আঘোণ আহিল কিন্তু ইহঁতবোৰ নাহিল
হৰেন কপ্তাক
আঘোণ আহিল ঐ
আঘোণ আহিল
বেৰত ওলোমাই থোৱা
কাঁচিকণ বিচাৰ
মামৰে ধৰা দাঁতপাৰি
কমাৰশালত ধৰাই ল
মোক কাট মোক কাট
সুৱাগমণি শ’লপুনাই
কুঁজা কৰি হাত বাউল দি মাতিছে অ’
পিছে আজি দেখোন
ঐয়েংজনীয়ে ন-কইনাৰ ৰূপত পথাৰলৈ নাহিল
লেচেৰি বুটলা কণমানি কেইজনো নাহিল অ’
নিগনি গাঁতৰ ধানৰ থোক বিচাৰি
গোৱালজাকো আমাৰ পথাৰলৈ নাহিল
মাকলৈ বুলি পিঠিত কেঁচুৱাটি লৈ
গোবাটেৰে অহা-যোৱা কৰা
ধাই ছোৱালীজনীও নাহিল দেখোন
কেৰ্ কেৰ্ কৰি
কাঠৰ গাড়ীকণ টানি
বলধ হালো নাহিল
শুনা নগল
সাৰিয়ালৈ অহা
দাৱনীজাকৰ অই-নিঃতমৰ সুৰ
ধনীয়া পাতৰ গোন্ধেৰে
বৰ লাইশাকৰ কেঁচা পাতেৰে
এনাই খোৱা নামচিঙৰ
গোন্ধও নোপোৱা হ’ল ভুটৰবাৰীত
ভলুকা বাঁহৰে ধোঁৱাচাঙত শুকোৱা
বেঁকাকৈ ভিৰীয়াটি লৈ
ডাঙৰী কঢ়িওৱা পাহোৱাল ডেকাটি
কলৈনো গলি অ’
কলৈনো গলি
তোমাক নাপাই আজি
ৰঙাকৈ বাহনত
আছেগৈ পৰি ভুটৰবাৰীৰ ডাঙৰীটি ৷
No comments:
Post a Comment