যুধিষ্ঠিৰৰ আকাশ ঢুকি পোৱা জখলায়েদি এভুমুকি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, September 4, 2021

যুধিষ্ঠিৰৰ আকাশ ঢুকি পোৱা জখলায়েদি এভুমুকি

 যুধিষ্ঠিৰৰ আকাশ ঢুকি পোৱা জখলায়েদি এভুমুকি 

                 ত্ৰিৰঞ্জন টাইড



                    (এক)


পৃথিৱীখন পুৱাতেই শুই উঠি দৌৰি আছে

আমি দৌৰিবলৈ শিকিব লাগিব

যুধিষ্ঠিৰৰ পূন্য গিৰি পথেদি,

পৃথিৱীখন পুৱাতেই দেহৰ যঁ‌তৰ ভাঙি জপিয়াই আছে

আমি জপিয়াবলৈ শিকিব লাগিব

অৰ্জুনৰ হৃদয় ক্ৰন্দন বন্দৰেদি।


হেৰৌ বান্ধৱ !

পৃথিৱীখন হেনো কামনাৰ যুদ্ধভূমি

দুৰ্যোধন নহবা দুশাসন নহবা

মাটিৰ অভিশপ্ত হ'বা ।


                        (দুই )

আকৌ

পৃথিৱীখন হল অনেক আশাৰ পুণ্যভুমি

আমি ফুলিবলৈ শিকিব লাগিব

পৃথিৱীখন হল অনেক আশাৰ আজানতলী

আমি বাজিবলৈ শিকিব লাগিব

বজাব লাগিব হৃদয়ৰ অনন্ত ধ্বনি ।

           

                       ( তিনি )

ছোৱা 

পৃথিৱীখন নাচি আছে অনেক সুখৰ তৰঙ্গ হৈ 

আমি নাচিবলৈ শিকিব লাগিব ।

পৃথিৱীখন সাঁ‌তুৰি আছে অনেক দুখৰ নোৱাৰ নাবিক হৈ

আমি সাঁ‌তুৰিবলৈ শিকিব লাগিব / সাঁ‌তুৰিবলৈ শিকিব লাগিব ।


তেহে পাম যুধিষ্ঠিৰৰ বৈকুন্ঠ ধাম 

ঔম শান্তি শান্তি ।



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages