ভয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, March 5, 2022

ভয়

 


ভয়

মূল: পাবলো নেৰুডা

অনুবাদ: কিশোৰ কুমাৰ দাস



সকলোৱে ব্যায়াম কৰিবলৈ মোৰ পিছে পিছে আহক

দল বান্ধি আহক

ফুটবল খেলক

খৰধৰ কৰক

আনকি সাঁতুৰিবলৈ আৰু উৰা মাৰিবলৈও যাওঁক

নীতি নিয়মৰ মাজত 


সকলোৱে ইয়াক সহজভাৱে ল'বলৈ মোক কৈ আছে

তেওঁলোক সকলোৱে মোৰ বাবে চিকিৎসকৰ এপইণ্টমেণ্ট লয়

প্ৰশ্নবোধক চকুৰে চাই থাকে

হৈ আছে কি? 


সকলোৱে মোৰ পিছতহে লাগি আছে

ভিতৰলৈ আহিবলৈ, যাবলৈ, ভ্ৰমণ কৰিবলৈ নহয়

মৰিবলৈ আৰু বৈকল্পিকভাৱে মৰিবলৈ নহয়

এইটোৱে কোনো ধৰণৰ প্ৰভাৱ নেপেলায়


সকলোৱে অদ্ভূততা দেখিছে 

হতবাক হৈ পৰিছে ৰেডিঅ'ৰ ভয়ানক নক্সাৰ দ্বাৰা

তেওঁলোকৰ সৈতে মই একমত নহয়


সকলোৱে মোৰ কবিতা সন্মুখত লৈ আছে 

তেওঁলোকৰ নিৰলস চুৰি আৰু ফৰ্কৰ সৈতে

কোনো সন্দেহ নাই যে মাখি বিচাৰিবলৈ চেষ্টা কৰি আছে

মই ভয় কৰোঁ


মই গোটেই পৃথিৱীক ভয় কৰোঁ

ঠাণ্ডা পানীৰ ভয়, মৃত্যুৰ ভয়

অইন সকলো নশ্বৰৰ দৰে

নোৱাৰোঁ ধৈৰ্য্য ধৰিব


আৰু সেয়েহে এই চমু পাৰ হৈ যোৱা দিনবোৰত

মই সেইবোৰ বিবেচনা নকৰোঁ

মই নিজকে মনে মনে বন্দী কৰিম 

মোৰ আটাইতকৈ বিশ্বাসঘাতক শত্ৰুৰ সৈতে

নাম যাৰ পাবলো নেৰুডা।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages