঃবৰ বুলি কয় আৰু চাংঘৰৰ কাষৰফালে প্রয়ােজন অনুসৰি ছয় সাতটা তাঃচুক পতা হয়। 

      পঃৰাগ উৎসৱত পূজাৰ পুৰােহিত মিবুৱে সাধাৰণতে ঘাইখুটাৰ ওচৰত আসন গ্রহণ কৰি উৎসৱ পৰিচালনা কৰে। মুৰংঘৰৰ চাংটো ইমান সুন্দৰ, মিহি আৰু মজবুতকৈ সজা হয় যে তাত নাচ নৃত্য অবিৰতভাৱে কেইবাদিন পর্যন্ত চলি থাকিলেও একো অনিষ্ট নহয়। তদুপৰি মিচিং সমাজত পঃৰাগ উৎসৱ উদ্যাপনৰ বাবে মুৰং ঘৰ অপৰিহার্য। 

      ইয়াৰ বাহিৰেও গাঁওবাসীৰ বিভিন্ন বিষয় সমস্যাক পৰিচালক দলুং কৗবাং, ডেকা-গাভৰুৰ সংগঠন মিবিৰ য়াঃমে আদিৰ সকলােধৰণৰ সভা, আলাপ আলােচনা, সিদ্ধান্ত মুৰংঘৰতেই অনুষ্ঠিত হয়। গাঁওবাসীৰ লােকসকলৰ সমস্যা যেনে মাটিবাৰীৰ সমস্যা, চোৰ ডকাইতি, সামাজিক অনীতি-বিয়াবাৰুৰ বিষয়ক আদি নিষ্পত্তি মুৰংঘৰতেই হয়। ডেকা-ডেকেৰীয়ে মুৰংঘৰতেই গীত মাত, নাচগান আদি শিকিব পাৰে। গাভৰু ছােৱালীয়ে মুৰংঘৰত তাঁতশাল পাতি কাপােৰকানি বােৱা মেলাও কৰে। আলিয়াই নৃগাং, বিশিষ্ট ব্যক্তিক ৰাজহুৱা সম্বর্ধনা আদি মুৰং ঘৰত সমজুৱাকৈ পাতিব পাৰে। আজৰি সময়ত গৰখীয়া লৰাই মুৰংঘৰত খেল ধেমালিও কৰে। গাঁৱৰ ডেকা লৰাই মুৰংঘৰত বিশেষকৈ গৰম দিনত একেলগে শুই সাধু কথা কয়।

      সময়ৰ বিৱৰ্তনত মিচিং জনগােষ্ঠীৰ কৃষ্টি সংস্কৃতিত অবধাৰিত পৰিবৰ্তনত মুৰং সংস্কৃতিও অপৰিবৰ্তিত হৈ থকা নাই। বিশেষকৈ নির্বাচিত ধৰণৰ কাঠৰ অভাৱত ঠাইবিশেষে ভলুকা বাঁহ বা পকা কোঠাৰ ব্যৱহাৰ অপৰিহাৰ্য্য হৈ পৰিছে। প্ৰৱল অর্থনৈতিক সংকটে এই মুৰং সংস্কৃতিৰ অতীতৰ ধাৰাবাহিকতা ৰক্ষাৰ ক্ষেত্ৰতাে এক প্রত্যাহ্বান হিচাবে থিয় দিছে। নগৰে চহৰে বসবাস কৰা মিচিং লােকসকলেও নিজৰ সংস্কৃতিৰ প্রাণ কেন্দ্র মুৰংঘৰক উজ্জীৱিত কৰি ৰাখিবৰ বাবে পকা খুটা আৰু টিনপাতৰ মুধচ সাজি বেৰ নােহােৱা দীঘল চাংঘৰ নির্মাণ কৰা দেখা গৈছে। আলিয়াই নৃগাং, বিহু, মেলমিটিং পাতিছে। গতিকে মুৰংঘৰ কেৱল মাথাে এখন চাংঘৰৰেই নহয় বৰঞ্চ ই মিচিংসকলৰ কৃষ্টি সংস্কৃতিৰ প্রাণকেন্দ্ৰৰ এক মূর্ত প্রতীক।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages