কেঁচা মাটিৰ গোন্ধ
মিনাক্ষী কলিতা
নলবাৰী
মহানগৰীৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে কৰ্মৰত ডক্তৰ প্ৰমোদ চলিহাই নিজৰ পৰিয়ালসহ গুৱাহাটীত এটা ভাড়াঘৰতে কেইবাবছৰো ধৰি বসবাস কৰি আছিল যদিও তেওঁৰ মনতো মহানগৰীত এটা নিজাকৈ ঘৰ সজোৱাৰ সপোনে পোখা মেলিছিল। কিন্তু কেৱলমাত্ৰ দৰমহাৰ টকা কেইটাৰে মহানগৰীৰ আভিজাত্যৰ লগত মিলাই বিলাসী জীৱন এটা কটোৱাৰ পিছত সাঁচতীয়া যিকেইটা পইচা ৰৈছিল সেইকেইটাৰে মহানগৰীত ঘৰ সজা তেওঁৰ বাবে কোনোপধ্যেই সম্ভৱপৰ নাছিল। সেয়েহে তেওঁ সপোনবোৰক সপোন হিচাপে থাকিবলৈ দিছিল যদিও এই কথাটোক লৈ তেওঁৰ পত্নীয়ে প্ৰায়ে অশান্তি কৰিছিল।
দেখা নাই তোমাতকৈ কিমান পিছত চাকৰিত সোমোৱা তোমাৰ সহকৰ্মীয়ে ইমান ধুনীয়াকৈ ঘৰ সজালে... তুমিহে আজিলৈ একো এটা কৰিব নোৱাৰিলা!
তেওঁৰ বিভাগত নতুনকৈ জইন কৰা তেওঁৰ সহকৰ্মী ৰাতুল চৌধুৰীৰ গৃহ প্ৰবেশ অনুষ্ঠানৰ পৰা উভতি আহোঁতে আগে পিছে প্ৰায়ে শুনোৱাৰ নিচিনাকৈ তেওঁৰ পত্নীয়ে সিদিনাও শুনাইছিল একেখিনি কথা।
তোমাৰ দৰমহাৰ টকা কেইটাৰে মাহটো চলাৰ পিছত ঘৰ সাজিৱ পৰাকৈ পইছা নুজুৰেই যেতিয়া এটা কাম কৰা নহলে গাঁওৰ ঘৰৰ মাটিখিনিকে বেছি দিয়া...সেইখিনি এনেহে পৰি আছে...
মৌনতাৰে গাড়ী চলাই থকা চলিহালৈ চাই ঘৈণীয়েকে কোৱা কথাখিনিয়ে মন চুইছিল তেওঁৰ।
সেইখিনি মাটিটো এনে পৰি আছে!
এইবাৰ গৰমৰ বন্ধত ঘৰলৈ গৈ ককাইদেউৰ লগত আলোচনা কৰি সেইখিনি মাটি বিক্ৰী কৰি দিম!
গাঁওৰ মাটিখিনি বিক্ৰী কৰি পোৱা টকাখিনিৰ লগত সাঁচতীয়া টকাখিনি যোগ কৰি মহানগৰীত ঘৰ এটা সাজিম বুলি মনতে কল্পনা কৰি মাটিখিনি বিক্ৰী কৰাৰ উদ্দেশ্যৰে গাঁওৰ ঘৰৰ উপস্থিত হোৱা চলিহাই পদুলি মুখৰ পৰাই প্ৰত্যক্ষ কৰিছিল বিক্ৰী কৰিব খোজা মাটিখিনিত ককায়েকে কপালৰ ঘাম মাটিত পেলাই সোণগুটি সিঁচি থকা দৃশ্য। পলকতে যেন তাৰ পৰা উফৰি অহা বোকা পানী মিহলি কেঁচা মাটিৰ গোন্ধই স্পৰ্শ কৰিছিল চলিহাৰ অন্তৰাত্মাত।
আসঃ কিমান চিনাকী!
কিমান আপোন এই সূঘ্রাণ...
জন্মৰ পৰা এই সূঘ্রাণ পান কৰিয়েটো মই ডাঙৰ হৈছো।
আজি মই এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি হোৱাৰ আৰত দেউতাৰ কষ্টৰ মূল্য যিমান তাতকৈ এই মাটিখিনিৰ অৰিহণা জানো কম!
এই মাটিখিনিত কপালৰ ঘাম মাটিত পেলায়েটো দেউতাই মোক......
ছেহ্ সেইখিনি মাটিকে মই...
মূহুৰ্ততে চলিহাক দগ্ধ কৰিছিল অনুসূচনাৰ একুৰা জুইয়ে। এদিনৰ বাবে গাঁওৰ ঘৰলৈ অহা চলিহা গাঁওৰ ঘৰত ৰৈ গৈছিল এসপ্তাহৰ বাবে। ককায়েকৰ সৈতে পথাৰত নামি হেপাঁহ পলুৱাই পান কৰিছিল দেউতাক ককাকৰ ঘাম মিহলি কেঁচা মাটিখিনিৰ সুগন্ধ। সেই সূঘ্রাণ বুকুত বান্ধিয়ে মহানগৰীলৈ উভতিছিল চলিহা এক নতুন সংকল্পৰে...
মহানগৰীত মই ঘৰ সাঁজিম.. কিন্তু পুৰ্বপুৰুষৰ ঘাম মিহলি এই মাটিখিনি বিক্ৰী কৰি নহয়!
তাতকৈ এতিয়াৰ পৰা নিজৰ অপ্ৰয়োজনীয় বিলাসিতা কমাই কিছু টকা ৰাহি কৰাৰ লগতে নিজৰ আজৰি সময়খিনিত কেইটামান টিউচন যোগাৰ কৰি উপাৰ্জন কৰিম আৰু কিছু টকা!
আৰু সেই টকাৰে আমি আমাৰ সপোন পূৰ কৰিম।আৰু একেদৰে দেউতা ককাৰ ঘাম মিহলি মাটিখিনিও একেদৰে ৰাখিম।
No comments:
Post a Comment