নেতৃত্বদানৰ সুযোগ প্ৰদানত আমাৰ কৰণীয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, March 1, 2023

নেতৃত্বদানৰ সুযোগ প্ৰদানত আমাৰ কৰণীয়



 নেতৃত্বদানৰ সুযোগ প্ৰদানত আমাৰ কৰণীয়


নন্দেশ্বৰ মিলি


মানুহ সমাজপ্ৰিয় প্ৰাণী।মানুহে সমাজ পাতি সমূহীয়াভাৱে থাকি ভাল পায়।সামাজিকীকৰণ প্ৰক্ৰিয়াৰ মাজেৰে মানুহে সমাজৰ ৰীতি-নীতি তথা সংস্কৃতিসমূহ অথবা সামাজিক জীৱ হিচাপে লাগতিয়াল সকলোবোৰ বৈশিষ্ট্য আহৰণ কৰে। মানুহে সমাজৰ সেইবোৰ বৈশিষ্ট্য অনুকৰণৰ জৰিয়তে আৰ্জন কৰে। গতিকে সমাজখনে সুচাৰুৰূপে পৰিচালিত হ'ব পৰাকৈ কিছু নীতি-নিয়ম,অনুশাসন আদিৰ প্ৰয়োজন হয়।সেই নীতি- নিয়মসমূহ সকলোৱে মানি চলিলে সমাজখন সুন্দৰ আৰু সুচাৰুৰূপে পৰিচালিত হয়।গতিকে সেই নীতি-নিয়ম তথা সমাজৰ বিভিন্ন সমস্যাসমূহক চোৱাচিতা কৰিবৰ বাবে বহুতো নেতৃত্ব ল'ব পৰা ব্যক্তিৰ প্ৰয়োজন হয়।তেওঁলোকে সমাজৰ অন্য লোকসকলৰ পথ-প্ৰদৰ্শক আৰু দিগদৰ্শকৰ ভূমিকা পালন কৰে।

