ডিছপোজেবল কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 3, 2022

ডিছপোজেবল কবিতা

 



ডিছপোজেবল কবিতা 

                               যতীন মিলি 


আশীৰ পোছাক খুলি 

বৰণ সলালে কবিতাই 


আঁকিলেই ছবি 

গুণগুণালেই গান 

লিখিলেই নহয় কবিতা !


নীলমণি ফুকনে কৈছে-

জীৱনকালত কদাপি নোৱাৰিলোঁ লিখিব

এটাও সাৰ্থক কবিতা 

সাৰ্থক শব্দটো নিজেই যেন

এটা কুঁহেলীকাৰ প্ৰহেলিকা

য'ত নিহিত হৈ থাকে

অতৃপ্ত হেঁপাহ অক্ষয় বাসনা


টি এছ এলিয়টে কৈছে- 

তেজক চিয়াঁহীলৈ ৰূপান্তৰ কৰা 

শব্দৰ বিন্যাসেই কবিতা

নিটোল শব্দৰ গঢ়


সাগৰ দেখিছাৰ স্ৰষ্টা কবি দেৱকান্তই 

মাথোঁ পঁচিশটা কবিতাৰেই হৈছিল 

কবিতাৰ আকাশৰ প্ৰোজ্জ্বল জ্যোতিষ্ক


অদ্বিতীয়

অনন্য

অনৱদ্য


তেতিয়া নাছিল-

শব্দক লৈ বেহা

কবিতাক লৈ প্ৰতিযোগিতা


অপ্ৰিয়

অঘোষিত


আৰু নাছিল

নিশাতে জনপ্ৰিয় হোৱাৰ অভিজাত অসুখ !


এদিনত একুৰি এটা 

আৰু এবছৰত এহেজাৰ এটা কবিতা 

লিখা জানো সম্ভৱ হে কবি নৱকান্ত !


এজন প্ৰিয় কবিয়ে লিখিছিল-

"কবিতা বন্ধু অন্বেষণৰ যাত্ৰা কুশল বিনিময় পত্ৰ ।"


ইচ্ছা কৰি কবিতাক জুখিব নোৱাৰি 

ৰেকৰ্ডৰ তৰ্জুৰে 

সংখ্যাৰ মাপেৰে


হীৰুদাই এটা শব্দৰ বাবে   

ছমাহ ছদিন ৰৈছিল  

অনুভৱৰ বৰ্ণিল বাটত 


আশীৰ পোছাক খুলি 

বৰণ সলালে কবিতাই


এতিয়া-

চতুৰ কবিৰ হৃদয়ৰ হাস্পতালত

পলকতে প্ৰসৱ হয়

হেজাৰ হেজাৰ কবিতা 

ভাল কবিতাৰ জন্ম হয় আকৌ

বহু হেজাৰত এটা !!


1 comment:

Post Bottom Ad

Responsive Ads Here

Pages