বাঘৰ কথা সঁচা
ঋষভ নাথ
বাঘৰ খবৰ অহা জাৰণিত
গৰুজাক গোটাবলৈ গৰখীয়াৰ উকি
আজিও দেখোন গাওঁখনলৈ বহুদূৰ
অৱশ্যে মই ভৰিৰে বাট কোঁচাই
চপাব পাৰোঁ মানুহবোৰ
এটাৰ পিছত এটাকৈ
নিক্ষেপ কৰিব পাৰোঁ চিঞৰ
পিছে তেওঁলোকে গৰখীয়াৰ সাধু শুনিছে
তেওঁলোকেও জানে তেওঁলোকে মানে
তিনি সইত কাণে কাণে গানে গানে
দুষ্ট গৰখীয়াই দুবাৰ মিছা মাতিলেও
তৃতীয়বাৰ কোৱা প্ৰত্যেক কথা সঁচা
মোক তেওঁলোকে চিনি পায়
মই যে আৰু গৰখীয়া নহওঁ
সেইকথা গৰুৰো বিদিত
মইহে নাজানো কিমানবাৰ ক’লে
বাঘৰ কথা সঁচা হৈ পৰিব
No comments:
Post a Comment