মিচিং তিৰােতা সংস্কৃতিৰ পুতলা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, November 9, 2021

মিচিং তিৰােতা সংস্কৃতিৰ পুতলা

 মিচিং তিৰােতা সংস্কৃতিৰ পুতলা

অধ্যাপক (ডাঃ) জৱাহৰ জ্যোতি কুলি



       বৰলুইত, সােৱনশিৰি, দিহিং, দিচাং আদি অসমৰ বুকুফালি বৈ যােৱা নদীসমূহৰ পাৰে পাৰে মিচিং লােকসকলৰ বাসস্থান। প্রাচীন কালৰে পৰা নদ-নদীকে আপােন কৰি নদী পাৰৰ শীতল মুক্ত বতাহৰ প্রতি অকৃত্রিম মৰমে আজিও এই জনগােষ্ঠীক আকর্ষিত কৰে। নদীত সাঁতুৰি নাদুৰি বিভিন্ন সৰঞ্জামেৰে মাছ মাৰি শুকান মাছৰে আপংপানী তৃপ্তিৰে খাই বৈ জীৱন নির্বাহ কৰাৰ পৰম্পৰা আজিও বিদ্যমান। সময়ৰ আকৰ্ষণ, প্রাকৃতিক দুর্যোগ, শিক্ষাৰ প্ৰসাৰ, অস্তিত্বৰ সংকটত পৰি শিক্ষিত সমাজৰ চাকৰিজীৱী লােকসকলে নগৰে চহৰে বসবাস কৰিছে তথাপি মূলতঃ মিচিং সমাজ আজিও কৃষিজীৱী তথা নদীপাৰৰ বাসিন্দা হিচাবেই পৰিচিত।             


       নদীৰ পাৰৰ মুগ্ধ পৰিৱেশত প্ৰকৃতিৰ অতুল সৌন্দৰ্যৰ লগতে নানান ঘাত প্রতিঘাত বুকুত সাৱটি মিচিং তিৰােতাও ডাঙৰ দীঘল হয়। নদীত সাঁতুৰি নাদুৰি, বালিচাপৰিত খেলি, শাক বুটলি কঁহুৱা বন ফুলৰ মাজে মাজে খেলা-ধূলা কৰি তেওঁলােকে বাল্যকাল অতিবাহিত কৰে। প্ৰকৃতিৰ বিভিন্ন ৰূপ তথা নৈপৰীয়া হিচাবে বাৰিষাৰ নদীৰ বলীয়া ৰূপ তেওঁলােকৰ অতি চিনাকি। জীয়ৰীকাল প্রাপ্ত হােৱাৰ আগতে তেওঁলােকে নদীত নাওবােৱা, বিলত মাছধৰা, শিশুক বােকোচাত লৈ ফুৰা, পথাৰৰ কৃষিকৰ্মৰ সকলাে দিশ পর্যবেক্ষণ যােগেদি শিকি পেলায়। ইয়াৰ পিছত কৈশােৰ পাৰ হৈ যৌৱনপ্রাপ্ত হােৱাৰ লগে লগে মিচিং-গাভৰু বা তিৰােতাৰ কর্মক্ষেত্র, চিন্তাধাৰা, আদৱ-কায়দা তথা পৰিয়ালৰ প্ৰতি থকা দায়বদ্ধতাই পূর্ণাংগ ৰূপ লয়। এই দয়বদ্ধতা কেৱল মাথোঁ কৃষিকৰ্মৰ ক্ষেত্ৰতে আবদ্ধ নেথাকে। বৰং পৰিয়াল তথা সমাজ সংস্কৃতিৰ প্রতিটো দিশ আৰু কোণলৈ ইয়াৰ সম্প্ৰসাৰিত ৰূপ প্রতিফলিত হয়।


       মিচিং তিৰােতাৰ দৈনন্দিন কর্মসূচীৰ সূচক ঘণ্টা আৰম্ভ হয় কুকুৰাই প্রথম ডাক দিয়াৰ সময়ৰ পৰা। তেওঁলােকৰ গাত ততে নাইকিয়া হয়। ৰজনীৰ ভাগৰুৱা নিদ্ৰা পলকতে আঁতৰি যায়। চকুৰ আগত ভাহি উঠে সেইদিনাৰ কর্মসূচীৰ তালিকা। কেনেকৈ সােনকালে সময়ক আগভেটি ধৰি কামবােৰ আগতীয়াকৈ সমাধান কৰোঁ। সকলােতকৈ আগত অথচ পৰিপাটিকৈ উঠিয়েই মুখত এচলু ঠাণ্ডা পানী লৈ মুখ ধুই উঠি ধানৰ পাচিটো চোতাল পােৱায়গৈ। উৰাল অর্থাৎ কিঃপাৰত ধান বানি এক দুই ঘণ্টাৰ ভিতৰত প্রায় দহ বাৰ কেজি পৰিমাণৰ চাউল খুন্দি উলিয়াব পাৰে। সেইখিনি ততাতৈয়াকৈ সামৰি কৰ্কৰা ভাত (পিনকাং আপিন) এমুঠিমান খাই দৌৰ মাৰে পথাৰলৈ। আহুখেতি মিচিং সমাজৰ পৰম্পৰা খেতি। এই আহুখেতিৰ বাবে বন নিৰােৱা অপৰিহার্য। সেই কামৰ বাবে মিচিং তিৰােতাই পুৱাতে ঘৰৰ পৰা যাত্রা কৰিবলগীয়া হয় কিয়নাে পথাৰবােৰ যথেষ্ট দূৰত অৱস্থিত।


      পথাৰলৈ যাওঁতে মিচিং তিৰােতাই খালী হাতে নেযায়। হাতত থাকিব টাকুৰী আৰু টাকপৃন, মুগা সূতা কাটি যাব পাৰে। এই পদ্ধতি বা নিয়ম বিশ্বত এক লেখত ল'বলগীয়া কর্ম পদ্ধতিয়েই হ'ব। সময়ৰ অপচয় নকৰি সূতা যিমান পাৰে অহা যােৱা কৰা সময়ত কাটি সংগ্রহ কৰে। সেয়ে শেহলৈ এড়ী কাপােৰৰ বাবে মূল সূতা হয়গৈ। প্রায় দুপৰীয়া সময়লৈকে তেওঁলােকে পথাৰৰ কামত ব্যস্ত থাকি ঘৰলৈ উভতি আহে। দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত তেওঁলােকৰ পিছবেলাৰ কর্মসূচীত হাত দিয়ে। ঘৰুৱা কৃষিকৰ্মত তেওঁলােকে সকলাে দিশত সম পৰিমাণৰ শাৰীৰিক পৰিশ্ৰম আগবঢ়ায়।


       ধানৰােৱা, ধানদোৱা আদি সকলােদিশত মিচিং তিৰােতাই পুৰুষৰ সমানেই অংশ গ্রহণ কৰে। ইয়াৰ বাহিৰেও আজৰি সময়ত তেওঁলােকে বিশেষকৈ গাভৰু ছােৱালীয়ে নিজৰ ব্যক্তিগত আয়ৰ বাবে এবিধ খেতি কৰে। ইয়াক ৰৃকচৗং বােলে। এই পদ্ধতিত সাধাৰণতে খেতি বাতি নকৰাকৈ ৰখা ঠাই এডােখৰ বাছি লয়। নিজে বা লগ লগা বন্ধুক মাতি ঠাইডােখৰ খেতি কৰাৰ উপযুক্ত কৰি তােলে আৰু শস্য সিঁচি দিয়ে। এই পদ্ধতিৰে সাধাৰণতে ধান, মাহ, সৰিয়হ আদি খেতিয়েই প্রধানকৈ কৰে। ইয়াৰ আপডাল আৰু অন্যান্য দায়িত্ব সম্পূৰ্ণৰূপে নিজৰ চেষ্টাৰ ওপৰত নিৰ্ভৰ কৰে। খেতি চপাই ইয়াত উৎপাদিত সামগ্রী বা শস্যবােৰ বিক্ৰী কৰি প্রাপ্ত ধনেৰে নিজৰ ব্যক্তিগত লাগতিয়াল বস্তু ক্রয় কৰে। সাধাৰণতে বিভিন্ন ৰঙৰ কাপােৰৰ সূতা, নিজৰ আৱশ্যকীয় তেল, চাবােন, আদিয়েই প্রধান। স্কুল কলেজলৈ যােৱা ছােৱালীয়ে বহী, কলম, পেন্সিল, চিয়াঁহী আদি পঢ়াৰ প্রয়ােজনীয় সামগ্রী কিনিবলগীয়া হয়। কিয়নাে অশিক্ষিত কৃষিজীৱী মিচিং সমাজত স্ত্রী শিক্ষাৰ মূল্যায়ন এতিয়াও সঠিকভাৱে হােৱা নাই। বহু পিতৃ-মাতৃয়ে ছােৱালী শিক্ষাক এক বােজা তথা গৌণ হিচাবে বিবেচনা কৰে। ফলত নিজ কর্মদক্ষতাৰে শিক্ষানুৰাগী মিচিং ছােৱালীয়ে এই পদ্ধতিৰে টকা পইচা যােগাৰ কৰি পঢ়াশুনা কৰে। তাৰ উপৰি এনে ব্যক্তিগত উপার্জনেৰে হাঁহ, কুকুৰা, গাহৰি আদি পােহপালনৰ বাবেও কিনি লয়। মিচিং তিৰােতাৰ দৈনন্দিন জীৱন পদ্ধতিত সেইবােৰ ঘৰুৱা জীৱজন্তু পুহি বিক্ৰী কৰি টকা আয় কৰাৰ সুনাম আছে।


     সেইবােৰৰ বাহিৰেও মিচিং তিৰােতাই বিশেষকৈ বােৱাৰীসকলে ঘৰৰ চোতালৰ বাৰীত আলুখেতি, মাহ, জলকীয়া, আদা, নহৰু আদি খেতিত মনােযােগ দিয়ে। তেওঁলােকৰ দৈনন্দিন খাদ্যৰ বাহিৰেও অতিৰিক্তখিনি ব্যৱসায় ভিত্তিতে বজাৰত বিক্ৰী কৰি আয় কৰে। তাৰ পৰা পােৱা ধনেৰে দুখীয়া পৰিয়ালৰ লােকসকলে কেৰাচিন, মিঠাতেল, নিমখ, দাইল আদি লাগতিয়াল খাদ্যসামগ্রী ক্রয় কৰে। গতিকে পৰিয়ালটিৰ পােহপাল তথা আর্থসামাজিক সকলাে দিশতেই মিচিং তিৰােতাৰ ভূমিকা দ্ব্যর্থহীনভাৱে উল্লেখযােগ্য আৰু অনুকৰণীয়।


      নদ-নদীকেই আপােন কৰি ডাঙৰ দীঘল হােৱা মিচিং তিৰােতাই বাল্যকালৰ পৰাই নদীৰ প্ৰকাৰ-প্রকৃতি বুজিব পাৰে। নদীত টুলুঙা নাও বাই পথাৰলৈ যােৱাটো তেওঁলােকৰ বাৰিষা সময়ৰ দৈনন্দিন কর্মসূচী। নাও বাই পথাৰত কাললৈকে পানীত থিয় হৈ আহুধান দোৱাটো অকল্পনীয় কথা নহয়। এয়া মিচিং তিৰােতাৰ বাবে পৰম্পৰাগত প্রত্যাহান আৰু মানসিক শক্তিৰ প্রতিফলন। নৈপৰীয়া বলিয়া বানৰ প্রকোপৰে পৰিচিত মিচিং সমাজ এনে পৰিস্থিতিৰ আজিও দাস হৈ আছে। সেয়েহে মিচিং তিৰােতাই প্রায় পাঁচ-ছয় বছৰমান বয়সৰ পৰাই নদীত সাঁতুৰি পাৰ্গত হয়। বােধকৰাে মিচিং তিৰােতাৰ নিচিনাকৈ কোনাে সমাজতে তিৰােতাই সাঁতােৰা আৰু নাও বােৱাত সমানে পাৰ্গত হােৱাৰ উদাহৰণ বিৰল। তদুপৰি মিচিং তিৰােতাই নদী বা বিলত পুৰুষৰ সমানে সকলাে পদ্ধতিৰে মাছ ধৰাৰ দক্ষতা আছে।


