অসমৰ মিচিং সকল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, September 4, 2021

অসমৰ মিচিং সকল

 অসমৰ মিচিং সকল

শ্ৰীভাইগেশ্বৰ পগাগ 

গজু,বৰডুমচা(অৰুণাচল প্ৰদেশ)




অসম এখন জাতি উপ-জাতিৰে ভৰা আৰু বাৰে-বৰণীয়া কৃস্টি সাংস্কৃতিৰে সমৃদ্ধ ৰাজ্য।নানা জাতি জনজাতিৰে ভৰা সোণৰ অসম।এনে বাৰে বৰণীয়া অসম খনক এখন ফুলাম গামুচাৰে ৰিজাব পাৰি।এই অসমৰ অন্য জনগোষ্ঠীয় সকলৰ ধৰেই বাৰে বৰেণীয়া কৃস্টি সংস্কৃতিৰে সমৃদ্ধ মিচিং সকল অসমৰ দ্বিতীয় বৃহত জনজাতীয় জনগোষ্ঠী।মিচিং সকলক আদিতে ‘মিৰি’ নামেৰেও জনা গৈছিল। ভাৰতবৰ্ষৰ সংবিধানত মিচিং সকলক ভৈয়ামৰ জনজাতি হিচাবে “মিৰি” নামেৰে চিহ্ণিত কৰিছে।কিন্তু মিচিং সকলে নিজকে মিচিং বুলিয়ে পৰিচয় দি আহিছে।

২০০১ চনৰ লোকপিয়ল অনুসৰি অসমত বসবাস কৰা জনজাতীয় লোকসকলৰ মুঠ জনসংখ্যাৰ ভিতৰত ১৭.৮ শতাংশ লোকেই মিচিং ।জনগোষ্ঠীটোৰ ভিতৰত ৮৮শতাংশ লোকেই তেওঁলোকৰ নিজস্ব মিচিং ভাষা কয় ।২০০১ লোকপিয়ল অনুসৰি ৬০.১ শতাংশই স্বাক্ষৰ।তাৰে ৯৮শতাংশলোকে গাৱঁত বাস কৰে।

মিচিং সকল বৃহত মংগোলীয় জাতি-গোষ্ঠীৰ তিৰ্ব্বত বৰ্মী শাখাৰ উত্তৰ অসম উপ–শাখাৰ অন্তৰ্গত আবতানিৰ বংশধৰ ।তেওঁ লোক নিজকে আদিম পুৰুষ আবতানিৰ সন্তান বুলি পৰিচয় দিয়ে ।আবতানিৰ সন্তান সকল হৈছে-আদী,আপাতানি,গালং,হিল্চ মিৰি,নিচি,মিচিং,তাগিন,অঁকা আৰু বগুন।আবতানিক তানি গোষ্ঠীৰ লোক সকলে প্ৰথম মানৱ পিতৃ বুলি বিশ্বাস কৰে। তিব্বতৰ লহপা বা লহবা সকলো আবতানিৰ বংশধৰ। ইহঁতৰ কোৱা ভাষাটোক তানীঃ আগম বোলা হয়। 

মিচিং সকলৰ লিখিত বুৰঞ্জী পাবলৈ নাই।লিখিত বুৰঞ্জী নথকা কাৰণে মিচিং সকলৰ বিষয়ে সটিককৈ উত্পত্তি স্থান বিচাৰি উলিওৱাটো সহজ নহয়।তথাপিও নৃ-তত্ত্ববিদ,সমাজ গৱেষক আৰু ভাষাবিদ সকলৰ অনুসন্ধান কৰা মতে মিচিং সকলৰ স্থান আৰু কাল বিভাজন তলত দিয়া তালিকাৰ দৰে পোৱা যায়।

ঐতিহাসিক যুগত-

খৃঃপূঃ ৩০০০ পশ্চিম চীনত বসতি

খৃঃপূঃ ২০০০ মঙ্গোলীয়া হৈ উত্তৰ চীনলৈ অগ্ৰহৰ 

খৃঃপূঃ ৫০০ দক্ষিণ চীনলৈ প্ৰব্ৰজন 

খৃঃপূঃ ৩০০ দক্ষিণ চীনৰপৰা ইয়াংচিকিয়াং হৈ প্ৰব্ৰজন

খৃঃপূঃ ২০০ অসম উত্তৰ অঞ্চল পাহাৰত বসতি


খৃঃপূঃ ১০০ মিচিং(মিৰি),অকা,ডফলা(ঞিচি)আবৰ(আদী),মিচিমি সকলৰ সহাৱস্থান ।

খৃঃ ৬৫ মিৰি পৰ্বতত স্বাধীন ভাৱে বসতি।

খৃঃ ৪৫০ আবৰ পৰ্বতৰ পৰা প্ৰব্ৰজন

খৃঃ ৯৩০ অসম আৰু আবৰ পৰ্বতৰ সীমান্তত বসতি

বুৰঞ্জী পাতত উল্লেখিত অনুসৰি-

খৃঃ ১১০০ অসমৰ ভৈয়াম অঞ্চলত বসতি 

খৃঃ ১২৪৪ চুতিয়া ৰাজ্যত বসতি

খৃঃ ১৪৯৬ স্বৰ্গদেও চুহুংমুং ৰজাৰ ৰাজ্যত বসতি

খৃঃ ১৬০৩ স্বৰ্গদেও চুচেংফা বা প্ৰতাপসিংহ ৰজাৰ ৰাজ্যত বসতি

খৃঃ ১৬৪৪ স্বৰ্গদেও চ্যুতিংফা ৰজাৰ ৰাজ্যত বসতি

খৃঃ ১৬৪৮ স্বৰ্গদেও জয়ধ্বসিংহ ৰজাৰ ৰাজ্যত বসতি

খৃঃ ১৬৬৩ স্বৰ্গদেও চক্ৰধ্বজসিংহ ৰজাৰ ৰাজ্যত বসতি

খৃঃ ১৬৬৯ স্বৰ্গদেও উদয়াদিত্য ৰজাৰ ৰাজ্যত বসতি

খৃঃ ১৬৭৩ স্বৰ্গদেও ৰামধ্বজসিংহ ৰজাৰ ৰাজ্যত বসতি

খৃঃ ১৬৮১ স্বৰ্গদেও গদাধৰ সিংহ ৰজাৰ ৰাজ্যত বসতি

খৃঃ ১৬৯৬ স্বৰ্গদেও ৰুদ্ৰসিংহ ৰজাৰ ৰাজ্যত বসতি

খৃঃ ১৭১৪ স্বৰ্গদেও শিৱসিংহ আৰু অন্যান্য আহোম ৰজাৰ ৰাজ্যত বসতি

খৃঃ ১৮২৬ বৃটিছৰ অধীনত বসতি আৰম্ভ

খৃঃ ১৯৪৭ স্বাধীন ভাৰতত বসতি(মিচিং ভাষা আৰু সংস্কৃতি-ডা০দীপক কুমাৰ দলে,যোৰহাট)।

পৃথ্ৱীৰ প্ৰায়বোৰ জাতিয়েই এঠাই পৰা আন ঠাইলৈ ঘুৰি ফুৰা কাৰণ হৈছে -কোনোৱে কোনো এটা গোষ্ঠীক আক্ৰমণ কৰাৰ কাৰণে,খাদ্যৰ সন্দান কৰি অথবা ভালকৈ থাকিবলৈ বাস্থান বিচাৰি।মিচিং সকলো তাৰ ব্যতিক্ৰম নহয়।ইঁহতৰ পুৰ্ব পুৰুষ সকলেও চাগৈ এঠাইৰ পৰা আন এঠাইলৈ ঘুৰি ফুৰিছিল । ইঁহতৰ পুৰ্ব পুৰুষ সকলেও বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে বৰ্তমান বসবাক কৰি থকা ঠাইবোৰলৈ প্ৰবাস গতিলে ছাগৈ।মিচিং সকল কেতিয়া আৰু কেনেকৈ অসমলৈ আহিলে এই বিষয়টোক লৈ পণ্ডিত সকলৰ মাজত দ্বিমত পোষণ কৰা দেখা যায়।কোনো কোনো বুৰঞ্জীবিদৰ মতে অসমলৈ আহোম সকলৰ অহাৰ আগ পৰাই মিচিং সকল অসমত বসবাস কৰিছিল। কোনো কোনো পণ্ডিতৰ মতে মিচিং সকল অসমত আহোম ৰাজবংশ প্ৰতিষ্ঠাৰ অৰ্থাত ১২শ শতিকাৰ পৰা অসমত বাস কৰিবলৈ লয়। কোনোৱে কয় মিচিং সকল অসমত চুতিয়া ৰাজ্য প্ৰতিষ্ঠাৰ সময়ৰ পৰাই আছে। যি কি নহ’ক,মিচিং সকল বৰ্তমান অসমৰ এঘাৰখন জিলাত সিঁচৰিত হৈ আছে আৰু অৰুণাচল প্ৰদেশৰ তিনিখন জিলাটো মিচিং সকল স্থায়ী বাবে বসতি কৰি আছে। সেই জিলাকেইখন হৈছে- ইষ্ট চিয়াং ,নামনি দিবাং ভেলী আৰু নামচাই জিলা । লুহিত জিলাৰ চুণপুৰা আৰু চাংলাং জিলাৰ জয়ৰামপুৰটো দুই-এখন মিচিং গাঁও আছে।

মিচিং জনগোষ্ঠীৰ লোক সকল উত্তৰ-পুৰ্বাঞ্চলৰ এক শান্তি প্ৰিয় জনজাতি। সেই জাতিটোৱে সকলো সমাজৰ লগত শান্তিৰে বাস কৰি ভাল পায় আৰু বহুত পৰিশ্ৰম কৰিব পাৰে।বৰ্মান অসমৰ উত্তৰ-পূব প্ৰান্তৰ আৰু ব্ৰহ্মপুত্ৰ নদীৰ দুয়ো পাৰৰ ধেমাজী,লখিমপুৰ,তেজপুৰ,বিশ্বনাথ,গোলাঘাট,যোৰহাট,মাজুলী,শিৱসাগৰ,চৰাইদেউ,ডিব্ৰুগড়,তিনিচুকীয়া কে ধৰি এঘাৰখন জিলাত সিঁচৰিত হৈ আছে ।বৰ্তমান কামৰুপ মেট্ৰটো কেইখন মান মিচিং গাওঁ আছে।

জনশ্ৰতি অনুসৰি মিচিং সকলৰ উপৰি পুৰুষ মংগোলীয়া হৈ চীন-তিব্বত হৈ বৰ্তমান অৰুণাচল প্ৰদেশৰ চিয়াং নদীৰ দুয়ো পাৰৰ পাহাৰবোৰত বসবাস কৰিছিল ।সাৰুৱা মাটিৰ সন্ধানত বা নৃ-গোষ্ঠীৰ সংঘাটৰ কাৰণেই হ’ক অথবা অন্য কোনো কাৰণতে হ’ক,কেতিয়া কেনেকৈ ভৈয়ামলৈ নামি আহিছিল,সেই বিষয়ে বুৰঞ্জীয়েও কোনো তথ্য নিদিয়ে। যদিও মিচিং সকলৰ পৰম্পৰা আৰু মিবুৱে গুৱা আঃবাংবোৰৰ পৰা কিছু তথ্য পোৱা যায়।

জাতিগত বাৱে মিচিং সকল নৈপৰীয়া।ইহঁত জান-জুৰি,নৈ-বিল কাষত থাকি ভাল পায়।পানীৰ আন এটা নাম হল জীৱন ।পানীৰ কাষত থাকিলে বহুত সুবিধা হয় ।সেই কাৰণে মিচিং গাঁৱবোৰ জান জুৰিৰ আৰু নদীৰ কাষে কাষে বসবাস কৰে । পাহাৰত থাকোতেও মিচিং সকল জান-জুৰিৰ কাষতে বাস কৰিছিল। পানী বা নৈৰ কাষত বসবাস কৰা মিচিং সকল ভৈয়ামলৈ আহিও নৈৰ পাৰতেই গাওঁ পাতি থাকিবলৈ লয়।নদীৰ ওচৰত থকাৰ কাৰণ হিচাপে কব পাৰি-খেৰ–খৰি,মাছ-পুঠি,খোৱা পানী আৰু যাতায়াত আদিৰ জীৱন নিৰ্বাহ প্ৰণালী সুবিধা হয় ।নৈৰ পাৰৰ সাৰুৱা মাটিত আলু- কচু,মাহ,সৰিসহ,আহু-বাও ধানৰ খেতি বাতি ভাল হয়।কৃষি জীৱি মিচিং সকল সেইয়ে নদী কাষত বাস কৰি ভাল পাই।

শান্তিপ্ৰিয় মিচিং সকল অতীতৰে পৰা প্ৰকৃতিৰ লগত যুদ্ধ কৰি জীৱন জাপন কৰা অভ্যাস আছে। বৰ্তমানেওঁ প্ৰকৃতিৰ লগতেই যুদ্ধ কৰি জীয়াই থাকি ভাল পায় ।প্ৰকৃতিয়ে য়িমানে কষ্ট নিদিয়ক তথাপি নৈৰ কাষতে ইহঁতৰ গাওঁ।

মিচিং জনজাতীয় লোক সকল অসম-অৰুণাচল প্ৰদেশৰ লুইত,ন-দিহিং,বুঢ়ি দিহিং,দিখৌ,চিয়াং,ডিবাং,সোৱনশিৰি,বুৰৈ,জীয়াভোৰলী,দিক্ৰং,ৰঙানৈ,জীয়াঢল,বগীনদী,লালি,চিমেন,চিলাসুতি,ধনশিৰি,ডিব্ৰু আদি নৈ উপ-নৈৰ আকে ফাকে গাওঁ পাতি বসবাস কৰি আছে ।

মিচিং সকল নিজকে মিচিং বুলি পৰিচয় দিয়ে যদিও অনা মিচিং সকলে তেওঁলোকক “মিৰি” বুলি অভিহিত কৰি আহিছে।ভাৰতীয় সংবিধানতো “মিৰি” বুলিহে স্বীকৃতি দিয়া আছে।মিচিং সকল কেতিয়াৰ পৰা কেনেকৈ “মিৰি” হল,সেই বিষয়ে সতিক ভাৱে কব নোৱাৰি যদিও বৈষ্ণৱ যুগৰ কবি সকলৰ লিখনিত আৰু আহোমৰ ৰাজত্বৰ সময়ৰ অসমীয়া ভাষাত ৰচিত বুৰঞ্জী সমুহত আৰু ইংৰাজ লেখক সকলে লিখা ৰচনা তথা চৰকাৰী নথি পত্ৰবোৰত “মিৰি” বুলি পোৱা যায় । মিৰি” শব্দৰ উতপত্তিৰ বিষয়ে মিচিং সমাজৰ অগ্ৰনী পণ্ডিত ডাঃনোমল চন্দ্ৰ পেগু,আগম মিগাং টাবুৰাম টাইদ,আগম মিগাং নাহেন্দ্ৰ পাঃদুন ছাৰ আদিয়ে কব খোজে যে মিচিং সকলৰ পুৰোহিতক বুজুৱা ‘মিৰৃ’ শব্দৰ পৰাই “মিৰি” শব্দৰ উতপত্তি হৈছে।পুৰণি অসমীয়া পুথি,ৱিশেষকৈ আহোম যুগত অসমীয়া ভাষাত ৰচিত বুৰঞ্জী আৰু ব্ৰিটিছ ৰাজত্ব কালৰ ইংৰাজ সকলে লিখি থৈ যোৱা ৰচনা আৰু চৰকাৰী নথিপত্ৰত মিচিং সকলক মিৰি নামেৰেই উল্লেখ পোৱা যায়। মিৰি নামটো উল্লেখ থকা প্ৰাচীনতম ৰচনা হিচাপে শংকৰদেৱৰ দশম স্কন্ধকেই প্ৰথমে লব পাৰি।গুৰু জনাৰ দশম স্কন্ধত সেইদৰে উল্লেখ পোৱা যায়-

কিৰাত কছাৰী খাচী গাৰো মিৰি

যৱন কঙ্ক গোৱাল ।

অসম মুলুক ৰজক তুৰুক

কুৱাচ ম্লেচ চণ্ডাল।।

মিচিং সকলৰ ফৈদ-

মিচিং সকল কেইবাটাও ফৈদত ভিবক্ত ।যেনে ১। দৗলু ২। পাগৰ ৩। দাম্বুক ৪। অয়ান ৫। চাঃয়াং ৬। মঃয়িং ৭। চমুৱাং ৮। চামুগুৰিয়াং ৯। টেমেৰাং ১০। মিৰাং ১১। বংকুৱাল আৰু ১২। য়িৰাং গয়া আদি।সেই সমাজত ফৈদ থাকিলেও উচ্চ নীচৰ ভেদ ভাৱ নাই। সামাজিক বাবে সকলো সমান । ফৈদৰ ওপৰিও একো একোটা গোত্ৰ বা গুঃমৃন থাকে।গুঃমৃন মিচিং সকলৰ গোত্ৰ বা বংশ বিচাৰৰ ঘাই ভেটি। প্ৰত্যকটো গোত্ৰত কেইবাটাও অপৃন বা উপাধি থাকে। যেনে-লংগৃং গুঃমৃন,চঃব গুঃমৃন,বমি গুঃমৃন,কন্দাৰ গুঃমৃন,জঃতৃৰ,তঃৰি,বজু, মিঞ পাংকং গুঃমৃন আদি। আকৌ এটা গুঃমৃনৰ ভিতৰত কেইবাটা অপৃন থাকে। যেনে-লংগৃং গুঃমৃনৰ ভিতৰত -নৰহ,পগাগ,পাংগৃং,চিন্তে আৰু লাগাচুং। মিচিং সমাজত একেটা গুঃমৃনৰ মাজত বিয়া বাৰু হব নোৱাৰে।এই ধৰে অন্য গুঃমৃন সকলোৰো তেনেকৈ নিজা নিজা অপৃন আৰু পৃতমৃগ থাকে। কেৱল মিচিং বুলিয়েই নহয় তানিঃ মুলৰ সকলো বংশৰ নিজা নিজা গুঃমৃন বা গোত্ৰ থাকে।

বৰ্তমান মিচিং সমাজত নিজৰ নিজৰ অপৃনৰ উত্স বিচাৰি অপৃন কৗবাং ঠায়ে ঠায়ে পতা দেখা যায়। মিচিং সমাজত নিজৰ বংশৰ উতপত্তি আৰু বংশৰ লতিকা জনাটো নিতান্ত প্ৰয়োজনীয়।যি বংশই নিজৰ বংশৰ আতি গুৰিৰ পৰিচয় দিব নোৱাৰে তেনে বংশ বা উপাধিৰ লোক সমাজত নিজকে লজ্জাবোধ কৰে।আগতে মিচিং সমাজত লিখা পঢ়া জনা মানুহ তেনে তাকৰ আছিল।সেয়ে মৌখিত বুৰঞ্জীৰ বাহিৰে লিখিত বুৰঞ্জী মিচিং সকলৰ নাই।আদী-মিচিং সমাজত আঃবাঙৰ প্ৰচলন বহুত সময়লৈকে আছিল।বৰ্তমানও আঃবাংবোৰ জীৱিত ৰুপত আছে কিন্তু প্ৰচাৰ প্ৰসাৰৰ অভাৱত বৰ্তমান মৃত প্ৰায়।আঃবাংবোৰ আদী-মিচিং সমাজৰ আপুৰুগীয়া সম্পদ।সময়ৰ গতিৰ লগে লগে আঃবাঙৰ প্ৰচলন লুপ্ত হবলৈ গৈছে।সময় থাকোতেই যদি ইয়াক সংৰক্ষণৰ ব্যৱস্থা নকৰিলে কালৰ গতিত এদিন হেৰাই যাব।আঃবাং হৈছে আদী-মিচিং সকলৰ জনশ্ৰতি বুৰঞ্জীৰ উতস।আঃবাংবোৰত প্ৰত্যক অপৃনৰ উতপত্তিৰ পৰা বৰ্তমান সময়লৈকে কত কেনেকৈ আছিল এইবোৰৰ বিষয়ে পোৱা যায়।আঃবাঙৰ মতে মিচিং সকলৰ বিবৰ্তন এই দৰে দিয়া আছে -১।কৗয়ু্ম (কৗয়ুম+কৗৰ)> ২। >য়ুমকাং ৩। >কাঃচি,৪। >চিয়াং ৫। >আনব(আঃব),৬। >বমুগ ৭। >মুকচৗং ৮। >চেঃদি ৯। >দৃঃলৃং, ১০। > লৃতুং ১১। >তুঃয়ে ১২। >লৃতুং ১৩। >তয়ৗ ১৪। >য়ৗপৗ ১৫। > পৗদং নাঃনৗ । পৗদং নাঃনৗৰ পৰা মিচিঙৰ সকলো বংশই উতপত্তি হোৱা বুলি জনা যায় ।

আদী-মিচিং সকলে নিজকে আবতানিঃকৗ অম্মাঙৌ অৰ্থাত আবতানিঃৰ সন্তান বুলি পৰিচয় দিয়ে।এই সমাজত আগতে সন্তানৰ নাম ৰাখোতে বাপেকৰ নামৰ শেষৰ আখৰ বা শেষৰ দুটা আখৰৰ পৰা নাম ৰখা নিয়ম আছিল। এনে দৰে এটা স্তৰৰপৰা আনটো স্তৰৰলৈ বা এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ বিবৰ্তন হোৱাটো অক্ষৰে নিদিষ্ট কৰি দিয়ে ।এই সহজ পদ্ধতিৰে মিচিং সমাজত নামাকৰণ কৰা হৈছিল।তেনে নামাকৰণ কৰিলে সহজে নামটো মনত ৰাখিবলৈ সুবিধা হয় আৰু বাপেকৰ নামটো জনাৰ লগে লগে পুতেকৰ নামটো সহজে জানিব পৰা যায়।আজি কালি তেনে পদ্ধিৰে নাম ৰখা দেখা নাপাওঁ।

ভৈয়ামত বসবাস কৰা মিচিং সকল পুৰ্বতে বৰ্তমান অৰুণাচল প্ৰদেশৰ ভিবিন্ন স্থানত বসবাস কৰিছিল। তাৰে বেচি ভাগ ফৈদৰ লোকে “দাম্ৰ” আৰু “কাৰক’ ” গাওঁ দুখনতেই বেছিকৈ আছিল। দা্ম্ৰ আৰু কাৰক’ গাওঁ দুখন অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাত অবস্থিত।।এই দুখন গাওঁৰ কেন্দ্ৰ কৰি আদী-মিচিং সমাজত অভ্যতাৰ পাতনি মেলিছিল।এইয়ে আদী-মিচিং সমাজত এই দুইখন গাৱঁক পবিত্ৰ স্থান ৰুপে গণ্য কৰা হয়।সময় ভাগঢ়ি যোৱাৰ লগে লগে সমাজত ভিবিন্ন সমস্যাই দেখা দিয়ে।জনসংখ্যা বৃদ্ধিৰ কাৰণে হ’ক অথবা স্বগোষ্ঠীয় হাই কাজিয়াৰ কাৰণতে হ’ক। মাটি বাৰী বা সম্পত্তিৰ কাৰণতে হক । ঠিক তেনেকৈ তাত থকা ফৈদ সকলোৰো তেনে সমস্যাই দেখা দিছিল।সেই কাৰণে তাত থকা কিছু ফৈদ অন্য ঠাই বিছাৰি গুচি যায় অথবা প্ৰবাস কৰে।

মিচিং সকল কেতিয়াৰ পৰা অসমলৈ প্ৰব্ৰজন কৰিছিল ইয়াৰ কোনো লিখিত তথ্য পাবলৈ নাই । সেই কাৰণে সতিকবাবে কব নোৱাৰি। যি হেতু আদী-মিচিং সমাজত লিখিত বুৰঞ্জি নাই।তথাপিও তেওঁলোকৰ মৌখিক বুৰঞ্জি বিদ্যামান। বংশৰ পিচত বংশধৰি মৌখিক বুৰঞ্জিৰ শ্ৰৱণ পাঠ থকা হেতুকে বংশৰ লতিকা বৰ্তমানও জীৱিত অবস্থাতে আছে।

আঃবাং (সৃষ্টিৰ শ্লোক) হৈছে আদী-মিচিং সমাজৰ মৌখিক সাহিত্য।সেই সাহিত্যৰ দ্ধাৰা বৰ্তমান সকলো আদী-মিচিং সমাজৰ বান্ধুন আৰু সমাজ ব্যৱস্থাক জীয়াই ৰাখিছে। 

আদী-মিচিং সমাজত নিজৰ নিজৰ বংশৰ লতিকা জীয়াই ৰাখিছে আৰু ভৱিষ্যতলৈকো জীয়াই ৰাখিবলৈ প্ৰচেষ্টা কৰিছে । সেই চেষ্টাৰ ফলত বহুটো বংশৰ আতি গুৰি বিচাৰি পোৱা গৈছে।সেইবোৰ যদি সময় থাকোতে লিখিতৰুপ নিদিয়ে,তেতিয়া হলে সময় গতিৰ সুতত এদিন হেৰাই যাব।বৰ্তমান মিচিং সমাজত অতীতক বিচাৰি লিখা কেইখনমান লিখিত বুৰঞ্জি পোৱা গৈছে। তাৰে কেইখন মান তলত উল্লেখ কৰা হৈছে-

১। মিৰি জাতিৰ বুৰঞ্জি-সোনাৰাম পাঞাং কটকী(১৯৩৫) 

২। দা মিচিংচ্ অফ দা ব্ৰহ্মপুত্ৰ ভেলি-ডা.নোমল চন্দ্ৰ পেগু(১৯৮১) 

৩। এ হিষ্টোৰী অফ দা মিচিংচ্ অফ ইয়েচটাৰন ইণ্ডিয়া-শ্ৰীপিটৰ পেগু(১৯৯৮)

 ৪। হিষ্টৰী অফ দা মিচিংচ্ অফ অৰুণাচল প্ৰাদেশ এণ্ড আসাম-ডা.ঙাঙৃন লৗগ(২০০৫) 

সেইবোৰৰ ওপৰিও অন্য বহু বুৰঞ্জীবিদ সকলে আদী-মিচিংৰ বিষয়ে তথ্যমুলক গ্ৰন্থৰাজি প্ৰকাশ কৰি ওলিয়াইছে।বৰ্তমান সকলো অপৃন কৗবাংবোৰে নিজৰ নিজৰ বংশৰ বংশাৱলী লিখি উলিৱাও দেখা পাইছো।সেই বংশাৱলীবোৰক একত্ৰিত কৰিলে এখন সুন্দৰ মিচিং বুৰঞ্জী পাব পাৰিম।

মিচিং সকলৰ মৌখিক সাহিত্য তথা আধুনিক গৱেষক সকলৰ মতে মিচিং সকল প্ৰথমে দনি লৃপৃক,মৃচুম লৃপুং,মিয়াং লৃতা,অৃৰব লৃপৃক,দেলে লৃপৃক আদি নামৰ ঠাইত থকা বুলি বুৰঞ্জীবিদ ডাক্তৰ ঙাঙৃন লৗগ দেৱে তেখেতৰ “হিষ্টৰী অফ দা মিচিংচ্ অফ অৰুণাচল প্ৰাদেশ এণ্ড আসাম” নামৰ কিতাপখনত উল্লখ কৰিছে। বৰ্তমান সেইবোৰ ঠাই তিৰ্ব্বতৰ ল্হাচা আৰু ম্যাং প্ৰবিঞ্চৰ পূৱ তিৰ্ব্বতৰ পশ্চিম চীনৰ সীমান্ত বুলি জনা যায়। মিচিং সকল তিব্বতৰ পৰা প্ৰবাস কৰোতে সকলোৱে একে লগে প্ৰবাস(প্ৰভজন)কৰা নাছিল। বিভিন্ন কাৰণত প্ৰভজন কৰিব পাৰে। বিভিন্ন সময়ত বিভিন্ন কাৰণত আৰু বিভিন্ন ঠাইৰ পৰা প্ৰব্ৰজন গতিছিল। যেনে ম্যাং প্ৰবিঞ্চৰ পৰা বমি,বগুম,বমং,ব’,বঞং(ঞব),বতং(তপ’,বটুং,বৰি,বকাৰ আদি ঠাইৰ পৰা প্ৰব্ৰজন হোৱা বুলি কোৱাৱা হয়। আদী-মিচিঙৰ আঃবাঙৰ মতে অৃৰব লৃপৃকৰ পৰা বমি (কমকাৰ),মিলাং,মিচিং,পাঃদাম আৰু পাঃচি,বগুম(বগুম,গালং আৰু আচিং),ঞবু’(মিঞং),বটুং(কাৰক’),বমং(গৌতৌ আৰু কিছু সংখ্যক মিচিং ফৈদ),বকাৰ(কাৰক’ আৰু গালং),বৰি-বকাৰ আৰু তপ’(গালং) আদি ঠাইত বসবাস কৰিছিল।সেই সময়ত আদী-মিচিং সকল ঝুম খেতিৰ বাবেই বা চিকাৰৰ বাবেই হ’ক একেই ঠাইতে নাথাকি ঠাই সলাই ফুৰিছিল।তেনেকৈ মিমা বগ’,কৃদৃ দেবা,কজে চিপাং,ঞাংগ’ কুমতৃং,তাৰ’ লৗংকু,ৰৃগু চিমং আদি ঠাইলৈ প্ৰব্ৰজন কৰে।বৰ্তমান পেমাক’ আৰু খাম প্ৰৱিঞ্চত বুলি ধৰা হৈছে । তাত কেইবাশ বচৰ থকাৰ পাচত অচং মেক্ক,পৗৰক দুমবক নামৰ ঠাইলৈ যায়। যাক ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি অহা বুলি ধৰা হৈছে।তাত কিছু বছৰ থকাৰ পাছত কিছু সংখ্যাক তানি গোষ্ঠীৰ লোক দুৰ্গম পৰ্বত বাগৰি সাৰুৱা ভুমি বিছাৰি যাবলৈ লয় অথবা কোনো স্বগোষঠীয় সংগৰ্ষ হৈ প্ৰভজন হব পাৰে। যেনে আপাতানি,বগুন(খৱা),হিল্চ মিৰি,মিজি(চাজলাং),নিচি(ঞিচিং),চুলুং(পুৰইক)আৰু টাগিন সকল সোৱনশিৰি উপত্যকা আহি পাই আৰু তাতে নিগাজিকৈ থাকিব লয়।আদী-মিচিং সকলেওঁ সাৰুৱা মাটি বিছাৰি অথবা কিবা কাৰণত প্ৰব্ৰজন কৰিবলৈ লয়। তেওঁলোক আংগং লয়ৰ নামৰ ঠাইৰ পৰা প্ৰব্ৰজন আৰম্ভ কৰি চিয়াং উপত্যকাহৈ বৰ্তমান থকা ঠাইবোৰলৈ আহি নিগাজিকৈ থাকিব লয়। কিছু আদী-মিচিঙৰ ফৈদ ৰৃগু-ৰৃগা(ৰৃগৃ-ৰৗগাম)পথেদি য়াম্নৗ,চিয়ম,লালি,চিয়াঙৰ নৈ উপ-নৈ সমুহৰ দুয়ো পাৰৰ কাষে কাষে গাওঁ পাতি থাকিব লয়।কিছু গালং ফৈদ আকৌ পাংগ’ লুয়ৰেদি চিয়ম উপত্যকা হৈ প্ৰব্ৰজন কৰিব লয়।ইয়াৰ আকে পাকে গাওঁ পাতি নিগাজিকৈ থাকিবলৈ লয়। পাংগ’ ঞংমং (বৰ্তমান টুটিনৰ কাষত)পাংগ’ চিৰিং, চিৰিং নদীয়েদি পাংগ’ নামৰ গাৱঁলৈ প্ৰব্ৰজন কৰে আৰু তাতে গাওঁ পাতি থাকিবলৈ লয়। কিছু তানি বংশৰ লোক অৰ্থা্ত আদী-মিচিঙৰ কিছু ফৈদ মৃগৃং পকলেক্(বৰ্তমান মৃংগ্গী),চিৰ’ পাঃতাং(চিগৃন নদী)আৰু জানব ঞিগৗ (জানব গাওঁ)লৈ আহি বসতি বিষ্টাৰ কৰে ।সেই ঠাইত কিছু বছৰ থাকি কিছু বংশৰ লোক অন্য ঠাইলৈ প্ৰব্ৰজন কৰিবলৈ লয়। বিষেশকৈ বাংগ’ লৃঃতা(জানব),জানব চৃৰৃং(চিৰিং নৈ আৰু ৰামচিং গাওঁ),কৃলৃ,লৃদুং(কাৰক’),দকচিং(কাৰক ’ আৰু জেংগৃং)আদি নামৰ ঠাইত বসতি কৰিবলৈ লয়।

মিঞং সকল আছিল মিঞং য়িবৗত।য়িবৗ মানে আদী-মিচিং ভাষাত পাহাৰক কোৱা হয়।তেৰি য়িবৗত আছিল কেঃপাং(পৗৰয়িং,পৗৰমে,পৗৰতিন,বৰাং আৰু ৰাঃতান)সকল। মেগু আৰু টায়েং সকল আছিল কেঃচিঙত।কেঃচিং য়ামনৗ নদীৰ সোঁফালে আৰু দাম্ৰ গাৱঁৰ বিপৰীত ফালে।য়িৰাং সকল আছিল কাৰনাং নামৰ অঞ্চলত। কাৰনাং কেঃচিং পাহাৰৰ উত্তৰ ফালে। তেনেকৈ অন্য ফৈদ নাঃলৗম-নাঃজং সকল আছিল নাঃলুম ৰৗগুম নামৰ পাহাৰত। বৰ্তমান মাৰিয়াং অঞ্চলৰ ওচৰত আৰু লৗগ’ সকল মাৰিয়াঙত। কঃপাক সকল আছিল পাংগিনত। লাক্কু-লাকৰাং সকল আছিল তাকচিঙত। য়িগয়ং-কুমাক সকল আহি মাকচিং,কাৰচিং,ৰায়িক হৈ জালয়িঙত থাকিবলৈ লয়। জনাং-দাঃলম সকল মঃপৃক নামৰ ঠাইত থাকিবলৈ লয়। তেওঁলোকৰ মাজত জনসংখ্যা বৃদ্ধিৰ খাদ্য তথা খেতি বাতিৰ মাটি আৰু চিকাৰৰ অভাৱেই হ’ক বা নৃ-গোষ্ঠীৰ মাজত যুদ্ধ বিগ্ৰহ,আই-কাজিয়াৰ কাৰণতে হক অথবা কিবা বিষেশ কাৰণতে হ’ক কিছু ফৈদৰ লোক প্ৰব্ৰজন কৰিবলৈ লয়। বিষেশ কৈ পাহাৰিয়া জন জাতি সকলৰ মাজত আই-কাজিয়া মাটি-বাড়ি,সা-সম্পতি,নাৰীজনিত কাৰণত বেছি হোৱা দেখা যায়। সেই যুদ্ধ বিগ্ৰহ আদিৰ পৰা দূৰত থাকিবলৈ কিছু মিচিং ফৈদৰ লোক পাহাৰ এৰি শান্তি বিচাৰি ভৈয়ামলৈ পলায় যাবলৈ লয়। তেনে কেইটামান নৃ-গোষ্ঠীয় যুদ্ধৰ নাম উল্লেখ কৰা হৈছে-

১। দাংগা নৰহ যুদ্ধ 

২। তাদু-তাদুক যুদ্ধ 

৩। বকিং আংগ’ যুদ্ধ 

৪। টায়ু-টায়ে যুদ্ধ 

৫। গাৰিন-গাৰেঃ যুদ্ধ আদি । 

সেইবোৰ যুদ্ধৰ পৰা বহুত সা-সম্পতিৰ ক্ষয়-ক্ষতি হয়। সেইয়ে কিছু মিচিং বংশলোক পাহাৰ এৰি পলায়ন কৰে। সেইবোৰ যুদ্ধৰ বিষয়ে লিখিত ৰুপত নাপালেও মৌখিক বাবে আঃবাঙৰ দ্ধাৰা আদী সমাজত সংৰক্ষিত হৈ আছে।

অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াংত কাৰক’ নামে এখন গাওঁ আছে। এইখন গাওঁ আদী-মিচিং সমাজৰ ইতিহাস সমৃদ্ধ গাওঁ। তাত থকা বয় বৃদ্ধ সকলৰ মুখে মুখে এতিয়াও আদী-মিচিং সকলৰ মৌখিক বুৰঞ্জি জীয়াই ৰাখিছে। সেইয়ে আদী-মিচিং সমাজত কাৰক’ আৰু দাম্ৰ গাওঁ দুখনক পবিত্ৰ স্থান হিচাপে গণ্য কৰা হয়। অসমত কেতিয়াৰ পৰা মিচিং সকল বসতি কৰিবলৈ ললে এয়াও বুৰঞ্জীয়ে নিমাত। তথাপিও অসমত আহোম সকলৰ অহাৰ সময়ৰ পৰাহে কিছু তথ্য পোৱা যায়। ইংৰাজ সকল ভাৰতক শাসন কৰি অসমলৈ অহাৰ পিচৰে পৰা মিচিং জনগোষ্ঠীৰ বিষয়ে লিখিত বাবে কিছু দস্তাবেজ পোৱা যায়। ইংৰাজে মিচিঙৰ বিষয়ে বহুটো টোকা আৰু কেইবাটাও মূল্যবান গ্ৰস্থ লিখি থৈ গৈছে। “হিষ্টৰী অফ দা মিচিংচ্ অফ অৰুণাচল প্ৰদেশ এণ্ড আসাম” নামৰ আধুনিক বুৰঞ্জীখনত ডা.ঙাঙৃন লৗগ’ ছাৰে মিচিং সকল ভৈয়ামলৈ ১৬ শতিকাৰ ওচৰা-ওচৰিকৈ নামি যোৱা বলি উল্লেখ কৰিছে। যিহেতু মহাপুৰুষ শংকৰদেৱৰ সময় ১৪৪৯-১৫৬৮। শংকৰদেৱৰ সাহিত্যত মিচিঙৰ বিষয়েও উল্লেখ কৰা দেখা যায় ।গতিকে খুব সম্ভৱ সেই সময় ওচৰা-ওচৰিকৈ মিচিং সকল ভৈয়ামলৈ প্ৰব্ৰজন ঘটিছে।সেই কালতেই কিছু মিচিং সকলৰ ফৈদ ভৈয়ামলৈ প্ৰব্ৰজন হৈছিল। সেইসকলৰ ভিতৰত নাঃলৌম-নাঃজং,নাঃলুং-পগাগ,দাংগা নৰহ,জঞি-জঃপক(মৰাং-কুম্বাং),লৗয়িং-পাৰাগ,টায়ো-টায়েং,টাদুগ-ৰৗগন,লঃয়িং-চাঃয়াং,মিলি-কাৰ্দং,পাঃদি-পাঃয়েং,পাঃমে-পাংকেং সকল পাঃদাম অঞ্চলৰ পৰা আৰু পাঃচি অঞ্চলৰ পৰা প্ৰব্ৰজন কৰে।টায়েং-টায়ে,মিপুন,মিচং(চহ),পাইত-পাৱ,পাঃতৃৰ,বৰি(পাংগাম),পেগু-দলে,পাংগৃং,লাগাচুং,কমান,মৗদক,পাঃদুন,পাঞাং আৰু গাঃৰৃন-গাঃৰে সকল চিমং-মিঞং আৰু বৰি অঞ্চলৰ পৰা প্ৰব্ৰজন কৰিছিল।পৗৰতিন,পৗৰমে,বৰাং সকল বহুত পিচতেহে অসমলৈ পাঃদাম অঞ্চলৰ পৰা প্ৰব্ৰজন কৰে।মৌখিক বুৰঞ্জীৰ মতে পাঃদামৰ পৰা টায়েং(অসমত থকা টায়েং),টায়েং অৰুণাচলত থকা টায়েং সকল য’ত বৰ্তমান দাম্ৰ অঞ্চলৰ নামনি অংকত টায়েং সকলৰ বসতি স্থান।লৗয়িং পাঃৰাগ সকল আছিল লৗয়িং য়িবৗ নামৰ পাহাৰত।সেইখন পাহাৰ দাম্ৰ গাওঁখনৰ দক্ষিণফালে অৱস্থিত।দাংগা নৰহ আছিল নৰহ য়িবৗত।নৰহ য়িবৗ দাম্ৰ গাৱঁৰ দক্ষিণ-পূৱ ফালে। নাঃলুং-পগাগ সকল আছিল দাম্ৰ অঞ্চলৰ দাঃচেং য়িবৗত।বদৃৰ বজং সকল আছিল বদৃৰ লৃংকাপ নামৰ ঠাইত।মধ্য দাম্ৰৰত আছিল দাঃমৃন দাং সকল দাঃমে গৃঃপং নামৰ ঠাইত। দমৃং-দৰুক সকল আছিল কামচিং-কাম্পং দাম্ৰ বুঃমে অঞ্চলত।টাকু সকল আছিল তেঃৰি নামৰ অঞ্চলত।তেঃৰি য়াম্নৗ নদীৰ সোঁফালে আৰু দাম্ৰত অঞ্চলত।টাকব-টাকঞ সকল আছিল লাকলুংত।লাকলুং দাম্ৰ অঞ্চলত অবস্থিত।মিচিং সকল এক দীঘলীয়া জীৱন সংগ্ৰামৰ জৰিয়তে আজিৰ আধুনিক সমাজখন পাবলৈ সক্ষম হৈছে।

পগাগ সকল-

উত্তৰ পৰ্বাঞ্চলৰ সকলোবোৰ জনজাতি বিভিন্ন সময়ত বিভিন্ন কাৰণত ভিন্ন ঠাইৰ পৰা প্ৰভজন গতিছে।বিশেষ কৈ মংগোলীয় মূলৰ জনগোষ্টীয় লোক সকল চীন(তিব্বত),টাইলেণ্ড,ম্যনমাৰ আদি দেশৰ পৰা দূৰ অতীতে ইয়ালৈ দলে দলে প্ৰভজন কৰে।সেই সকলৰ ভিতৰত তানি মূলৰ তানি গোষ্ঠীৰ লোক সকলো অসম তথা উত্তৰ পুৰ্বাঞ্চললৈ ৮/৯ শতিকাতে প্ৰভজন কৰিছিল বুলি অনুমান কৰা হৈছে।তানি গোষ্ঠী বুলি কলে আদী-মিচিং,গাল’,আপাতানি,ঞিচিং,তাগিন,হিল্চ মিৰি,অঁকা,চাজলাং আদি।সেই সকলোবোৰ জনগোষ্ঠীৰ লোকক তানি বুলি কোৱা হয়। সেই সকল চীন(তিব্বত)ৰ পৰা অৰুণাচল আৰু অসমলৈ দুৰ অতীতে প্ৰভজন কৰিছে।তানি গোষ্ঠীয় লোক সকলৰ এক বিশেষত্ব হল,তেওঁ লোকে বংশ লতিকা মনত ৰখাটো।ই তানি গোষ্ঠীৰ এক পৰম্পৰা। সেই ব্যৱস্থাত আঃবাঙৰ সহায় গ্ৰহণ কৰা হয়।আঃবাঙৰ দ্বাৰা তেওঁলোকৰ গৃহভুমি আৰু বংশ বৃক্ষৰ বিষয়ে উল্লেখ পোৱা যায়।আদী-মিচিং সকল কোন বংশই কেতিয়া,কিয়,কেনেকৈ আৰু কৰ পৰা প্ৰভজন হৈছিল সেই বিষয়ে অগ্ৰজ সকলে মৌখিক বুৰঞ্জীৰ দ্বাৰা পুৰুষ পুৰুষ ধৰি জীয়াই ৰাখিছে। আদী-মিচিং সমাজত বংশলতিকা জনাটো নিতান্ত প্ৰয়োজন।আজি কালি মিচিং সমাজত নিজৰ নিজৰ বংশ লতিকা বা বংশৰ বুৰঞ্জী সকলো বংশই লিখিত ৰুপ দিছে।

