প্ৰদৰ্শনী
ৰঞ্জিত ভট্টাচাৰ্য
(১)
ছবিখনলৈ চাই মই একো বুজি নাপালোঁ।
নাৰীমূৰ্তি এটা,ডিঙিটো কটা
কটা ডিঙিত এটা চৰাই
চৰাইটোৰ ঠোঁটত এখন চিঠি।
(২)
নৈৰ ঘাটত ছোৱালী এজনী,
জোপোহাৰ মাজত খচমচনি,
চৰাইৰ ঠোঁটত এখন চিঠি।
(৩)
পুজাৰ বজাৰত ছোৱালী এজনী
ভিৰৰ ফাকে ফাকে এটা কিচকিচীয়া সাপ,
চৰাইৰ ঠোঁটত এখন চিঠি।
(৪)
অফিচত কাম কৰি আছে ছোৱালী এজনী
সন্মুখত একাপ তেজলগা চাহ,
চৰাইৰ ঠোঁটত এখন চিঠি।
(৫)
হাইস্কুলত পঢ়ি আছে ছোৱালী এজনী,
বেগটোৰ টিফিনত দুখন এচিদ-ৰুটি,
চৰাইৰ ঠোঁটত এখন চিঠি।
(৬)
ছবিখনলৈ চাই মই একো বুজি নাপালোঁ।
প্ৰদৰ্শনীৰ পৰা ঘূৰি আহোঁতে ৰাস্তাত
আকৌ এখন ছবি!
চৰাইৰ ঠোঁটত এখন চিঠি।
অ' নহয়, ছবি নহয়, সঁচা!
চৰাইটোৱে যদি চিঠিখন মোক দিয়ে,
মই কাক দিম!
No comments:
Post a Comment