     মিচিং তিৰােতাই পুৱাৰে পৰা দিনৰ কৰ্মসমূহ সামৰি পথাৰৰ পৰা দৌৰ মাৰি সন্ধিয়া ঘৰ পায়হি। অহাৰ পিছতাে কামৰ পৰা তৰণি নাই। কুকুৰা, ছাগলী, গাহৰি, হাঁহ, পাৰ আদি পােহনীয়া জন্তুবােৰৰ খা-খবৰ লৈ খাদ্য আহাৰ যি পায় দি যথাযথ ভাবে ৰখাৰ তদাৰক কৰিব লাগে। তাৰ পিছতেই ঘৰৰ জুহালৰ কামত হাত দিবলগীয়া হয়। তাৰ ভিতৰত আপং ছকা আৰু ৰন্ধাবঢ়া। মিচিং সমাজ সংস্কৃতিৰ এক আপুৰুগীয়া পদ্ধতি হ’ল আপং প্রস্তুত কৰণ। সচৰাচৰ অসমীয়া সমাজত প্ৰচলিত লাওপানী বা মদ মিচিং সমাজতাে আপং হিচাবে ব্যৱহৃত হয়। কিন্তু এই সমাজৰ আপঙৰ কথা ক’বলৈ হ'লে ছাইমদ বা পঃৰ আপঙৰ কথাই বেছিকৈ বুজায়। কিয়নাে ছাইমদ বা পঃৰ আপং মিচিং সমাজ সংস্কৃতিৰ এক উজ্জ্বল প্রতিচ্ছবি। মিচিংসকলৰ লগত নৃতাত্বিকভাৱে সম্বন্ধ থকা অৰুণাচলৰ আদিসকলৰ বাহিৰে পঃৰ আপঙৰ প্ৰস্তুতকৰণ আৰু ব্যৱহাৰ পৃথিৱীৰ কোনাে সমাজতেই সম্ভৱ নাই। সুস্বাদু খাৰুৱা এইবিধ আপং মিচিং সমাজৰ কিছুমান সামাজিক কর্ম যেনে-আলিয়াই লৃগাং, পঃৰাগ আদিত অপৰিহার্য। নগিন (লাওপানী) আৰু পঃৰ আপঙৰ আৰম্ভণিৰ পৰা খাব পৰা অৱস্থা পর্যন্ত গােটেই প্রক্রিয়াটো মিচিং তিৰােতাই কৰিবলগীয়া কর্তব্য। এক দীঘলীয়া পদ্ধতিৰে কমেও দহ পােন্ধৰ দিন ধৰি বিশেষকৈ পঃৰ আপঙৰ ক্ষেত্ৰত নির্দিষ্ট পদ্ধতিৰে পাকৈত তিৰােতাৰ হাততহে প্রকৃত গুণসম্পন্ন আপং প্রস্তুত হােৱাটো সম্ভৱ। আপঙৰ লগত আহাৰৰ প্ৰীতি ভােজেৰে মিচিং তিৰােতাই শােৱা পাটীলৈ গমন কৰে। তেওঁলােকৰ দিনবােৰ এনেকৈয়ে পাৰ হয়।


      কর্মকে জীৱনৰ মূলমন্ত্র হিচাবে ধৰি লােৱা মিচিং তিৰােতাই বিশেষকৈ গাভৰু ছােৱালীবিলাকে নিজৰ বাবে লাগতিয়াল কাপােৰ বােৱাত পিছপৰি নেথাকে। কাপােৰ বােৱাৰ কৌশল মিচিং গাভৰু ছােৱালীয়ে সৰু বয়সৰ পৰা শিকি লয়। জ্যেষ্ঠজনৰ পৰামৰ্শ আৰু মিমাঙৰ আৰ্হিৰে তেওঁলােকৰ তাঁতশালত কাপােৰ বয়। আগতে মিচিং তিৰােতাই নিজৰ ঘৰৰ বাৰীত কপাহৰ খেতি কৰি তাৰে যঁতৰত সূতা কাটি কাপােৰ বৈছিল। এড়ি মুগাৰ পলু পুহি সূতা প্রস্তুত কৰি কাপােৰ বােৱাটো অসমীয়া সংস্কৃতি। এই দিশত মিচিং তিৰােতাও কেতিয়াও পিছ পৰি থকা নাই। তেওঁলােকৰ কপাহৰ সূতা ব্যৱহাৰ কৰি বােৱা মিৰিজিম বিশ্ববিখ্যাত। অন্য কোনাে সমাজতে এনে বস্ত্র প্রচলন নাই। মিচিং তিৰােতাই নিজৰ তাঁতশালত প্রায় কুৰিটাতকৈ অধিক বিভিন্ন ধৰণৰ বস্ত্র বৈ উলিয়াব পাৰে৷ আগতে নিজৰ আৰু পৰিয়ালৰ সকলােৰে প্রয়ােজনীয় বস্ত্র এনেকৈয়ে বৈছিল। তেওঁলােকৰ তাঁতশালত বস্ত্ৰৰ মালাবােৰ হ'ল - দুমৗৰ, তাপুম গাচৰ, গাদু (মিৰিজিম), কেগৰৗগ, য়ামব, গেৰ’ এগে, কেব্বুং, ৰিঃবি-গাচেং, পটালি, গাপা, মাতা-গাপা, গনৰ’ ইত্যাদি। তেওঁলােকৰ বিভিন্ন ৰঙ বিশেষকৈ ৰঙা, কলা, সেউজীয়া, নীলা আদি সম্বলিত জকমকীয়া ডিজাইনৰ সাজপাৰ পিন্ধি নাচ গান প্রদর্শনৰ সময়ৰ দৃশ্য চালে চকুৰােৱা। তেওঁলােকৰ সাজ-পােছাকৰ ডিজাইনিংবােৰত কল্পনাৰ সকলাে চিত্রই প্রকাশ পায়। আধুনিক কলা-কৌশলৰ কোনাে প্রভাৱ আৰু প্রয়ােগ নকৰাকৈ মিচিং তিৰােতাৰ নিজৰ বুদ্ধিমত্তা, কলাকৌশল, কর্মদক্ষতা আৰু কল্পনাৰ পূর্ণ প্রয়ােগৰ প্ৰকাশ হৈছে তেওঁলােকৰ ৰঙচঙীয়া বস্ত্ৰবােৰ। 


     মিচিং তিৰােতাই আজৰি সময়ৰ আনন্দমুখৰ পৰিৱেশত নাচ-গান আদিৰে সময় অতিবাহিত কৰে। তেওঁলােকৰ নৃত্যৰ পৰিৱেশ আহে উৎসৱ-পার্বণ আৰু বিহুত। বিশেষকৈ আলিয়াই লৃগাং উৎসৱ, পঃৰাগ, বিবাহ, তথা বিহুত আনন্দৰ জোৱাৰৰ লগে লগে গীত- মাত আৰু নাচ চলে। আলিয়াই লৃগাঙত কৃষি সম্পর্কীয় বিভিন্ন-ভাব-ভংগী দেখুৱাই ঢােল, পেঁপা, তাল আদি সম্বলিত লৃগাং নৃত্যটো সঁচাকৈয়ে মনােমুগ্ধকৰ। লগতে তেওঁলােকৰ পৰম্পৰাগত বােৱা সাজ-পােছাক পিন্ধি ঢােলৰ ছেৱে-ছেৱে নাচ নৃত্য কৰাটো প্রশংসনীয়। পঃৰাগ উৎসৱ, বিবাহ আদিতাে স্বকীয় বৈশিষ্ট্যৰ নাচ প্রদর্শনত মিচিং গাভৰু পাৰ্গত। বিহুৰ সময়ত বিশেষকৈ ৰঙালী বিহুত প্রদর্শিত নৃত্যই বৃহত্তৰ অসমীয়া সংস্কৃতিৰ ঠাল-ঠেঙুলিৰ মুক্ত আবেদন প্রকাশ পৰিস্ফুট হৈছে। নৃত্যৰ বাহিৰেও গীত-মাতৰ বহল ক্ষেত্ৰখনতাে মিচিং তিৰােতাৰ ভূমিকা অনন্য। যৌৱন বসন্তত হিয়াত ডেউকা লগাই দিকবিদিক্‌ হাবাথুৰি খাই ফুৰা সময়ত স্বতঃস্ফূর্তভাৱে নিগৰি অহা গীত-মাত মিচিং তিৰােতাৰ মুখে মুখে। সেই গীত-মাতত থাকে আনন্দত হিয়া আপ্লুত হােৱা গীতৰ পৰা দুখ বেদনা, বিৰহ-বিচ্ছেদৰ অন্তৰাত্মা দহি যােৱা গীত। যৌৱনৰ দুৱাৰডলি পােৱাৰ লগে লগে আহে দেহালৈ অফুৰন্ত পৰিৱৰ্তন-মন- প্রাণ, চিন্তা-ভাবনা সকলােতে। ভালপােৱা, প্রিয়জনক পােৱাৰ তাড়নাত দেহা জৰ্জৰিত। নিমিষতে ওলাই আহে মুখেদি প্রেম-প্রীতিৰ গীত অইনিঃতম। মিচিং তিৰােতাই নির্জন পথাৰৰ মাজেদি গৈ থাকোতে, অন্যান্য কৃষিকৰ্ম কৰি থাকিলেও অইনিঃতম গায়। বিহুৱে- সংক্রান্তিয়ে আলিয়াই নৃগাং, পঃৰাগ, বিয়া-সবাহ আদিতাে ঢােল পেঁপা সম্বলিত বিহুতলীত প্রণয়জনিত গীতেৰে দৰ্শক তথা শ্ৰোতাৰ মনত আনন্দৰ জোৱাৰ তােলে।


     কেইফাঁকিমান অইনিঃতমৰ ভাবার্থ তুলি দিয়া হ'ল— নৈৰ পানী এসঁতি চকুৰ পানী এসঁতি / নৈৰ পানী শুকালেও চকুৰ পানী নুশুকায়/ পানীৰ সোঁতৰ লগে লগে/ মােৰ যৌৱন দেহাটিও উটি গৈছে/ ফাগুনৰ মলয়া বতাহৰ লগে লগে মােৰ মনটিও উৰি ফুৰিছে আনন্দত/ সুগন্ধি ফুলটিয়ে ৰসাল হােৱা পর্যন্ত গােন্ধ চৌদিশে বিলাই থাকিব / মােৰ মৰমৰ ডেকাটিক উঠি অহা যৌৱনে বিচৰা পর্যন্ত ভালপােৱা মােৰ চলি থাকিব। 

     

     বৈ যােৱা সোঁতক জানাে ঘূৰাই আনিব পাৰে / কথা নােকোৱা মনক বুজিব নােৱাৰা প্রেমিকাক জানাে বুজাব বা বলাব পাৰি। মােৰ প্ৰেমিকে কোনাে মনৰ কথা প্রকাশ নকৰি মােৰ মনৰ তাড়না অধিক বৃদ্ধিহে কৰিছে।


    নৈৰ সোঁত বাঢ়িছে লগত পকনীয়া আহিছে / মােৰ তােমালৈ মনত পৰিছে অবিৰত চকুপানী নিগৰিছে।

    

    অশিক্ষিত মিচিং তিৰােতাই নিজৰ মনৰ ভাবাবেগ, অনুভূতি কল্পনাৰে অইনিঃতম ৰচনা কৰে আৰু গায়। প্রতি বছৰে নতুন গীত ৰচনা, গােৱাৰ যি পৰম্পৰা সেইটো সঁচাকৈয়ে আচৰিত মানিবলগীয়া। নৱসুৰেৰে, নৱগীতেৰে নৱবৰ্ষত অইনিঃতমবােৰত প্রেম- প্রীতিৰ ভালপােৱাৰ মূল কথা হলেও প্রণয় সাগৰৰ বিৰহ বেদনা, বিচ্ছেদ আদি পৰিপূৰক উপাদানসমূহাে আছে। প্রেমিক-প্রেমিকাই প্রেম-সাগৰত হাবুডুবু খােৱাৰ কোনােবা মুহূর্তত তেওঁলােকৰ প্রেম জোৱাৰৰ এনাজৰী ছিন্নভিন্ন হৈ যায়। বিষাদ আৰু বিচ্ছেদৰ কৰুণ পৰিণতিত তেওঁলােকৰ মুখেদি নিগৰি আহে কাবান সুৰ। দুচকুত দুধাৰি অবিৰত বন্যা। আনন্দ অশ্রু শুকাই গৈ তপত লােতক আজীৱন যেন বৈ থাকিব। কাৰােবাৰ ছলনা, ভালপােৱাৰ প্রতিদানত বিফল হৈ অথবা প্রেমস্বপ্নৰ নিদ্রাভঙ্গৰ পৰিণতিয়েই হয়তাে এনে বিচ্ছেদৰ কাৰণ। মিচিং তিৰােতাই নির্জন পথাৰত, অকলে তাঁতশালত থাকোতে, শােৱা বিছনা পাটীত, আনৰ দৃষ্টিত অলক্ষিতে নীৰৱে কাবানৰ সুৰ ধৰি স্মৃতি ৰােমন্থন কৰি গায়। এনে বিচ্ছেদৰ পৰিণতিত বহু তিৰােতাই আজীৱন অবিবাহিত হৈ থাকি যায়। কোনােৱে নতুন সংগী বিচাৰি প্রণয়কুঞ্জত হাত মেলি সফলতাও লাভ কৰে। কেইফঁকি মান কাবান তুলি দিয়া হ'ল ?


    ' ন যৌৱন-বসন্তৰ বানত

    সপােন দিঠক একো নেৰাখি প্রভেদ

    মিলিছিলাে দুয়াে হাবি বননিয়ে

    পাতিছিলাে বহুকথা মনৰ উলাহত

    অকলশৰীয়া প্রেয়সী আনন্দত বিভােৰ

    হৈছিলাে মতলীয়া তােমাৰ চেনেহত

    ভােক পিয়াহ নাহিছিল কদাপি মনত

    লভিছিলাে পুলক মই তােমাৰ মৰমত

    বৰ লুইতৰ কোবাল বলিয়া বানে

    উটুৱাই নিলে প্রেয়সীক অজান ঠাইলৈ

    দেখা নেপাও আজি ধুনীয়া মুখনি

    ফাটি যায় হিয়া তােমাৰ বিৰহত

    কোন প্রেমিকৰ মৰমত বিভােৰ তুমি

    গ’লা এৰি থৈ মােক অকলে

    আলাই আথানি কৰি মােক মাজবাটে

    উলাহত আছা তুমি আপােন পাহৰা হৈ

   তােমাৰ অকৃত্রিম চেনেহক কোনে ফুচুলালে

   আঁতৰিছা কিয় তুমি নিলগে নিলগে

   দুখ আৰু বেদনা ভৰা মােৰ হৃদয়

   বিৰহৰ কেঁকনি যে আহিছে অকালতে।


     বাল্যকালত মিচিং ছােৱালীয়ে কেঁচুৱাৰ নিচুকনি গীত, ধেমেলীয়া গীত আদি গাই সময় অতিবাহিত কৰে। সেই লােক গীতবােৰ আয়ত্ত কৰা আৰু সুৰ লগাই অকলে বা সমস্বৰে গােৱাটো পৰম্পৰা ৰূপত চলি আহিছে। মিচিং লােকগীতৰ সবাতােকৈ পৌৰাণিক তথা ঐতিহাসিক সাহিত্য হিচাপে বিবেচিত আঃবাং অর্থাৎ ধর্মীয় গীতবােৰ বিশেষ সময়তহে গােৱা হয়। পঃৰাগ উৎসৱত ডেকা-গাভৰু সমন্বিতে মিবুৰ গীতৰ কলিক অনুসৰণ কৰি নৃত্যৰ চেৱে চেৱে গায়। কিয়নাে পঃৰাগ উৎসৱৰ মূল তাৎপর্যই হৈছে সমজুৱা ধর্মীয় পূজাসেৱা লগতে পূর্বপুৰুষ তথা ত্রাণকর্তা শক্তিবােৰক আনন্দ উৎসৱৰ মাজেদি মিবুৰ দ্বাৰা মনৰ ভাববােৰ প্রেৰণ কৰা।


    গতিকে মিচিং তিৰােতাই বাল্যকালৰ পৰাই মিচিং লােক-গীত-মাতৰ সকলাে পর্যায়ত প্রত্যক্ষ বা পৰােক্ষভাৱে জড়িত হৈ সমাজ-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশৰূপত গণ্য হৈ পৰিছে। আলােচ্য প্রসংগটিৰ পৰা দেখা গ'ল মিচিং লােককথা, গীত-মাত, আর্থ-সামাজিক ব্যৱস্থা, সমাজ সংস্কৃতিৰ প্রতিটো খােজতে মিচিং তিৰােতাৰ ভূমিকা অপৰিহার্য। মিচিং সমাজৰ যিকোনাে কর্মক্ষেত্রই মিচিং নাৰীক বাদ দি গঢ় লােৱা নাই৷ নৈপৰীয়া জীৱন যাত্ৰাৰে সংপৃক্ত কৃষিজীৱী মিচিং লােকসকলৰ প্রতি টোপাল ৰক্তৰ ৰন্ধ্রে ৰন্ধ্রে প্রতিফলিত কৃষ্টি সংস্কৃতিৰ বিকশিত প্রকাশ মিচিং নাৰী বা তিৰােতা। সেয়েহে মিচিং তিৰােতাক সংস্কৃতিৰ পুতলা হিচাপে চিহ্নিত কৰিব পাৰোঁ।



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages