শংকা
অতুল চন্দ্র বড়ো
মিছামাৰী, শোণিতপুৰ
"আলফা" বমটোৰ চুইছৰ কাগজখিনিৰ এটোকোৰা ভালদৰে চিকোটি আতৰাই দিয়াৰ লগে লগে বুলুৰ টাইম বমটো প্রস্তুত হৈ গল। দিনতে খুড়াকহঁতৰ বছৰেকীয়া আই সবাহ কৰি পেলাই দিয়া ঘট্ এটাও যোগাৰ কৰি ৰাখিছিল সি । ঘটৰ তলিৰ ফালে কৰা ফুটাটোৰে টাইম বমটো চুইছডাল সৰকাই কাঠি দুডাল দি ৰহাই ল'লে । হয় গ'ল মাইলছ বম। এটিয়া ঘটটো মাটিত ভালদৰে পুতিলৈ চুইচটোত জুই লগাই দিয়াৰ ল'গে ল'গে ঝন্-ঝনাই গৰজি উঠিব মাইলচ বমটো,টোকোৰা-টোকোৰ হয় যাব ঘটটো । ভাবি ৰোমাঞ্চিত হৈ পৰিল বুলুৰ মন ।
ইয়াৰ লগে লগে তেওঁ সমানে শংকিতো হৈ পৰিল যদি বমটো কিবা কাৰনত নোফুটে তেতিয়া?? কাৰন বুলুৰ হাতত এইটোৱে শেষ বম্ । দাদাকক কাকুতি মিনতি কৰি কোনোমতে তিনিটা বম্ যোগাৰ কৰিছিল তেওঁ। তাৰে এটা কনকে ফুটালে,ফতিকে জুৰ কৰি খোজাত দহটা জলকীয়া বমৰ বিনিময়ত তাকো এটা দিলে ।
এই শেষ বমটো যদি মিচটেক হয় ?ধুৰুম্ কৈ হোৱা শব্দত যদি চি'নমুকাম নোহোৱাকৈ ঘটতো চুছুৰ্চুমৈ নহয় তেতিয়া? বুলুৰ বুকুখন আকৌ এবাৰ ঢকঢকাই উঠিল।
ভাল লাগিল
ReplyDelete