সন্ধিয়াৰ অমানিশা
চিন্ময় ডেকা
টংলা
নিষ্ঠুৰ জীৱনৰ কংকৃত কাহিনী
উত্তেজনাৰে পৰিপূর্ণ মোৰ লিখনি
সন্ধিয়াৰ পৰত নামি আহে,
এক গভীৰ অসংযত কাল অমানিশা।
সংগী মাথোঁ বন্ধু-বৰ্গ,
হত্যা, হিংসা, লুন্ঠন, অনাচাৰে জৰ্জৰিত
কেৱল পদপথত অজস্র অভদ্ৰতা।
স্ব-ৰ-স্বৰ জীৱকুলেও
নাপায় যে, পৰিত্ৰাণ।
আমাৰ নিলজ্য, আচৰণৰ বাহ্যিকতা।
জীৱন জানোচাঁ এনেকুৱাই;
প্ৰশ্ন হয়?
নাই কোনো, কাৰোবালৈ ভৰষা
হ'ব পাৰো উচ্চশিক্ষিত,
সমাজত থাকে একোটি নাম;
যাৰ বাবে সমাজত চিনাকী, তুমি আৰু মই প্ৰচলিত।
থাকিব পাৰে তোমাৰ অজস্র সা-সম্পত্তি,
দিৱ নোৱাৰা কিয়?
আৰ্তজনক অকণ সঁহাৰি,
পদপথৰ ভিক্ষাৰীক একোটি অন্নৰ দান-দক্ষিণাটি;
নিতাল হওঁ, ৰাতি সন্ধিয়াৰ অমানিশাত,
মদ্যপান কৰি........
নিছিনো তেতিয়া, নিজৰেই ভনীক;
অভদ্ৰ আচৰণৰ সম্ভাৰ প্ৰদৰ্শন কৰি,
সকলোকে পৰিচয় দিওঁ।
এয়াই কাল সন্ধিয়াৰ পুৰুষত্বৰ মানৱতাৰ আচৰণবিধি,
ধিক্কাৰ এই জীৱন, ভণ্ড সমাজৰ নগ্ন মানসিকতাৰ প্ৰতিচ্ছবি।
No comments:
Post a Comment