চৰকাৰী আঁচনি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, November 9, 2021

চৰকাৰী আঁচনি

 চৰকাৰী আঁচনি 

কংকণা মহন্ত

জিলা--বিশ্বনাথ চাৰিআলি।

গহপুৰ(হেলেম, মিছামাৰি)

   ঘৰে ঘৰে কাম কৰি দিনটোৰ বাবে এসাজ গোটোৱা জেতুকী বায়ে সৌ সিদিনা লৈকে ঘৰৰ মালিকনীয়ে ৰৈ যোৱা বাহি ভাতকেইটা চৰাই -চিৰিকতিক দিবলৈ দিলে মনে, মনে টোপোলা বান্ধি ঘৰলৈ লৈ গৈছিল । মালিকনীয়ে সেইকথাটো গম পাইছিল ।

       কিন্তু, এতিয়া সেই ভাতকেইটা তাই মালিকৰ ঘৰতেই চৰাই - চিৰিকতিয়ে খাবলৈ বুলি পেলাই দিয়ে । ইয়াৰ কাৰণ যে চৰকাৰী আঁচনিৰ বিনামূলীয়া চাউল কেইটা সেই কথা মালিকনীয়ে ভালদৰেই বুজিলে আৰু জেতুকী বাইৰ যে অভাৱ আগতকৈ দূৰ হৈছে সেইকথাও জানিব পাৰিলে ।।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages