নৱজ্যোতি তামুলী
তিনিচুকীয়া, বৰডুমচা
ভাৰতবৰ্ষ এখন বিভিন্ন জনবসতিৰে পৰিপূৰ্ণ এক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য। ইয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ ভৌগলিক পৰিবেশ সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰ। অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্যই সকলোৰে মন মুগ্ধ কৰি আহিছে। তাৰোপৰি ইয়াত বাস কৰা জাতি-জনজাতিসমূহৰ এক নিজস্ব বৈশিষ্ট্য আছে যিয়ে ভাৰতৰ অন্য জাতি-জনজাতিৰ মনত এক সুকীয়া চিত্ৰ অংকন কৰে। ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, পূজা-পাতল, কৃষ্টি-সংস্কৃতি আদিয়ে উত্তৰ পূৰ্বাঞ্চলক এক নতুনত্ব প্ৰদান কৰি আহিছে। সেইহিচাপে অতি প্ৰাচীন কালৰ পৰাই উত্তৰ পূৰ্বাঞ্চলৰ এই ভূ-খণ্ডলৈ পূবফালৰ প্ৰশান্ত মহাসাগৰীয় নৃগোষ্ঠী, পশ্চিমফালৰ ভূমধ্য সাগৰীয় নৃগোষ্ঠীসমূহৰ লগতে ভাৰতৰ অন্য ঠাইৰ পৰাও উত্তৰ পূৰ্বাঞ্চললৈ নৃগোষ্ঠীসমূহ জনস্ৰোত ভাবে বৈ আছে। খ্ৰীষ্টপূৰ্ব চাৰি-তিনি হাজাৰ বছৰৰ পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলত কমেও ৭৮ টা জনগোষ্ঠীয়ে প্ৰবেশ কৰিছিল। সাম্প্ৰতিক সময়ৰ নৃতত্ত্ববিদ ৰিচলে, হাটন, ডেলটন, হাণ্টাৰ ইনলে আদিৰ মতে উত্তৰ-পূৰ্বাঞ্চলত অতি কমেও ১১৫ টা জনগোষ্ঠীয়ে সনাতন কালৰে পৰাই বসবাস কৰি আহিছে।
ভাৰতৰ সংবিধানৰ ৩৪২ অনুচ্ছেদত ৭০০ৰো অধিক জনগোষ্ঠীক জনজাতি হিচাপে স্বীকৃতি দিছে। তাৰে উত্তৰ পূৰ্বাঞ্চলত প্ৰায় ১৬৬ টা জনগোষ্ঠীক জনজাতি হিচাপে স্বীকৃতি দিছে। সমূহ জনজাতিৰ বিষয়ে আলোচনা নকৰি ৰাজ্যভিত্তিত কেইটামান জনগোষ্ঠীৰ বিষয়ে তলত আলোচনা আগবঢ়োৱা হ'ল।
অসম
জনগোষ্ঠী
বড়ো
বৰ্তমান অসমত বাস কৰা জনগোষ্ঠীসমূহৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা বড়োসকল হৈছে অন্যতম বৃহৎ জনগোষ্ঠী। বড়োসকলক ভাৰতৰ সংবিধানে ১৯৬৮ চনৰ পৰা অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিছে। বড়ো শব্দটো কৰ পৰা কেনেকৈ আহিল এই সম্পৰ্কে অনেকজন গৱেষকে অনেক ধৰণেৰে ব্যাখ্যা দাঙি ধৰিছে। ড° মেনেয়ে বড়ো শব্দটি ভোট শব্দৰ পৰা আহিছে বুলি মত দাঙি ধৰিছে। বড়োসকল হৈছে তিব্বত বৰ্মীয় ভাষা ভাষীৰ লোক।
তেওঁলোক ঘাইকৈ শৈৱ পন্থাৰ লগত জড়িত বাথৌ পন্থীয় লোক। তেওঁলোকৰ মাজত কিছুসংখ্যক সনাতন, বৈষ্ণৱ আদি হিন্দুধৰ্মৰ ধাৰাৰ আৰু খ্ৰীষ্টধৰ্মীয় লোকো নথকা নহয়। নিজ ভাষা-সংস্কৃতি সংৰক্ষণ কৰা দলৰ ভিতৰত হাজোৱাৰী (পাহাৰৰ), হায়েনাৰী (ভৈয়ামৰ), ছনাবমাৰী (পশ্চিমৰ), ছামমাৰী (পূবৰ), দৈখলাং খোলৰি (ব্ৰহ্মপুত্ৰৰ এইবিলাক বড়ো, কছাৰী নিজৰ ভিতৰতে দি লোৱা নাম। তেওঁলোকৰ সমাজ ব্যৱস্থা পিতৃতান্ত্ৰিক যদিও মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থাও কিছুমান সমাজিক অনুষ্ঠানত পৰিলক্ষিত হয়। বিয়াৰ পিছত কইনা দৰাৰ ঘৰত গৃহবাস কৰে আৰু অৱশ্যে অন্য সতি-সন্ততিয়ে দেউতাকৰ উপাধি গ্ৰহণ কৰে।
অন্য জনজাতীয় সমাজত প্ৰচলিত নথকা সগোত্ৰীয় বিবাহ বড়োৰ মাজত প্ৰচলন আছে। বড়োসকলে পৰম্পৰাগতভাৱে পাচোঁটি সমাজ বান্ধোনেৰে সমাজ পৰিচালনা কৰে। গাঁওখনৰ মন্ত্ৰপাঠ (স্বৰ্গীয়াৰী), প্ৰায়চিত্ত বিধান (নাৰ্জীয়াৰী), খেতি-বাতি (বসুমতাৰী) মাছমৰা (দৈমাৰী), চিকাৰ কৰা (মুছাহাৰী) আদি ভিন ভিন কাৰ্যৰ বাবে ভিন ভিন ফৈদৰ লোকৰ হাতত দায়িত্ব ন্যস্ত থাকে যদিও গোত্ৰভিত্তিক এই শ্ৰম বিভাজনৰ সিমান ধৰা-বন্ধা নিয়ম নাই।
বাঁহৰ ব্যৱহাৰ বড়োসকলৰ এক অন্যতম বৈশিষ্ট্য। প্ৰয়োজনীয় বহু সামগ্ৰী তেওঁলোকৰ বাঁহেৰে নিৰ্মিত। বড়ো তিৰোতাসকলে প্ৰত্যেকে একোগৰাকী পাকৈত দাৱনী, ৰোৱনী, মাছুৱৈ আৰু ৰান্ধনী। এড়ি পালন আৰু এড়ি সূতা কটাত বড়ো তিৰোতা অতিশয় সুদক্ষ। কাপোৰ বব নজনা ‘আলুৰি’ ছোৱালীৰ বিয়াৰ বজাৰত মূল্যহীন বুলি থকা ধাৰণা এতিয়াও সমাজত বিদ্যমান।
মিচিং
মিচিং সকল মূলতে মংগোলীয় জনগোষ্ঠীৰ মান-তিৰ্ব্বতী শাখাৰ অন্তৰ্গত । সাধাৰণতে তাম বৰণীয়া শৰীৰ, চকুৰ আয়তন সৰু, চুলি ঠৰঙা, ভোটা নাক, ডাঙৰ কলা ফুল আদিয়েই শাৰীৰিক বৈশিষ্ট্য বুলি অভিহিত কৰিব পাৰি। মিচিং সকলে নিজকে "ভাল মানুহ" বুলি পৰিচয় দি ভাল পায়। অৰ্থাৎ "মি" মানে মানুহ আৰু "য়াচিং" মানে বগা বা ভাল। অৰ্থাৎ ভাল মানুহ। অসমৰ জনজাতিসকলৰ ভিতৰত মিচিং সকল জনসংখ্যাৰ ফালৰ পৰা দ্বিতীয় বৃহৎ জনজাতি। তেওঁলোকৰ ভাষা মিচিং, ধৰ্ম হিন্দু আৰু খ্ৰীষ্টান। সাধাৰণতে অসমৰ ধেমাজি, তিনিচুকীয়া, মাজুলী, শোণিতপুৰ, লক্ষীমপুৰ, ডিব্ৰুগড়, আদি জিলাসমূহত মিচিং সকলৰ জনবসতি ঘন। সাধাৰণতে নৈৰ পাৰত চাং ঘৰ সাজি বাস কৰা বাবে মিচিং সকলৰ জীৱন ধাৰণৰ পদ্ধতি নৈৰ সৈতে ওতপ্ৰোত ভাবে জড়িত। অৰুণাচলৰ ছিয়াং আৰু লোহিত জিলাতো মিচিং লোকৰ বাসস্থান দেখা যায়। যিহেতু মিচিং সকলৰ কৃষিয়েই মূল জীৱিকা, সেয়ে শস্য সিচাঁৰ সময়ত মিচিং সকলে "আলি আই লৃগাং" অনুষ্ঠান পালন কৰে। ঠিক সেইদৰে শস্য চপোৱাৰ সময়ত পঃৰাগ উৎসৱ পালন কৰে।
