আগম মিগাং অধ্যাপক টাবুৰাম টাইড - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, September 5, 2021

আগম মিগাং অধ্যাপক টাবুৰাম টাইড

 আগম মিগাং অধ্যাপক টাবুৰাম টাইড

জুৱেল পেগু




জীৱনজোৰা সাধনা, অসীম ত্যাগ, নিলস অধ্যৱসায়েৰে মিচিং, অসমীয়া আৰু ইংৰাজী ভাষা-সাহিত্যত বিশেষ স্থান দখল কৰা বিশিষ্ট শিক্ষাবিদ, অভিধান প্রণেতা বিদগ্ধ পণ্ডিতজনৰ নামেই—অধ্যাপক টাবুৰাম টাইদ। চমুকৈ টাবু টাইদ’ছাৰূপে খ্যাতি লাভ কৰা, এই মহান মনীষীজনৰ জন্ম হৈছিল ১৯৪২ চনৰ ১ আগষ্টত লখিমপুৰ জিলাৰ ঘূণাসূতি অয়েঙীয়া গাঁৱত। পিতৃৰ নাম আছিল প্রয়াত উবাং টাইদ আৰু মাতৃৰ নাম প্রয়াত দেউতী টাইদ। পিতৃ-মাতৃৰ দুজনী ছােৱালী আৰু পাঁচজন ল'ৰা সন্তানেৰে ভৰা পৰিয়ালত শ্রদ্ধাৰ টাইদ ছাৰ আছিল যষ্ঠ সন্তান।

মিচিং আগম কৗবাং (সাহিত্য সভাৰ আগম মিগাং (ভাষাচাৰ্য) সন্মানেৰে বিভূষিত টাবুৰাম টাইদে ১৯৪৬ চনত গাঁৱৰ কাষত থকা তামনচুক প্রাথমিক বিদ্যালয়ত শিক্ষাজীৱন আৰম্ভ কৰে। ১৯৫০ চনত সুচাৰুৰূপে প্রাথমিক শিক্ষা সমাপ্ত কৰি চৰকাৰী বৃত্তি পাবলৈ সক্ষম হয়। বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হােৱাৰ পিছতাে তেওঁ ১৯৫১ চনত বৰ্তমানৰ লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মধ্য ইংৰাজী তথা হাইস্কুলীয়া শিক্ষাৰ বাবে নামভৰ্ত্তি কৰে। পিছে

১৯৫৫ চনত অষ্টম শ্রেণীত অধ্যয়ণৰত অৱস্থাত পিতৃ বিয়ােগৰ বাবে কিছু সময় শিক্ষা গ্রহণত আর্থিক সমস্যাৰ বাবে স্থবিৰতা আহি পৰে। তথাপিও নিলস অধ্যয়নেৰে ১৯৫৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মেট্রিক

পৰীক্ষাত উচ্চ দ্বিতীয় বিভাগত উৰ্ত্তীণ হয়। সেই সময়ত অসম চৰকাৰৰ দুখীয়া-মেধাৱী ছাত্ৰৰ জলপানী লাভ কৰাৰ লগতে পৰিয়ালৰ এজন ব্যক্তিৰ প্ৰচেষ্টাত পশ্চিমবংগৰ নৰেন্দ্ৰপুৰস্থিত ৰামকৃষ্ণ মিচন আশ্ৰমত প্রাক্ স্নাতক বিজ্ঞান শাখাত নাম ভৰ্ত্তি কৰে। কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত ১৯৬০ চনত প্ৰাক্ স্নাতক বিজ্ঞান শাখাৰ পৰীক্ষাত উচ্চ প্রথম বিভাগত সুখ্যাতিৰে উৰ্ত্তীণ হয়। কিন্তু সেই সময়ত ঘৰুৱা অসুবিধা আৰু নিজা বিবেচনাৰে বিজ্ঞান বাদ দি কলিকতা বিশ্ববিদ্যালয়ত কলা শাখাত নাম ভৰ্ত্তি কৰে। ১৯৬৩ চনত ইংৰাজী বিষয়ত সন্মান সহকাৰে উচ্চ দ্বিতীয় বিভাগত স্নাতক ডিগ্রী অর্জন কৰে। স্নাতক শিক্ষা সমাপ্ত কৰি উচ্চ শিক্ষাৰ সপােন লৈ আর্থিক দুৰৱস্থাৰ বাবে এবছৰ ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল। লগতে চৰকাৰৰ পৰাও মেধাভিত্তিক জলপানী লাভ

কৰিছিল। শিক্ষকতা আৰু জলপানীৰ টকাখিনি গােটাই দিল্লী বিশ্ববিদ্যালয়ত ইংৰাজী বিষয়ত নাম ভর্তি কৰে। ১৯৬৬ চনত বিশ্ববিদ্যালয়খনৰ পৰা উচ্চ দ্বিতীয় বিভাগত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে।

শ্ৰদ্ধাৰ টাইদ ছাৰে স্নাতকোত্তৰ ডিগ্ৰী সুখ্যাতিৰে সমাপ্ত কৰি কিছু দিনৰ বাবে উত্তৰ লখিমপুৰ আৰু ঘিলামৰা মহাবিদ্যালয়ত প্রবক্তা হিচাপে যােগদান কৰে। পিছত সেই সময়ত নতুনকৈ প্রতিষ্ঠিত ধেমাজি মহাবিদ্যালয়ত

প্রতিষ্ঠাপক প্রবক্তাৰূপে কিছুদিন কার্যনিবাহৰ কৰাৰ উপৰি এবছৰমান ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষৰূপে

কার্যসম্পাদন কৰে। এনে অৱস্থাত ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয়ত ইংৰাজী প্রবক্তা হিচাপে নির্বাচিত হয় আৰু ৩ আগষ্ট, ১৯৬৭ চনত কর্মত যােদগান কৰে। কেইবাবছৰ দক্ষতাৰে প্ৰবক্তা হিচাপে কর্ম সম্পাদন কৰাৰ পিছত ১৯৭৮ চনত একেখন মহাবিদ্যালয়তে অধ্যাপকলৈ পদোন্নতি লাভ কৰে। আমি জনাত বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইদ ছাৰ অসমৰ জনজাতি সমাজৰ প্রথম অধ্যাপকৰ আসন অলংকৃত কৰা ব্যক্তি আছিল।

মহাবিদ্যালয়ত কর্মসম্পাদন কৰি থকা অৱস্থাতে ১৯৭৩ চনত প্রতিযােগিতাৰে অসম চৰকাৰৰ পৰা PG Diploma আৰু PhD Degree ৰ বাবে মেধাভিত্তিক State Overseas Scholarship লাভ কৰে। সেইমতে ঘৰুৱা অসুবিধাৰ কাৰণত PhD Degree বাদ দি Applied Linguistic ত স্নাতকোত্তৰ ডিপ্লমা

১৯৭৪ চনত ইংলেণ্ডৰ ৰেডিং বিশ্ববিদ্যালয়ৰ পৰা আহৰণ কৰে। তাৰােপৰি Training in Distance Education ৰ বাবে ১৯৮২ চনত লণ্ডন বিশ্ববিদ্যালয়’ৰপৰা British Council Fellowship সন্মানাে লাভ কৰে। উল্লেখ্য শ্ৰদ্ধাৰ টাইদ ছাৰে ১৯৬৯ চনত অসমৰ জনজাতি সমাজৰ পৰা প্রথম আই চি এছ/আই এফ এছ।

যােগ্যতা অর্জন কৰা ব্যক্তি আছিল। কিন্তু স্বাস্থ্যজনিত কাৰণত চাকৰিত যােগদান কৰিব নােৱাৰিলে।

অধ্যাপক টাইদ ছাৰে ১৪ বছৰৰাে অধিক কাল মহাবিদ্যালয়ত শিক্ষকতা কৰাৰ পিছত অসম চৰকাৰৰ শিক্ষা বিভাগৰ চাকৰিত যােগদান কৰে। একাধিক্রমে উপ-সঞ্চালক-শিক্ষাবিভাগ (১৯৮১), কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক (১৯৮৪), যুটীয়া সঞ্চালক- শিক্ষা বিভাগ (১৯৮৯), প্রথম সঞ্চালক- আনন্দৰাম বৰুৱা ভাষাকলা-

সংস্কৃতি প্রতিষ্ঠান বা এবিলাক (১৯৯০-৯৭), সঞ্চালক-ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্রশিক্ষণ প্রতিষ্ঠান (১৯৯৩-৯৭), সঞ্চালক উচ্চ শিক্ষা বিভাগ (১৯৯৫-৯৬), সঞ্চালক- মাধ্যমিক শিক্ষা বিভাগ (২০০২), চেয়াৰমেন- অসম

মাধ্যমিক শিক্ষা পৰিষদ বা চেবা’ (১৯৯৬-২০০২), চেয়াৰমেন ৰাজ্যিক বাচনি সমিতি, মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু প্রবক্তা বাচনি (১৯৯৭-২০০২) ইত্যাদি অসম চৰকাৰৰ গুৰুত্বপূর্ণ পদবীসমূহত কার্যনির্বাহক কৰে। এনেদৰে সুনাম তথা দক্ষতাৰে কর্মসম্পাদন কৰি টাইদ ছাৰে ২০০৪ চনৰ ফেব্ৰুৱাৰী মাহত চাকৰি জীৱনৰপৰা অৱসৰ গ্রহণ কৰে।

প্রয়াত টাইদ ছাৰে কলেজত শিক্ষাকতা কৰি থকা অৱস্থাতেই লখিমপুৰৰ ঘিলামৰা নিবাসী প্রয়াত চেনিৰাম চায়েঙীয়া আৰু ললিতা চায়েঙীয়াৰ জীয়েক বাসন্তীৰ লগত বিবাহ সম্পন্ন হয়। বৈবাহিক জীৱনৰ চিনস্বৰূপে পুত্র

মিলন্দ টাইদ আৰু কন্যা মিৰান্দা টাইদৰ জন্ম হয়। বর্তমান প্রয়াত টাইদ ছাৰৰ পুত্র-বােৱাৰী, জী-জোঁৱাই, নাতি-নাতিনীৰে ভৰা এক উচ্চ শিক্ষিত পৰিয়ালৰ সমাহাৰ।

শ্ৰদ্ধাৰ টাইদ ছাৰে বহুকেইটা গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা-সমিতি, অনুষ্ঠান-প্রতিষ্ঠান আদিতাে কার্যনির্বাহক কৰিছিল।

মিচিং সমাজৰ মহানগৰকেন্দ্রীক ঐতিহাসিক সংগঠন তথা ১৯৬৮ চনত প্রতিষ্ঠা লাভ কৰা ‘সদৌ গুৱাহাটী মিচিং কৗবাং’ (সভা)ৰ প্ৰতিষ্ঠাপক সভাপতি (সম্পাদক আছিল আগম মিগাং নাহেন্দ্র পাদুন), ১৮ এপ্রিল, ১৯৭২ চনত

প্রতিষ্ঠা লাভ কৰা মিচিং আগম কৗবাং (সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতিৰ ৰূপত একেৰাহে ৮ বছৰ ধৰি কার্যনির্বাহক কৰে। সেই সময়ত সাধাৰণ সম্পাদক আছিল আগম মিগাং নাহেন্দ্র পাদুন।

চৰকাৰী আয়ােগ, অনুষ্ঠানসমূহৰ ভিতৰত সদস্য- অসম শিক্ষা সংস্কাৰ আয়ােগ-১৯৯৩, সদস্য- অসম প্রকাশন পৰিষদ, সদস্য- সাহিত্য একাডেমী আৰু নেচনেল বুক ট্রাষ্ট, সদস্য- ভাৰত চৰকাৰৰ জনজাতি কলা-সাংস্কৃতিক

অনুদান বিভাগ, সদস্য- অসম বিশ্ববিদ্যালয় একাডেমিক সমিতি, সদস্য- গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় কাৰ্যবাহী পৰিষদ, চালটেন্ট-ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্রশিক্ষণ প্রতিষ্ঠান (অসম ৰাজ্যৰ শিক্ষা প্রকল্পৰ বাবে),

চেয়াৰমেন- চি বি এছ ই উত্তৰ-পূব মালিক সমিতি, সদস্য- অসম সাহিত্য সভা, চেয়াৰমেন-‘এবিলাক কার্যবাহী পৰিষদ, সদস্য- সাহিত্য একাডেমী মৌখিক সাহিত্য কেন্দ্র উত্তৰ-পূব ক্ষেত্র, একাডেমিক কনচালটেন্ট- কৃষ্ণকান্ত

সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ইত্যাদি পদত কার্যনির্বাহক কৰা আদি উল্লেখযােগ্য।

তাৰােপৰি বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে ইংৰাজী ভাষা শিক্ষা আৰু শিক্ষণ’ নামৰ পাঠদান অনুষ্ঠান গুৱাহাটী ৰেডিঅ'ৰ যােগেদি ১৯৭০ চনত সম্প্রচাৰ কৰা হয়। ১৯৯৫ চনত ‘মিচিং ভাষা শিক্ষা’ নামৰ এটি পাঠদান অনুষ্ঠানাে গুৱাহাটী আৰু ডিব্ৰুগড় ৰেডিঅ'ৰ যােগেদি সম্প্ৰচাৰ কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা প্ৰথম আৰু একমাত্র প্রযােজনা ৰা লং প্লেয়িং ডিস্ক'ৰ পৰিচালনাৰ লগতে কণ্ঠদান কৰিছিল।

শ্ৰদ্ধাৰ টাইদ ছাৰে যশস্বী শিল্পী ৰীতাদেৱী মেদকৰ সৈতে ‘আচি জিলি জিলিক’ শীর্ষক মনপশা গীতটি ৰেডিঅ’ত পৰিৱেশন কৰে। ভাৰতৰত্ন ড ভূপেন হাজৰিকাৰ মিৰি জীয়ৰী নামৰ দূৰদৰ্শন ছবিখনৰাে চিত্রনাট্য ৰচনা কৰিছিল। 

আগম মিগাং টাইদ ছাৰে ছাত্ৰাৱস্থাৰ পৰাই সাহিত্য চর্চাৰ কৰ্ম আৰম্ভ কৰিছিল। হাইস্কুলত থকা অৱস্থাতেই Mro Migol নামৰ আলােচনীখন সম্পাদনা কৰি সাহিত্যপ্রেমী ৰাইজৰ কৃতিত্ব আহৰণ কৰিছিল। মহাবিদ্যালয়-

বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাত বিভিন্ন কাকত-আলােচনীত তত্ত্ব গধূৰ প্ৰৱন্ধ, গৱেষণাধর্মী ৰচনা প্রকাশ কৰিছিল।Linguistic of the Tibeto-Burman Area নামৰ তিনিখন গৱেষণাধর্মী ‘পেপাৰ’আমেৰিকাৰ কেলিফর্ণিয়া

বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশ কৰিছিল। এই তিনিখন পেপাৰে টাইদ ছাৰক আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পাণ্ডিতৰূপে প্রতিষ্ঠা কৰালে। এনে লেখাৰ দ্বাৰা মিচিং ভাষাকো ভাষা বিজ্ঞানভিত্তিক প্ৰসাৰৰ পথ প্রহস্থ কৰে। মিচিং ভাষাক লিখিত ৰূপত শুদ্ধ ভাৱে আগুৱাই নিয়াৰ বাবে ভাষা বিজ্ঞানভিত্তি আৰু ধ্বনিতাত্ত্বিক দিশ অনুধাৱন কৰি লিখা

“মিচিং ভাষাৰ বানান পদ্ধতি' (১৯৮৩) তেখেতৰ সৰু অথচ উৎকৃষ্ট গ্রন্থ। এইখন মিচিং বানান পদ্ধতি শিক্ষাৰ একমাত্র প্রস্তাৱনা পুথি। প্রাথমিক বিদ্যালয়ৰ মিচিং ছাত্র-ছাত্রীৰ প্রয়ােজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি Poman-Moman (১৯৮৪) পদ্যপুথিও প্রণয়ন কৰে। অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশ কৰা Banikanta Kakati: The

Man and His Works (১৯৮৭) নামৰ বিস্তৃত জীৱনীমূলক গ্রন্থখন সংকলন আৰু সম্পাদনা কৰি পাণ্ডিত্যৰ পৰিচয় দিয়ে। English for School নামৰ উচ্চ আৰু উচ্চতৰ শ্ৰেণীৰ ইংৰাজী ব্যাকৰণ গ্রন্থখন টাইদ ছাৰৰ

ছাত্র-ছাত্রীৰ বাবে অনৱদ্য অৱদান। মিচিং ভাষা শিক্ষকৰ দ্বাৰা প্রকাশিত A Dictionery of the Mising Language (১৯৯৫) খন তেখেতৰ প্ৰথম অভিধান গ্রন্থ। শ্ৰদ্ধাৰ টাইদ ছাৰে জীৱনৰ আগছােৱাত বিভিন্ন কাকত-আলােচনীত লেখা ইংৰাজী-অসমীয়া প্ৰৱন্ধসমূহৰ সংকলন Glimpses আৰু ‘একুকি নিৱন্ধ’ নামৰ তত্ত্বগধূৰ

গৱেষণাধর্মী গ্রন্থ দুখন মিচিং আগম কৗবাঙে (২০০৭) প্রকাশ কৰে। অসম চৰকাৰৰ অধীনস্থ আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি প্রতিষ্ঠান চমুকৈ ‘এবিলাক' ৰ উদ্যোগত ১৯৯৯ চনৰপৰা আৰম্ভ কৰা ৬৮০ পৃষ্ঠাৰ Mising

Gompir Kumsung/মিচিং শব্দকোষ/A Dictionery of the Mising Language নামৰ প্রণয়ন আৰু সম্পাদন কৰা অভিধান গ্রন্থখন টাইদ ছাৰৰ জীৱনত ভাষা-সাহিত্যৰ ক্ষেত্ৰলৈ প্রধান অৱদান। ব্যাকৰণ বিশেষজ্ঞ

চানেকি তথা পাণ্ডিতৰে ভৰা মিচিং-অসমীয়া-ইংৰাজী অভিধানখনে ২০১০ চনৰ মাৰ্চত প্রকাশ পায়। মিচিং আগম কৗবাঙৰ Mising Gomnu (মিচিং পৰিভাষা) নামৰ পৰিভাষা সৃষ্টি আৰু সংগ্ৰহৰ গ্ৰন্থখনাে আগম মিগাং টাইদ

ছাৰৰ পৰিকল্পনা আৰু মুখ্য উপদেষ্টাৰূপে থাকি প্রকাশ কৰা এখন অতি প্রয়ােজনীয় গ্রন্থৰ নিদর্শন। এই গ্রন্থখন প্রথমে ২০০৩ চনত প্রকাশ হয় আৰু এতিয়ালৈকে কেইবাটাও সংবর্ধিত সংস্কৰণ প্ৰকাশ হৈ আছে। মিচিং আগম কৗবাঙৰ দ্বাৰা প্রকাশিত Mising Gomlam Potin (মিচিং ব্যাকৰণ গ্রন্থ- প্রথম খণ্ড ২০১৫), এবিলাকৰ দ্বাৰা প্রকাশিত ৩৬৩ পৃষ্ঠাৰ An Introduction to Mising Phonology and Grammer (২০১৬), মিচিং আগম কৗবাঙৰ দ্বাৰা প্রকাশিত ২২৬ পৃষ্ঠাৰ Mising Gomlam Potin (মিচিং ব্যাকৰণ গ্রন্থ- সকলাে খণ্ড ২০১৭),

সাহিত্য একাডেমীয়ে প্রকাশ কৰা Mising Folk Tales (২০১৮), অসম চৰকাৰৰ তথ্য আৰু জনসংযােগ বিভাগে প্রকাশ কৰা The Scheduled Tribes of Assam (২০১৯)

ইত্যাদি আগম মিগাং টাইদ ছাৰৰ

জীৱনৰ শেষৰছােৱা সময়ৰ পাণ্ডিত্যভৰা সৃষ্টিৰে ভাষা-সাহিত্যৰ ক্ষেত্ৰখনলৈ বহুমূলীয়া অৱদান। উল্লেখ্য Mising Folk Tales নামৰ লােক সাধু সংকলন গ্রন্থখনত আমাৰ লগতে কেইবাজনৰাে মিচিং ভাষাত সংগ্রহ কৰা লােক সাধু সন্নিৱিষ্ট কৰিছে। টাইদ ছাৰে কেইবাটিও গীত আৰু কবিতাও মননশীল ৰূপত সৃষ্টি কৰিছে।Lekoda Ligangé নামৰ দীঘলীয়া মিচিং কবিতাটি মিচিং সমাজত বৰ জনপ্রিয়। এই অর্থপূর্ণ কবিতাটি মিচিং কাব্যৰ পথাৰত যুগজয়ীহৈ থাকিব বুলি আমাৰ দৃঢ় বিশ্বাস।

নিয়মানুবর্তিতা তথা সুদক্ষ চৰকাৰী বিষয়াৰূপে খ্যাতি লাভ কৰাৰ উপৰি স্বনামধন্য টাবু টাইদ ছাৰে জীৱকালত শিক্ষা, ভাষা-সাহিত্য, সংস্কৃতি চর্চাত জড়িত বিশিষ্ট ব্যক্তি হিচাপে কেইবাটাও সন্মান বঁটাৰে সন্মানিত হয়। এইবােৰৰ ভিতৰত মিচিং আগম কৗবাঙৰ আগম মিগাং (ভাষাচাৰ্য) সন্মান (২৮ এপ্রিল ২০০৭), অসম চৰকাৰৰ সাংস্কৃতিক

বিভাগৰ চুকাফা বঁটা’ (২০১১), অসম সাহিত্য সভাৰ বাসুদেৱ জালান বঁটা (২০১১), সাহিত্য একাডেমীৰ ভাষা-সন্মান বঁটা’ (২০১২), কাজিৰঙা বিশ্ববিদ্যালয়ৰ ‘ডক্টৰেট ডিগ্রী সন্মান’ (২০১৯) প্রদান, ‘এবিলাক' ৰ ‘আনন্দৰাম

বৰুৱা বঁটা’ (২০১৯) ঘােষণা ইত্যাদি ।

আগম মিগাং টাইদ ছাৰে সােণালী জয়ন্তী বর্ষ গৰকা সদৌ গুৱাহাটী মিচিং কৗবাঙৰ প্ৰতিষ্ঠাপক সভাপতি দায়িত্ব গ্রহণ কৰা, মিচিং সমাজৰ সৰ্ববৃহত ভাষা-সাহিত্যৰ অনুষ্ঠান মিচিং আগম কৗবাঙৰ প্ৰতিষ্ঠাপক সভাপতি

দায়িত্ব পালন কৰা, ভাষা বিজ্ঞানৰ আলমেৰে মিচিং ভাষাৰ লিপি প্রস্তুত কৰা, ধ্বনিতাত্ত্বিক দিশেৰে মিচিং ভাষাৰ বানান পদ্ধতিৰ নীতি তৈয়াৰ কৰা, মিচিং পৰিভাষা প্রস্তুত কৰাত মুখ্য ভূমিকা পালন কৰা, মিচিং ভাষাৰ প্ৰথম আৰু

পূর্ণাংগ অভিধান প্রণয়ন কৰা, মিচিং আৰু ইংৰাজীত উচ্চমানৰ ব্যাকৰণ গ্রন্থ লিখা, কেইবাখনাে গৱেষণাধর্মী অসমীয়া-ইংৰাজী গ্রন্থ প্রণয়ন কৰা ইত্যাদি কৰি ভাষা-সাহিত্যৰ ক্ষেত্ৰখনত বহু সৃষ্টিশীল চানেকি থৈ গ'ল। তেখেতৰ মূল্যৱান সাহিত্য কর্মবােৰ মিচিং-অসমীয়া-ইংৰাজী সাহিত্যৰ ক্ষেত্ৰলৈ অনৱদ্য অৱদানৰ ৰূপত জিলিকি থাকিব। ছাত্রার

পৰাই মেধাৰ পৰিচয় দি উচ্চ শিক্ষা সুখ্যাতিৰে সমাপন কৰিলে। অধ্যাপনাৰ পৰা আদি কৰি অসম চৰকাৰৰ শিক্ষা বিভাগৰ বহু গুৰুত্বপূর্ণ পদবীত সুনাম আৰু দক্ষতাৰে কর্ম জীবন সম্পাদন, ভাৰত চৰকাৰৰ কেইবাটাও অনুষ্ঠানৰ

দায়িত্ব সুকলমে পালন কৰা মানুহজন আমাৰ সকলােৰে চিমস্য, চিৰস্মৰণীয়। মিচিং ভাষা-সাহিত্যক সুন্দৰ পথেৰে আগুৱাই নিয়াৰ উপৰি অসমীয়া সাহিত্যৰ পথাৰখনকো সমন্বয়ৰে সবল ৰূপত উজ্জীৱিত কৰি তুলিলে।

প্রথমে আমি হাইস্কুলত থাকোতে অধ্যাপক টাবু টাইদ ছাৰৰ নাম শুনিছিলাে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়া বুলি জানিছিলাে, কিন্তু ওচৰৰপৰা লগ পােৱা নাছিলাে। পিছে কলেজীয়া জীৱন আৰম্ভ হােৱাৰ

লগে লগে আমি সাময়িক সাহিত্য চর্চাৰে মিচিং আগম কৗবাঙৰ লগত জড়িত হৈ পৰাে। বহুবছৰ মুৰ্কংচেলেক বাংকে (শাখা) আগম কৗবাঙৰ সম্পাদক ৰূপে কার্যনির্বাহক কৰা বাবে মিচিং আগম কৗবাঙৰ সভাই-সমিতিয়ে মিচিং

ভাষা-সাহিত্যৰ কাণ্ডাৰী টাইদ ছাৰক লগ পাবলৈ আৰম্ভ কৰিলাে। ছাৰৰ পাণ্ডিত্য ভৰা কথাবােৰ আহৰণ কৰিবলৈ সুযােগ পালাে। বাংকে সম্পাদকৰ পৰা পর্যায়ক্রমে মিচিং আগম কৗবাঙৰ কেন্দ্রীয় কার্যনির্বাহক, দুবাৰ সহকাৰী

সাধাৰণ সম্পাদক, প্রকাশন পৰিষদৰ আহ্বায়ক, অসম চৰকাৰৰ ছাত্র-ছাত্রীৰ পাঠ্যপুথি প্রণয়ন আদি কৰি বহু গুৰুত্বপূর্ণ

দায়িত্ব ৰূপায়ণ কৰিবলৈ আমি সুবিধা পালাে। সেই সূত্রে টাইদ ছাৰকো নিচেই ওচৰৰপৰা আন্তৰিকতাৰে লগ পােৱাৰ সুযােগ লাভ কৰিছিলাে। তথ্য আৰু যুক্তিভিত্তিক ব্যক্তব্যত সুদৃঢ় কিন্তু কোমল মনৰ অধিকাৰী আছিল

শ্ৰদ্ধাৰ টাইদ ছাৰ। শিক্ষা, ভাষা-সাহিত্য, সমাজ-সংস্কৃতিৰ যিকোনাে বিষয়ত মত-বিনিময়ৰ সময়ত ছাৰৰ আকর্ষণীয় বক্তব্য তথা ব্যক্তিত্বই আমাক মােহিত কৰি পেলাইছিল। এদিন ছাৰক কৈছিলাে— ছাৰ আপুনি মিচিং ভাষা-সাহিত্য তথা অসমৰ সমাজ জীৱনৰ কাৰণে বহু কৰিলে। এইয়া আপােনাৰ অক্ষয় কৃতী হৈ ৰ'ব। তেতিয়া ছাৰেহআমাক কৈছিল— “জীৱনটো এনেই গ’ল, যিমান সৃষ্টিশীল সাহিত্য কর্ম কৰাৰ আশা আছিল, সিমানখিনি কৰিব নােৱাৰিলাে। জীৱনৰ পিছৰছােৱাত এইবােৰ অকমান চেষ্টাহে মাথােন। ধর্মীয়, সামাজিক, ৰাজনৈতিক দিশত আমাৰ সমাজখনত বহু কৰণীয় আছে। কিন্তু মই এতিয়া এইবােৰৰ ওপৰত পৰামর্শ দিব পৰা অৱস্থাত নাই। বয়সেশৰীৰে টানিব নােৱৰা হৈছেগৈ। জাতিপ্রেমী উঠি অহা তােমালােকৰ চামটোৱে এইবােৰ সঠিক দিশত আগুৱাই নিবা বুলি মােৰ বিশ্বাস। মিচিং ভাষা-সাহিত্যৰ বুনিয়াদী নিৰ্মাণৰ প্ৰাৰম্ভিক কামখিনি কৰিলাে, বাকীখিনি তােমালােকে প্রয়ােজনীয় দিশেৰে আগুৱাই লৈ যাব বুলি আমাক পৰামর্শ দিছিল। মিচিংসকলৰ অন্যতম প্রথম শিক্ষিত ব্যক্তি স্বর্গীয় সােণাৰাম পাওঁ কটকীৰ দ্বাৰা লিখা তথা ১৯৩৫ চনতেই প্রকাশ কৰা ‘মিৰি জাতিৰ বুৰঞ্জী নামৰ ঐতিহাসিক কিতাপখন সংগ্রহ কৰি আলােকচিত্ৰণৰ দ্বাৰা পুনৰ মুদ্ৰণ কৰা বাবে ছাৰে আমাক লগ পালেই বৰ ভাল কাম কৰিলা বুলি বাৰে বাৰে কৈছিল। জুৱেলে যিনাে এটা বিষয় লিখিলে Adbinbirinna addag (সকলাে দিশ সামৰি লিখে) বুলি আনৰ আগত আমাক প্রশংসা কৰিছিল। আমাৰ মিচিং সমাজ-সংস্কৃতি আৰু পৰম্পৰা' নামৰ গ্ৰন্থখন পঢ়াৰ পিছত

ছাৰে ISBN ৰ সৈতে অতি প্রয়ােজনীয় বিষয় সন্নিৱিষ্ট এখন আকর্ষণীয় গ্রন্থ বুলি মতামত আবঢ়াইছিল। ছাৰৰ মৰম-আশীষ আৰু পৰামৰ্শৰ বাবে ছাৰ আমাৰ চিৰস্মৰণীয় হৈ ৰ'ব।

বহু পৰীক্ষা-নিৰীক্ষাৰ অন্তত ধ্বনিতাত্ত্বিক দিশৰ সাধনাৰে সংশােধিত ৰােমান লিপিৰে মিচিং বর্ণমালা প্রস্তুত তথা পাণিনীয় উচ্চাৰণবিধি গ্রহণ কৰাত ছাৰৰ মুখ্য ভূমিকা উল্লেখযােগ্য। মিচিং আগম কাবাঙেও শেষত সর্বসন্মত সিদ্ধান্তত উপনীত হ’ল। অসম চৰকাৰেও ৩০ অক্টোৱৰ, ১৯৮৫ চনত মিচিং ভাষাক স্বীকৃতি প্রদান কৰিলে। লগে লগে মিচিং আধ্যুষিত কিছু প্রাথমিক বিদ্যালয়ত পাঠদান প্রক্রিয়া শুভাৰম্ভ হয়। এনেদৰে তিনিটা দশকৰাে অধিক কাল চলাৰ পিছত হঠাৎ দুজনমান ৰাজনৈতিক নেতাৰ মন্ত্রণাত মিচিং বর্ণত পাণিনীয় উচ্চাৰণ বিধি বিসর্জন দি ইংৰাজী উচ্চাৰণ বিধি নতুকৈ গ্রহণৰ অভিসন্ধি আৰম্ভ হয়। সেইমতে ৰাজনৈতিক নেতাৰ নিয়ন্ত্রিত মিচিং আগম কৗবাঙৰ মঞ্চত পৰিকল্পনা প্রস্তুত কৰা হ'ল। শ্ৰদ্ধাৰ টাইদ ছাৰৰ পৰাও পৰামৰ্শ ল'লে আৰু কৌশলেৰে উচ্চাৰণবিধি।পৰিবৰ্তনৰ বাবে সমর্থন আদায় কৰিলে। ছাৰে নতুন উচ্চাৰণ বিধি কৰি চাব পাৰে বুলি সন্মতি জনালে আৰু কৗবাঙৰ সিদ্ধান্তত প্রথম স্বাক্ষৰ কৰিলে। এনে সিদ্ধান্তৰ কেইবামাহ পিছত ছাৰৰ ঘৰত এদিন আমি আন্তৰিকতাৰে মত-বিনিময়ত

গম পাইছিলাে— বহু সময়ৰ সাধনাৰে প্ৰস্তুত কৰা মিচিং বর্ণমালাৰ উচ্চাৰণ বিধি অকস্মাৎ পৰিবৰ্তন কৰাতাে পিছত ছাৰে গভীৰভাৱে অনুধাৱন কৰিছিল। ছাৰে কৈছিল— ইমান বছৰৰ চেটিং হােৱা এটা বস্তু ভালদৰে পৰীক্ষা-

নিৰীক্ষা অবিহনে কম সময়ত পৰিবর্তন ঘটালে লাভতকৈ লােকচানহে বেছি হ'ব নেকি, মনত আশংকা হৈছেগৈ। তাৰােপৰি এটা চিহ্ন, এটা উচ্চাৰণেৰে প্ৰস্তুত কৰা মিচিং বর্ণত Ng (ঙ) আৰু Ny (4) উচ্চাৰিত বর্ণ দুটাক এটা

এটা চিহ্নলৈ সংশােধন কৰিব নােৱৰালৈকে মিচিং বর্ণমালাই পূর্ণাংগ ৰূপত উপনীত হ'ব নােৱাৰে। এই কাম মােৰ দিনত নহ'বগৈ, পিছৰ চামেয়ে চিন্তা-চৰ্চা কৰিব লাগিব বুলি দেহাৱসান হােৱাৰ ছমাহ আগতে আমাক কৈছিল।

স্ব-জাতিৰ কাৰণে কিবা এটা কৰাৰ মানসিকতাৰে মিচিং আগম কৗবাং প্রতিষ্ঠাত আগভাগ লৈ একেৰাহে ৮ বছৰকাল প্রতিষ্ঠাপক সভাপতিৰ দায়িত্ব পালন কৰিছিল ছাৰে সেয়েহে মাজে সময়ে সুবিধা পালে সাম্প্রতিক সময়ত আগম কৗবাঙৰ গতিশীলতা আৰু স্থিতিৰ বিষয়ত ছাৰৰ লগত আলাপ-আলােচনা কৰিছিলাে। ছাৰ্ক আমি অৱগত কৰাইছিলাে দুজনমান জাতীয় নেতাৰ লবীকেন্দ্রীক ৰাজনীতিৰ জৰিয়তে একাংশ অযােগ্য কার্যনির্বাহকৰ আগম কৗবাঙলৈ আগমনৰ বিষয়টো। ছাৰে বিষয়টো অন্তৰেৰে অনুধাৱন কৰাৰ লগতে দুখ প্রকাশ কৰি কৈছিল—

“সকলাে কাম ভবাৰ দৰে এশ শতাংশ নহ'বও পাৰে। তথাপি কিছু হ'লেও সুস্থ বাতাৱৰণৰ লগতে প্রণালীবদ্ধ আৰু গতিশীল ৰূপত মিচিং আগম কঁৗবাঙক এই শেষৰ বয়সত চাব বিচাৰিছিলাে। কিন্তু আগম কৗবাঙৰ সাম্প্রতিক

অৱস্থাৰ বিষয়ে কেইবাজনৰ পৰা কিছু শুনিছাে-দেখিছাে উপায় নাই, এতিয়া শাৰীৰিক অবস্থাও বেয়া। এইবােৰত হস্তক্ষেপ কৰিবলৈ শক্তি আৰু সময়ৰ অভাৱ, কি কৰাে। সকলােবােৰ দেখি-শুনিও কিছু বিষয়ত বিশেষ জোৰকৈ কোৱাৰ ইচ্ছাও এতিয়া নােহােৱা হৈছেগৈ।

জাতীয় সন্মানৰ প্রতীকস্বৰূপ ছাৰৰ জন্মদিন উদ্যাপনৰ বাবে ছাৰৰ জীৱনৰ বিয়লি বেলাত Mising People's Justice Forum নামৰ সংগঠনটোৱে আগবাঢ়ি আহিছিল। ১ আগষ্ট, ২০১৭ চনত পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ছাৰৰ ৭৬ সংখ্যক জন্মদিন আৰু ১ আগষ্ট, ২০১৮ চনত ছয়মাইলস্থিত চাংঘৰ ৰেষ্টোৰেণ্টত ৭৭ সংখ্যক জন্মদিন শুভাকাংক্ষী ৰাইজৰ উপস্থিতিত উদ্যাপন কৰা হৈছিল। দুটা বছৰে দুটা অনুষ্ঠানতে আমাক নিমন্ত্রণ কৰাৰ বাবে উপস্থিত থকাৰ সুযােগ পাইছিলাে। সভাত আমি ছাৰৰ জীৱন আৰু কৃতিৰ ওপৰত আলােকপাত কৰি মিচিং ভাষাত লিখা পত্রিকা বিতৰণৰ উপৰি কিছু বক্তব্য ৰখাৰ সুবিধা পাইছিলাে। উক্ত জন্মদিন উদ্যাপন অনুষ্ঠানত ছাৰে জীৱনৰ অভিজ্ঞতা আৰু নিজা বহুকথা ব্যক্ত কৰিছিল। সেই অনুষ্ঠানৰ পৰাও আমি ছাৰৰ জীৱন তথা পাণ্ডিত্যভৰা অভিজ্ঞতাবােৰ আৰু অধিক জানিবলৈ সক্ষম হৈছিলাে।

এনেদৰেই এটা বছৰৰ পিছত গুৱাহাটীস্থিত নেমকেয়াৰ চিকিৎসালয়ত চিকিৎসাধিন অৱস্থাত থকা বাবে ১ আগষ্ট, ২০১৯ চনত ছাৰৰ ৭৮ সংখ্যক জন্মদিনৰ সভা উদ্যাপন কৰা দেখা নগ'ল। কিন্তু ছাৰৰ আশু আৰােগ্যৰ বাবে ভগৱন্তৰ ওচৰত সকলােৰে প্রার্থনাহে দেখা গ'ল। শতসহস্র শুভাকাংক্ষী, অগনন গুণমুগ্ধ আৰু সদৌটি ৰাইজৰ মিনতিক বিফল কৰি ১৭ আগষ্ট, ২০১৯ৰ পুৱাবেলা গুৱাহাটীস্থিত এপ’ল (ইণ্টাৰনেচনেল) হাস্পতালত চিকিৎসাধিন অৱস্থাতেই মিচিং ভাষা-সাহিত্যৰ বুনিয়াদ গঢ়োতা, অসমৰ শিক্ষা তথা সমাজ জীৱনৰ বিদগ্ধ পণ্ডিতজনে শেষ নিশ্বাস ত্যাগ কৰে। পিছদিনা ছাৰৰ নশ্বৰ দেহ অসম চৰকাৰৰ উদ্যোগত তথা বিভিন্ন সংগঠন আৰু ৰাইজৰ সহযােগত ধেমাজি গােগামুখত ৰাজ্যিক মর্যাদাৰে সৰ্কাৰ কৰা হয়।

আমি আজি সোঁৱৰণিত আমাৰ ভাষা-সাহিত্যৰ পথাৰত আগম মিগাং উপাধিৰে প্ৰাতঃস্মৰণীয়, বিশাল পাণ্ডিত্য-কোমল হাঁহিৰে ভৰা চিৰনমস্য ছাৰজনক অন্তৰৰ নিভৃত্বম কোণৰপৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছাে। ছাৰৰ আত্মাই দঃঞি পঃল থকা ঠাইত শান্তিৰে বিৰাজমান হৈ থাকক— এয়ে কমনা কৰিলাে।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages