হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কোনবোৰ বিষয় অধ্যয়ন কৰিব পাৰি ?
ড° বুলজিৎ বুঢ়াগোহাঁই
সাধাৰণতে, প্রায়বোৰ ছাত্র-ছাত্রী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান নে বাণিজ্য শাখাত নাম ভর্তি কৰিব নতুবা বৃত্তিমুখী (vocational) শিক্ষা গ্রহণ কৰিব, সেইটো সিদ্ধান্ত লওতে বিবুদ্ধিত পৰে আৰু উচ্চতৰ মাধ্যমিকৰ কোনটো শাখা নিৰ্বাচন কৰিলে সোনকালে চাকৰি পোৱা যাব সেই বিষয়েও জানিব বিচাৰে । কলা, বিজ্ঞান বা বাণিজ্য যিকোনো শাখাৰ পাঠ্যক্রমতে ভালদৰে উত্তীৰ্ণ হৈ শিক্ষাৰ্থী সকলে নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰে । গুৰুত্বপূৰ্ণ কথাটো হ’ল, নিজৰ ব্যক্তিত্বৰ লগত খাপ খোৱাকৈ শিক্ষাৰ্থী সকলে যদি কেৰিয়াৰ নিৰ্বাচন কৰি ল’ব পাৰে , তেন্তে সেই ক্ষেত্ৰখনত অতি সহজে আগুৱাই যাব পাৰিব ৷ এইক্ষেত্ৰত শিক্ষাৰ্থীজনে সৰ্বপ্ৰথমে নিজেই নিজক অন্তৰ্মুখী নে বহিৰ্মুখী নাইবা আন কেনেধৰণৰ ব্যক্তিত্বৰ অধিকাৰী তাক পৰ্যবেক্ষণ কৰিব লাগিব । ব্যক্তিত্বক বিভিন্ন ভাগ কৰিব পাৰি , যেনে - বাস্তৱধৰ্মী (Realistic) , অনুসন্ধানী (Investigative), শৈল্পিক (Artistic), সামাজিক (Social), উদ্যমী (Enterprising), গতানুগতিক (Conventional) ব্যক্তিত্ব আদি । ব্যক্তিত্বৰ লগতে নিজৰ ৰাপ , পাৰদৰ্শিতা অনুসৰি শিক্ষাৰ্থী সকলে কোনটো কেৰিয়াৰ নিৰ্বাচন কৰিলে সুফল লাভ কৰিব, সেই সম্পৰ্কে জানিবলৈ কেৰিয়াৰ পৰামৰ্শদাতাৰ সহায়ো ল’ব পাৰে । তলত বিভিন্ন পাঠ্যক্রমৰ বিষয়ে আলোচনা কৰা হৈছে ।
আমাৰ ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত বিভিন্ন বিষয়ৰ পাঠ্যক্রম অধ্যয়নৰ বাবে সুবিধা আছে যদিও , নতুন নতুন পাঠ্যক্রমৰ সকলোবোৰ বিষয় বৰ্তমান শিক্ষানুষ্ঠানসমূহত উপলব্ধ নোহোৱাৰ বাবে প্রত্যেক বছৰে বহুসংখ্যক ছাত্র-ছাত্রী উচ্চ শিক্ষা লাভৰ বাবে অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানসমূহত নামভর্তি কৰিব লগা হয়। উল্লেখ্য যে, ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (আই.আই.টি.) গুৱাহাটীতো যে পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু গণিত বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমৰ উপৰিও কলা বিভাগৰ সকলো বিষয়তে গৱেষণা কৰিব পৰা সুবিধা আছে সেই সৰ্ম্পকে বহুতো ছাত্র-ছাত্রী জ্ঞাত নহয়। যি কোনো মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত নামভর্তি কৰাৰ পূর্বে শিক্ষানুষ্ঠানসমূহৰ বৈধতা/ডিগ্রীৰ মর্যাদা/ব্যৱস্থা/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ সবিশেষ তথ্য বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি । যেনে- শিক্ষা মন্ত্রালয় (https://education.gov.in), বিশ্ববিদ্যালয় অনুদান আয়োগ (https://www.ugc.ac.in), ৰাষ্ট্রীয় চিকিৎসা আয়োগ (https://www.nmc.org.in), ৰাষ্ট্রীয় মূল্যাঙ্কন আৰু স্বীকৃতি পৰিষদ (http://www.naac.gov.in), নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ (https://www.aicte-india.org), ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা (http://www.aiu.ac.in) ,দূৰ শিক্ষা পৰিষদ (https://www.ugc.ac.in/deb/), ভাৰতীয় নাৰ্ছিং পৰিষদ (http://www.indiannursingcouncil.org) , আৰ্কিটেকচাৰ পৰিষদ (https://www.coa.gov.in) ,ভাৰতীয় বাৰ পৰিষদ (http://www.barcouncilofindia.org), ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ (https://ncte.gov.in) আদি । শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্রাপ্ত হোৱাৰ উপৰিও যি বিভাগত অধ্যয়ন কৰিব বিচাৰে, সেই বিভাগটিও স্বীকৃতিপ্রাপ্ত হ’ব লাগিব । তদুপৰি উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকল কেনেদৰে প্রতিষ্ঠিত হৈছে তাৰো এটা সম্যক ধাৰণা লোৱা উচিত । সেইদৰে শিক্ষানুষ্ঠানখনৰ শিক্ষণ ব্যৱস্থা,উত্তীৰ্ণৰ হাৰ , নামভৰ্ত্তিৰ প্রক্রিয়া , পুথিভঁৰাল, ইণ্টাৰনেট সেৱা, থকাৰ সা-সুবিধা, আৰ্থিক সাহাৰ্য লাভৰ সুবিধা আছে নে নাই তথা বিভিন্ন মাচুলৰ পৰিমাণৰ বিষয়েও জানি লোৱা উচিত। ইয়াৰ উপৰিও জানিব লগা আন দিশবোৰৰ কিছুমান হ'ল - শিক্ষানুষ্ঠানখন চৰকাৰী নে বেচৰকাৰী আৰু সুৰক্ষিত স্থানত অৱস্থিত হয় নে নহয় , শিক্ষানুষ্ঠানখনৰ আকাৰ কেনেকুৱা অৰ্থাৎ ছাত্র আৰু শিক্ষকৰ অনুপাত কিমান , ঘৰৰ পৰা শিক্ষানুষ্ঠানখনৰ দূৰত্ব , কেম্পাচ ইণ্টাৰভিউ হয় নে নহয়, খেলা-ধূলাকে আদি কৰি অন্যান্য extra-curricular activitiesকৰিবৰ বাবে সুবিধা আছে নে নাই ইত্যাদি । লগতে প্রাক্তন ছাত্র-ছাত্রীৰ সংগঠন(Alumni Network) কিমান শক্তিশালী সেই বিষয়েও জানি লোৱাটো উচিত যিহেতু এই সংগঠন শক্তিশালী হ'লে শিক্ষাৰ্থীসকলৰ চাকৰি লাভ কৰাটো অধিক সুবিধা হয় । উল্লেখ্য যে - কলা , বিজ্ঞান বা বাণিজ্য যিকোনো শাখাতে ভালদৰে উত্তীৰ্ণ হৈ নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ছাত্র বা ছাত্রীগৰাকীয়ে সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰে । সাধাৰণতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰসহ উত্তীৰ্ণ হ'লেই ছাত্র-ছাত্রীসকলে বিজ্ঞান শাখাত নাম ভর্তি কৰাৰ বাবে নিজে সিদ্ধান্ত গ্রহণ কৰে অথবা কোনো কোনো ক্ষেত্রত অভিভাৱকসকলেও জোৰ কৰি উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নাম ভর্তি কৰিবৰ বাবে বাধ্য কৰায় , কিন্তু এনে হোৱা উচিত নহয়। ছাত্র ছাত্রীসকলৰ কোনো বিষয়ৰ প্রতি থকা ৰাপ তথা আত্মবিশ্বাসৰ ওপৰত ভিত্তি কৰিহে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান, কলা নে বাণিজ্য শাখাত নাম ভর্তি কৰিব তাৰ সিদ্ধান্ত গ্রহণ কৰিব লাগে, নম্বৰৰ ওপৰত ভিত্তি কৰি নহয় । যিহেতু বিভিন্ন কাৰণত আগ্রহ থকা বিষয়বোৰত ছাত্র বা ছাত্রীগৰাকীয়ে আশা কৰা মতে নম্বৰ লাভ নকৰিবও পাৰে । যদি ছাত্র বা ছাত্রীগৰাকীৰ গণিত বিষয়ত ৰাপ আছে তেন্তে বিজ্ঞান অথবা বাণিজ্য শাখাত নাম ভর্তি কৰিব পাৰে। সেইদৰে সাহিত্যৰ বিষয়ত আগ্রহী সকলে কলা শাখাত নাম ভর্তি কৰিব পাৰে। আকৌ , কোনো ছাত্র-ছাত্রীয়ে যদি গণিত আৰু সাহিত্য দুয়োটা বিষয়তে ৰাপ আছে তেন্তে গণিত বিষয়সহ কলা শাখাত নাম ভর্তি কৰিব পাৰে। সেইদৰে , গণিতত ৰাপ থকা ছাত্র-ছাত্রীয়ে বিজ্ঞান শাখাৰ জীৱবিজ্ঞান বিষয়টি নোলোৱাকৈ বিজ্ঞান শাখাত নাম ভর্তি কৰিব পাৰে , একেদৰে জীৱবিজ্ঞান বিষয়ত ৰাপ থকা ছাত্র-ছাত্রীয়ে গণিত বিষয়টি নোলোৱাকৈ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নাম ভর্তি কৰিব পাৰে । কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ'ব যে বিজ্ঞান শাখাত নাম ভর্তি কৰা ছাত্র-ছাত্রী সকলে গণিত তথা জীৱবিজ্ঞান দুয়োটা বিষয় নিবাৰ্চন কৰিলেহে ভৱিষ্যতে বহু ক্ষেত্রত সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও কোনটো শাখাত কি কি বিষয় অন্তৰ্ভূক্ত হৈ আছে তথা সেইবোৰ বিষয় অধ্যয়ন কৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব , সেই সম্পৰ্কে ছাত্র-ছাত্রীসকলে এক সম্যক ধাৰণা যুগুতাই লব পাৰিলে শাখা নিবাৰ্চন কৰা ক্ষেত্রত যথেষ্ট সুবিধা হ'ব। ইয়াৰ উপৰিও শাখা নিবাৰ্চন কৰোতে ছাত্র-ছাত্রীসকলৰ হবি(hobby)বোৰকো গুৰুত্ব প্রদান কৰিব লাগে । কিয়নো এই হবিসমূহেই ছাত্র জীৱন , কৰ্ম জীৱন তথা অৱসৰ জীৱনত বিভিন্ন ধৰণে সহায় কৰিব পাৰে । কোনো ব্যক্তিৰ ভবিষ্যত জীৱনত হয়তো হবিয়েই এদিন কেৰিয়াৰ হ’ব পাৰে। ছাত্র-ছাত্রীসকলৰ শাখা নিবাৰ্চন কৰাৰ ক্ষেত্রত অভিভাৱক সকলৰ আৰ্থিক অৱস্থায়ো এক বিশেষ ভূমিকা গ্রহণ কৰে। যিসকল ছাত্র-ছাত্রীয়ে সোনকালে উপাৰ্জন কৰিব বিচাৰে , তেওঁলোকে বৃত্তিমুখী শিক্ষা গ্রহণ কৰিব পাৰে ।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ১। ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই.ৰ বিভিন্ন ট্রেডত ২। পলিটেকনিকৰ বিভিন্ন বিভাগত ৩। উচ্চতৰ মাধ্যমিকৰ বিভিন্ন শাখাত (কলা/বাণিজ্য/বিজ্ঞান) পঢ়িব পাৰে ।
ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই. :
ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই.ৰ বিভিন্ন ট্রেডত পঢ়িবলৈ বাবে শিক্ষাগত অৰ্হতা বেলেগ বেলেগ হয়। আই.টি.আই.ত নামভৰ্তিৰ বাবে আবেদন অনলাইন যোগেদি কৰিব লাগে । ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল – www.itiassam.nic.in। আবেদন কৰোতে এটা ই-মেইল আই.ডি. আৱশ্যক হয় । গতিকে, প্রাৰ্থীসকলে এটা ই-মেইল আই.ডি. খোলা প্রয়োজন আছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নোহোৱা সকলে ইঞ্জিনিয়াৰিং ট্রেডৰ এবছৰীয়া পাঠ্যক্রম ৱেল্ডাৰ আৰু দুবছৰীয়া পাঠ্যক্রম ৱায়াৰমেন ট্রেডত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলে তলত উল্লেখ কৰা ট্রেডত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰে।
ইঞ্জিনিয়াৰিং ট্রেডৰ দুবছৰীয়া পাঠ্যক্রম : ফিটাৰ, টাৰ্নাৰ, মেচিনিষ্ট, ইলেকট্রিচিয়ান,মটৰ ভেৰিকল মেকানিক, ইলেকট্রনিকচ মেকানিক, ইনষ্টুমেণ্ট মেকানিক, ইনফৰমেচন কমোনিকেচন টেকন'ল'জী ছিষ্টেম মেইনটেনেন্স, ড্রাফটমেন চিভিল, ড্রাফটমেন মেকানিক,এগ্রিকালচাৰেল মেচিনাৰি মেকানিক, ৰিফ্রিজেৰেচন এণ্ড এয়াৰ কণ্ডিচনাৰ মেকানিক, অ'ট্র ব'ডি পেণ্টিং মেকানিক , অ'ট্র ব'ডি ৰিপেয়াৰ মেকানিক , কেমিকেল প্লান্ট মেইনটেনেচ মেকানিক ।
ইঞ্জিনিয়াৰিং ট্রেডৰ এবছৰীয়া পাঠ্যক্রম : ডিজেল ইঞ্জিন মেকানিক , ট্রেক্টৰ মেকানিক, ছাৰ্ভেয়ৰ, প্লাষ্টিক প্রচেছিং অপাৰেটৰ , পাম্প অপাৰেটৰ কাম মেকানিক, প্লাষ্টিক প্রচেছিং, কনষ্ট্রাকচন এণ্ড উড ৱৰ্কছ,ইনফৰমেচন টেকন'লজী, ফেব্রিকেচন (ফিটিং এণ্ড ৱেলডিং), প্লাম্বাৰ ।
ন'ন ইঞ্জিনিয়াৰিং ট্রেডৰ এবছৰীয়া পাঠ্যক্রম : ষ্টেনোগ্রাফা এণ্ড ছেক্রেটেৰিয়েল প্রেকটিচ, ছেক্রেটেৰিয়েল প্রেকটিচ, ছুয়িং টেকন'লজী, ড্রেছ মেকিং , বেচিক ক'চমেট'ল'জী, কম্পিউটাৰ অপাৰেটৰ এণ্ড প্রগ্রেমিং এছিছটেণ্ট, ফটোগ্রাফা, এমব্রইডাৰী ।
ন'ন ইঞ্জিনিয়াৰিং ট্রেডৰ এটা চিমেষ্টাৰ পাঠ্যক্রম : বড়ো ট্রাইপৰাইটিং ।
ইয়াৰ উপৰিও আই.টি.আই.বোৰত হ্রস্বম্যাদী পাঠ্যক্রম আছে । যেনে – ট্রেভেল এজেণ্ট এণ্ড টুৰ অপাৰেটৰৰ তিনিমহীয়া পাঠ্যক্রম, ফল-মূল আৰু শাক পাচলি সংৰক্ষণৰ তিনিমহীয়া পাঠ্যক্রম, ষ্টীল ফাৰ্ণিচাৰ মেকিঙৰ তিনিমহীয়া পাঠ্যক্রম, গ্রীল এণ্ড এলাইড প্রডাক্ট মেকিঙৰ তিনিমহীয়া পাঠ্যক্রম , কাৰ ছাৰ্ভিচিঙৰ ছয় সপ্তাহৰ পাঠ্যক্রম,ৰিফ্রিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিচনাৰৰ ৰিপেয়াৰিঙৰ তিনিমহীয়া পাঠ্যক্রম,পাম্প ৰিপেয়াৰিঙৰ তিনিমহীয়া পাঠ্যক্রম আদি আছে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলৰ পোনপতীয়াকৈ নামভৰ্তিৰ সুবিধা আছে আৰু অনুতীৰ্ণ সকলৰো অষ্টম শ্রেণী উত্তীৰ্ণ হোৱা নম্বৰৰ ভিত্তিত নামভৰ্তিৰ সুবিধা আছে।
'ডাইৰেক্টৰেট অৱ এমপ্লয়মেণ্ট এণ্ড ট্রেইনিঙ'ৰ অধীনত অসমত ২৮খন ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই. আছে । ইয়াৰে ৫খন আই.টি.আই. মহিলাৰ বাবে সংৰক্ষিত । এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ'ব যে বাকী আই.টি.আই.বোৰতো মহিলাই প্রশিক্ষণ গ্রহণ কৰিব পাৰে ।
অসমত থকা ঔদ্যোগিক প্রশিক্ষণ কেন্দ্র বা আই.টি.আই. কেইখনৰ নাম হ’ল : ১।আই.টি.আই. কৰিমগঞ্জ, ২। আই.টি.আই.কোকৰাঝাৰ , ৩। আই.টি.আই.গড়গাঁও, ৪। আই.টি.আই.গোৱালপাৰা, ৫।আই.টি.আই. গুৱাহাটী, ৬। আই.টি.আই.ডিব্রুগড় ৭। আই.টি.আই. তেজপুৰ, ৮। আই.টি.আই. তিনিচুকীয়া, ৯। আই.টি.আই.দক্ষিণ শালমাৰা, ১০। আই.টি.আই.নগাঁও, ১১।আই.টি.আই. বঙাইগাঁও, ১২। আই.টি.আই. বৰপেটা, ১৩। আই.টি.আই. যোৰহাট ,১৪। আই.টি.আই. শিলচৰ, ১৫। আই.টি.আই. ধনশিৰি, ১৬। আই.টি.আই.ধেমাজি, ১৭।আই.টি.আই.নলবাৰী, ১৮। আই.টি.আই.ভেৰগাঁও, ১৯ । আই.টি.আই. মৰিগাঁও, ২০।আই.টি.আই.হাইলাকান্দি, ২১। আই.টি.আই.মাজুলী, ২২।আই.টি.আই.ডিফু, ২৩। আই.টি.আই.হাফলং ।
মহিলাৰ বাবে সংৰক্ষিত আই.টি.আই. কেইখন হ’ল: ১। আই.টি.আই.শিলচৰ ,২। আই.টি.আই. গুৱাহাটী, ৩। আই.টি.আই.তিনিচুকীয়া, ৪। আই.টি.আই.মাজবাট, ৫।আই.টি.আই. উত্তৰ লখিমপুৰ ।
পলিটেকনিক :
পলিটেকনিক শাখাত তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্রম প্রদান কৰা হয়। পলিটেকনিক এডমিচন টেষ্ট [Polytechnic Admission Test (PAT)] প্রৱেশ পৰীক্ষাৰ জৰিয়তে এই পাঠ্যক্রমত নামভৰ্তিৰ সুবিধা আছে । এই পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে সাধাৰণ শ্রেণীৰ প্রাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ত নূন্যতম ৪০ শতাংশ , অনুসূচিত জাতিৰ প্রাৰ্থীয়ে ৩৫ শতাংশ আৰু জনজাতিৰ প্রাৰ্থীয়ে ৩৩ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ'ব লাগিব আৰু পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ৩১ ডিচেম্বৰত সাধাৰণ শ্রেণীৰ প্রাৰ্থীৰ বয়স ২০ বছৰ ৬মাহৰ ভিতৰত হ’ব লাগে আৰু অনুসূচিত জাতি আৰু জনজাতিৰ প্রাৰ্থীৰ বয়স ২৩ বছৰ ৬মাহৰ ভিতৰত হ’ব লাগে। এই প্রৱেশ পৰীক্ষা অনলাইন পদ্ধতিত আৱেদন কৰিব লাগে । ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল - www.dteassam.in । এই পৰীক্ষাৰ প্রশ্নসমূহ বস্তুনিষ্ঠ ধৰণৰ লগতে গণিত আৰু বিজ্ঞান বিষয়ত মুঠ ১০০ নম্বৰৰ প্রশ্ন সন্নিবিষ্ট কৰা হয়।
অসমত থকা পলিটেকনিক কেইখন হ’ল : ১।অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট ,গুৱাহাটী ২।গাৰ্লছ পলিটেকনিক , গুৱাহাটী ৩।বঙাইগাঁও পলিটেকনিক ,৪।শিলচৰ পলিটেকনিক ,৫। নগাঁও পলিটেকনিক ,৬। প্রিন্স অব্ ৱেলছ ইনষ্টিটিউট অব্ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি , যোৰহাট ৭। ডিব্রুগড় পলিটেকনিক ৮। গাৰ্লছ পলিটেকনিক , গোলাঘাট ৯।অসম টেক্সটাইল ইনষ্টিটিউট , গুৱাহাটী ১০। ডিফু পলিটেকনিক , ডিফু ।
২০১৭-১৮ শিক্ষাবৰ্ষৰ পৰা নতুনকৈ আৰম্ভ হোৱা পলিটেকনিক কেইখন হ'ল -১। বাক্সা পলিটেকনিক,২।বৰপেটা পলিটেকনিক,৩। ধেমাজি পলিটেকনিক,৪। কৰিমগঞ্জ পলিটেকনিক,৫। লখিমপুৰ পলিটেকনিক,৬। গোলাঘাট পলিটেকনিক,৭। গোৱালপাৰা পলিটেকনিক,৮। নলবাৰী পলিটেকনিক, ৯। কামৰূপ পলিটেকনিক,১০। শিৱসাগৰ পলিটেকনিক,১১। শোণিতপুৰ পলিটেকনিক ।
পলিটেকনিকবোৰত পঢ়াৰ সুবিধা থকা বিভিন্ন বিভাগবোৰ হ’ল : এগ্রিকালচাৰ , চিভিল, মেকানিকেল, কেমিকেল, ইলেকট্রিকেল , ইলেকট্রনিকছ এণ্ড টেলিকমিউনিকেচনছ, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, ইনষ্টুমেনটেছন, টেক্সটাইল টেকন’লজি, ফেছন টেকন’লজি, গাৰমেণ্ট টেকন’লজি, এগ্রিকালছাৰ , আৰ্কিটেক্ট এছিষ্টণ্ট আদি ।
উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পিছত : কলা শাখা
উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী কলা শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি : সাধাৰণ স্নাতক পাঠ্যক্রম , মেজৰসহ [ যেনে- সমাজশাস্তৰ , অৰ্থনীতি , সাহিত্য ( ইংৰাজী,অসমীয়া, হিন্দী, বঙালী ইত্যাদি), মনোবিজ্ঞান, বুৰঞ্জী, ৰাজনীতি বিজ্ঞান, শিক্ষা, পৰ্যটন , পৰিবেশ কলা, নৃতত্ত্ব বিজ্ঞান,আইন ইত্যাদি )] স্নাতক পাঠ্যক্রম ।
স্নাতক পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল – স্নাতকোত্তৰ (এম. এ.) আৰু পি.এইচ.ডি. ।
কলা শাখাত অধ্যয়ন কৰি মনোবৈজ্ঞানিক, সমাজবিজ্ঞানী, সমাজ কৰ্মী, বুৰঞ্জীবিদ, নৃতত্ত্ববিদ, লেখক, সাংবাদিক, অধিবক্তা, বিদ্যালয়/মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ শিক্ষক হিচাবে কেৰিয়াৰ গঢ়িব পাৰে।
কলা শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগ(এ.পি.এছ.চি.)ৰ পৰীক্ষা , কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে।
দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাঁচ বছৰীয়া সংযুক্ত আইনৰ স্নাতক পাঠ্যক্রম আৰু হোটেল পৰিচালনা (হোটেল মেনেজমেণ্ট) পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে ।
দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাঁচ বছৰীয়া সংযুক্ত ইংৰাজী/গণসংযোগ/বিদেশী ভাষাৰ স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে ।
অবিবাহিত ভাৰতীয় নাগৰিকে ৰাষ্ট্রীয় প্রতিৰক্ষা শিক্ষা প্রতিষ্ঠান (এন.ডি.এ.)ত নামভৰ্তি কৰিব পাৰে যদিহে ভাৰতীয় সেনাবাহিনীত যোগদানৰ ইচ্ছা থাকে। যিকোনো শাখাত দ্বাদশ শ্রেণীৰ উত্তীৰ্ণসকলে ইউ. পি. এছ. চি.ৰ অধীনত অনুষ্ঠিত এন.ডি.এ. পৰীক্ষাত বাছনি হৈ এই প্রতিৰক্ষা শিক্ষা প্রতিষ্ঠানত নামভৰ্তি কৰিব পাৰে।
যিকোনো শাখাত দ্বাদশ শ্রেণীৰ উত্তীৰ্ণসকলে ফাইন আৰ্টছ,দৃশ্য কলা (ভিজুৱেল আৰ্টছ), আভ্যন্তৰীণ সজ্জা (ইণ্টেৰিয়’ৰ ডিজাইন), প্রায়োগিক কলা (এপ্লাইড আৰ্ট),ফেশ্বন ডিজাইন,অলংকাৰ সজ্জা (জুৱেলাৰী ডিজাইন) ইত্যাদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে।
যিসকল শিক্ষাৰ্থীৰ নৃত্য-গীত,নাটকৰ প্রতি আসক্তি আছে বা ইয়াক আনুষ্ঠানিক পাঠ্যক্রম হিচাপে ল’ব বিচাৰে, তেনে শিক্ষাৰ্থীয়ে পৰিৱেশ কলা স্নাতক পাঠ্যক্রম (বি.এফ.এ.)তনামভৰ্তি কৰিব পাৰে।
দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ যিসকল শিক্ষাৰ্থীয়ে নিজকে এগৰাকী শাৰীৰিক শিক্ষাৰ শিক্ষক, ক্রীড়া প্রশিক্ষক অথবা ফিটনেছ ট্রেইনাৰ হিচাবে কেৰিয়াৰ গঢ়িব বিচাৰে,তেওঁলোকে “শাৰীৰিক শিক্ষা” বিষয়ৰ স্নাতক পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে।
উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পিছত : বাণিজ্য শাখা
উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বাণিজ্য শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি: সাধাৰণ স্নাতক পাঠ্যক্রম, মেজৰসহ(যেনে-ইঞ্চিউৰেন্স, কম্পিউটাৰ ,বৈদেশিক বাণিজ্য , বেংকিং আৰু ইঞ্চিউৰেন্স,একাউণ্টিং আৰু বিত্ত,ই-বাণিজ্য, অৰ্থনীতি আৰু একাউণ্টিং ইত্যাদি) স্নাতক পাঠ্যক্রম ।
স্নাতক পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল – স্নাতকোত্তৰ (এম. কম.) আৰু পি.এইচ.ডি. ।
বাণিজ্য শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগ(এ.পি.এছ.চি,)ৰ পৰীক্ষা ,কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে।
চি.এ. (চাৰ্টাৰ্ড একাউণ্টেণ্সি) : ভাৰতীয় চাৰ্টাৰ্ড একাউনটেণ্ট প্রতিষ্ঠানে চাৰ্টাৰ্ড একাউণ্টেণ্সিৰ শিক্ষা আগবঢ়ায়।
কষ্ট একাউণ্টেণ্ট : ‘ইনষ্টিটিউট অৱ কষ্ট এণ্ড ৱ্কছ একাউনটেণ্টছ অৱ ইণ্ডিয়া’ই এই পাঠ্যক্রম আগবঢ়ায়।
কোম্পানী ছেক্রেটাৰী : ‘ইনষ্টিটিউট অৱ কোম্পানী ছেক্রেটাৰিজ অৱ ইণ্ডিয়া’ই এই পাঠ্যক্রম আগবঢ়ায়।
উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পিছত : বিজ্ঞান শাখা
উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি : সাধাৰণ স্নাতক পাঠ্যক্রম ,মেজৰসহ (যেনে- পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান,গণিত,অৰ্থবিজ্ঞান, জীৱবিজ্ঞান, প্রাণীবিজ্ঞান, পৰিৱেশ বিজ্ঞান ইত্যাদি )স্নাতক পাঠ্যক্রম ।
স্নাতক পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল – স্নাতকোত্তৰ (এম.এচ.ছি.) আৰু পি.এইচ.ডি. ।
বিজ্ঞান শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগ(এ.পি.এছ.চি,)ৰ পৰীক্ষা ,কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে।
ষ্টাফ ছিলেকচন কমিছনৰ কম্বাইণ্ড গ্রেজুৱেট লেভেল পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে।
উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত বি.চি.এ., বি.বি.এ., বি.টেক./বি.ই. , বি.আৰ্ক, এম.বি.বি.এছ. , বি.ফাৰ্ম , বি.এছ.চি. নাৰ্ছিং, আয়ুৰ্বেদিক , হোমিঅ’পেথিক,পশু পালন আৰু পশু চিকিৎসাৰ , কৃষি , মীন , গাৰ্হস্থ্যবিজ্ঞানৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে।
উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা সকলে পেৰামেডিকেলৰ বিভিন্ন বিভাগত (Medical Laboratory Technology,Medical Radiographic Technology , Cardiac Care Technology, Physiotherapy, ICU Technology,Physicians Assistance Course , Emergency & First Aid, O.T. Technology (O.T. + Anaesthesia+ Endoscopy), Dialysis Technician Course ) ডিপ্লমা শিক্ষা গ্রহণ কৰিব পাৰে । ইয়াৰ বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়ত ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে ।
বেংক প্ৰবেচেনাৰী অফিচাৰ পদৰ বাবে যিকোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ অধীনৰ যিকোনো শাখাৰ নিম্নতম অৰ্হতা সম্পন্ন স্নাতক সকলে আৱেদন কৰিব পাৰে ।
বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ পৰীক্ষা লোৱা হয় । সাধাৰণ জ্ঞান দুই প্রকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান(Traditional General Knowledge) আৰু সাম্প্রতিক ঘটনা প্রবাহ(Current Affairs )। সাধাৰণ জ্ঞান যিহেতু একে দিনাই গোটোৱা সম্ভৱ নহয় ইয়াৰ বাবে ছাত্র-ছাত্রী সকলৰ দীঘলীয়া প্রস্তুতিৰ প্রয়োজন । পৰম্পৰাগত সাধাৰণ জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়ৰ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে সকলো বিষয়ৰ পাঠ্য পুথি আৰু এই সকলোবোৰ বিষয়ৰ আনুষংগিক প্রসংগ পুথি অধ্যয়ন কৰিব লাগিব। সাম্প্রতিক ঘটনা প্রবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা বভিন্ন আলোচনীৰ নিয়মীয়াকৈ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব। যিহেতু, দৈনিক বাতৰি কাকত এখনৰ প্রথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ জানিবলগীয়া বহুত কথা থাকে। সেইদৰে নিয়মীয়াকৈ ৰেডিঅ’ৰ বাতৰি অনুষ্ঠান শুনি আৰু টেলিভিছনৰ বাতৰি অনুষ্ঠানবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে । ছাত্র-ছাত্রীসকলে সাধাৰণ জ্ঞান আহৰণ কৰিবৰ বাবে “ইন্টাৰনেট”(Internet)ৰো সহায় লব পাৰে। তদুপৰি, ছাত্র-ছাত্রী সকলে বিভিন্ন প্রতিযোগীতামূলক পৰীক্ষাৰ সাধাৰণ জ্ঞানৰ আৰ্হি প্রশ্নবোৰ সংগ্রহ কৰিব লাগে । এই ক্ষেত্রত শিক্ষক তথা অভিভাৱকসকলে ছাত্র-ছাত্রীসকলক সজগতা অনাত সহায় কৰিব পাৰে । স্কুল পৰ্যায়ৰ পৰীক্ষাসমূহৰ সমান্তৰাল ভাবে ভৱিষ্যতে বিভিন্ন প্রতিযোগীতা মূলক পৰীক্ষাৰ বাবে ছাত্র-ছাত্রী সকল প্রস্তুত হ’ব পৰাকৈ সেই পৰীক্ষাসমূহৰ সাধাৰণ জ্ঞানৰ আৰ্হি প্রশ্নবোৰ বিদ্যালয়ৰ শিক্ষক সকলেও দেখুৱাব পাৰে । সাধাৰণতে বহু সংখ্যক অভিভাৱকে নিজৰ সন্তান চিকিৎসক অথবা অভিযন্তা হোৱাটোৱে কামনা কৰে আৰু এই ক্ষেত্রত কেতিয়াবা সন্তানৰ অনিচ্ছা স্বত্বেও চিকিৎসক অথবা অভিযন্তা হিচাপে কেৰিয়াৰ গঢ়িবলৈ জোৰ কৰা দেখা যায় । কিন্তু ছাত্র-ছাত্রী সকলৰ বাবে অন্যান্য বহুতো সুন্দৰ কেৰিয়াৰ আছে , যিবোৰৰ গুৰুত্ব সমাজত এজন চিকিৎসক অথবা অভিযন্তাতকৈ কোনো গুণে কম নহয়। সেয়েহে , শিক্ষক সকলৰ লগতে অভিভাৱ সকলেও অযথা মানসিক হেচা প্রয়োগ নকৰি নিজ সন্তানক অন্যান্য কেৰিয়াৰ প্রতিও আকৰ্ষিত কৰিবৰ বাবে চেষ্টা কৰিব লাগে।
ৰাজ্যিক, ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় পর্যায়ৰ বিভিন্ন বিষয়ৰ বৃত্তি প্রদান কৰা অনুষ্ঠান-প্রতিষ্ঠান সমূহে নিজস্ব “ৱেবছাইট”ত প্রচাৰ কৰা বৃত্তি সমূহৰ সবিশেষ খবৰ ছাত্র-ছাত্রী সকলে ৰাখিব লাগে । বৃত্তিপ্রাপ্ত সকলৰ বিষয়ে বাতৰি কাকত , আলোচনী আদিত প্রকাশ কৰা হয় । তেনে ব্যক্তি ছাত্র-ছাত্রী সকলে ব্যক্তিগত ভাৱে সাক্ষাৎ কৰিলেও বিশেষ ভাবে লাভৱান্বিত হ’ব। ইয়াৰোপৰি, সম্পূৰ্ণ আৰু শুদ্ধ তথ্য লাভৰ বাবে প্রতিযোগিতামূলক পৰীক্ষা আৰু চাকৰিৰ বিজ্ঞাপন তথা প্রছপেক্টাছ(prospectus) সমূহো ভালদৰে পঢ়ি চাব লাগে ।
ইন্টাৰনেটৰ জৰিয়তেও কেৰিয়াৰ সম্পৰ্কীয় বহু তথ্য সংগ্রহ কৰিব পাৰি । কিন্তু আমাৰ ৰাজ্যখনৰ সকলো ছাত্র-ছাত্রীয়ে ইন্টাৰনেট ব্যৱহাৰ কৰাৰ সুবিধা লাভ কৰা নাই আৰু যিসকলে ইন্টাৰনেট ব্যৱহাৰ কৰি আছে ,ইয়াৰে মাজৰ বহুতেই ইয়াৰ সুপ্রয়োগ কৰিবলৈ শিকা নাই । ইন্টাৰনেটৰ জৰিয়তে কেনেকৈ কেৰিয়াৰ সম্পৰ্কীয় শুদ্ধ তথ্য লাভ কৰিব পাৰি সেই বিষয়েও ছাত্র-ছাত্রীসকলক শিক্ষা দিয়াৰ প্রয়োজন আছে । ইন্টাৰনেটত চাৰ্চ ইঞ্জিন (Search Engine)ৰ জৰিয়তে কেৰিয়াৰ বিষয়ৰ তথ্য সংগ্রহ কৰিব পাৰি কিন্তু কেনেকৈ শুদ্ধ আৰু শেহতীয়া তথ্য পোৱা যাব সেই বিষয়েও জানিব লাগিব। কোনো শিক্ষানুষ্ঠান,অনুষ্ঠান-প্রতিষ্ঠান, বিভাগ আদিৰ তথ্যৰ বাবে জানিব বিচাৰিলে ,সেই শিক্ষানুষ্ঠান, অনুষ্ঠান-প্রতিষ্ঠান, বিভাগবোৰৰ অফিচিয়েল ৱেবছাইটবোৰ চাব লাগিব যিহেতু অফিচিয়েল ৱেবছাইটবোৰতহে শুদ্ধ আৰু শেহতীয়া তথ্য পোৱা যায় । যিবোৰ শিক্ষানুষ্ঠান, অনুষ্ঠান-প্রতিষ্ঠান, বিভাগৰ নিজস্ব ৱেবছাইট নাই সেইবোৰৰ বিষয়ে জানিবলৈ বেলেগ অফিচিয়েল ৱেবছাইটবোৰৰ অধীনত থকা তথ্য সংগ্রহ কৰিব লাগিব।
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
সহকাৰী অধ্যাপক,যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনব’স্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com
বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে ।
No comments:
Post a Comment