সোনোৱাল কছাৰী
সংবিধান স্বীকৃত জনজাতি সকলৰ ভিতৰত সোনোৱাল কছাৰীসকল হৈছে তৃতীয় বৃহৎ জনজাতি। এওঁলোক মংগোলীয় প্ৰজাতিৰ লোক। এওঁলোক বিশেষকৈ উজনি অসমৰ ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, লখিমপুৰ, যোৰহাট, শিৱসাগৰ, গোলাঘাট আদি জিলাত বাস কৰে। কছাৰীসকলৰ হাইদাং হুঁচৰিৰ মতে সোনোৱালসকলৰ প্ৰধানকৈ সাত খেল চৈধ্য বংশ আৰু ছাপন্নটা সঁচ বা পৰিয়াল হ’ব লাগে।
উজনীকুচীয়া, নামনীকুচীয়া ,অমৰাবমীয়া, তিপমীয়া, ধুলীয়াল, চিৰিপুৰীয়া আৰু বালিখিতিয়াৰী। এই সাত খেলৰ অন্তৰ্গত বংশ বিলাকঃ
মদনীয়াল, মাণিকীয়াল, হুগ্ৰাল, মুক্তাল, এজমাল, ফৰমাল, সৰু-সাজোৱাল, বৰ-হাজোৱাল, লথিয়াল, চতীয়াল, কুমৰাল, বৰমাল, দংৰাল আৰু ডিঙীয়াল।
মিৰি, ডফলা, বড়ো, ৰাভা, ডিমাচা, নগা, শ্যাম, কোঁচ আৰু আহোম আদি মূলৰ পৰা সোনোৱাল কছাৰীত অন্তৰ্ভুক্তি হোৱা আৰু নটা বংশ পোৱা যায়। সেই কেইটা হ’ল- মুখৰাল, হুকৰাল, ডেকৰাল, চুঙীয়াল, চুনীয়াল, ধনশিৰীয়াল, হাকোৱাল, ধাদুমীয়াল আৰু দলংগ্ৰীয়াল
ওপৰত উল্লেখ কৰা বংশ বিলাক সৰ্বমুঠ ১০৮টা সঁচ বা পৰিয়ালত বিভক্ত ।
দেউৰী
অসমৰ জনজাতি সমূহৰ ভিতৰত দেউৰীসকল হৈছে অন্যতম। ঘাইকৈ অসমৰ উজনি আৰু অৰুণাচলত যথেষ্ট্য সংখ্যক দেউৰীলোকে বাস কৰে। ডিবঙীয়া, টেঙাপনীয়া আৰু বৰগঞা হৈছে দেউৰী সকলৰ তিনিটা ভাগ। অসমীয়া সমাজত দেউৰী সম্প্ৰদায়ৰ লোকসকলক পূজাৰী গোষ্ঠীৰ বুলি সন্মান কৰে।
ঠেঙাল কছাৰী
প্ৰবাদ মতে ১৫২৬ ষ্টাব্দত আহোম কছাৰীৰ যুদ্ধত খুনখুৰা কছাৰী ৰজাই যুদ্ধ জয় কৰে। জং বাহাদুৰ আৰু চক্ৰ ধব্বজ নামৰ দুজন সাহসী যুদ্ধাই কিছু কছাৰী পৰিয়াল লগত লৈ দৈয়াং নদীৰ পাৰৰ কাছমাৰি পথাৰত ৰাজ্য পাতি থাকিবলৈ লয়। তেওঁলোকে যুদ্ধত থেঙা পিন্ধি যুদ্ধ কৰাৰ উপৰিও সাধাৰণভাৱে ঘৰুৱা পৰিৱেশতো পুৰুষ সকলে ঠেঙা পিন্ধি ফুৰিছিল বাবে পিছলৈ তেওঁলোকক ঠেঙাল কছাৰী বুলি জনাজাত হৈছিল।
ৰাভা
ৰাভা সকলৰ আদি বাসস্থান আছিল তিৰ্ব্বত মালভূমি । তেওঁলোক কোন সময়ত উত্তৰ প্ৰবাঞ্চললৈ প্ৰবজিত হৈছিল ইতিহাসবিদ সকলেও সঠিক ভাবে ঠাৱৰ কৰিব পৰা নাই। বৰ্তমানে কামৰূপ, তেজপুৰ, দৰং, নলবাৰী, কুকুৰাঝাৰ, ধুবুৰী, শোণিতপুৰ,ধেমাজি আদিৰ লগতে অসমৰ ভিন ভিন ঠাইত নিগাজীকৈ বসবাস কৰি আছে।
অসমৰ বাহিৰেও মেঘালয়, পশ্চিমবংগ, আদি ঠাইতো ৰাভাসকলে নিজস্ব কৃষ্টি-সংস্কৃতিৰে বসবাস কৰি আহিছে।