নেতৃত্ব গুণ এক অতি শ্ৰেষ্ঠ গুণ।সেই গুণে মানুহক নেতৃত্ব ল'ব পৰাৰ সুবিধা দিয়ে।যাৰ দ্বাৰা আমাৰ সমাজখনক এক নতুন দিশত দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হয়।নেতৃত্ব গুণেৰে আমি শিশুসকলক বিকশিত কৰাটো অত্যন্ত প্ৰয়োজনীয় কথা।সেইবোৰ দিশ বিকশিত হ'লে ভৱিষ্যৎে শিশুবোৰে সু-নাগৰিক আৰু দায়িত্বশীল নাগৰিক হৈ উঠিব।নেতৃত্বদান আমাক সকলো দিশতে লাগে।অকল ৰাজনৈতিক দিশত হ'লেই নহ'ব।সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আদি সকলো দিশতে দৰকাৰ।নেতৃত্বদানে আমাৰ সমাজখনক উন্নতিৰ জখলাত আগৱঢ়াই লৈ যাব।নেতৃত্ব গুণ আৰ্জিত হয়।শিক্ষা-দীক্ষা আৰু উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে নেতৃত্ব গুণৰ বিকাশ সাধন কৰিব পাৰি।সৰু কালৰেপৰাই শিশুবোৰৰ তেনে গুণ বিকাশৰ ক্ষেত্রত লক্ষ্য ৰখাটো দৰকাৰ।
নেতৃত্বদান বিকাশৰ বাবে উপযুক্ত মঞ্চ এখন প্ৰদান কৰিব পৰাটো সকলোৰে দায়িত্ব আৰু কৰ্ত্তব্য ।প্ৰকৃত নেতৃত্ব প্ৰদান কৰি সমাজখনক যাতে আগুৱাই লৈ যায় তেনে ব্যক্তিত্ব অধিকাৰী ব্যক্তিক চিনাক্তকৰণ কৰি তেওঁক উপযুক্ত শ্ৰদ্ধা-সন্মান সহকাৰে প্ৰতিষ্ঠা কৰাত গুৰুত্ব দিব লাগিব।তেনে  উপযুক্ত ব্যক্তিৰ কামে-কাজে বা পদক্ষেপে সমাজ তথা দেশখনক উপকৃত কৰিবলৈ সক্ষম হ'ব।
নেতৃত্ব প্ৰদান কৰিব লগা ব্যক্তিৰ ব্যক্তিত্ব শক্তিশালী হোৱাটো দৰকাৰ।তেওঁৰ ব্যক্তিত্ব মোহনীয় আৰু সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাটো খুবেই জৰুৰী।তেওঁৰ স্বভাৱ-চৰিত্র, চিন্তাধাৰা সকলোৰে বাবে আদৰ্শনীয়,অনুকৰণীয় হ'ব লাগিব। তেওঁ অন্য ব্যক্তিৰ ওপৰত প্ৰভূত্ব স্থাপন কৰিব পৰা গুণ থকাটো দৰকাৰ।তেওঁৰ সামাজিক-সাংস্কৃতিক দিশতো এক উল্লেখযোগ্য জ্ঞান আৰু দক্ষতা থাকিব লাগিব।
নেতৃত্ব প্ৰদান কৰা ব্যক্তিসকলে আন ব্যক্তিসকলক অভিপ্ৰেত কৰি তুলিবলৈ সক্ষম হ'ব লাগিব।তেওঁলোকে তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি নিষ্ঠা সহকাৰে কৰিবলৈ সুযোগ প্ৰদান কৰিবলৈ সক্ষম কৰি তুলিব লাগিব।সকলোৰে লগত মিলিজুলি থাকিব পৰাকৈ আৰু সহায়-সহযোগিতা আদায় কৰিব পৰাকৈ যোগ্যতা অৰ্জন কৰিব লাগিব।
নেতৃত্ব প্ৰদান কৰা ক্ষমতা সকলো ব্যক্তিৰে অৱশ্যে নাথাকে। গতিকে যিসকল ব্যক্তিৰ তেনে ক্ষমতাৰ অধিকাৰী তেওঁলোক অন্য ব্যক্তিত্বতকৈ তুলনামূলকভাৱে বেছি সৌভাগ্যশালী বুলি ক'বই লাগিব। কাৰণ তেওঁলোকৰ অন্ততঃ আন ব্যক্তিসকলক পথ-প্ৰদৰ্শক কৰিব পৰা ক্ষমতাখিনি আছে। তেনে ব্যক্তিসকলক কোনোবাই জোৰ কৰি নেতা পাতি দিয়াৰ দৰকাৰেই নাথাকে।তেওঁলোকৰ নিজস্ব সন্মোহনী গুণেৰে সকলোকে মোহিত কৰিবলৈ সক্ষমতা থাকে।
নেতৃত্বদান কৰা মানুহৰ বহুকেইটা গুণ থকাটো দৰকাৰ। তেওঁলোকে চিন্তা আৰু সিদ্ধান্ত গ্ৰহণ কৰিব পৰা ক্ষমতা , যুক্তিসহকাৰে যিকোনো মন্তব্য প্ৰদান,আদৰ্শনীয় ব্যক্তিত্ব আদিৰ দৰকাৰ।কাৰণ তেওঁলোকে গ্ৰহণ কৰা চিন্তা- আদৰ্শবোৰেই সমাজখনৰ অন্য লোকবিলাকক প্ৰভাৱান্বিত কৰে।নেতৃত্ব বহন কৰা ব্যক্তিগৰাকী সহনশীল,ধৈৰ্য,সাহসী আৰু আনৰ মতামত গ্ৰহণ কৰিব পৰা ক্ষমতাও থাকিব লাগিব। তেওঁ একনায়কত্ত্ববাদী হ'ব নালাগিব।গণতান্ত্রিক দৃষ্টিভংগী ৰাখিব পৰা নেতাই বৰ্তমান সমাজত সমাদাৰ লাভ কৰিব পাৰিছে।তেওঁ আত্মস্বাৰ্থতকৈ সামূহিক আৰু সামাজিক স্বাৰ্থৰ প্ৰতি গুৰুত্ব দিব লাগিব।ব্যক্তিগত লাভালাভৰ কথা চিন্তা-চৰ্চা কৰি থাকিলে তেনে নেতৃত্বই বিফলতাৰ সম্মুখীন হ'ব লাগিব।নেতৃত্ব বহনকাৰী নেতাৰ দৃষ্টিভংগী বহল আৰু গভীৰ হোৱাটো নিতান্তই প্ৰয়োজন।ক্ষমতা আৰু সন্মানৰ প্ৰতি অধিক লালায়িত হ'লে তেওঁ নেতৃত্বৰ অন্য গুণবোৰ থাকিলেও কামত নহা হ'ব।
নেতৃত্ব বহন কৰা মানুহবোৰ কিন্ত্ত নেতাগিৰি দেখুওৱাই ঘূৰি- ফুঁৰিলে নহ'ব।সচৰাচৰ আমি যিবোৰক নেতা বুলি সমাজত স্বীকৃতি দিওঁ তেওঁলোক প্ৰকৃততে নেতা হয়নে নহয় ভাবিবৰ থল আছে।কিয়নো তেওঁলোকৰ বেছিভাগে নেতাগিৰি, দাদাগিৰি দেখুৱাই অন্য মানুহবোৰক ব্যতিবস্ত কৰি তোলা দেখা যায়।তাৰোপৰি তেওঁলোকৰ বেছিভাগে আইন-কানুন, সমাজৰ নীতি-নিয়ম আদিবোৰ জলাঞ্জলি দি গুৰু-গোঁসাই নমনা বিধৰ হোৱা দেখা যায়। আচলতে প্ৰকৃত নেতাবোৰ কেতিয়াও তেনেকুৱা হোৱাটো উচিত নহয়।জ্যেষ্ঠজনক, গুৰুজনক সন্মান-শ্ৰদ্ধা জনাবলৈ শিকিব লাগিব আৰু অন্য মানুহৰ প্ৰতিও সমীহ ভাব থাকিব লাগিব।নেতাগৰাকী সমাজত শান্তি- শৃংখলা স্থাপন বা সমাজখনৰ বিকাশ আৰু প্ৰগতিৰ বাবে কাম কৰিব লাগিব।তেওঁ সমাজখনৰ অতীন্দ্ৰ প্ৰহৰী হ'ব লাগিব।তেওঁ সমাজখনক সংগঠিত কৰিব পৰা ক্ষমতাৰ অধিকাৰী হ'ব লাগিব।তেওঁ শোষিত-নিস্পেষিত সংখ্যাগৰিষ্ঠ মানুহবোৰৰ প্ৰতিবাদৰ কণ্ঠ হ'ব লাগিব আৰু সমাজত ঘটি থকা অন্যায়-অবিচ‍াৰৰ বিৰুদ্ধে মাত মাতিব পৰা সৎ সাহসখন ৰাখিব লাগিব।তেওঁলোকৰ অধিকাৰ আৰু প্ৰাপ্যখিনি পাবৰ বাবে নিৰৱিচ্ছন্নভাৱে কাম কৰাৰ মনোবল ৰাখিব লাগিব।
নেতাগৰাকী শিক্ষিত হ'লে বেছি উপকাৰী হয়।শিক্ষিত নেতাগৰাকীৰ যুক্তি আৰু চিন্তা-চৰ্চাসমূহ উন্নত আৰু প্ৰগতিমূলক হ'ব।বিজ্ঞানসন্মত আৰু যুক্তিবাদী নেতাহে দেশ বা সমাজখনৰ মংগল কৰিব পাৰিব।কু-অন্ধবিশ্বাস আৰু ৰক্ষণশীল মনোভাৱে আমাৰ সমাজবোৰক অৱনমিত কৰি ৰাখিছে।সেয়ে নেতাগৰাকী সমাজৰ সমস্যাবোৰ আৰু সমসাময়িক সমাজখনৰ প্ৰতি সজাগ-সচেতন হ'ব লাগিব। তেওঁ সমাজ আৰু সংস্কৃতিৰ একোগৰাকী যোগ্য প্ৰতিনিধিও হ'ব লাগিব।
নেতাগৰাকী অকল কথাচহকী আৰু বাকপটু হ'লেই নহ'ব। তেওঁৰ কৰ্মদক্ষতা, অভিজ্ঞতা, বুদ্ধি-বৃত্তি দিশতো উন্নত হ'ব লাগিব।বৰ্তমানৰ নেতাগৰাকী আধুনিক প্ৰযুক্তিবিদ্যাৰ কলা- কৌশল,বিজ্ঞানসন্মত চিন্তাধাৰা,উদাৰ দৃষ্টিভংগী আৰু বহল পৃথিৱীখনৰ আওভাওবোৰ বুজিব পৰা হ'ব লাগিব।কিয়নো বৰ্তমান সমাজবোৰ গোলকীকৰণ,বিশ্বায়ন আদি ধাৰণাবোৰৰ প্ৰভাৱ পৰিছে।সেয়ে কোনো এখন সমাজ বা দেশে বৰ্তমান সময়ত আছুতীয়া আৰু অকলশৰীয়াকৈ থাকিবলৈ সক্ষম নহয়।সমাজ আৰু সংস্কৃতিবোৰো বৰ্তমান সময়ত আদান-প্ৰদান ঘটি বিশ্বমুখী হৈ পৰিছে।তেনে সমাজখনক নেতৃত্ব বহন কৰা ব্যক্তিবোৰো সেয়ে নিজকে সকলো দিশতে খাপ খাব পৰাকৈ নিজকে সাজু কৰি তোলাটো অত্যন্ত প্ৰয়োজনীয় বিষয় হৈ পৰিছে।
গতিকে আমাৰ সমাজ বা দেশখনক আগুৱাই নিবলৈ নেতাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।আমি আমাৰ নৱপ্ৰজন্মসকলক ভৱিষ্যতে সমাজখন বা দেশখনৰ সু-নেতৃত্ব ল'ব পৰাকৈ সাজু কৰাৰ সুবিধাখিনি দিব লাগিব।

ফোনঃ 8638881953


Doksiri দকচিৰি, মাৰ্চ, ২০২৩ 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages