মানুহৰ দৰে জীৱ
প্ৰগ্ৰেচ মেদক
কিছুমান বিশেষ জীৱ-জন্তুৱে মানুহৰ দৰে আচৰণ কৰিব পাৰে, মানুহৰ দৰে ভাৱিবও পাৰে,মানুহৰ দৰে মাত মাতিব পাৰে আৰু মানুহৰ মৰম আয়ত্ত কৰিবও পাৰে। মানুহৰ দৰে আচৰণ কৰা এই জীৱবোৰৰ লগত মানুহৰ পাৰ্থক্য মাথো ইমানেই - মানুহে ভাষাৰে কথা কব পাৰে আৰু আচৰণ কৰি মনৰ ভাৱ বিনিময় কৰিব পাৰে, জন্ত্তৱে নোৱাৰে। জীৱ জন্তুৱে খং উঠিলে কাজিয়া কৰে।মৰম লাগিলে ইটোৱে সিটোক সাৱটি ধৰে,গাৰ পোক গুচাই আদৰ কৰে আৰু খেল-ধেমালী কৰে।
জীৱ জন্তুৰ এই আচৰণ বিধিলৈ চাই কোন কোন জন্তুৱে আচলতে মানুহৰ দৰে আচৰণ কৰিব পাৰে, অনুসন্ধানকাৰীৰ মতে হাতী,জেঠী,ভালুক,পৰুৱা,বান্দৰ, কুকুৰ,মেকুৰী,বগলী আদি মানুহৰ দৰে আচৰন কৰিব পৰা জীৱ।
জীৱ-জন্তুৱে বাস্তৱতো মাত মাতিব পাৰে।মানুহৰ দৰে ভাৱিব পাৰে।বাঘ,ভালুকৰ পোৱালি,মৌ-মাখি,হৰিণ,বান্দৰ,কুকুৰ,মেকুৰী আদি জীৱ-জন্তুৱে বাস্তৱতো মাত মাতিব পাৰে।মইনা আৰু ভাটৌ হল মানুহৰ মাতৰ অবিকল চৰাই।এসময়ত পাৰ চৰাই ডাক সেৱাকাৰী আছিল।
মৰমে বশ কৰিব নোৱাৰা প্ৰাণী হেনো ইত জগতত নাই। কথা কব নোৱাৰা জীৱৰ মাজতো মৰম বুজিব পৰা ক্ষমতা থাকে।সিহতেও পৰস্পৰক সান্নিধ্যৰ আৱেশেৰে বুজায়-মৰম।ভাষাৰে নহলেও পৰশেৰে বুজায়-অবোধ জীৱৰ মাজতো আছে মানৱীয় অনুভূতিৰ ছাপ।
No comments:
Post a Comment