সামাজিক দৃষ্টি ভংগীৰে ৰাভাসকলক সাতটা ভাগত ভাগ কৰিছে -
১/ ৰংদনিয়া
২/পাতি
৩/মায়তাৰিয়া
৪/ কোচ
৫/ দাহৰিয়া
৬/ বইতালিয়া
৭/ ছোংগা
অসমৰ কথা আলোচনা কৰোঁতে এইখিনিতে সাংবিধানিক ভাৱে স্বীকৃতি প্ৰাপ্ত নহ'লেও অসমৰ কেইটামান অতি পুৰণি খিলঞ্জীয়া জনগোষ্ঠীৰ বিষয়ে এটি থুলমূল আলোচনা আগবঢ়োৱা হ'ল। এই খিলঞ্জীয়া জনগোষ্ঠীসমূহ কিয় আজিলৈ অনুসুচীত বুলি স্বীকৃত হোৱা নাই সেই কথা এই প্ৰবন্ধৰ আলোচ্য বিষয়ো নহয় আৰু ৰঙাফিটাৰ মেৰপাকৰ কথাৰ পৰা এই লেখক শতযোজন আতৰত থাকে।
মৰাণ
মৰাণসকল অসমৰ পুৰণি জনগোষ্ঠী সমূহৰ ভিতৰত অন্যতম৷ উজনি অসমৰ কেইবাখনো জিলাত এই জনগোষ্ঠীৰ অধিকাংশ লোকে বসবাস কৰে৷ মৰাণ সকলক বড়ো-কছাৰী মূলৰ বুলি ভবা হয়৷
কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত মৰাণ সকল অত্যধিক চহকী জনগোষ্ঠী।
ব'হাগ বিহু মৰাণ সকলৰ বিশেষ প্ৰাধান্য থকা কৃষিমূলীয় লোক উৎসৱ। প্ৰত্যেক জনগোষ্ঠীয়ে ব'হাগ বিহু নিজৰ নিজৰ গোষ্ঠীগত সুকীয়া সুকীয়া পৰম্পৰাগত বৈশিষ্ট্যৰে পালন কৰাৰ দৰেই মৰাণসকলেও কিছুমান স্বকীয় বৈশিষ্ট্যৰে অতীতৰে পৰা ব'হাগ বিহু পালন কৰি আহিছে। অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটোত অনবদ্য অৱদান আগবঢ়োৱা ভালেমান জনগোষ্ঠীৰ দৰেই মৰাণসকলেও ব'হাগৰ পহিলা তাৰিখত বিহু পালন নকৰে। মংগলবাৰে উৰুকা, বুধবাৰে গৰু বিহু, বৃহস্পতিবাৰৰ পৰা মানুহ বিহু ৰূপত বিহু অতীতৰে পৰা পালন কৰি আহিছে।
বুৰঞ্জীয়ে ঢুকি নোপোৱা সময়ৰ পৰাই অৰ্থাৎ প্ৰাক্ ঐতিহাসিক কালৰ পৰাই মৰাণ সকলে ৰাতি বিহু পালন কৰি আহিছে। অতীজত ৰাতি বিহু দীঘলীয়াকৈ কেইবাদিনৰ বাবে পালন কৰা হৈছিল। সময়, আধুনিকতা তথা ব্যস্ত জীৱন শৈলীয়ে এই পৰম্পৰালৈ কিছু কিছু পৰিবৰ্তন অনাটো অনস্বীকাৰ্য্য। পূৰ্বৰ দৰে ব্যাপকভাৱে ৰাতি বিহু নামাৰিলেও কেইখনমান গাঁৱত এতিয়াও ৰাতি বিহু মৰা প্ৰথাটো প্ৰচলন হৈ আছে। উজনি অসমৰ ভালেকেইখন ঠাইত এতিয়াও ৰাতি বিহু নিয়মীয়াকৈ অনুষ্ঠিত কৰি অহাটো জনগোষ্ঠী তথা সকলোৱেই বাবে সুখবৰ।
সাজপাৰ বা বস্ত্ৰসম্ভাৰৰ ক্ষেত্ৰতো মৰাণ সকল যথেষ্ট চহকী। কিয়নো,অধিকাংশ মৰাণ মহিলাই তেওঁলোকৰ প্ৰয়োজনীয় বস্ত্ৰ সমূহ নিজে প্ৰস্তুত কৰি লয়। পূৰ্বতে মৰাণ সকলে কাপোৰ ববৰ বাবে প্ৰয়োজনীয় সূতা কপাহৰ পৰা নিজেই তৈয়াৰ কৰি লৈছিল। কিন্তু বৰ্তমান তেওঁলোকে বজাৰত সহজতে পোৱা সূতাৰে কাপোৰ বৈ লয়। মৰাণসকলে দৈনন্দিন জীৱনত বৰ্তমানেও তেওঁলোকৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰে। এতিয়াও মৰাণসমাজত বয়োজ্যেষ্ঠলোকসকলে সকাম নিলাম কৰাৰ বেলিকাৰ উপৰি ঘৰুৱা পৰিৱেশত থাকোঁতেও তেওঁলোকৰ পৰম্পৰাগত সাজপাৰ সমূহ পৰিধান কৰা পৰিলক্ষিত হয়।
মটক
মটকসকল অসমৰ এটি অতি পুৰণি টাই-মংগােলীয় জনগােষ্ঠী। মটক’ শব্দটি টাই ভাষাৰ শব্দ। টাই ভাষাত ‘ম’ মানে শক্তিশালী, বুদ্ধিমান বা ওয়ানী আৰু “টক’ মানে উপযুক্ত, জোখা, তুলাচনী, পৰীক্ষিত। অর্থাৎ উপযুক্ত, জ্ঞানী, শক্তিশালী, পণ্ডিত লােক। ১২২৮ খ্রীষ্টাব্দত চুকাফাই অসম নামৰ এই ভূখণ্ডলৈ গিৰিপথ অতিক্ৰমী অহাৰ সময়ত প্রাচীন অসমৰ সৌমাৰপীঠত মটকসকলে সৰু সৰু ৰাজ্য গঠন কৰি একো একোজন মুৰৰ্ব্বীৰ অধীনত বসবাস কৰিছিল। কৃষি-কর্ম আছিল তেওঁলােকৰ মুল জীৱিকা। নিজস্ব কৃষ্টি -সংস্কৃতিৰে মটকসকলো চহকী জনগোষ্ঠী।
আহোম
টাই আহোম বা হা-চাম সকল হৈছে অসম আৰু অৰুণাচলত বসবাস কৰা এটা বৃহত্তৰ টাই জাতিৰ অন্তৰ্গত উত্তৰ-পূবৰ আটাইতকৈ ডাঙৰ টাই জনগোষ্ঠী। এওঁলোক বিভিন্ন সময়ত চীনৰ য়ুন্নান প্ৰদেশৰ পৰা অহা টাই মানুহৰ বংশধৰ। চাওলুং চ্যু-কা-ফাৰ লগত ১২২৮ চনত অহা ৯০০০ টাই লোকৰ ঠালটোৱেই সৰ্ববৃহৎ টাই ঠাল যি ব্ৰহ্মপুত্ৰ উপত্যকাত বাহৰ পাতি লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰায় ৬১০ বছৰ শাসন কৰে। অসমৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, তিনিচুকীয়া, ধেমাজী আৰু কাৰ্বি আংলং আৰু অৰুণাচল প্ৰদেশৰ লোহিত জিলাত টাই আহোম সম্প্ৰদায়ৰ লোক দেখা যায়। এই ঠালটোক অন্য জনগোষ্ঠীসমূহে ‘আহোম’ নামেৰে মাতিছিল যদিও আহোমসকলে নিজকে কিন্তু ‘টাই’ নামেৰেহে চিনাকি দিছিল।
এই চুটি লেখাত আহোম সকলৰ বীৰত্ব তথা কৃষ্টি সংস্কৃতিৰ বৰ্ণনা দিয়াটো অসম্ভৱ বুলিয়েই বিৰত থাকিলোঁ।
কোচ -ৰাজবংশী
যদিও "কোচ" আৰু "ৰাজবংশী" শব্দ দুটা বৰ্তমান এটা আনটোৰ সলনি ব্যৱহাৰ কৰা হয়, The Imperial Gazetteer of Indiaৰ মতে, "যদিও কোচসকলে নিজকে মুক্তমনে ৰাজবংশী বুলি কয়, প্ৰকৃততে দুয়োটা জনগোষ্ঠী সম্পূৰ্ণভাৱে দুটা ভিন্ন উৎসৰ পৰা উদ্ভৱ হোৱা বুলি বিশ্বাস কৰা হয়। কোচসকল মংগোলীয় উদ্ভৱ, আনহাতে ৰাজবংশীসকল দ্ৰাবিড় উদ্ভৱ জনজাতি যিয়ে সম্ভৱতঃ কোচ ৰজাসকল ক্ষমতালৈ অহাৰ আগৰে পৰাই ৰাজবংশী নাম পাইছিল। The Imperial Gazetteer of Indiaই ইয়াকো কৈছে যে: "কোচ জনজাতিসকল, বৰ্তমান দ্ৰাবিড়ৰ সৈতে সংমিশ্ৰিত হৈ গ’ল যদিও, পূৰ্বতে সম্পূৰ্ণ মংগোলীয় আছিল আৰু কছাৰী, টিপ্পাৰা, লালুং, চুতীয়া, আৰু গাৰোসকলৰ সৈতে ওচৰ সম্বন্ধথকা এটা ভাষা কৈছিল। যিকি নহওক, বৰ্তমান এই জনগোষ্ঠী দুটাক এটাৰ পৰা আনটোক পৃথক কৰা অসম্ভৱপ্ৰায়। বৰ্তমান এই লোকসকল অসমৰ অধিকাংশ সমতলীয় জিলাত বহুলভাৱে বসবাস কৰে আৰু অসমীয়া ভাষাই ব্যৱহাৰ কৰে।
ইয়াৰ উপৰিও ডিমাছা কছাৰী, হাজং, মাৰ, টাইফাকে, চাহ জনগোষ্ঠী, মুছলমান (মিঞা ,গৰিয়া,মৰিয়া দেশী), আদিৰ লগতে বৃত্তিৰ খাতিৰত প্ৰবজিত হৈ অহা অনেক জাতি উপজাতিৰ লোক এতিয়া হাড়ে হিমজুৱে অসমীয়া হৈ পৰিলহি। সেই সকলৰ আলোচনা ইয়াত সম্ভৱ নহ'ব।
মেঘালয় ৰাজ্যত বাস কৰা জনগোষ্ঠীসমূহৰ একাংশ
খাচী
ইন্দো- মংগোলীয় নৃ গোষ্ঠীয় জনগোষ্ঠী সকলৰ ভিতৰত মেঘালয়ত বসবাস কৰি থকা খাচী সকল হৈছে অন্যতম। খাচী সকল বিশেষকৈ মাতৃতান্ত্ৰিক প্ৰধান সমাজ। মহিলাসকলে জনগোষ্ঠীাটোৰ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। বংশৰ সৰু ছোৱালীজনীয়ে সেই সম্পত্তি মাকৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে। পুৰুষসকলে পিন্ধে জিম্ফং, যিটো কলাৰবিহীন দীঘল হাতৰ কোট আৰু পাগুৰি। মহিলাসকলে গহনা আৰু কাণফুলি পিন্ধিবলৈ অতি আকৰ্ষিত। কঁকালত ৰূপৰ শিকলি পিন্ধাৰ পৰম্পৰা আছে। উ ব্লেই নং-থাউ, উলেই লংস্পাহ (ধনৰ দেৱতা), শ্বননগাণ্ড আন বহুতো দেৱতাক এই জনগোষ্ঠীয়ে পূজা কৰে। এওঁলোকৰ ভাত প্ৰধান খাদ্য । ৰাইচ বিয়েৰ সুৰা হিচাপে ব্যৱহাৰ কৰা হয়। নোংক্ৰেম হৈছে খাচী জনগোষ্ঠীৰ মাজত উদযাপন কৰা এক বিখ্যাত উৎসৱ। এই উৎসৱ নৱেম্বৰ মাহত পৰে আৰু পাঁচদিন ধৰি পালন কৰা হয়।
ইয়াৰ বাহিৰেও মেঘালয়ত গাৰো, জয়ন্তীয়া, কুকি, মান,মিকিৰ,মিজো আদি জনগোষ্ঠী সমূহে বাস কৰে।
অৰুণাচল ৰাজ্যৰ জনগোষ্ঠীৰ একাংশ
অকা
অকা হৈছে অৰুণাচল প্ৰদেশৰ কামেং জিলাৰ প্ৰধান জনগোষ্ঠী। অকা সকলৰ দুটা ভাগ আছে - কটচুন আৰু কভাটচুন। এই দুটা ভাগৰো আকৌ কেইবাটাও ভাগ আছে।
তেওঁলোকৰ প্ৰধান জীৱিকা হৈছে খেতি। ধৰ্মৰ ফালৰ পৰা বৌদ্ধ, হিন্দু ধৰ্ম আৰু আদিম জনজাতীয় ধৰ্ম বিশ্বাসৰ এক মিশ্ৰিত ৰূপেই হৈছে তেওঁলোকৰ মূল ধৰ্ম। তেওঁলোকে মৃতদেহ পুতি থয়। পুতিবৰ সময়ত মৃতদেহৰ মূৰটো উত্তৰ দিশত আৰু মুখখন পশ্চিমফালে মুৰ কৰি থয়।
গাঁওখনেই হ'ল অকাসকলৰ ৰাজনৈতিক সংগঠনৰ গোট আৰু গাঁৱৰ মুৰব্বী হ'ল গাঁওবুঢ়া।
চিংফৌ
উত্তৰ ম্যানমাৰ কাচিন প্ৰদেশৰ পৰা বিস্তাৰিত হৈ আহি শ শ বছৰেৰ পাটকাই পাদদেশত বসবাস কৰি থকা এক শক্তিশালী জনগোষ্ঠী হ'ল চিংফৌ সকল। অৰুণাচলৰ চাংলাং, লোহিত আদি জিলাত চিংফৌ সকলৰ বসতি ঘন। চিংফৌ শব্দৰ অৰ্থ হৈছে মানুহ।
শ্বেৰডুকপেন
অৰুণাচলৰ বিশেষকৈ পূব কামেং জিলাত বসবাস কৰা বৌদ্ধ ধৰ্মীয় জনগোষ্ঠী হ'ল শ্বেৰডুকপেনসকল। তেওঁলোক বিশেষকৈ ব্যৱসায় হিচাপে জনাজাত। এওঁলোকৰ গোত্ৰ দুটা। থং আৰু চাও। সমাজ ব্যৱস্থা পিতৃতান্ত্ৰিক।
মনপা
পশ্চিম কামেংৰ অন্য এটা বৌদ্ধ ধৰ্মীয় জনগোষ্ঠী হ'ল মনপাসকল। এওঁলোকৰ প্ৰধান খাদ্য হ'ল মাকৈ। এওঁলোকৰ মৃতদেহ সৎকাৰ পদ্ধতি আমাৰ বাবে আচয্যকৰ। তেওঁলোকে মৃতদেহ নৈৰ পাৰলৈ নি ১০৮ টুকুৰা কৰি নৈত উটুৱাই দিয়ে।
এই সকলৰ উপৰিও আবৰ, ডফলা, খোৱা, ৱাঞ্চু, চাকমা, খাৱা, চুলুং, তাগিন, টাঙান, টাংছা, ডিগাৰু মিচিমি, নক্টে, না, নিচি, পাদাম, পাঙি, পাছি, পেইলিবু, বৰি আদি জনগোষ্ঠী সমূহে অৰুণাচলত শান্তিৰ বসবাস কৰি নিজস্ব কৃষ্টি-সংস্কৃতিৰে সুখী জীৱন উপভোগ কৰি আছে।
নাগালেণ্ড
নগা
সাধাৰণতে নগা বুলিলে উত্তৰ পূব ভাৰত আৰু উত্তৰ পূব ম্যানমাৰৰ স্থানীয় বিভিন্ন নৃ-গোষ্ঠীয় গোটক বুজোৱা হয়। ভাৰতৰ নাগালেণ্ডত নগা সকলৰ বসতি সৰ্বাধিক। তাৰ বাহিৰেও মণিপুৰ, অৰুণাচল, অসম আদি ৰাজ্যত কম পৰিমাণে বসতি কৰে। ভাৰতৰ সংবিধানে নগা ৰূপে স্বীকৃতি দিয়া জনগোষ্ঠী সমূহ হৈছে - আও, আংগামী, আনল, ইনপুই, ইমচাংগাৰ কন্যাক, খাৰাম, খিয়ামনিউঙ্গন, চাং চাংটাম, চাখেচাং, চিৰ, চিৰু , চুমি, চোথে জেম, টাংখুল, টিখিৰ, টাংছা, টুটচা, তাৰাও থাংগল, নক্টে, পাৰা, পুমাই, পোচুৰী, ফম মনচাং, ময়ন, মাও, মাকুৰী, মাৰাম, মাৰিং ৰংমেই, ৰেংমা, লাইনোং, লামকাং, লিয়াংমাই লোথা, ৱাঞ্চু আদি।
মণিপুৰ
আইমল
ভাৰতৰ সংবিধানত অনুসূচীত জনজাতি হিচাপে স্বীকৃতি পোৱা আইমলসকল হৈছে মণিপুৰৰ এটি ক্ষুদ্ৰ জনজাতি। আইমল সকলৰ বিষয়ে কোনো গৱেষণা বা কোনো গ্ৰন্থ এতিয়ালৈকে পোৱা হোৱা নাই।
কইৰেং, কইৰাও, কাবুই কইৰেং, কইৰাও আৰু কবুই জনগোষ্ঠীৰ বসতি মণিপুৰ। এই জনগোষ্ঠী তিনিটাৰ জনসংখ্যা সীমিত। কুম, চাহতে, চিমটে, জাও, চাথে, মাৰিং, আদি ৰ লগতে সংবিধানৰ স্বীকৃতি পোৱা মণিপুৰৰ অন্য কেইটামান জনজাতি হৈছে কুম, চাহতে, চিমটে, জাও, চাথে, মাৰিং আদি।
ত্ৰিপুৰা
উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত ত্ৰিপুৰা হৈছে অন্যতম। ত্ৰিপুৰাত বসবাস কৰা জনজাতি সমূহৰ ভিতৰত ত্ৰিপুৰীৰ জনসংখ্যা আটাইতকৈ অধিক। তদুপৰি তেওঁলোক ত্ৰিপুৰাৰ অন্যতম পুৰণি বাসিন্দা।
খ্ৰীষ্টপূৰ্ব প্ৰায় এহেজাৰ বছৰ আগৰে পৰা বসবাস কৰি অহা এটা পুৰণা জনগোষ্ঠী হৈছে ম'গ। এওঁলোক সংবিধানৰ স্বীকৃতি প্ৰাপ্ত জনগোষ্ঠী।
অনুসূচীত জনজাতি হিচাপে স্বীকৃতি প্ৰাপ্ত ত্ৰিপুৰাৰ অন্য জনজাতি হৈছে মুণ্ডা, লেপচা, হালাম আদি। ইয়াৰোপৰি নৈয়াতিয়া, ভিল আদি জনগোষ্ঠী সমূহে ত্ৰিপুৰা ৰাজ্যত বাস কৰে।
মিজোৰাম
অন্য ৰাজ্যৰ দৰে মিজোৰামতো ভিন ভিন জাতি-জনজাতিয়ে বাস কৰি আছে। মিজোৰামৰ প্ৰধান জনগোষ্ঠী হৈছে মিজোসকল। গৱেষক সকলৰ মতে মিজো সকল পশ্চিম এছিয়াৰ পৰা প্ৰব্ৰজন কৰি আহিছিল। মিজোৰামত মিজোসকল অনুসূচিত জনজাতি হিচাপে গণ্য কৰা নহয় যদিও আন ৰাজ্যত থকা মিজোসকল জনজাতি হিচাপে স্বীকৃত।
ইয়াৰ অনুসূচীত জনজাতি হিচাপে স্বীকৃতি পোৱা খাওচুং সকল কুকি জনগোষ্ঠীৰ এটি শাখা।
কুকি জনগোষ্ঠীৰ আন এটা শাখা হৈছে খেলমা। বৰ্ণাঢ্য কৃষ্টি সংস্কৃতিয়ে স্বকীয় বৈশিষ্ট্যৰে জিলিকি থকা খেলমা সকলৰ প্ৰধান বসতি স্থান হৈছে মিজোৰাম। ঠিক সেইদৰে খোথালং, খোলহাও, গাংটে, গিমালাও, জংবে, চেলনাম, থাংঙেও, থাদু, দাউঙেল, পাৱি, বেইটে, মাংজেল, লাঙুম,লুফেং, লেংথাং, লাখাৰ, লাউভোন, লাউজেম, আদি জনগোষ্ঠী সমূহে মিজোৰামৰ এক সুকীয়া পৰিচয় ডাঙি ধৰিছে।
উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ লগত শেহতীয়াকৈ সামৰি লোৱা চিকিম ৰাজ্যত নেপালী জনগোষ্ঠীৰ লোকেই মূল বাসিন্দা।
সামৰণি
ভাৰতবৰ্ষৰ গোটেই কেইখন ৰাজ্যৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনেও নিজস্ব বৈশিষ্ট্য আৰু ইটো জাতিৰ লগত সিটো জাতিৰ সম্বন্ধ গঢ়ি ভাৰতৰ জনগাঁথনিৰ বিচিত্ৰতা জাকত-জিলিকা কৰি ৰাখিছে। বৰ্তমান সময়ত উত্তৰ পূৰ্বাঞ্চলৰ হজাৰোধিক জনগোষ্ঠীয়ে বসবাস কৰি আছে। তাৰ ভিতৰত হয়তো এনে বহু জনগোষ্ঠী এতিয়াও আছে যিবোৰৰ বিষয়ে আমি অজ্ঞাত। সেয়ে আমি সেই জনগোষ্ঠী সমূহৰ বিষয়ে সঠিক তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব লাগে। আমাৰ এই চুটি লেখত সহস্ৰভাগৰ ভিতৰত মাত্ৰ এভাগৰ হে চিনাকি দিয়া হৈছে। কিন্তু কোনো গৱেষকে যদি এই বিষয়ে ভালকৈ অধ্যায়ন কৰি সঠিক তথ্য লাভ কৰিব পাৰে তেতিয়া হয়তো আৰু অধিক জনজাতি আমাৰ দৃষ্টিগোচৰ হ'ব ।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment