- Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, July 15, 2021

 মিচিং আৰু অসমীয়া ভাষাৰ উমৈহতীয়া ৰূপঃ মিচিংমিজ ভাষাৰ এটি চমু আলোচনা

                                                                                            পূৰৱী মৰাং




        অসম বিভিন্ন জনগোষ্ঠীৰ বাসভূমি৷ এই জনগোষ্ঠী সমূহৰ ভিতৰত মিচিং জনগোষ্ঠীও অন্যতম৷ অতীজতে মিচিং বা মিৰি সকল অসমৰ উত্তৰ-পূৱ ফালৰ পাহাৰত বসতি কৰিছিল বুলি জনা যায়৷ “ বৰ্তমান আবৰ পাহাৰত থকা ‘মিয়ং’ আৰু ‘দাম্ৰ’ নামৰ দুই জাতিৰ মানুহৰ পৰাই এওঁলোকে ফালৰি কাটি আহিছে বুলি অনুমান কৰা হয়৷” ( তৰুণচন্দ্ৰ পামেগামঃ ‘মিৰি বা মিছিং’, ড° প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য(সম্পা.),অসমৰ জনজাতি,পৃঃ ১২২)৷ উল্লেখনীয় যে তিব্বত বৰ্মীয় মূলৰ উত্তৰ-অসম শাখাৰ অন্তৰ্গত মিচিং ভাষীসকল প্ৰধানকৈ উজনি অসমৰ লখিমপুৰ, ধেমাজি, শিৱসাগৰ, যোৰহাট, মাজুলী, দৰং, শোণিতপুৰ আদি জিলাত বসবাস কৰে৷ মিচিং ভাষাটো প্ৰকাশ কৰিবলৈ আদিতে অসমীয়া লিপিৰ ব্যৱহাৰ কৰা হৈছিল যদিও বৰ্তমানে ৰোমান লিপিৰ জৰিয়তে ভাষাটো চৰ্চা কৰা হয়৷ অৱশ্যে সমান্তৰালভাৱে অসমীয়া ভাষাতো অধ্যয়ন অব্যাহত হৈ আহিছে আৰু মিচিং প্ৰথিতযশা সাহিত্যিক সকলৰ কাপৰ যোগেদি সৃষ্টিশীল সাহিত্যৰ সৃষ্টি হৈ আহিছে৷

         মিচিং জনগোষ্ঠীৰ লোকসকল মূলতে কৃষিমুখী৷ এই নৈপৰীয়া মিচিং লোক সকল মৌখিক সাহিত্যত যথেষ্ট চহকী৷ লিখিত ভাষা নাথাকিলেও মিচিং সকলৰ এটা সুকীয়া মৌখিক ভাষা আছে৷ তদুপৰি মিচিং ভাষাৰ কেইবাটাও উপভাষা আৰু স্থানীয় উপভাষা আছে৷“ মিচিং ভাষাত মূলতে সাতোটা (৭) স্বৰধ্বনি পোৱা যায় যদিও হ্ৰস্ব আৰু দীৰ্ঘৰূপ দুয়োটা ধৰিলে চৈধ্যতা হয়”৷ আনহাতে “মিচিং ভাষাত ষোল্লটাকৈ (১৬) ব্যঞ্জনৰ প্ৰয়োগ দেখা যায়৷”(ভীমকান্ত বৰুৱা, ‘অসমৰ ভাষা’, পৃঃ ৯৭)৷

         বৃহত্তৰ অসমীয়া জাতি গঠনত মিচিং সকলৰ যি অৱদান; সেই অৱদান সমূহৰ ভিতৰত ভাষাও এটি অন্যতম৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুয়োপাৰে বসবাস কৰা এই মিচিং লোক সকল ক্ৰমান্বয়ে এই ঠাইৰ বায়ু-পানী-মাটিৰ লগত লীন হৈ অসমীয়া ভাষাকে মাতৃভাষা হিচাপে গ্ৰহণ কৰি লোৱা পৰিলক্ষিত হয়৷ বিশেষকৈ আহোম, চুতীয়া আদি জনগোষ্ঠীয় লোকৰ সৈতে বৈবাহিক, ৰাজনৈতিক, ভাষিক দিশত সম্পৰ্ক স্থাপন কৰি, হিন্দু ধৰ্মৰ আওঁতাত বান্ধ খাই অসমীয়া ভাষাকে ব্যৱহাৰ কৰি নিজা ভাষাটো প্ৰায় পাহৰি পেলাইছে আৰু বিশুদ্ধ অসমীয়া ভাষা কথন ও চৰ্চাৰ জৰিয়তে সাতাম পুৰুষীয়া অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰি আহিছে৷ ৷“ তেনে ফৈদৰ ভিতৰত অৰ্থাৎ মিছিং ভাষা নোকোৱা মিছিঙৰ ভিতৰত চামগুৰীয়া, তামাৰ( তেমেৰ গঞা), বংকোৱাল, বিহিয়া, বেবেজীয়া আদি অন্যতম৷ তদুপৰি পাগ্‌ৰ(মিৰি চুতীয়া), চায়াং(চায়েঙীয়া), অয়ান(আয়েঙীয়া), দাম্বুক, দৗলু, মঃয়িং(ময়েঙীয়া) আদি মিছিং মাতৃভাষী লোক সকলেও অৰ্থাৎ মিছিং ভাষা কোৱা মিছিঙেও অতীজৰে পৰা অইন প্ৰতিবেশী লোকৰ সৈতে সংযোগী ভাষা (lingua-franca) হিচাপে একমাত্ৰ অসমীয়া ভাষাকে ব্যৱহাৰ কৰি আহিছে৷”( উপেন ৰাভা হাকাচাম, ‘অসমীয়া আৰু অসমৰ ভাষা- উপভাষা’, পৃঃ ২০৪)৷ সেইবাবে অসমীয়া ভাষা আৰু মিচিং ভাষাৰ সংমিশ্ৰণৰ ফলত ইয়াৰ এটা সুকীয়া উচ্চাৰণ ৰীতি, শব্দ-সম্ভাৰ, ৰূপতাত্ত্বিক বৈশিষ্ট্য দেখিবলৈ পোৱা যায়৷ যাক উপেন ৰাভা হাকাচামে তেখেতৰ

“ অসমীয়া আৰু অসমৰ ভাষা- উপভাষা” নামৰ গ্ৰন্থখনিত মিচিংমিজ উপভাষাৰ অন্তৰ্গত কৰি ইয়াৰ ভাষিক বৈশিষ্ট্য বিশ্লেষণ কৰিছে৷ তাৰে কেইটিমান বৈশিষ্ট্যৰ চমু আলোচনা কৰা হ’ল-

         মান্য অসমীয়াৰ আঠোটা স্বৰধ্বনিৰ পৰিৱৰ্তে সাধাৰণতে মিচিংমিজ ভাষাত / অ, আ, ই, উ, এ/ এই পাঁচোটা স্বৰৰহে বহল প্ৰয়োগ আছে৷ এই স্বৰবিলাক নিকটস্থানীয় স্বৰধ্বনিলৈ ৰূপান্তৰিত হয়৷ অৱশ্যে মিচিং সকলৰ কথিত অসমীয়াত মূল মিচিং স্বৰৰ দীৰ্ঘতা আৰু অইন দুটা গৌণ স্বৰ / অৗ, অৃ / ৰক্ষিত হৈছে৷ সেইদৰে মিচিংমিজতো অনুনাসিক্যৰ ধ্বনিৰ মৰ্যাদা ৰক্ষিত হৈছে৷ যেনে – হাঁহি> আঞি, থাকু> তাকুং, কওঁ> কং ইত্যাদি৷

        মিচিংমিজ ভাষাত মহাপ্ৰাণ ধ্বনি উচ্চাৰিত নহয়৷ যেনে- খা> কা, চাংঘৰ> চাংগৰ, পিঠা> পিতাং, ভোমোৰা> বুমুৰাং ইত্যাদি৷ উষ্ম বা ঘৃষ্ট ধ্বনিৰ ক্ষেত্ৰতো মহাপ্ৰাণতা উচ্চাৰণ নহয়৷ সকলো অৱস্থান আৰু পৰিৱেশতে /হ/ লোপ পায়; কিন্ত /শ,ষ,স / কেতিয়াবাহে লোপ পায়৷ তদ্ভৱ শব্দ প্ৰয়োগত আৰু একাকী প্ৰয়োগত /শ,ষ,স / > /ক/ হয় আৰু যুক্তাক্ষৰত বা তৎসম শব্দৰ ক্ষেত্ৰত /শ,ষ,স / > /ছ/ হয়৷ যেনে- হ> অ, হোৱা> উৱা, বিহু> বিউ, শৰাই> অৰাই, সাৰ> আৰ, অসম> অকম, বিষ> বিক ইত্যাদি৷ সেইদৰে ঢ়, ক্ষ, ঋ, হ্ম আদি ধ্বনিযুক্ত শব্দ মিচিং সকলৰ মুখত সৰলীকৃত হৈছে৷ যেনে- বুঢ়ী> বুৰি, পঢ়> পৰ, শিক্ষা> ইক্‌খা, ঋণ> ৰিণ, ব্ৰহ্মা> বৰমাক ইত্যাদি৷

        মিচিংমিজ ভাষাত সৰ্বনামৰ মান্য তুচ্ছৰ ব্যৱহাৰ নহয়৷ সৰু-ডাঙৰ আটায়েকে একবচনত তুই> তই আৰু বহুবচনত তঅতি> তহঁতি (কৰ্তা কাৰকৰ -ই প্ৰত্যয়ান্ত ৰূপ) সৰ্বনামৰ প্ৰয়োগ কৰা দেখা যায়৷ যেনে- তুই কেলে আঙিছ ( তই কেলৈ হাঁহিছ/ আপুনি কেলৈ হাঁহিছে/ তুমি কেলৈ হাঁহিছা)৷

“ এ ইচৰ কিচন প্ৰবু, জিয়াই তকা কেইটাক বাৰুকৈয়ে ৰাকিবি৷” ( হে ঈশ্বৰ কৃষ্ণপ্ৰভু, জীয়াই থকাকেইটাক ভালকৈ ৰাখিবা)৷ ক্ৰিয়া বিভক্তিৰ ক্ষেত্ৰত অসমীয়াতকৈ কিছু বেলেগ ধৰণে উচ্চাৰণ কৰা ক্ৰিয়াবিভক্তিৰ তাৰতম্য পোৱা যায়৷ সাধাৰণতে প্ৰথম পুৰুষত {-ওঁ } -ৰ পৰিৱৰ্তে { -অং ~ -উং } ক্ৰিয়া বিভক্তিৰ প্ৰয়োগ হয়৷ উদাহৰণস্বৰূপে --- মুই তাকুং (মই থাকো), আমি কৰিলুং ( আমি কৰিলোঁ) ইত্যাদি৷

তেনেদৰে কিছুমান সৰ্বনামীয় শব্দ যেনে- তঙতি/তঅতি(তহঁতে), যি/যুন ( যোনে/ যিজনে) আদি৷

মিচিংমিজত কিছুমান সুকীয়া নিৰ্দিষ্টবাচক প্ৰত্যয়ৰ প্ৰয়োগ আছে- বাতো ( বাঁহডাল), মঙতুকুৰ (মঙহডোখৰ) ইত্যাদি৷ কৈ, লৈ, ওঁতে আদি পৰসৰ্গৰ সলনি কে, লে, অতে/উংতে আদিৰ প্ৰয়োগ হয়৷ উদাহৰণ- যাবলে (যাবলৈ), নুউদাকে (নোসোধাকৈ), কাঅতে(খাওঁতে), উংতে (শোওঁতে) ইত্যাদি৷

         মিচিংমিজ ভাষাৰ বাক্যত, বিশেষকৈ বিহুগীত আদিৰ সমাৰ্থক ঐনিঃতম গাওঁতে মিচিং ভাষাৰ ব্যাকৰণিক ৰূপৰ আংশিক সমাবেশ হোৱা দেখা যায়৷ মিচিং ভাষাৰ কৰ্তা -কাৰকত প্ৰয়োগ হোৱা স্বাৰ্থিক প্ৰত্যয় -বু, কৰ্মকাৰকৰ শব্দ বিভক্তি -নম(তু. নৗম)/দৗম আৰু সম্বন্ধ কাৰকৰ শব্দ বিভক্তি -ৱক(তু.বক্‌কৗ)/-দক(তু. দক্‌কৗ)/-নক(তু. নক্‌কৗ) এইকেইটাৰ বহুল প্ৰয়োগ পোৱা যায়৷ উদাহৰণস্বৰূপে - /ৱক/-ৰ প্ৰয়োগঃ ঐয়াউনক(নক=ন+অ/ৱক)

“তামুলজুপাত লাগিলে চকুৰি গুটি ঐ

চকুৰি চৰায়ে কায়;

অৰুটি ঐয়াউনক গাইপতি গৰাকি

কাকেনু তাকিমে চাই৷”

সমাৰ্থক অসমীয়াঃ

“তামোলজোপাত লাগিলে ছকুৰি গুটি ঐ, ছকুৰি চৰায়ে খায়; সৰুটি আইদেউৰ গাইপতি গৰাকী,

কাকেনো থাকিমে চাই৷”

         মিচিং শব্দৰ লগত অসমীয়া শব্দ যোগ হৈ এক সাদৃশ্যধৰ্মী উমৈহতীয়া ৰূপৰ সৃষ্টি কৰা দেখা যায়৷ এনে উমৈহতীয়া মিচিংমিজৰ শব্দ কেইটামান উল্লেখ কৰা হ’ল- আকল (আখল), কতিয়া (কঠীয়া), জকলা (জখলা), তিয়ং (তিঁয়হ), আলাক(হাত) গৰি (হাত-ঘড়ী), অল্‌মাৰি (শ’লমাৰি), অমনিয়াং (সমনীয়া), আপদিয়াং (আপদীয়া), ইলিকাং (শিলিখা), কউৱাং (কহুঁৱা), গুৰে (ঘোৰা), তুকাৰিঃ (টোকাৰী), তুলতা/তুলুতাং (টোলোঠা) ইত্যাদি৷

         পৰিশেষত ক’ব পাৰি যে অসমৰ ভূমিপুত্ৰ ৰূপে অতীজৰে পৰা বসবাস কৰা এই মিচিং লোকসকলে ইয়াৰে আন জনগোষ্ঠীয় লোকৰ সৈতে সাংস্কৃতিক, ভাষিক ইত্যাদিৰ সমন্বয়েৰে বান্ধ খাই ওচৰ চুবুৰীয়া মানুহৰ লগত অসমীয়া ভাষাৰ যোগেদি ভাবৰ আদান-প্ৰদান কৰে আৰু পঢ়াশলীয়া শিক্ষাও লাভ কৰে অসমীয়া ভাষাৰ যোগেদি৷ফলত অসমীয়া ভাষাটোৰ ব্যৱহাৰেৰে মিচিং ভাষাত ইয়াৰ যথেষ্ট সংযোগ ঘটিছে৷ সেয়েহে এনে সংমিশ্ৰণৰ ভিত্তিতেই এক নতুন ৰূপ তথা এক উমৈহতীয়া সংযোগী ভাষা মিচিংমিজ ভাষাৰ সৃষ্টি হৈছে বুলিব পাৰি৷

প্ৰসংগপুথিঃ

১. বৰুৱা, ড° ভীমকান্তঃ ‘অসমৰ ভাষা’, ডিব্ৰুগড়, বনলতা, ষষ্ঠ পৰিবৰ্ধিত সংস্কৰণ, ২০১৫

২. ভট্টাচাৰ্য, ড° প্ৰমোদচন্দ্ৰঃ ‘অসমৰ জনজাতি’, অসম সাহিত্য সভা, তৃতীয় সংস্কৰণ, ২০০৮

৩. ৰাভা হাকাচাম, ড° উপেনঃ ‘অসমীয়া আৰু অসমৰ ভাষা- উপভাষা’, গুৱাহাটী, জ্যোতি প্ৰকাশন, দ্বিতীয় সংস্কৰণ, ২০১৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages