ৰঙানৈৰ এহাল বালিমাহী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, September 4, 2021

ৰঙানৈৰ এহাল বালিমাহী

 ৰঙানৈৰ এহাল বালিমাহী

(জিতেন নৰহ সমীপেষু)

গজেন মিলি




কেঁচা টোপনিৰ সপোন

তিৰোতাই মূৰ ফনিয়াই

চিগি অহা চুলি নুৰিয়াই ঘৰৰ চোকত অযতনে পেলাই থোৱা

যেন সাপৰ এজাক পোৱালি কেৰমেৰাই কেৰমেৰায়

অকলশৰে ৰঙানৈত নাও বাই ফুৰে পুতুলীৰ মাক


কোন মুহূৰ্তত নদীৰ বান্ধ

চিগে 

কʼব নোৱাৰি


নেপকোৰ বিবেচনাৰ শক্তি

দূৰৈত উমি উমি জ্বলা চাকি


পুখুৰীৰ মাছবোৰ 

নিজৰ সন্তানৰ সমানেই বৰ মৰমৰ

মোষলধাৰ বৰষুণ নাহিবি

নেভাঙিবি বুকুৰ পাৰ

বান্ধৈ মোৰ 

হোজাইত কৰ্মৰত

ধুমুহা বেগে মটৰ বাইকত উৰি আহে মানুহজন

জীৱন পাৰ কৰা দিননাথ


কবি বৰ ৰোমান্তিক

কুশলে পাৰ হওক ঘড়ীৰ কাঁটা

বালিমাহীৰ বাহ 

দুটি সোণৰ লাড়ু

আলাসত পালিছোঁ

সপোন বৰ থুনুকা


ইতি

পৰ জনমৰ পানেই-জংকি

সেউজীয়া হওক পৃথিৱীৰ গান




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages