বিষলতা
পিংকুজিৎ
(চন্দনা পাঠক বাইদেউৰ হাতত)
মই ধুনীয়া হৈ
থাকিবলৈ বিচাৰোঁ
ধুনীয়া হৈ থাকিবলৈ
মোৰো আছে এটা মন
তেনেকৈ আছে কিছু বছৰৰ সাঁচতীয়াকৈ ৰখা
অলপ ধন
মনটো বিশালতাৰে ভৰি আছে
মেৰিয়াই আছে বহু বিষলতাই
লতাবোৰৰ পাকে মোক ইমান ধুনীয়াকৈ পকাই আছে যে
মই পাকে-প্ৰকাৰে মনটোক বান্ধি ৰাখিছোঁ
বিষলতাই মেৰিয়াই বিষালিতো কৰিবই গা
ধুনীয়া হৈ থাকিবলৈ জৰুৰী
মন বন্ধা
ধনৱান যে মনটো মোৰ
বিষেহে দিছে বৰকৈ উমান
বিষ জৰ্জৰ পৃথিৱীত
বিষৰ ইমান বাহাৰ সহি
মই ধুনীয়া হৈ থাকিব বিচাৰোঁ
বিষলতা, পাৰ মানে মেৰিয়াই ধৰ
মেৰিয়াই মেৰিয়াই বিষালৰ পৰা বিশাল কৰি
মোক
এই দুনিয়াৰ
ধুনীয়া ধনী মানুহ এজন
কৰি গঢ়!
No comments:
Post a Comment