 পগাগ সকলো অন্য বংশবোৰৰ দৰে নিজৰ বংশাৱলী লিখিত ৰুপ দিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আদী-মিচিঙৰ অন্য বংশ সকল যেনেকৈ কিবা কাৰণত প্ৰভজন গতিছিল,তেনেকৈ কিবা কাৰণত পগাগ বংশৰ লোক সকলেও এদিন প্ৰভজন হৈ বতৰ্মান থকা ঠাইবোৰৰলৈ আহিছিল। মিচিং সমাজৰ প্ৰায়বোৰ বংশৰ লোক সকল তিব্বতৰ পৰা প্ৰভজন কৰোতে নদী পথৰ অনুকৰণ কৰিছিল।সেয়ে অন্য ফৈদৰ দৰে পগাগ সকলেও নদী পথৰ অনুকৰণেৰে গিৰি পৰ্বত অতিক্ৰম কৰি প্ৰভজন কৰিছিল।তেওঁ লোক তিব্বতৰ পৰা প্ৰভজন কৰোতে বৰ্তমান অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাৰ য়াম্নৗ নদীয়ে দি আহি বাওঁফালে নালুম ৰৌগুম নামৰ ঠাইত স্থায়ী বাবে বসতি কৰিবলৈ লয়। তাতে গাওঁ পাতি নিগাজি কেইবাশ শতিকা আছিল। সেয়ে পগাগ বংশৰ লোক সকল এতিয়াও নালুম ৰৌগুমক নিজৰ গৃহভুমি বুলি গৌৰাম্ভিত কৰে । পগাগ সকল তাত থাকোতে বহুত শক্তিশালী আছিল,ইহঁতৰ এলেকাত অন্য কাকো প্ৰবেশ কৰিবলৈ নিদিছিল। কোনো অন্য বংশৰ লোক পগাগ সকলৰ ভৌগলিক সীমাৰ ভিতৰলৈ কাকো সোমাবলৈ নিদিছিল। তাত থকা মাছ-কাছ,জীৱ জন্তু চিৰকতি আদি কাকো চিকাৰ কৰিবলৈও অনুমতি নিদিছিল। য়াম্নৗ নদীত মাছ-কাছৰ কোনো কমি নাছিল। য়াম্নৗ নদী হৈছে চিয়াং নদীৰে এটা উপনৈ। য়াম্নৗ নদীয়ে কেৱল পগাগ বংশৰ লোক সকলেহে প্ৰভজন কৰিছিল তেনে নহয়।পগাগ সকলৰ আগত আৰু পাচতো বহুটো অন্য বংশৰ লোকে সেই পথেদি প্ৰবাস কৰিছিল। সেই জল পথেদি আদী -মিচিং সকলৰ বহুতো বংশৰ লোকে অনুকৰণ কৰি প্ৰবাস কৰিছিল। য়াম্নৗ নদীৰ সোঁ পাৰৰ কাৰনাং নামৰ ঠাই আছিল। কাৰনাঙত য়িৰাং বংশৰ লোক সকল বাস কৰিছিল।য়িৰাং বংশৰ লোক সকলো শক্তিশালী আছিল।এদিন পগাগ বংশৰ লোক সকল য়িৰাং বংশৰ লোক সকলক য়াম্নৗ নদীৰ দাতিত লগ পাইছিল আৰু দুয়ো মুখা মুখী হল।য়িৰাং সকলক য়াম্নৗ নদী পাৰ হৈ পগাগ এলেকালৈ প্ৰবেশ নকৰিবলৈ সকিয়াই দিলে। যদি য়াম্নৗ নদী পাৰ হৈ আহে ,তেতিয়া য়িৰাং বংশৰ লোক সকলৰ পৰিণাম বেয়া হব বুলি ধমকি দিলে। তাতে য়িৰাং সকল পগাগ সকলৰ ওপৰত বৰ খং উঠিলে আৰু ইয়াৰ প্ৰতি উত্তৰ দিবলৈ য়িৰাং সকল সন্দি পাতিলে। পগাগ সকলৰ সহজ সৰল আছিল কাৰণে য়িৰাং সকলৰ সন্দিৰ বিষয়ে জনা নাছিল।য়িৰাং সকল পগাগ সকলৰ অজ্ঞানতে এদিন য়াম্নৗ নদী পাৰ হৈ নালুম ৰৌগুমত প্ৰবেশ কৰিলে আৰু পগাগ সকলৰ ওপৰত আক্ৰমণ চলালে। পগাগ সকল য়িৰাং সকলৰ আক্ৰমণৰ কাৰণে তাত থকাটো নিৰাপদ নহব বুলি ভাৱিলে আৰু নিৰাপদ স্থান বিচাৰি যোৱাটোৱেই উচিত বুলি ভাৱি ললে। এই কৰাণে পগাগ সকল নালুম ৰৌগুম এৰি অন্য ঠাই বিচাৰি যাবলৈ বাধ্য হয়। এদিন য়িৰাং সকলৰ অজ্ঞাতে এই ঠাই এৰি দাচৌং পৰ্বতৰ আকে ফাকে গুচি যাবলৈ ঠিৰাং কৰিলে।।নালুম ৰৌগুম এৰাৰ পাছত মাৰিয়াঙত (দাম্ৰ অঞ্চল)বসবাস কৰিবলৈ লয়। তাত দামৃন, দাং,দচ, চাৰৃং,দাংগা নৰহ,লেইং পাৰাগ,টায়েং সকলক লগ পাই আৰু একে লগে বসবাস কৰে। কিবা কৰণত সেই ঠাই এৰি দাচৌং(দাম্ৰ অঞ্চল) নামৰ পৰ্বত মালা লৈ প্ৰভজন কৰিলে।তাত কিছু শতিকা থকাৰ পাছত অনুমানিক ১৪০০-১৫০০ শতিকা মানৰ পাছত দাচৌং (দাম্ৰ অঞ্চল) এৰিছে।কাৰণ দাঙ্গা নৰহ আৰু পাঃদাম সকলৰ যুদ্ধ ১৫০০ শতিকা মানত হৈছিল। দাচৌং এৰাৰ পাছত চিয়াং নদীৰ কাষত থকা পগাগ সকল পবা অঞ্চলত বাস কৰিবলৈ লয়। পবাত থকা সময়ত পগাগৰ সৰু ভাই পবাক শত্ৰুৱে শিৰছেদ কৰে। সেই ঘটনা গতি যোৱাৰ পাছত পগাগ সকল তাত থকাটো নিৰাপদ নহয় বুলি ভাবি নাওৰে ভটিয়াই আহি মাজুলি লৈকে প্ৰভজন কৰিলে । মাজুলীৰ পৰাও কিছু পৰিয়াল বুৰৈ ,জীয়াভুৰলীলৈ,ৰঙালৈ আৰু ঢকোৱাখানা অঞ্চললৈ উঠি গ’ল আৰু তাত স্থায়ী কৈ থাকিবলৈ লয় ।বৰ্তমান পগাগ সকল ধেমাজী,উত্তৰ লখিমপুৰ,মাজুলী,বিশ্বনাথ,তেজপুৰ আৰু যোৰহাট আদি জিলাত আছে । অৰুণাচল প্ৰদেশৰ লুহিত জিলাৰ দংকু নামৰ গাঁৱত এঘৰ আছে। 


সহায়ক পুথি-

১। হিষ্টৰী অফ দা মিচিংচ্ অফ অৰুণাচল প্ৰদেশ এণ্ড আসাম-ডা.ঙাঙৃন লৗগ(২০০৫)

২। পগাগ অপেঃৰ বংশাৱলী-বুধিন পগাগ(২০১৭)


 



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages