জীৱন
চিন্ময় ডেকা
টংলা
জীৱন নিৰবধী, এক অনন্ত চিৰসত্তাৰে জৰ্জৰিত। মানৱ জীৱনত জন্ম, মৃত্যু,বিবাহ অপৰাজেয়, য'ত নিহিত থাকে মাথোঁ অযুত ৰহস্য। নৈ'ৰ সোঁতৰ দৰে বৈ' যায় জীৱন হয় মাধুর্য্য। সময়ৰ ব্যৱধানত কোনো এক নিভাঁজ কোণত নুবুজাৰ সাঁথৰ হৈ পৰোঁ, ইয়াৰ ঐতিহ্য। বাস্তৱত জীৱন হয় অতি চঞ্চল,গম্ভীৰ, উদাসীন ব্যক্তিত্বৰে অথচ্ মনোভাবেৰে সংযুক্ত। দুখ-কষ্ট, যান্ত্রনা, বিষাদৰ বেদনা সদৃশ পৰিস্থিতিয়েই জীৱন। এক বিৰল সমীক্ষাত অন্তত নাই অকণো মূল্য। কি আচৰিত? প্ৰশ্ন হয়.......
জীৱনৰ বাটত, মাথোঁ অযুত সংগ্ৰাম জড়িত, কোনে ক'ব বিষাদৰ অশ্রুতলৰ বেদনা। মৌন হৈ অগ্ৰসৰ মাথোঁ সময়ৰ আহ্বানত। কি ঠিক আজি আছোঁ কালি নাই? তথাপি অহংকাৰত জৰ্জৰিত এই সাম্প্রতিক সমাজ। যাক প্ৰকৃতাৰ্থত আমি সকলোৱে অৱগত। কিন্তু বাস্তৱত কিমান সতৰ্ক? আপুনি অথবা ময়ো যেন, নিকৃষ্ট কৰ্ম-কাণ্ডত লিপ্ত এজন মুখা পিন্ধা ভদ্ৰ লোক। অৰ্থাৎ যদিওঁৱা জীৱন হয় মনোৰম, অথচ্ যন্ত্ৰণাদায়ক তথাপি জীৱন জিন্দাবাদ।

No comments:
Post a Comment